১। উত্তৰ দিয়া-
(ক) লক্ষীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধি দিয়া হৈছিল?
উত্তৰঃ বেজবৰুৱাদেৱৰ প্ৰায়বোৰ কথায়ে ৰসেৰে উপচি থকা বাবে তেওঁক ‘ৰসৰাজ’ উপাধি দিয়া হৈছিল।
(খ) তেখেতৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ মোৰ জীৱন সোৱৰণ।
(গ) লক্ষীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল?
উত্তৰঃ বৰবৌৱে।
(ঘ) চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই কত সুমুৱাই দিছিল?
উত্তৰঃ ভগা পেৰা এটাৰ ভিতৰত সুমোৱাই দিছিল।
(ঙ) শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়াপৰৱশ হৈছিল?
উত্তৰঃ পোষ্ট মাষ্টৰ বাবু।
(চ) লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথি নাম লিখা।
উত্তৰঃ পাচনি আৰু লিতিকাই।
২। চমু উত্তৰ দিয়া।
(ক) অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষীনাখ বেজবৰুৱাই কি কৰিছিল?
উত্তৰঃ অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। এই চ’ৰাই পিছলৈ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ ভা উ সা সভা)’ ৰূপে পৰিগণিত হয়।
(খ) লক্ষ্মীনাথ বেজবৱৰুৱাক কিয় ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হৈছিল?
উত্তৰঃ অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী ওপাধিৰে সন্মানিত কৰা হৈছিল।
(গ) ‘অ’ মোৰ আপোনাৰ দেশ গীতটিক কি সংগীত বোলে?
উত্তৰঃ জাতীয় সংগীত।
৩।পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোৱৰণ’ ৰ ঘটনাটো নিজৰ কথাৰে কোৱা আৰু লিখা।
উত্তৰঃ এবাৰ বৰবৌৱে মোক অতি সংগোপনে তেওঁৰ চিঠি লিখি মোৰ হতুৱাই চলিব পৰা কৰি মোৰ হতুৱাই অতি গুপুতভাবে ডাকত দিয়াইছিল। বুদ্ধিৰ ঢেঁকী-ঠুৰা মই কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালোঁ জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই মই ডাকঘৰ পালোঁগৈ, কিন্তু ক’ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰতে সুমুৱাই দিলো। ওচৰতে এটা মানুহ আছিল সি ক’লে সেইখন এইপিনে ইয়াতহে দিব লাগে। মোৰ ভূল বুজিব পাৰি মুখ শুকাই গ’ল। সেই ভগা পেৰাটোৰ যি সুৰুঙাই দি চিঠিখন সুমুৱাইছিলো তাত আৰু হাতখন নুসুমাই।
মই মোৰ বিপদৰ কথা পোষ্ট-মাষ্টৰ বাবুক ক’লত তেওঁ মোৰ মুখৰ ফালে অলপমান চাই থাকি দয়াপৰৱৰ্শ হৈ উঠি আহি বাকচটোৰ ভগাডোখৰ আৰু ভাগি বহলাই লৈ চিঠিখন উলিয়াই আনি মোৰ হাতত দি ক’ত দিব লাগে দেখুৱাই দিলত মই তাতে দি নিশ্চিত মনেৰে ঘৰলৈ উভতি আহিলো।
৪। কোনে কাক কি প্ৰসঙ্গত কৈছিল পাঠৰ আধাৰত লিখা। ”সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই দিলা কিয়?”
উত্তৰঃ এদিনাখন বৰবৌৱে তেওঁৰ প্ৰথমখন চিঠি ডাকত দিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হাতত দিওঁতেই ক’ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰতে সুমুৱাই দিলে। তেতিয়া পোষ্ট মাষ্টৰজনে উক্ত কথাশাৰী বেজবৰুৱাদেৱক কৈছিল।
৫। পাঠত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা।
উত্তৰঃ
সংগোপনে – অতি গোপনে।
দয়াপৰৱশ – দয়াবান।
যৎপৰোনাস্তি – যিমান পাৰি সিমান।
হাস্য়ব্য়ংগাত্মক – ধেমেলীয়া।
বহুমুখী – বিভিন্ন দিশ।
তত্ত্বগধুৰ – অৰ্থবহুল।
পৰিগণিত – চিহ্নিত।
নিশ্চিত – থিৰাং।
সুৰুঙা – ছিদ্ৰ।
ভিৰাই লৰ মাৰ – বেগতে।
১০। বাক্য পৰিৱৰ্তন কৰা।
(ক) যিজন লোক চোৰ স্বভাৱৰ, তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায়। (সৰল বাক্য়লৈ নিয়া)
উত্তৰঃ চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায়।
(খ) ৰমেনে মাকৰ কথা শুনি গাঁৱতে খেতি-বাতি কৰি থাকিবলৈ ল’লে। (যৌগিক বাক্য়লৈ নিয়া)
উত্তৰঃ মাকৰ কথামতেহে ৰমেনে গাঁৱত থাকি খেতি-বাতি কৰিবলৈ ধৰিলে।
(গ) আমি আজি নগৰলৈ যাম।
উত্তৰঃ আমি আজি নগৰলৈ যামনে?
(ঘ) তোমালোকে ৰাতিপুৱা সোনকালে উঠা উচিত।
উত্তৰঃ ৰাতিপুৱা সোনকালে উঠিবা।
১১। উপযুক্ত যোজক অব্য়য়েৰে খালী ঠাই পূৰ কৰা।
উত্তৰঃ
(ক) মই উদ্য়ানলৈ যাম আৰু মুক্ত বায়ু সেৱন কৰিম। (কিন্তু/আৰু)
(খ) ৰাম স্কুললৈ লগ’ল, কিন্তু ৰহিম গ’ল। (যদি/আৰু/কিন্তু)
(গ) আমি ফল-মূল কিনি খাম নাইবা ৰেষ্টুৰাঁত বহি চাহ, মিঠাই খাম। (কিন্তু/নাইবা/যদি)
১২। তলত দিয়া শব্দবোৰ পঢ়া আৰু তাৰ পৰা শব্দ আনি তলৰ বাক্য়বোৰ সম্পূৰ্ণ কৰা।
যদি, তেহে, কাৰণে, কিন্তু, অথচ, নাইবা, বাবে, কিয়নো, দেখি, অথবা, সৈতে, আৰু
উত্তৰঃ
(ক) শ্ৰীৰামৰ সৈতে সীতাও বনলৈ গৈছিল।
(খ) মাকে জীয়েকৰ কাৰণে কিতাপ কিনিছে।
(গ) তুমি যদি সময়মতে আহা তেহে মই যাম।
(ঘ) মোৰ বাবে তুমি চিন্তা নকৰিবা।
(ঙ) প্ৰচণ্ড বৰষুণৰ বাবে ৰাস্তাত পানী জমা হৈছে।
(চ) তেওঁ আৰু তুমি গুৱাহাটীলৈ যাবা।
(ছ) তোমাক কিন্তু সিহঁতে বৰ ভাল পালে।
১৩। বাক্য় ৰচনা কৰা।
উত্তৰঃ
ভিৰাইঃ চোৰটোৱে পুলিচ অহা দেখি ভিৰাই লৰ মাৰিলে।
জেঙাঃ ৰমেনৰ পাচলিৰ বাৰীৰ পৰা অমিতা চোৰ কৰি ধিৰাজে জেঙা লগালে।
সুৰুঙাঃ পানী ক্ষুদ্ৰ সুৰুঙাৰ মাজেদিও সৰকি যায়।
বহুমুখীঃ বহুমুখী প্ৰতিভাৰ অধিকাৰী হৈয়ো ৰাকেশে চাকৰিৰ অভাৱত হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে।
দয়াপৰৱশঃ খোজনিয়াৰজন ভোকত থকা দেখি মানুহজনে দয়াপৰৱশ হৈ বিস্কুত আনি খাবলৈ দিলে।