১। সঁচা মিছা নিৰ্ণয় কৰা-
(ক) পুৰাতত্ত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল।
উত্তৰঃ সঁচা।
(খ) জনপদৰ দিনত বিভিন্ন ৰঙৰ মাটিৰ প্ৰাত্ৰ তৈয়াৰ কৰা হৈছিল।
উত্তৰঃ সঁচা।
(গ) মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল।
উত্তৰঃ মিছা ।
(ঘ) মহাজনপদৰ দিনত শস্যৰ ওপৰত ১/৬ অংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল।
উত্তৰঃ মিছা।
(ঙ) মহাজনপদসমূহ সমগ্ৰ ভাৰততে সিঁচৰতি হৈ আছিল।
উত্তৰঃ সঁচা।
২। শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(ক) তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল ?
১) মগধ, ২) লিচ্ছবী, ৩) অঙ্গ, ৪) অৱন্ত।
উত্তৰঃ মগধ।
(খ) মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ’ল।
১) গংগা, ২) যমুনা, ৩) কোশী, ৪) মহানদী ।
উত্তৰঃ গংগা।
(গ) তলৰ কোন খন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয়?
১) কোশল, ২) বৎস, ৩) হস্তিনাপুৰ, ৪) অৱন্তী।
উত্তৰঃ হস্তিনাপুৰ।
(ঘ) কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল?
১) বাঢ়ৈ, ২) কুমাৰ, ৩) শিপিনী, ৪) পেছাদাৰী স্থপতি।
উত্তৰঃ পেছাদাৰী স্থপতি।
(ঙ) কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল?
১) বিম্বিসাৰ, ২) অজাতশত্ৰু, ৩) মহাপদ্মনন্দ, ৪) চন্দগুপ্ত মৌৰ্য।
উত্তৰঃ চন্দগুপ্ত মৌৰ্য।
৩। উত্তৰ লিখা-
(ক) মহাজনপদৰ দিনত কি উপায়েৰে খাদ্য শস্যৰ উৎপাদন বঢ়োৱা হৈছিল?
উত্তৰঃ মহাজনপদৰ দিনত উন্নত ধৰণৰ লোৰে তৈয়াৰী সা-সঁজুলী ব্যৱহাৰ কৰি আৰু বীজ সিঁচি, পুলি ৰোপণ কৰি অধিক শস্য উৎপাদন কৰিছিল।
(খ) ৰাজন পদৰ নিৰ্বাচন কোনে কৰিছিল?
উত্তৰঃ ৰাজন পদৰ নিৰ্বাচন আৰ্যসকলে কৰিছিল।
(গ) মহাজনপদৰ ৰজাসকলে কিয় দুৰ্গ নিৰ্মান কৰিছিল?
উত্তৰঃ আনৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ, নিজৰ প্ৰতিপত্তি বজাই ৰাখিবলৈ মহাজনপদৰ ৰজা সকলে দুৰ্গ নিৰ্মাণ কৰিছিল।
(ঘ) মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল?
উত্তৰঃ মগধ শক্তিশালী হোৱাৰ মূলতে আছিল ইয়াৰ প্ৰাকৃতিক সম্পদৰাজি। প্ৰধান নদী গংগা আৰু শোণ মগধৰ মাজেদি বৈ গৈছিল বাবে এই বিস্তৃত অঞ্চল সাৰুৱা আছিল। ইয়াৰ ফলত পৰিৱহন, পানীযোগান আদিৰ সুবিধা হৈছিল। তদুপৰি মগধৰ বহু অঞ্চল হাবি-বননিৰে পৰিপূৰ্ণ আছিল। হাবিত থকা হাতীবোৰ ধৰি আনি প্ৰশিক্ষণ দি সৈন্য বাহীনীৰ কামত লগোৱা হৈছিল। অন্যহাতে হাবিত থকা মূল্যৱান কাঠবোৰৰ জৰিয়তে ঘৰ সজা, জন্তুৰে টনা গাড়ী সজা ৰথ আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাত সহায় হৈছিল। ইয়াৰ ওপৰি মগধৰ কোনো কোনো অঞ্চলত লো’ৰ খনি পোৱা গৈছিল। এইবোৰৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ, কৃষিৰ সা-সঁজুলি আৰু অন্যান্য আচবাব নিৰ্মাণত সহায় হৈছিল। সেয়েহে, এই সকলোফালৰ দ্বাৰা মগধ শক্তিশালী হৈ পৰিছিল।
(ঙ) মহাজনপদৰ দিনত লিপিক বিশেষকৈ কি কি কামত ব্যৱহাৰ কৰিছিল?
উত্তৰঃ মহাজনপদৰ দিনত লিপিক বিশেষকৈ ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰয়োজনীয় হিচাব-নিকাচ ৰাখিবৰ বাবে আৰু দূৰ-দূৰণিলৈ খবৰ পঠিয়াবলৈ লিপি প্ৰয়োগ কৰিছিল। লিপিৰ সহায়ত ৰজাসকলে কৰ সম্পৰ্কীয় হিচাব লিখিত ৰূপত ৰাখিছিল।