১। মানুহৰ মৌলিক প্ৰয়োজনসমূহ কি কি এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়?
উত্তৰঃ আমাৰ মৌলিক প্ৰয়োজন সমূহ হৈছে- আহাৰ,সাজপাৰ আৰু বাসস্থান। মানুহৰ জীৱন ধাৰণৰ বাবে আহাৰ,সাজপাৰ আৰু বাসস্থান ৰ প্ৰয়োজন আটাইতকৈ বেছি। এইকেইবিধ বস্তুৰ অবিহনে মানুহৰ জীৱন ধাৰণ অসম্ভৱ হৈ পৰে,সেয়ে এইবোৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়।
২। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি?
উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰে। ইয়াৰ মূলতে হ’ল যিবোৰ অঞ্চলত যি খাদ্যবস্তু অধিক পৰিমাণে উৎপাদন হয়, সেই অঞ্চলৰ মানুহে সেই বস্তুকেই প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে। ভিন ভিন ভৌগোলিক পৰিবেশ, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰভেদে মানুহৰ আহাৰ বেলেগ বেলেগ হয়। উদাহস্বৰূপে জলবায়ু আৰু মাটি ধান খেতিৰ বাবে উপযোগী হোৱাৰ বাবে অসমৰ মানুহৰ প্ৰধান আহাৰ হ’ল ভাত। ঠিক তেনেদৰে পঞ্জাব, হাৰিয়াণা আদি ৰাজ্যত ঘেঁহু বেছিকৈ উৎপাদন হয়, সেয়ে সেইবোৰ অঞ্চলৰ প্ৰধান আহাৰ হ’ল-ৰুটি।
৩। অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায় ?
উত্তৰঃ অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। ৰাজ্যখনৰ মানুহে গ্ৰহণ কৰা অন্য খাদ্য সমূহ হৈছে- কোমল চাউল, দৈ, চিৰা, পিঠাগুৰিৰে তৈয়াৰী পিঠাপনা যেনে- টেকেলী মুখত দিয়া পিঠা, পানী পিঠা, চুঙা পিঠা, খোলা চাপৰি পিঠা ইত্যাদি।
৪। বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন সাজ-পাৰ পৰিধান কৰে?
উত্তৰঃ আদিম কালত মানুহে নিজকে শীত-তাপ, ধূলিৰ ৰ পৰা ৰক্ষা কৰিবলৈ তথা লজ্জা নিবাৰণৰ বাবে গছৰ পাত, জন্তুৰ ছাল আদি সাজপাৰ হিচাপে পৰিধান কৰিছিল। পৰবৰ্তী সময়ত ধৰ্মীয় বিশ্বাস, জাতিগত পৰম্পৰা, জলবায়ু বৃত্তি, সৌন্দৰ্যবোধ আদিৰ ওপৰত ভিত্তি কৰি বিভিন্ন অঞ্চলৰ লোকে বিভিন্ন সাজপাৰ পিন্ধিবলৈ ললে।
৫। মানুহৰ বাসস্হানসমুহ ঠাইভেদে বেলেগ বেলেগ হয়। ইয়াৰ কাৰণসমুহ শিক্ষকৰ লগত আলোচনা কৰি লিখা।
উত্তৰঃ ভৌগোলিক আৰু সামাজিক পৰিবেশ ৰ ওপৰত ভিত্তি কৰি মানুহৰ বাসস্থান বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে অসমৰ হাবিবোৰত প্ৰচুৰ পৰিমাণে বাঁহ আৰু কাঠ পোৱা যায়, সেয়হে অসমৰ মানুহে সেইবিলাক সামগ্ৰীৰে ঘৰ সাজে। ঠিক তেনেদৰে ভাৰতৰ মধ্যপ্ৰদেশ, ৰাজস্থান, বিহাৰ আদি ৰাজ্যত জাৰ-জহৰ প্ৰকোপ বেছি বাবে সেইবোৰ ঠাইত মানুহে মাটিৰে ঘৰ সাজে। হ্ৰদ, নৈ বা জলমগ্ন এলেকাত মানুহে নাঁৱৰ ওপৰতো ঘৰ সাজে। তুন্দ্ৰা অঞ্চলৰ মানুহে বৰফ আৰু কোবাল বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজে যাক ঈগলু বোলে।
৬। খালী ঠাই পূৰ কৰা –
(ক) আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি খাদ্য আৰু পানী গ্ৰহণ কৰোঁ।
(খ) মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা নিয়মীয়া ভাবে খোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়।
(গ) শীত, তাপ, ৰ’দ, ধূলি-মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু লজ্জা নিবাৰণৰ বাবে মানুহক সাজপাৰ ৰ প্ৰয়োজন হয়।
(ঘ) সাজ-পাৰ মানুহৰ ৰুচিবোধ আৰু ব্যক্তিত্বক দাঙি ধৰে।
(ঙ) বাসস্থান বা ঘৰে মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে।
(চ) উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ-জন্ত, সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাঙঘৰ সাজে।
৭। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা-
(ক) পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত।
উত্তৰঃ অশুদ্ধ।
(খ) দিনটোত দুবেলা নিয়মীয়াভাবে খোৱা আহাৰক উপ আহাৰ বোলে।
উত্তৰঃ অশুদ্ধ।
(গ) সাজ-পাৰ অবিহনে সভ্য জীৱন-যাপন সম্ভৱ নহয়।
উত্তৰঃ শুদ্ধ।
(ঘ) গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰৰ প্ৰচলন কম।
উত্তৰঃ অশুদ্ধ
(ঙ) মৰুভূমি অঞ্চলৰ মানুহে ঈগলু সাজি বসবাস কৰে।
উত্তৰঃ অশুদ্ধ।
(চ) উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায়।
উত্তৰঃ শুদ্ধ।