উন্নত জীৱনৰ প্ৰয়োজনসমূহ
(আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন)
১। মানুহৰ প্ৰয়োজনসমুহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি উদাসৰণসহ লিখা।
উত্তৰঃ আমাৰ প্ৰয়োজনসমূহ দুই ভাগত ভগাব পাৰি-
ক) ব্যক্তিগত প্ৰয়োজন- মানুহে ব্যক্তিগতভাৱে জীৱন যাপন কৰিবলৈ যিবিলাক সা-সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে সেইবোৰেই ব্যক্তিগত প্ৰয়োজন। যেনে- কৃষক এজনৰ বাবে হাল, কোৰ, নাঙল খেতি কৰাৰ সা-সামগ্ৰী, ডাক্তৰ এজনৰ বাবে চিকিৎসা সেৱাত লগা সা-সামগ্ৰী ইত্যাদি।
খ) সামাজিক প্ৰয়োজন- সমাজত সুস্থ-সবল আৰু শান্তিপূৰ্ণ ভাৱে জীৱন অতিবাহিত কৰিবলৈ আমাক যিবিলাক সা-সামগ্ৰীৰ প্ৰয়োজন সেইবোৰেই সামাজিক প্ৰয়োজন। যেনে- জনস্বাস্থ্য় ( চিকিৎসালয় ,অনাময় ব্যৱস্থা)
২। মানুহৰ জীৱন-ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে কেনে দৰে সহায় কৰে শিক্ষকৰ সৈতে আলোচনা কৰি লিখা।
উত্তৰঃ ব্যক্তিগত প্ৰয়োজনীয় সামগ্ৰীসমূহে মানুহৰ জীৱন সুচল কৰাত সহায় কৰে। এই প্ৰয়োজনসমূহ ব্যক্তিভেদে পৃথক পৃথক হ’ব পাৰে। উদাহৰণস্বৰূপে- কৃষক এজনৰ বাবে হাল, কোৰ, নাঙল খেতি কৰাৰ সা-সামগ্ৰীবোৰ অতিকৈ প্ৰয়োজনীয়। এইবোৰৰ সহায়ত তেওঁ খেতি বাতি কৰি নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে। উৎপাদন অধিক হ’লে সেই বস্তু বজাৰতো বিক্ৰী কৰিব পাৰিব আৰু নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰি ল’ব পাৰিব। ঠিক তেনেদৰে মাছমৰীয়া এজনৰ বাবে জাল, বৰশী, নাওঁ আৰু অন্যান্য মাছ ধৰা যতন, খৰিকটীয়া এজনৰ বাবে কুঠাৰ বা অন্য খৰি কটাৰ সা-সামগ্ৰী ইত্যাদি। গতিকে আমি ক’ব পাৰো যে ব্যক্তিগত প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ নহ’লে ব্যক্তি এজনৰ স্বাভাৱিক জীৱন যাত্ৰাত বহুখিনি বাধা আহি পৰে আৰু তেওঁৰ জীৱন যাপনৰ মাত্ৰাও স্থৱিৰ হৈ পৰে।
৩। প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত ল’বা ?
উত্তৰঃ প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তুলিবৰ বাবে মই তলত উল্লেখিত কামবোৰ কৰিম-
-গছপুলি ৰোপণ কৰিম।
-জাৱৰ নিষ্কাষণৰ বাবে দাষ্টবিন বা দ গাত ব্যৱহাৰ কৰিম।
-পলিথিন বা প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিম।
-গছ গছনি নিজেও নেকাটো আৰু আনকো কটাত বাধা দিম।
-পৰিবেশ প্ৰদূষণৰ কু প্ৰভাৱৰ কথা মানুহৰ আগত ব্যক্ত কৰিম।
৪। শিক্ষানুষ্ঠানৰ পৰা তোমালোকে কেনেদৰে উপকৃত হ’ব পাৰিছা বহলাই লিখা।
উত্তৰঃ শিক্ষানুষ্ঠানৰ পৰা আমি পুথিগত আৰু বৌদ্ধিক শিক্ষা গ্ৰহণ কৰিব পাৰিছো। শিক্ষানুষ্ঠানত শিশুৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হয়। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা পাঠদানৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পুথিগত জ্ঞান আহৰণ কৰে। ইয়াৰ লগে লগে শিক্ষানুষ্ঠানত শিশু ব্যক্তিত্ব বিকাশৰ অন্য সুবিধাখিনিও থাকে। সাময়িক গৃহকাৰ্য আৰু প্ৰকল্পবোৰৰ জৰিয়তে শিশুৱে নিজৰ সৃষ্টিশীলতাৰ প্ৰকাশ ঘটাব পাৰে। পৰীক্ষাৰ মাধ্যমেৰে তেওঁলোকে প্ৰতিযোগিতামূলক মনোভাৱৰ বিকাশ ঘটাব পাৰে। শিক্ষানুষ্ঠানত আজৰি সময়ৰ খেলাধূলা, পুথিভঁৰালৰ ব্যৱহাৰ, নৃত্য গীতৰ অনুশীলন ,বিভিন্ন বৃত্তিমূলক শিক্ষাৰ জৰিয়তে শিশুৱে নিজ স্বাস্হ্যৰ উত্তৰণ ৰ লগতে সাংস্কৃতিক আৰু কাৰিকৰী দিশটোৰ বিকাশ ঘটায়। শিক্ষানুষ্ঠানত শিশুৱে এক সামাজিক পৰিবেশত কেনেকৈ নিজকে খাপ খুৱাব লাগে তাৰো শিক্ষা পায়। ডাঙৰক সন্মান আৰু সৰুক মৰম কৰাৰ দৰে নীতিশিক্ষাৰ আৰম্ভণি ঘৰত হয় যদিও সেইবোৰৰ বিকাশ ঘটে বিদ্যালয়তে। গতিকে শিক্ষানুষ্ঠানবোৰৰ অবিহনে শিশুৰ সৰ্বাংগীন বিকাশ সম্বৱ নহয়।
৫। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা-
(ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰে প্ৰয়োজন নহয়।
উত্তৰঃ অশুদ্ধ।
(খ) আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰিছিল।
উত্তৰঃ অশুদ্ধ।
(গ) জীৱন-ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে
বৃদ্ধি হয়।
উত্তৰঃ শুদ্ধ
(ঘ) পুথিভঁৰাল জনস্বাস্হ্য বিভাগৰ অন্তৰ্গত বিষয় ।
উত্তৰঃ অশুদ্ধ।
(ঙ) প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে।
উত্তৰঃ শুদ্ধ।
(চ) সামাজিক প্ৰয়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো আৱশ্যকতা নাই ।
উত্তৰঃ অশুদ্ধ।