তিনিটা মাছৰ কাহিনী
পাঠ- ২০
জানি থোৱা ঃ
অনাগতবিধাতা ঃ যিয়ে ভৱিষ্যতৰ বিষয় ভাবিব পাৰে
প্ৰত্যুৎপন্নমতি ঃ যাৰ উপস্থিত বুদ্ধি আছে।
যদভৱিষ্যত ঃ যি হয় হ’ব বুলি ভাবি থকা।
Post ID : DABP006342
অনুশীলনী
১। সাধুটো নিজৰ ভাষাত চমুকৈ লিখা।
উত্তৰঃ এটা পুখুৰীত বহুতো মাছ আছিল। তাৰে তিনিটা মাছৰ মাজত ভাল বন্ধুত্ব আছিল। সেই মাছ তিনিটা হ’ল অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি, যদভৱিষ্যত। এদিন কেইজনমান মাছমৰীয়া সেই পুখুৰীটোৰ পাৰেৰে গৈ থাকোতে সিহঁতৰ কথোপকথন হ’ল, মাছমৰীয়া কেইজনে সেই পুখুৰীটোত মাছ মৰাৰ কথা পাতি আছিল।
এই সকলোবোৰ কথা অনাগতবিধাতাই শুনিলে। সি এই সকলোবোৰ কথা তাৰ লগৰীয়া মাছ দুটাত ক’লে। কিন্তু তাৰ লগৰীয়া মাছদুটাই তাৰ কথাত হয়ভৰ নজনালে আৰু সেই পুখুৰীটোতে থকাৰ সিদ্ধান্ত ল’লে। কিন্তু অনাগতবিধাতাই সেইদিনাই বিপদৰ পৰা বাচিবলৈ ৰাতি অইন এখন বিললৈ বা ওচৰত থকা বিলখনলৈ গুচি গ’ল।
পাছদিনা মাছমৰীয়া কেইজন আহিল আৰু পুখুৰীটোত জাল পেলালে। জালত বাকীবোৰ মাছৰ লগতে প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্যতো পৰিল। তেতিয়া প্ৰত্যুৎপন্নমতিয়ে জালৰ পৰা এৰা পৰিবলৈ মৰাৰ ভাও জুৰিলে। মাছমৰীয়াহঁতে মৰা বুলি ভাবি তাক পুখুৰীত পেলাই থ’লে। তেতিয়া প্ৰত্যুৎপন্নমতি এক জাঁপ মাৰি পুখুৰীৰ পানীত পৰিলগৈ। অন্যহাতে যদভৱিষ্যতো জালত পৰি ধৰফৰাই থাকোতে মাছমৰীয়া আজনে তাক এক টাঙোন মাৰি দিলে আৰু যদভৱিষ্যত মৰি থাকিল। তাৰপাছত অন্য মাছবোৰৰ দৰে যদভৱিষ্যতকো ৰছীৰে বান্ধী ঘৰলৈ লৈ গ’ল।
বিপদৰ কথা আগতীয়াকৈ ভাবিব নোৱৰাসকলৰ এনেদৰেই মৰণ মিলে।
২। চমুকৈ উত্তৰ দিয়া ঃ
(ক) পুখুৰীটোৰ পাৰত মাছমৰীয়াহঁতে কি কথা পাতিছিল?
উত্তৰঃ এদিন পুখুৰীটোৰ পাৰেৰে তিনিজন মাছমৰীয়া গৈ আছিল। মাছমৰীয়া কেইজনৰ পুখুৰীটোত চকু পৰিল, তেতিয়া এজন মাছমৰীয়াই ক’লে, “এইটো পুখুৰীত বহুতদিন কোনেও মাছ মৰা নাই, ইয়াত বহুত মাছ পোৱা যাব।” আন এজনে ক’লে – “হ’ব বাৰু। সোনকালে এদিন আহিব লাগিব।”
(খ) মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া দুটাক কি ক’লে?
উত্তৰঃ মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া দুটাক ক’লে যে – “ভাইহঁত, কেইদিনমানৰ ভিতৰতে কেইজনমান মাছমৰীয়া আহি এই পুখুৰীটোৰ মাছ মাৰিব। তেতিয়া আমি আটায়ে মৰিব লাগিব। সেয়েহে আমি ইয়াত থকাটো উচিত নহয়। প্ৰাণ ৰক্ষা কৰিবলৈ আমি ওচৰৰে ডাঙৰ বিলখনলৈ গুচি যাওঁ ব’লা।”
(গ) প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্যতে অনাগতবিধাতাৰ কথা কিয় নুশুনিলে?
উত্তৰঃ প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্যতে অনাগতবিধাতাৰ কথা নুশুনিলে কাৰণ প্ৰত্যুৎপন্নমতিৰ মতে সেই পুখুৰীটোতে সেই তিনিওটা মাছৰ জন্ম হৈছিল, সেই পুখুৰীটোতে সিহঁত তিনিওটা ডাঙৰ-দীঘল হৈছিল। গতিকে এতিয়া বিপদ আহিব বুলি ভাবিয়েই সেই পুখুৰীটোৰ পৰা গুচি যোৱাটো ভাল কথা নহয়। যেতিয়া বিপদ আ্ৰহিব তেতিয়া দেখা যাব। আনহাতে যদভৱিষ্যতৰ মতে ইমান ডাঙৰ-ডাঙৰ খাল-বিলবোৰ থাকোতেই মাছমৰীয়া কেইজন এটা সৰু পুখুৰীত মাছ মাৰিব নাহে। গতিকে যদভৱিষ্যত ক’লৈকো নাযায় ইয়াতে থাকিব।
(ঘ) প্ৰত্যুৎপন্নমতিয়ে কেনেদৰে নিজৰ জীৱন ৰক্ষা কৰিলে?
উত্তৰঃ যেতিয়া মাছমৰীয়াসকলে পুখুৰীত জাল পাটোতে প্ৰত্যুৎপন্নমতি জালত পৰিল তেতিয়া প্ৰত্যুৎপন্নমতিয়ে মৰাৰ ভাও জুৰিলে। মাছমৰীয়াহঁতে মৰা বুলি ভাবি তাক পুখুৰীত পেলাই থ’লে। তেতিয়া প্ৰত্যুৎপন্নমতি এক জাঁপ মাৰি পুখুৰীৰ পানীত পৰিলগৈ। এনেদৰেই প্ৰত্যুৎপন্নমতিয়ে নিজৰ জীৱন ৰক্ষা কৰিলে।
(ঙ) অনাগতবিধাতা কেনেদৰে মৰাৰ পৰা ৰক্ষা পৰিল?
উত্তৰঃ অনাগতবিধাতাই মাছমৰীয়াকেইজনে মাছ মাৰিব আহিব বুলি গম পায় সেইদিনাই ৰাতি অইন এখন বিললৈ বা ওচৰত থকা বিলখনলৈ গুচি গ’ল। এনেদৰে অনাগতবিধাতা মৰাৰ পৰা ৰক্ষা পৰিল।
৩। অৰ্থ শিকা ঃ
হয়ভৰ ― সমৰ্থ জনোৱা।
উজৰাই দে 一
৪। বাক্য ৰচনা কৰাঃ
গাঁথি – মাছ ধৰাৰ পাছত মাছমৰীয়াসকলে মাছবোৰ ৰচীৰে গাঁথি মাৰি লৈ গৈছিল।
ভাও – প্ৰত্যুৎপন্নমতিয়ে জালৰ পৰা এৰা পৰিবলৈ মৰাৰ ভাও জুৰিছিল।
হয়ভৰ – সকলো কথাতে হয়ভৰ দিব নালাগে।
টাঙোন – ৰামৰ পুতেকৰ মূৰত টোঙোন লগাৰ ফলত মৃত্যু হৈছিল।
৫। সাধুটোৰ পৰা শিকিব লগা কথাখিনি পাঁচটা বাক্য লিখা।
উত্তৰঃ সাধুটোৰ পৰা শিকিব লগা কাথাখিনি পাঁচটা বাক্যত তলত উল্লেখ কৰা হ’ল –
১) যিয়ে ভৱিষ্যতৰ বিষয়ে ভাবিব পাৰে তেনে লোকৰ সহজে মৰণ নাই।
২) উপস্থিত বুদ্ধিসম্পন্নে লোকে বিপদৰ সময়তো নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে।
৩) যি হয় হ’ব বুলি ভাবি হাত সাৱতি বহি থকা লোক সদায় বিপদত পৰে।
৪) বিপদৰ কথা আগতীয়াকৈ ভাবিব নোৱৰাসকলক মৰণ মিলে।
৫) সাৱধানৰ মৰণ নাই।