ৰজা পুৰুৰ আত্মাভিমান
পাঠ- ২২
জানি থোৱা
১। অৰ্থ শিকাঃ
অভিভূত ঃ বশ হোৱা, পৰাজিত, বিহ্বল
সমৰসজ্জা ঃ যুদ্ধৰ আয়োজন
ৰাজপাটত উঠা ঃ ৰজা হোৱা, ৰাজ সিংহাসনত বহা
হেলাৰঙে ঃ অনায়াসে, অকণো কষ্ট নকৰাকৈ, অতি সহজে
সমৰ কলা ঃ ৰণ কৰাৰ কৌশল
সষ্টম ঃ সাজু
প্ৰভৃতি ঃ আদি
ছেদেলি-ভেদেলি ঃ সিঁচৰতি হোৱা, ছিটিকি পৰা, বিশৃংখল
মূছকঁছ ঃ মূৰ্চ্ছা
হাজিৰ ঃ উপস্থিত
বুকু ফিন্দাই ঃ ভয় নকৰাকৈ, সাহসেৰে
বিতত ঃ অস্থিৰ
থৈয়া-নথৈয়া ঃ তুমুল, গাত তত নথকা
খিয়লা-খিয়লি ঃ ইটোৱে সিটোক ঈৰ্ষা কৰা, ইজনে সিজনক হিংসা কৰা
সনা-পিঠা ঃ গাঢ় বন্ধুত্ব
বিদ্যোৎসাহী ঃ বিদ্যাৰ প্ৰতি আগ্ৰহ থকা লোক
অনুশীলনী
১। আলেকজেণ্ডাৰ আৰু পৰুৰ কাহিনীটো নিজৰ ভাষাত চমুকৈ লিখা।
উত্তৰঃ প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ আগতে ভাৰতবৰ্ষত বহুতো সৰু সৰু ৰাজ্য আছিল। ৰাজ্যৰ ৰজাসকলৰ মাজত মিলা-প্ৰীতি কম আছিল, হিংসা-হিংসি, খিয়লা-খিয়লি বেছি আছিল। প্ৰায়বোৰ ৰাজ্যই অতি দুৰ্বল আছিল, তেতিয়াই তেওঁলোকে বাতৰি পাইছিল মহাবীৰ আলেকজেণ্ডাৰে ভাৰত জয় কৰিবলৈ সৈন্য-সামন্ত লৈ আহিছে। সৰু সৰু ৰাজ্যৰ ৰজাসকলে সেই বাতৰিটো পায় ভয়ভিত হৈছিল।
গ্ৰীচ দেশ সাহিত্য, দৰ্শন, বিজ্ঞান, কলা আদি বিষয়ত আগবঢ়া আছিল আৰু সৰু সৰু নগৰত বিভক্ত আছিল। আলেকজেণ্ডাৰ আছিল গ্ৰীচ দেশৰ মেচিদনীয়া ৰাজ্যৰ ৰজা ফিলিপৰ পুত্ৰ। ফিলিপৰ মৃত্যুৰ পাছত আলেকজেণ্ডাৰ সেই দেশৰ ৰজা হৈছিল, তেতিয়া তেওঁৰ বয়স মাত্ৰ ২০ বছৰ আছিল।
আলেকজেণ্ডাৰ এগৰাকী বিদ্যোৎসাহী লোক আছিল। তেওঁ গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৰ শিষ্য আছিল আৰু তেওঁ এগৰাকী সাহসী যোদ্ধাও আছিল। তেখেত এগৰাকী ৰজা হৈয়ো বিশ্ব জয় কৰিবলৈ মন মেলিছিল।প্ৰথমতে তেওঁ গ্ৰীচৰ সৰু সৰু ৰাজ্যবোৰ জয় কৰে আৰু গ্ৰীচ দেশ একত্ৰিত হয়। পাছত তেওঁ মিচৰ কৌবলন, পাৰস্য, প্ৰভূতিৰাজ্য জয় কৰে। তেওঁৰ লগত আছিল সমৰকলাত পাৰ্গত পয়ত্ৰিছ হাজাৰ সাহসী ৰণুৱা। এই সেনাবাহীনীটো উন্নত অস্ত্ৰ-শস্ত্ৰৰ সৈতে উত্তৰ-পশ্চিম দিশেৰে ভাৰতত প্ৰৱেশ কৰিলেহি।
অম্বিয়ে আলেকজেণ্ডাৰৰ লগত মিত্ৰতা কৰিলে আৰু সকলো প্ৰকাৰে সহায় কৰিলে। তাৰ পাছত আন আন দেশৰ ৰজাসকল এজন এজনকৈ আলেকজেণ্ডাৰৰ হাতত বশ হ’ল।
পুৰুৱে আলেকজেণ্ডাৰক বাধা দিবলৈ আগৰে পৰাই সাজু হৈ আছিল আৰু তেওঁৰ সৈন্যবাহিনীয়ে ঝিলাম নৈৰ পাৰত ছাউনী পাতিছিল। তাকে দেখি তেওঁ থমকি ৰ’ল আৰু তেওঁ চিন্তিত হ’ল।
প্ৰায় ডেৰমাহৰ মূৰত গ্ৰীক সেনা ঝিলাম নৈৰ পাৰ হ’ল। তেতিয়াই পুৰুৰ সৈন্য আৰু আলেকজেণ্ডাৰৰ সৈন্যৰ মাজত ৰণৰ হ’ল আৰু পুৰুৰ সৈন্য আলেকজেণ্ডাৰৰ সৈন্যৰ তিষ্ঠিব নোৱাৰিলে আৰু যুদ্ধ কৰি থাকোতেই পুৰুৰ ৰজা মূৰ্চা গ’ল আৰু হাতীৰ পিঠিৰ পৰা বাগৰি পৰিল আৰু লগে লগেই গ্ৰীক সৈন্যই তেওঁক বন্দী কৰিলে আৰু পুৰু ৰাজ্য জয় কৰিলে।
বন্দী পুৰুক আলেকজেণ্ডাৰে সুধিলে, “তুমি মোৰ পৰা কেনে ব্যৱহাৰ পাবলৈ বিচৰা?”
পুৰুৱে উত্তৰ দিলে, “ৰজাৰ দৰে। এজন ৰজাই আন এজন ৰজাৰ যেনে আচৰণ কৰে তেনে আচৰণ মই বিচাৰোঁ।”
পুৰুৰ উত্তৰত আলেকজেণ্ডাৰ অভিভূত হ’ল। তেওঁ বন্দী পুৰুক মুকলি কৰি দিলে আৰু নিজৰ ৰাজ্য শাসন কৰিবলৈ এৰি দিলে আৰু দুয়ো সনা-পিঠা বন্ধু হ’ল।
২। ৰজা পুৰুৰ বিষয়ে তিনিটা বাক্য লিখা।
উত্তৰঃ ১) তেওঁ এগৰাকী সাহসী যোদ্ধা আছিল।
২) তেওঁ যিকোনো পৰিস্থিতেই নিজৰ আত্মমৰ্যদা এৰি দিব বিচৰা বিধৰ লোক নাছিল।
৩) তেওঁ এগৰাকী স্বদেশপ্ৰেমী লোক আছিল।
৩। চমুকৈ উত্তৰ দিয়াঃ
(ক) আলেকজেণ্ডাৰ ক’ৰ ৰজা আছিল?
উত্তৰঃ আলেকজেণ্ডাৰ গ্ৰীচ দেশৰ ৰজা আছিল।
(খ) ঝিলাম নৈৰ পাৰত আলেকজেণ্ডাৰে ডেৰ মাহকাল কিয় অপেক্ষা কৰিছিল?
উত্তৰঃ ঝিলাম নৈৰ পাৰত আলেকজেণ্ডাৰে পুৰু ৰাজ্যত প্ৰৱেশ কৰিবৰ বাবে ডেৰ মাহকাল অপেক্ষা কৰিছিল।
(গ) যুদ্ধত পুৰুৰ সৈন্যদল কিয় পৰাজিত হ’ল?
উত্তৰঃ যুদ্ধত পুৰুৰ সৈন্যদল পৰাজিত হ’ল কাৰণ আলেকজেণ্ডাৰ সৈন্য পুৰুৰ সৈন্যতকৈ বেছি শক্তিশালী আছিল।
(ঘ) আলেকজেণ্ডাৰে পুৰুৰ সৈতে বন্ধুত্ব কৰিলে কিয়?
উত্তৰঃ আলেকজেণ্ডাৰে পুৰুৰ সাহস, ধৈৰ্য আৰু স্বদেশপ্ৰেম দেখি আনন্দিত হ’ল আৰু পুৰুৰ সৈতে বন্ধুত্ব কৰিলে।
(ঙ) আলেকজেণ্ডাৰে পুৰুক কি সুধিছিল?
উত্তৰঃ আলেকজেণ্ডাৰে পুৰুক সুধিছিল, “তুমি মোৰ পৰা কেনে ব্যৱহাৰ পাবলৈ বিচৰা?”
(চ) গ্ৰীক সেনাৰ সমুখত তিষ্ঠিব নোৱাৰি পুৰুৰ সৈন্যদল ছেদেলি-ভেদেলি হোৱাৰ পাছত ৰজা পুৰুৱে কি কৰিছিল?
উত্তৰঃ গ্ৰীক সেনাৰ সমুখত তিষ্ঠিব নোৱাৰি পুৰুৰ সৈন্যদল ছেদেলি-ভেদেলি হোৱাৰ পাছত ৰজা পুৰুৱে যুদ্ধ কৰিছিল।
(ছ) আলেকজেণ্ডাৰ কাৰ শিষ্য আছিল?
উত্তৰঃ আলেকজেণ্ডাৰ গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৰ শিষ্য আছিল।
(জ) আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত সৰু সৰু ৰাজ্যবোৰৰ অৱস্থা কেনে আছিল?
উত্তৰঃ আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত সৰু সৰু ৰাজ্যবোৰৰ অৱস্থা দুৰ্বল আছিল।
(ঝ) আলেকজেণ্ডাৰৰ সৈন্যদল কোন দিশেৰে ভাৰতত প্ৰৱেশ কৰিছিল?
উত্তৰঃ আলেকজেণ্ডাৰৰ সৈন্যদল উত্তৰ-পশ্চিম দিশেৰে ভাৰতত প্ৰৱেশ কৰিছিল।
৪। বাক্য ৰচনা কৰা ঃ
হিংসা-হিংসি – পূৰ্বতে ভাৰতৰ ৰাজ্যবোৰৰ ৰজাবোৰৰ মাজত মিলা-প্ৰীতি কম আৰু হিংসা-হিংসি বেছি আছিল।
ছেদেলি-ভেদেলি – ৰিয়াজে তাৰ কোঠালীটো সদায় ছেদেলি-ভেদেলি কৰি থয়।
হেলাৰঙে -আমি আমাৰ লক্ষ্যত হেলাৰঙে উপনীত হ’মেই।
সষ্টম – মায়াই সদাই সকলো কামৰ বাবেই সষ্টম হৈ থাকে।
বিতত – বিতত হৈ ঘূৰি ফুৰিলে জীৱনত কোনেও উন্নতি কৰিব নোৱাৰে।
বুকু ফিন্দাই – কনকলতাই দেশৰ বাবে বুকু ফিন্দাই মৃত্যুক আকোৱালী লৈছিল।
বিদ্যোৎসাহী – আলেকজেণ্ডাৰ এগৰাকী বিদ্যোৎসাহী লোক আছিল।
সুনিপুণ –
মিলা-প্ৰীতি – আমি সদায় সকলোৰে লগত মিলা-প্ৰীতিৰে থাকিব লাগে।
৫। বিপৰীত অৰ্থ থকা শব্দ লিখা ঃ
সাহসী 一 ভয়াতুৰ।
বন্ধুত্ব一 শত্ৰুতা।
মিলা-প্ৰীতি 一 হিংসা-হিংসি ।
একগোট 一 ছেদেলি-ভেদেলি।
৬। ব্যাকৰণ ঃ
১) বিশেষণৰ পৰা বিশেষ্যঃ বন্ধু-বন্ধুত্ব, মিত্ৰ-মিত্ৰতা, শত্ৰু-শত্ৰুতা, নতুন-নতুনত্ব, বিশাল-বিশালতা, উদাৰ-উদাৰতা।
২) পৰস্পৰৰ মাজত হোৱা কাৰ্যঃ হিংসা-হিংসি, খঙা-খঙি, মৰামৰি, মুখামুখি, উখনা-উখনি, খিয়লা-খিয়লি।
৭। একে অৰ্থৰ শব্দবোৰক সমাৰ্থক শব্দ বোলে। তলৰ তালিকাখনত সমাৰ্থক শব্দ মিলাই দেখুউৱা।
ৰণুৱা অচেতন
মূছ্ কঁছ ভয়ংকৰ
থৈয়া নথৈয়া যোদ্ধা
চেদেলি-ভেদেলি সাহসেৰে
বিদ্যোৎসাহী বিশৃংখল
মিলা-প্ৰীতি শিক্ষানুৰাগী
বুকু ফিন্দাই নলে-গলে লগা
সনা-পিঠা একতা
উত্তৰঃ ৰণুৱা – যোদ্ধা
মুছ্ কছঁ – অচেতন
থৈয়া-নথৈয়া – ভয়ংকৰ
চেদেলি-ভেদেলি – বিশৃংখল
বিদ্যোৎসাহী – শিক্ষানুৰাগী
মিলা-প্ৰীতি – একতা
বুকু ফিন্দাই – সাহসেৰে
সনা-পিঠা – নলে-গলে লগা