যেতিয়াৰ যিটো বন
পাঠ-৯
জানি থোৱা
১। অৰ্থ শিকাঃ
গহৰি – পলম
আপদ – বিপদ
টুটি – কমি যোৱা
বন – কাম
সমূলে – একেবাৰে
এলাহ – কাম কৰিবলৈ অনিচ্ছা
ঢিলা – সহজ
যশ – সুনাম
২। তলত দিয়া ক্ৰিয়াপদৰ পৰা নঞৰ্থক ক্ৰিয়াপদ লিখা।
(ন) + কৰে = নকৰে।
(ন) + খায় = নাখায়।
(ন) + দেখে = নেদেখে।
(ন) + খুজিবা = নুখুজিবা।
(ন) + শিকে = নিশিকে।
(ন) + সোধে = নোসোধে।
(ন) + আনে = নানে।
(ন) + বুলিবা = নুবুলিবা।
অনুশীলনী
১। যেতিয়াৰ যিটো বন সেইটো তেতিয়াই নকৰিলে কি অসুবিধা হ’ব পাৰে?
উত্তৰঃ যেতিয়াৰ যিটো বন সেইটো তেতিয়াই নকৰিলে পাছলৈ পেলাই থ’লে পাছত আজি থকা সুবিধাখিনি নাথাকিবও পাৰে, এনে ধৰণৰ অসুবিধা হ’ব পাৰে।
২। সময়ৰ লগে লগে কামবোৰ কৰি গলে কি লাভ হয়?
উত্তৰঃ সময়ৰ লগে লগে কামবোৰ কৰি গলে সকলো সহজ হৈ পৰে।
৩। কবিতাটো মুখস্থ কৰা।
৪। কবিতাটোত থকা নঞাৰ্থক ক্ৰিয়াপদবোৰ বাচি উলিওৱা।
উত্তৰঃ নথবা, নুবুজিবা, নুবুলিবা, নকৰোঁ, নকৰিলে।
৫। বাক্য ৰচনা কৰাঃ
গহৰি – সময়ৰ কাম সময়ত কৰিব লাগে গহৰি কৰিব নালাগে।
যশ – যিলোকে সময়ৰ কাম সময়ত কৰে তেওঁলোকে যশ নাম, লভে।
এলাহ – যিকোনো এটা কাম কৰিবৰ বাবে এলাহ কৰিব নাপায়।
সুবিধা – ন ন প্ৰযুক্তিবিদ্যাই মানুহৰ জীৱনটো সুবিধাজনক কৰি তুলিছে।
ততালিকে – কামটো ততালিকে কৰি হ ‘ল।
বন – সৰুৱে ঘৰত কাম-বন নকৰে।