Chapter 11
লােভ
১। অতি চমু উত্তৰ দিয়া-
( ক ) গল্পটিৰ লেখকজনৰ নাম কি ?
উত্তৰঃ গল্পটিৰ লেখকজনৰ নাম লক্ষ্মীনাথ বেজবৰুৱা ।
( খ ) তামসিক প্রকৃতিৰ লােক বুলি কাক কোৱা হৈছে ?
উত্তৰঃ আসুৰিক প্রবৃত্তিৰ মানুহক কোৱা হৈছে ।
( গ ) সন্তান বৎসল মাক মানে কাক বুজাইছে ?
উত্তৰঃ সন্তান বৎসল মাক মানে শ’ল মাছটোক বুজাইছে ।
( ঘ ) লুভীয়া স্বভাৱৰ ল’ৰাটোৱে বৰলৰ টোপেৰে বৰশীটো ক’ত পেলাইছিল ?
উত্তৰঃ লুভীয়া স্বভাৱৰ ল’ৰাটোৱে বৰলৰ টোপেৰে বৰশীটো পােনাবাহৰ মাজত পেলাইছিল ।
( ঙ ) সমাজিকা মানে কি ?
উত্তৰঃ সমাজিকা মানে সপােন ।
( চ ) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতাপুথিখনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতাপুথিখনৰ নাম কদমকলি ।
২। মাছটোৰ অৱস্থা কি হৈছিল লিখা ।
উত্তৰঃ বৰশীৰে বামলৈ তুলি অনাত মাছটোৱে কষ্টত আৰু মৃত্যুকাল উপস্থিত ভাবি ছটফটাবলৈ ধৰিছিল । লেখকে মাছটো মাৰি পেলােৱাৰ উদ্দেশ্যে মাটিত থেকেচা মাৰি দিয়াত মাছটোৱে মুখেৰে কাপ কাপ শব্দ কৰিছিল আৰু তাৰ প্রায় মৰো মৰাে অৱস্থা হৈছিল । অৱশেষত লেখকে মাছটো ঘৰলৈ লৈ গৈছিল আৰু গধূলি লেখকৰ মাকে সেই শল মাছটোক মূলা দি আঞ্জা ৰান্ধিছিল।
২। “ এই দুই দৃশ্যই মােৰ অন্তৰৰ নিভৃত কোঠালিৰ নিভৃত চুকটোত থকা কিবা এটা সচেতন বস্তুত অলপ খােচা বিন্ধা কৰা যেন পালাে ” — লেখকৰ অন্তৰত আঘাত কৰা দৃশ্য দুটা কি আছিল ?
উত্তৰঃ লেখকৰ অন্তৰত আঘাত কৰা এটা দৃশ্য হৈছে শল মাছটোৰ দৃশ্য । বৰশীৰে তুলি বামলৈ অনা শল মাছটোৱে ছটফটাই থকাত লেখকে মাছটোক মাটিত থেকেচি দিছিল । ক্ষন্তেক পিছতে মাছটোৱে মুখেৰে কাপ কাপ কৰিছিল আৰু ধিমিকি – ধিমিকি মাত্র তাৰ ধাতু লৰি আছিল । মাছটোৰ এই দৃশ্যটোৱে লেখকৰ অন্তৰত আঘাত কৰিছিল । লেখকৰ অন্তৰত আঘাত কৰা আনটো দৃশ্য হৈছে — পােনাবাহৰ দৃশ্য । পােনাবাহৰ মাকজনীক বৰশীৰে তুলি আনি মাটিত থেকেচি দিয়াৰ পিছত লেখকৰ চকু পােনাবাহত পৰিছিল । অলপ আগলৈ মাকৰ লগত আনন্দত নাচি – বাগি থকা অজলা পােনাবাহ এতিয়া মাতৃহীন , অনাথ । পােনাবাহৰ এই দৃশ্যটোৱেও লেখকৰ অন্তৰত আঘাত কৰিছিল ।
৩। লেখকে কিয় ৰুচিৰে সৈতে আঞ্জা খাব পৰা নাছিল ?
উত্তৰঃ বৰশীৰে তুলি আনি মাটিত থেকেচি দিয়াৰ পাছত শল মাছটোৰ যিটো দৃশ্য হৈছিল , সেইটোৱে লেখকৰ মনত আঘাত দিছিল । আনহাতে মাতৃহীন হােৱা অনাথ , অজলা পােনাবাহৰ দৃশ্যইও তেওঁৰ মনত আঘাত দিছিল । গধূলি মাকে সেই শল মাছটোৰে ৰন্ধা আঞ্জা খাবলৈ দিয়াত লেখকে বুকুৰ মাজত কিবা এক যন্ত্রণা অনুভৱ কৰিছিল । সেয়েহে , তেওঁ ৰুচিৰে সৈতে আঞ্জা খাব পৰা নাছিল ।
৪। সপােনত লেখকে কি দেখিছিল লিখা ।
উত্তৰঃ লেখকে সপােনত দেখিছিল যে তেওঁৰ শােৱাপাটীৰ চাৰিওফালে অসংখ্য কেঁচুৱা ল’ৰাই তেওঁক বেঢ়ি ধৰি কান্দিব ধৰিছে । লেখকে কেঁচুৱা ল’ৰাহতক ক’ৰপৰা আহিছে , সিহঁতৰ হৈছে কি , কান্দিছেই বা কিয় – আদি প্রশ্ন সুধিলে । কেঁচুৱাবােৰে তেতিয়া ক’লে যে লেখকে এতিয়া সিহঁতক নিচিনাই হ’ল আৰু কিয় কান্দিছে তাকো সুধিছে । তেওঁ বৰ নিষ্ঠুৰ , লুভীয়া আৰু পাপী মানুহ ৷ তেওঁৱেই সিহঁতৰ দুখীয়া মাকক মাৰি সিহঁতক মাউৰা কৰিছে । মাকক নামাৰি সিহঁতকেই তেওঁ মাৰিব পাৰিলেহেঁতেন । এতিয়া সিহঁতে তেওঁৰ হাতত মৰিবলৈ আহিছে । গতিকে লেখকে কেচুৱাবােৰক মাৰি খাব লাগে , নহ’লে সিহঁতে লেখকক শুদাই নেৰে ।
৫। সপােনত কেঁচুৱা ল’ৰাহতে লেখকক কি কৈছিল ?
উত্তৰঃ সপােনত কেঁচুৱা ল’ৰাহতে লেখকক কৈছিল যে তেওঁ সিহঁতক চিনি নােপােৱাৰ ভাও ধৰিছে । সিহঁতে কিয় কান্দিছে তাকো সুধিছে । তেওঁ বৰ নিষ্ঠুৰ , লুভীয়া আৰু পাপী । তেওঁৱেই সিহঁতৰ দুখীয়া মাকক মাৰি সিহঁতক মাউৰা কৰিছে । মাকক নামাৰি সিহঁতক তেওঁ মাৰিব পাৰিলেহেঁতেন । এতিয়া সিহঁত সকলােৱে তেওঁৰ হাতত মৰিবলৈ আহিছে।গতিকে লেখকে সিহঁতক মাৰি খাই পেলাব লাগে , নহ’লে কেঁচুৱাবােৰে তেওঁক শুদাই নেৰে ।
৬। “ পপীয়া ; লুভীয়া ! তই আমাকো মাৰি পেলা । ” — ইয়াত পপীয়া , লুভীয়া বুলি কোনে কাক কৈছে ?
উত্তৰঃ কেঁচুৱা ল’ৰাবােৰে লেখকক কৈছে ।
প্রশ্ন ৭। ‘ পানী পছাত ’ আঁৰি থােৱা বৰশীটো লেখকে কি কৰিছিল ?
উত্তৰঃ দাড়িৰে সৈতে বৰশীটো ডােখৰ ডােখৰকৈ ভাঙি দলিয়াই পেলাইছিল ।
৮। লেখকে শেষত কি বুলি শপত খাইছিল ? কিয় ?
উত্তৰঃ লেখকে তেওঁৰ জীৱনকালত বৰশীত আৰু হাত নিদিব বুলি শপত খাইছিল । পােনাবাহৰ সৈতে থকা শ’ল মাছটো মাৰি লেখকে অনুশােচনাত ভুগিছিল । সেয়ে তেওঁ তেনেকৈ শপত খাইছিল ।
প্রশ্ন ৯। আমাক এতিয়াই মাৰ , মাৰ , মাৰ , নামাৰিলে তােক আমি নেৰো । ‘ ― কথাষাৰ , কোনে , কাক কেতিয়া কৈছিল বুজাই লিখা ।
উত্তৰঃ কথাষাৰ কেঁচুৱা ল’ৰাবােৰে লেখকক সপােনত কৈছিল । সপােনত লেখকে যেতিয়া কেঁচুৱা ল’ৰাবােৰক সিহতৰ কি হৈছে , কিয় কান্দিছে আদি প্রশ্ন সুধিছিল তেতিয়া কেঁচুৱা ল’ৰাবােৰে নিষ্ঠুৰ , লুভীয়া লেখকেই সিহঁতৰ দুখীয়া মাক ( শ’ল মাছটো ) ক মৰা বুলি কৈ উক্ত কথাখিনি কৈছিল ।
প্রশ্ন ১০। ব্যাখ্যা কৰা –
( ক ) “ মােৰ জীৱদ্দশাত মই আৰু বৰশীত হাত নিদিওঁ । ”
উত্তৰঃ FOR STUDENTS
১১। লেখকে সপােনত দেখা পােৱা কেঁচুৱা ল’ৰাবােৰ প্ৰকৃততে কি আছিল ?
উত্তৰঃ লেখকে সপােনত দেখা পােৱা কেঁচুৱা ল’ৰাবােৰ প্ৰকৃততে শ’ল মাছটোৰ পােনাবাহৰ প্রতীক আছিল । লেখকে পােনাবাহকে কেঁচুৱা ল’ৰা এজাকৰ ৰূপত দেখিছিল ।
১২। পাঠত উল্লেখ থকা মাছসমূহৰ নাম লিখা।
উত্তৰঃ মাগুৰ , কাৱৈ , শ’ল , কান্দুলি , শিঙৰা আৰু পুঠি ।
১৩। তলৰ কোনবোৰ চৰায়ে মাছ খায় সিহঁতৰ নামবােৰ বিচাৰি উলিওৱা ।
ফেঁচা , বগলী , শগুণ , হাড়গিলা , চিলনী , শালিকা , মাছৰােকা , কাউৰী , কণামুচৰি , বাঢ়ৈটোকা ।
উত্তৰঃ বগলী , হাড়গিলা , চিলনী , মাছৰোকা আৰু কণামুচৰি ।
১৪। সমার্থক শব্দ লিখা –
সপােন , মাউৰা , চিত , পানী , পদুম ।
উত্তৰঃ সপোন ― সমাজিক ।
মাওঁৰা ― অনাথ ।
চিত ― হৃদয় , মন , বুদ্ধি ।
পানী ― জল , পানী , নীৰ ।
পদুম ― পংকজ , পদ্ম , শতদল ।
১৫। এটা শব্দত প্ৰকাশ কৰা –
( ক ) মাছ ধৰাত পাৰ্গত লােক —
উত্তৰঃ মাছুৱৈ ।
(খ ) মাছৰ নিচেই সৰু পােৱালি –
উত্তৰঃ পােনা ।
( গ ) মাছ থ’বলৈ ব্যৱহাৰ কৰা বাঁহৰ সৰু পাত্র ―
উত্তৰঃ খালৈ ।
( ঘ ) বৰশীৰে মাছ মাৰিবলৈ ব্যৱহাৰ কৰা বিজলী বাঁহৰ দীঘল যতন―
উত্তৰঃ চিপ ।
( ঙ ) তমােগুণৰ লােক ―
উত্তৰঃ তামসিক ।
১৬। ভাব সম্প্রসাৰণ কৰা –
( ক ) “ লােভেই পাপ , পাপেই মৃত্যু । ”
উত্তৰঃ মানুহৰ ক্ষেত্ৰতে হওঁক বা আন প্ৰাণীৰ ক্ষেত্ৰতে হওঁক লােভ বৰ বেয়া বস্তু । বৰশীত গাঁঠি দিয়া টোপৰ লােভ সামৰিব নােৱাৰি মাছে তাক খাই মৃত্যুক আকোৱালি লয় । চিকাৰীয়ে ফান্দত দি থােৱা খাদ্য খাবলৈ গৈ পশু পক্ষী মৰে । লুভীয়া মানুহে লােভৰ বশবর্তী হৈ আনৰ বস্তু চুৰ কৰে । এনে মানুহে ধৰা পৰিলে মাৰ – কিলটো খায়েই , কেতিয়াবা মৃত্যু মুখতাে পৰে । কিছুমান বেমাৰী মানুহে আকৌ লােভ সামৰিব নােৱাৰি অখাদ্য খাই নিজে নিজৰ মৰণ মাতে । ডায়েবেটিছ ৰােগত ভােগা মানুহ এজনে যদি লােভ সামৰিব নােৱাৰি মিঠাই জাতীয় বস্তু খাই থাকে তেনেহলে তেওঁৰ জীৱনলৈ সােনকালে বিপর্যয় অহাটো নিশ্চিত । সেয়েহে লােভক পাপ বুলি কোৱা হৈছে আৰু পাপ কৰোঁতাজনৰ মৃত্যু অৱধাৰিত বুলি মানুহৰ বিশ্বাস।
১৭। তুমি জনা দহবিধ থলুৱা মাছৰ নাম লিখা।
উত্তৰঃ দহবিধ থলুৱা মাছ হৈছে —১ ) পুঠি , ২ ) ডৰিকণা , ৩ ) খলিহা, ৪ ) শিঙৰা , ৫ ) কাৱৈ , ৬ ) গৰৈ , ৭ ) চেঙেলী , ৮ ) শিঙি , ৯ ) মাগুৰ আৰু ১০ ) শ’ল ।
১৮। অসমৰ থলুৱা মাছবােৰ হ্রাস হৈ অহাৰ কাৰণ কি বুলি ভাবা লিখা ।
উত্তৰঃ জধে – মধে মাছৰ কণী নষ্ট কৰা , পােণামাছ মৰা , পৰিবেশ বিনষ্ট কৰা , আবাসভূমি বৃদ্ধি , খাল – বিল পুতি পেলােৱা আদি বিবিধ কাৰণত অসমৰ থলুৱা মাছৰ সংখ্যা হ্রাস হৈ আহিছে ।
১৯। শব্দার্থ লিখা –
পাপৰি , আপ্লুত , অনাহুত , অসংলগ্ন , জীৱদ্দশাত , উদ্রেক , সন্তানবৎসল , অনাথ , সমাজিক ।
উত্তৰঃ পাপৰি ― ফুলৰ সৰু পাহি ।
আপ্লুত ― অভিভূত হােৱা , নিমগ্ন হােৱা ।
অনাহূত ― অবাঞ্ছিত , নিজে নিজে অহা ।
অসংলগ্ন ― অমিল , অসংযত ।
জীৱদ্দশাত ― জীৱন কালত , জীৱিত অৱস্থাত ।
উদ্রেক ― উদয় , মনত ওপজা , সঞ্চাৰ ৷
সন্তানবৎসল ― সন্তানৰ প্রতি ভালপােৱা , স্নেহ ।
অনাথ ― আশ্রয়হীন , অভিভাৱক নথকা , ৰখীয়া নথকা ।
সমাজিক ― সপোন ।