Chapter 12
কঁঠালৰ নৰিয়া
১। চমু উত্তৰ দিয়া –
( ক ) মইনাহঁতৰ পেটত ভাতৰ ঠাই কিয় নাছিল ?
উত্তৰঃ পকা কঠাল খাই পেট ভৰি থকা বাবে ।
( খ ) সমাজিকৰ নগৰ কেনেকুৱা আছিল ?
উত্তৰঃ ছায়া – মায়া সমাজিকৰ নগৰখন আঁচৰিত আছিল । তাৰ সকলাে কথাই বিপৰীত ।
( গ ) ধানপুৰীয়া কঁঠাল মানে কি ?
উত্তৰঃ এপুৰা ধানৰ পৰিমাণৰ সমান আকাৰৰ কঁঠাল । অর্থাৎ বৰ ডাঙৰ কঁঠাল ।
( ঘ ) নিহালি গাত লৈ পাতৰ আঁৰত কোনে কান্দিছিল ?
উত্তৰঃ নিহালি গাত লৈ পাতৰ আঁৰত বৰ পেটাল কঁঠালবােৰে কান্দিছিল ।
( ঙ ) বেজৰ পৰা দৰৱ – জাতি কোনে আনিছিল ?
উত্তৰঃ বেজৰ পৰা দৰৱ – জাতি আনিছিল ।
( চ ) কঁঠালৰ গাত কেতিয়া খহু-খজুৱতি হৈছিল ?
উত্তৰঃ কঁঠালৰ গাত আহাৰ মাহত খহু-খজুৱতি হৈছিল ।
( ছ ) ষাঁঠ মানে কি ?
উত্তৰঃ ষাঠ মানে আমতি বা অম্বুবাচী ।
২। বেজজনে কঁঠালক কি বুলি জৰা ফুকা কৰিছিল ?
উত্তৰঃ “ হৰ , বিষ হৰ , কঁঠালৰ খহুৰ খজুৱতি পানী হৈ পৰ । ” বুলি জৰা – ফুকা কৰিছিল ।
৩। ষাঁঠ কেতিয়া লাগে ? যাঁঠ লাগিলে আমি কি কি ভক্ষণ কৰোঁ লিখা ।
উত্তৰঃ আহাৰ মাহৰ বসুমতী ৰজস্বলা হােৱা চাৰিদিন অম্বুবাচী বা ষাঁঠ লগা বুলি কোৱা হয় । যাঁঠ লাগিলে আমি পকা কঁঠাল , আম , জামু , লেতেকু , আনাৰস , কল আদি ফলৰ লগতে দৈ , কোমল চাউল আদি ভক্ষণ কৰোঁ ।
৪। “ সিফেৰি পুণ্য বলে বিষাে নিব হৰি । ”― কথাষাৰৰ তাৎপর্য বুজাই লিখা ।
উত্তৰঃ ‘ সিফেৰি শূণ্য ’ বুলি ষাঁঠ লগা সময়ত পকা কঁঠালবােৰ গুৰু ভকতসকলৰ সেৱাত লগাৰ কথা কৈছে । মানুহে বেমাৰ – আজাৰ , দুখ – দুর্গতি , অপায় – অমংগলৰ পৰা হাত সাৰিবলৈ পুণ্যৰ কাম কৰে । গতিকে পকা কঁঠালবােৰেও যদি ষাঁঠৰ সময়ত গুৰু – ভকতৰ সেৱাত লাগি পূণ্য অর্জন কৰে , তেনেহলে সিহঁতৰো বিষ – যন্ত্রণা , খহু – খজুৱতিৰ উপশম ঘটিব ।
৫। কেতিয়া গছত কঁঠাল ডাল ভৰি পকি থাকে ?
উত্তৰঃ বাৰিষাৰ বতৰত ।
৬। কঁঠালৰ বিসংগতি কেতিয়া দূৰ হয় লিখা ।
উত্তৰঃ বাৰিষাৰ বতৰত মানুহে পকা কঁঠাল খাই আশীর্বাদ দিলে কঁঠালৰ বিসংগতি দূৰ হয় ।
৭। কবিতাটিৰ মাজেৰে অসমীয়া সংস্কৃতিৰ ( কামৰূপীয়া সংস্কৃতিৰ) কেনে আচাৰ প্ৰকাশ পাইছে তােমাৰ নিজৰ ভাষাত লিখা ।
উত্তৰঃFOR STUDENTS
৮। ধানপুৰীয়া কঁঠালটোৱে নিজৰ অৱস্থাৰ কথা মইনাহঁতক কি বুলি কৈছিল ?
উত্তৰঃ ধানপুৰীয়া কঁঠালটোৱে কৈছিল যে সিহঁত পাতৰ আঁৰত থকা অকলশৰীয়া পহুৰ নিচিনা । আহাৰ মহীয়া বৰষুণে সিহঁতৰ গাত খহু কৰিছে । সিহঁতৰ ভিতৰবােৰ পকা , বাহিৰত গােটেই গাত হে খহু খজুৱতী । বিষ – যন্ত্রণাত সিহঁ তৎ নােহােৱা অৱস্থা হৈছে । গতিকে মইনাই সিহঁতক বিহলঙনী বেজৰ ওচৰলৈ লৈ যাব লাগে ।
৯। ব্যাখ্যা কৰা –
( ক ) “ মানুহ জাতিয়ে খাই আশীর্বাদ দিয়ে । কঁঠালৰ বিসংগতি দূৰ কৰি নিয়ে । ”
উত্তৰঃ উক্ত কবিতাফাঁকি কবি মুক্তিনাথ বৰদলৈদেৱে ৰচনা কৰা , আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট “ কঠালৰ নৰিয়া ” নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে ।
কঁঠালৰ বিসংগতি কেনেকৈ দূৰ হ’ল তাকে এই কবিতাফাঁকিৰ জৰিয়তে কোৱা হৈছে । নৰিয়া হােৱা কঁঠালবােৰক বিহলঙনী বেজে নৰিয়াৰপৰা উপশম পাবলৈ হ’লে ষাঁঠৰ সময়ত গুৰু – ভকতৰ সেৱাত লাগিবলৈ উপদেশ দিছিল । সেইটো কাম কৰিলে হােৱা পুণ্যৰ বলতে কঁঠালৰ নৰিয়া ভাল হ’ব আৰু বছৰি বছৰি গছত কঁঠালাে লাগিব ৷ বেজৰ উপদেশমতে কঁঠালবোৰে গুৰু ভকতৰ সেৱাত লগাত সিহঁতৰ খজুৱতি নাইকিয়া হ’ল আৰু গছত কঁঠালবােৰ ডাল ভৰি পকি থকা হ’ল । মানুহবােৰে সেই পকা কঁঠাল খাই কঁঠালক আশীর্বাদ দিয়ে । সেই আশীর্বাদৰ ফলতে কঁঠালৰ বিসংগতি দূৰ হয় ।
১০। বাক্য সাজা –
লালকাল , নৰ – মনিচ , বিসংগতি , জৰা- ফুকা , নিহালি , ছায়া – মায়া , চাটি ফুটি , দৰৱ – পাতি ।
উত্তৰঃ লালকাল :-সি স্কুলৰ পৰা আহি এতিয়া লালকাল দি টোপনি গৈছে ।
নৰ-মনিচ :-কোঠা খন দেখিলে তাত কোনাে নৰ – মনিচে বাস কৰা যেন নালাগে ।
বিসংগতি :- সি কামটো সম্পৰ্ণ নকৰাত বৰ্তমান বিসংগতিযে দেখা দিছে ।
জৰা-ফুকা :- জৰা – ফুকাত কেতিয়াও বিশ্বাস কৰিব নলাগে ।
নিহালি :- তাৰ গা বেয়া , সেয়েহে এই গৰমতাে নিহালি লৈ শুইছে ।
ছায়া-মায়া :- কালি সন্ধিয়া সি কোঠাৰ একোণত ছায়া – মায়া কিবা এটা দেখা পাই ভয়তে চিঞৰি দিছিল ।
চাটি-ফুটি :- মূৰৰ বিষত সি গােটেই ৰাতিটো চাটি – ফুটি কৰি থকা বাবে মােৰ অলপাে টোপনি নহ’ল ৷
দৰৱ – পাতি :- ডাক্তৰৰ পৰামর্শ নােলােৱাকৈ দৰৱ – পাতি ব্যৱহাৰ কৰা উচিত নহয় ।
১২। ‘ বি ’ উপসর্গযুক্ত চাৰিটা শব্দ লিখা ।
উত্তৰঃ বিকাৰ , বিনাশ , বিপৰীত , বিকশিত ।
১৩। শব্দার্থ লিখা –
নৰিয়া , পাটী , সমাজিক , যতন , বৰপেটাল , নিহালি , চাটি-ফুটি , বেজ , খহু , বিহলঙনী , মিনতি , বিসংগতি ।
উত্তৰঃ নৰিয়া ― ৰোগ ।
পাটী ― শয্যা , বিছনা ।
সমাজিক ― সপােন , স্বপ্ন ।
যতন ― যত্ন , চেষ্টা ।
নিহালি ― লেপ ।
বৰপেটাল ― ডাঙৰ পেটৰ ।
চাটি-ফুটি ― ছটফটনি ।
বেজ ― বৈদ্য , কবিৰাজ ,চিকিৎসক ।
খহু ― ফেঁহা , ফোহােৰা ।
বিহলঙনী ― এবিধ ঢেকীয়া জাতিৰ বন ।
মিনতি ― প্রার্থনা , কাকূতি ।
বিসংগতি ― অসুবিধা , বেমেজালি ।