SVN Class 7 Assamese Chapter 14 Answer বাঘ আৰু মেকুৰীৰ খৰিয়াল

Chapter 14

বাঘ আৰু মেকুৰীৰ খৰিয়াল

১। সাধুকথা কাক বােলে ?

উত্তৰঃ অতি প্রাচীন কালৰ পৰা মানুহৰ মুখে মুখে চলি অহা মুখৰােচক আখ্যান – উপাখ্যান বােৰকে সাধু কথা বােলে ।

২। নামছিং মানে কি ?

উত্তৰঃ চুঙাত ভৰাই লৈ ৰন্ধা মঙহ ৷

৩। পাঠত থকা ১ নং কাহিনীটোৰ ওজা ছাত্র কোন আছিল ?

উত্তৰঃ পাঠত থকা ১ নং কাহিনীটোৰ ওজা ছাত্র আছিল বাঘগােজৰ বৰুৱা ।

৪। তােমাৰ পিঠত থকা কাহিনী অনুসৰি বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ মূল কাৰণ কি আছিল ?

উত্তৰঃ বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ কাৰণ দুটা আছিল । এটা হ’ল মেকুৰীয়ে বাঘক গছত উঠা বিদ্যা নিশিকোৱা বাবে আৰু আনটো হ’ল মেকুৰীয়ে জুই আনিবলৈ গৈ উভতি নাহিল ।

৫। মেকুৰী পণ্ডিতে পঢ়াশালিৰ দুৱাৰত কিয় দাং দি পলাই গৈছিল ?

উত্তৰঃ মেকুৰী পণ্ডিতে তাৰ ওজা ছাত্ৰৰ বাঘক চিকাৰৰ আন সকলাে কৌশল শিকাই গছত উঠা বিদ্যাতাে শিকোৱা নাছিল । বাঘে কথাটো ধৰিব পাৰি তাকো সেই বিদ্যাতাে শিকোৱাৰ বাবে মেকুৰী পণ্ডিতক খাটনি ধৰিছিল । বাঘক সেইটো বিদ্যা শিকোৱা মানে এদিন যে নিজৰে বিপদ হ’ব এই কথাটো ভাবি বিদ্যাতাে শিকাব শিকাব বুলি মেকুৰী পণ্ডিতে বাঘক ঠগাই আছিল । অৱশেষত মেকুৰী পণ্ডিতে ভাবিলে যে আৰু বেছিদিন বাঘক ঠগাব পৰা নাযাব । কিন্তু বিদ্যাতাে বাঘক শিকোৱা মানে নিজৰেই বিপদ আৰু নিশিকালেও বাঘে নেৰিব । সেয়েহে মেকুৰী পণ্ডিতে এদিন পঢ়াশালিৰ দুৱাৰত দাং দি পলাই গৈছিল ।

৬। মেকুৰীয়ে বাঘক কোনটো বিদ্যা নিশিকালে আৰু কিয় নিশিকালে ?

উত্তৰঃ মেকুৰীয়ে বাঘক গছত উঠা বিদ্যাতে নিশিকালে । নিশিকোৱাৰ কাৰণ এইটোৱেই যে বাঘেও গছত উঠিব পৰা হ’লে ততালিকে গছত উঠি গছৰ ওপৰতে মেকুৰীৰ দিহা লগালেহেঁতেন ।

৭। ৰাভা সমাজত প্রচলিত বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ কাহিনীটো পাঠৰ আলমত নিজৰ ভাষাত চমুকৈ লিখা ।

উত্তৰঃ ৰাভা সমাজত প্রচলিত বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ কাহিনীটো বেছ মজাৰ । ৰাভাৰ জনবিশ্বাস মতে মেকুৰী বাঘৰ মাহীয়েক । এদিন দুয়াে এটি সুগৰী পহু চিকাৰ কৰিলে । মেকুৰীয়ে পহুটো সিজাই ৰখােৱাৰ কথা কোৱাত বাঘে মেকুৰীকে মানুহৰ ঘৰলৈ গৈ জুই অনাৰ বাবে পাচিলে । মেকুৰীয়ে মানুহৰ ঘৰলৈ জুই আনিবলৈ গৈ তাত পােৰা মাছৰ সােৱাদ পাই আৰু উভতি নাহিল । বাঘে ৰৈ ৰৈ খঙতে গৰজিবলৈ ধৰিলে।সিদিনাৰ পৰা মেকুৰী বাঘৰ শত্রু । বাঘৰ ভয়ত মেকুৰীয়ে হাগিলেও চিন – চাব নােহােৱাকৈ ঢাকি থয় ।

৭। তােমাৰ পিঠত থকা বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ যি কোনাে এটা ভাল লগা কাহিনী নিজৰ ভাষাত লিখা ।

উত্তৰঃ FOR STUDENTS

৮। বাঘ আৰু মেকুৰীৰ খৰিয়ালৰ কাহিনীকেইটিৰ মাজত তুমি কি কি মিল দেখিছা ?

উত্তৰঃ কাহিনীবােৰৰ মাজত থকা মিলবােৰ হৈছ— মেকুৰী বাঘতকৈ বুধিয়ক আৰু বাঘে সদায় মেকুৰীৰ বুদ্ধিৰ ওচৰত হাৰ মানে । আৰম্ভণিতে মেকুৰী আৰু বাঘৰ মাজত ভাল সম্পর্ক , পিছত খৰিয়াল। দুয়ােৰে মাজত পাৰিবাৰিক আৰু অন্যান্য সম্পর্ক আছে । যেনে — মেকুৰী বাঘৰ মাহীয়েক , এজন ভাই আনজন ককাই , এজন মােমায়েক আনজন ভাগিনীয়েক , মেকুৰী শিক্ষক আৰু বাঘ ছাত্র ইত্যাদি । বাঘে কেতিয়াও হাবি নেৰে আৰু মেকুৰীয়ে মানুহৰ ঘৰত থাকি ভাল পায় । বাঘ বৰ খঙাল আৰু খং উঠিলেই কাৰােবাক খাব বিচাৰে । মেকুৰীয়ে বাঘক গছত উম বিদ্যা নিশিকোৱা আৰু মেকুৰীয়ে মানুহৰ ঘৰলৈ জুই আনিবলৈ যােৱা । বাঘৰ ভয়তে মেকুৰীয়ে হাগি মাটি জাপি থােৱা।

৯। “ তই বাঘ নহয় , বিলত লুকোৱা বিল্লিহে ” — কোনে কাক এইদৰে কৈছিল ? এই কাহিনীটো কোন সমাজত প্ৰচলিত জনশ্রুতি ?

উত্তৰঃ বাঘে ভনীয়েকৰ অকণমান পােৱালিটোক কৈছিল । এইটো উৰিষ্যাৰ কেৰপুট জিলাৰ পেৰেংগা সমাজত প্রচলিত জনশ্রুতি ।

১০। নক্টে সকল কোন ?

উত্তৰঃ নগাৰ এটি জনগােষ্ঠী ।

১১। নক্টে সমাজত প্রচলিত কাহিনীটোৰ মতে মেকুৰীয়ে জুই আনিবলৈ গৈ উভতি নাহিল কিয় ?

উত্তৰঃ জুহালৰ উম পাই উভতি নাহিল ।

১২। নিনয়ং আবৰসকলৰ কাহিনীটোত উল্লেখ থকা অনুসৰি মাকে সন্তান দুটিক ক’লৈ পঠিয়াইছিল ?

উত্তৰঃ প্রথমটো সন্তানক মঙহ যােগাৰ কৰিবলৈ হাবিলৈ পঠিয়াইছিল আৰু দ্বিতীয় সন্তানটিক জুই আনিবলৈ মানুহৰ ঘৰলৈ পঠিয়াইছিল ।

১৩। বাঘ আৰু মেকুৰীৰ এটি শাৰীৰিক বর্ণনা দিয়া ।

উত্তৰঃ বাঘ এবিধ চিকাৰী জীৱ । ই বৰ তজবজীয়া আৰু শক্তিশালী শৰীৰৰ অধিকাৰী । গাৰ বৰণ সাধাৰণতে ৰংচুৱা – হালধীয়া । শৰীৰৰ তল ফালটো বগা । গােটেই গাত পাতল পাতলকৈ ক’লা বৰণৰ দাগ আছে । বাঘৰ জাত অনুযায়ী এই দাগবােৰ বেলে বেলেগ হােৱা দেখা যায় । অতি চোকা আৰু বেঁকা নখযুক্ত বাঘৰ হাতোৰা অত্যন্ত শক্তিশালী।ইয়াৰ উচ্চতা ৪ ফুট মান আৰু ৫ ফুট মানলৈকে হােৱা দেখা যায় ।মেকুৰীওে এবিধ চিকাৰী প্রাণী । ইয়াৰ শৰীৰ যথেষ্ট সৰু । এন্দুৰ নিগনি আদি সৰু সৰু প্রাণী চিকাৰ কৰিব পৰাৰ জোখেৰেহে ই শাৰীৰিক শক্তিৰ অধিকাৰী । ছাঁই বৰণীয়া , বগা , কলা , ৰঙচুৱা — মেকুৰীৰ শৰীৰত এই কেইটা ৰং দেখা যায় । কিন্তু ছাঁই বৰনীয়া মেকুৰীৰ সংখ্যাই সৰহ । পখৰা মেকুৰীও আছে । মেকুৰীৰ হাতােৰাতাে চোকা নখ আছে । ইয়াৰ উচ্চতা সাধাৰণতে এফুটতকৈ কম হােৱা দেখা যায় ।

১৪। বাঘ আৰু মেকুৰীয়ে কি কি খাই ভাল পায় এখন তালিকা প্রস্তুত কৰা ।

উত্তৰঃ বাঘ এবিধ মাংসহাৰী জীৱ । গতিকে বিভিন্ন জীৱ জন্তু , যেনে গৰু , মহ , ছাগলী , পহু , শহা , ঘোঁৰা ইত্যাদি ইয়াৰ খাদ্য তালিকাৰ অন্তর্ভূক্ত । মেকুৰীৰ খাদ্য হৈছে — এন্দুৰ , নিগনি , মাছ , গাখীৰ ইত্যাদি । মেকুৰীয়ে ভাত বা মানুহে খােৱা আন কিছুমান বস্তুও খায় ।

১৫। “ ওজাদেও ! মই সকলাে বিদ্যাতে আপােনাৰ দৰে পণ্ডিত হলাে । কিন্তু গছত উঠা বিদ্যা এতিয়াও বাকী । কেতিয়া মােক এই বিদ্যা শিকাব কওঁক ? ” এই কথাখিনি কোনে কাক কৈছিল ?

উত্তৰঃ কথাখিনি বাঘে মেকুৰী পণ্ডিতক কৈছিল ।

১৬। পাঠত থকা ১ নং কাহিনীটোত বাঘে কিহৰ আশাত পণ্ডিতৰ ভােজনৰ বাবে একোটা গােটপহু মাৰি আনি দিছিল ? পণ্ডিত কোন ?

উত্তৰঃ ন – বিদ্যা অর্থাৎ গছত উঠা বিদ্যা শিকাৰ আশাত । পণ্ডিত হৈছে এটা বােন্দা মেকুৰী । তাক সকলােৱে ‘ মেকুৰী পণ্ডিত বুলি জানিছিল ৷

১৭। ভাব বহলাই লিখা –

( ক ) ভেটিত তিতা লাও গজা ।

উত্তৰঃ তিতা লাও খাব নােৱাৰি । কাৰােবাৰ ঘৰত হােৱা লাও তিতা হলে গৃহস্থই সেই লাও গছ কাটি পেলায় । মানুহ থকা ঘৰত তিতা লাও নাথাকে । কিন্তু এৰা ভেঁটিত গহৰা লাও গছ গজি তাত লােমালােমে তিতা লাও লাগি থাকে । গতিকে ভেঁটিত তিতা লাও গজা মানেই ভেঁটি উছন হােৱা বুজায় । কোনাে মানুহক উপলক্ষ কৰি যদি কোৱা হয় তাৰ ভেটিত তিতা লাও গজিছে , তেনেহলে আমি বুজিব লাগিব যে তেওঁৰ ভেটি উছন হৈছে অর্থাৎ তেওঁ ধ্বংসৰ গৰাহত পতিত হৈছে ।

( খ ) আঁউসীৰ ধাৰ পূর্ণিমাত শুজা ।

উত্তৰঃ খণ্ডবাক্যটিয়ে সুযােগ পালেই প্রতিশােধ লোৱা পােতক তােলা কথা সূচাইছে । কেতিয়াবা মানুহে কাৰােবাৰ হাতত ঠগ খায় , অপমানিত হয়। আনকি শাৰীৰিকাভাবেও অপদস্থ হয় । সেই সময়ত মানুহজনে ঠগ খােৱা কথাটো বুজিব নােৱাৰে অথবা অপদস্থ , অপমানিত হলেও প্রতিৰােধ কৰাৰ ক্ষমতা তেওঁৰ নাথাকে । কিন্তু এইবােৰে মানুহজনৰ অন্তৰত প্রতিশােধৰ জুই একুৰা জ্বলাই ৰাখে আৰু সুযােগ পালেই তাৰ পােতক তােলাৰ অপেক্ষাত থাকে বা পােতক তােলে । এনেকুৱা অৰ্থত ‘ আঁউসীৰ ধাৰ পূৰ্ণিমাত শুজা ’ খণ্ডবাক্যটি ব্যৱহাৰ কৰা হয় ।

১৮। ১ নং কাহিনীটো পঢ়া আৰু তলৰ শব্দবোৰৰ অৰ্থ লিখা –

আতৌ পুতৌ , লােদোৰ – পােদাৰ , ভেঙুচালি ।

উত্তৰঃ আতৌপুতৌ :- আদৰ , মৰম ।

লােদোৰ – পােদোৰ :- নােদোকা , শকত – আৱত ।

ভেঙুচালি :- বিকৃত অঙ্গী – ভঙ্গীৰে কৰা বিদ্রুপ সিয়ৰা কার্য ।

১৯। সমার্থক শব্দ লিখা –

মেকুৰী , খৰিয়াল , আঁউসী , কিটিপ , পঢ়াশালি , গিৰি , গিৰী, যুঁজা , পণ্ডিত ।

উত্তৰঃ মেকুৰী — বিৰাল , মার্জাৰ ।

খৰিয়াল ― কাজিয়া , কলহ ।

আঁউসী ― অমাৱস্যা ।

কিটিপ ― কৌশল , কায়দা ।

পঢ়াশালি ― বিদ্যালয় ।

গিৰি ― পৰ্বত ।

গিৰী ― গৃহিস্থ, গৰাকী ।

যুঁজা ― যমজ ।

পণ্ডিত ― শিক্ষক ।

২০। ‘ ক ‘ অংশৰ লগত ‘ খ ‘ অংশ মিলোৱা ।

‘ ক ‘ অংশ ‘ খ ‘ অংশ

বাঘ ——————খেকখেক

শিয়াল ———– জালি

মেকুৰী———— গর্জন

ফেঁচা————— হোৱা

ফেঁহু ————— কুৰলি

বান্দৰ—————মিউ মিউ

উত্তৰঃ

‘ ক ‘ অংশ ‘ খ ‘ অংশ

বাঘ —————-গর্জন

শিয়াল ———— হােৱা

মেকুৰী——– মিউ মিউ

ফেঁচা———- —কুৰুলি

ফেঁহু ————- জালি

বান্দৰ ————— খেকখেক

২২। শব্দার্থ লিখা –

খৰিয়াল , ছাতৰ , ফাকটি , যঁজা , বিল্লি , জনবিশ্বাস ।

উত্তৰঃ খৰিয়াল ― দ্বন্দ্ব বা কাজিয়া ।

      ছাতৰ        ―      ছাত্র , শিষ্য । 



      ফাকটি       ―      ফাঁকি , ছলনা কৰি ।



      যুঁজা           ―      যমজ , একে সময়তে ওপজা দুটি সন্তান । 



      বিল্লি          ―       বিৰালী , মেকুৰী । 



     জনবিশ্বাস     ―      কোনাে সমাজত বা মানুহৰ মুখে মুখে প্রচলিত হৈ অহা লােক কথা বা কাহিনী ।