Chapter 18
পখিলা
১। তলৰ প্রশ্নবােৰৰ অতি চমু উত্তৰ দিয়া –
( ক ) পখিলাই কিয় উৰি ফুৰে ?
উত্তৰঃ জগতৰ জেউতি চৰাবলৈ ।
( খ ) পখিলাই কিহৰ বাতৰি বিলায় ?
উত্তৰঃ সপােনৰ বাতৰি বিলায় ।
( গ ) বিধাতা কোন ?
উত্তৰঃ বিধাতা হ’ল সৃষ্টিকর্তা ।
( ঘ ) কবিয়ে ক’ত সৰতৰ বিষাদ – বিননি নাই বুলি কৈছে ?
উত্তৰঃ পখিলাই উৰি ফুৰা জগতখনত ।
( ঙ ) যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি জনা যায় ?
উত্তৰঃ বনফুল’ৰ কবি বুলি ।
২। পখিলাই কিয় নিজকে অকলশৰীয়া বুলি কৈছে ?
উত্তৰঃ পখিলাৰ আলাসতে ঘৰ বাৰী , মৰতৰ স’তে কোনাে সম্পর্ক নাই । মৰতৰ স’তে সম্পর্ক নথকা পখিলাই লগ ক’ত পাব ? সেয়ে পখিলাই নিজকে অকলশৰীয়া বুলি কৈছে ।
৩। ‘ ক্ষন্তেকীয়া জীৱনৰ / ক্ষুদ্র অভিনয় / শেষ হ’ব কালৰ হাতত ’ কবিতাফাঁকিৰ তাৎপর্য বুজাই লিখা ।
উত্তৰঃ জীৱন ক্ষণস্থায়ী । জীৱনৰ সুখ – দুখ , হাঁহি কান্দোন , আনন্দ বেদনা সকলােবােৰ ক্ষন্তেক সময়ৰ বাবেহে । এই বিশাল বিশ্ব – সংসাৰৰ বুকুত আমি মহাে কিছুদিনৰ বাবে অভিনয়হে কৰোঁ । জীৱন নাটৰ সামৰণি পৰাৰ লগে লগে অভিনয়ে শেষ হয় । কালৰ দ্বাৰা নিয়ন্ত্রিত এই জীৱন , মৃত্যুৰ লগে লগে কালৰ বুকুতেই লীন হৈ যায় ।
৪। কবিয়ে পখিলাৰ জীৱন কেনেকুৱা বুলি কৈছে ? পাঠৰ আধাৰত জাই লিখা ।
উত্তৰঃ কবিৰ মতে পখিলাৰ জীৱন বৰ অনুপম । বর্ণময় ধুনীয়া পখিলাই অকণ অকণ পাখি দুখনিত বেলিৰ কিৰণ সানি জগতৰ জেউতি চৰাই আকাশত উৰি ফুৰে । নুফুলা ফুলৰ কলিত সাদৰেৰে চুমা দি আপােন পাহৰা হৈ উলাহৰ গান গায় । মৰতৰ শােক – দুখে পখিলাক স্পর্শ নকৰে । পখিলাৰ জগতখনত সৰগৰ সৌন্দৰ্যৰ নিজৰা বৈ থাকে , বতাহত ভাঁহি আহে গীতৰ সুমধুৰ সুৰ । সূৰ্য্যৰ সােণালী কিৰণে আৱৰি ৰখা পখিলাই এই গুণ শুনি আবেগত কঁপি উঠে । আলাসতে ঘৰ – বাৰী থকা অকলশৰীয়া পখিলাৰ মৰতৰ স’তে কোনাে সম্পর্ক নাই । কিন্তু এনেকুৱা সুন্দৰ বৰ্ণময় জীৱনৰ অধিকাৰী পখিলাইও নিয়তিৰ হাতৰ পৰা সাৰি নাযায় । এদিন পখিলাৰো মৃত্যু হয় ।
৫। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা –
( ক ) সৰিব গছৰ পাত শুকাব ফুলনি
কুঁৱলীয়ে ঢাকিব কিৰণ ,
পুৰণিক আঁতৰাই পাতিব জগতে
নতুনৰ নৱ আয়ােজন ।
উত্তৰঃ কবিতাফাঁকি ‘ বনফুল ’ ৰ কবি যতীন্দ্র নাথ দুৱৰাদেৱে ৰচনা কৰা , আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ৰােমান্টিক কবিতা ‘ পখিলা ’ ৰ পৰা তুলি লোৱা হৈছে ।
কবিতাফাঁকিৰ জৰিয়তে জন্ম মৃত্যুৰ চিৰন্তন প্ৰৱাহৰ কথাকে কবিয়ে আমাক কৈছে ।
জীৱন ক্ষণস্থায়ী । এই বিশ্ব – সংসাৰত কোনােৱে চিৰকাল নাথাকে । সুখ – দুখ , আনন্দ – বেদনাৰে ভৰা এই জীৱন মাথাে কিছুদিনৰ বাবেহে । ফুলনি শুকাই যােৱাৰ দৰে জীৱনাে এদিন মৰহি যায় । সূৰ্য্যৰ কিৰণ কুঁৱলীয়ে ঢাকি ধৰাৰ দৰে , মৃত্যুৰ শীতল চাঁয়াই জীৱনক আগুৰি ধৰে ৷ গছৰ পৰা পাত সৰি পৰাৰ দৰে জীৱন – বৃক্ষৰপৰা জীৱনো এদিন বৰ দুখ লগাকৈ সৰি পৰে । কিন্তু সৃষ্টিৰ নিয়মানুযায়ী জীৱন – মৃত্যুৰ চকৰি ঘূৰিয়ে থাকে , ই স্তব্ধ নহয় । পাত সৰি যােৱা গছকে নতুন কুঁহিপাতক আদৰণি জনােৱাৰ দৰে নতুন নতুন জীৱনক জগতে আদৰণি জনায় ।
( খ ) আঁতৰিম হাঁহি মুখে পুৰণিৰ স’তে
জীৱনৰ খেলা সাং কৰি ,
মিছাতে বেজাৰ কিয় ? ঘূৰিছে সদায়
জগতত কালৰ চকৰি ।
উত্তৰঃ FOR STUDENTS
৬। ‘ ৰশ্মি ’ শব্দৰ একে অর্থবাচক শব্দ কবিতাটিত কি কি আছে বাছি উলিওৱা –
উত্তৰঃ কিৰণ , জেউতি আৰু জাল ।
৭। তলৰ পদবােৰৰ পৰা বিশেষ্য / বিশেষণ বাছি উলিওৱা –
শূন্য , সােণালী , বিধাতা , ক্ষন্তেক , ফুলনি , শূন্যতা , সােণ , অমিয়া , সৰগ , স্বর্গীয় ।
উত্তৰঃ
বিশেষ্য বিশেষণ
সােণ সােণালী
বিধাতা স্বৰ্গীয়
ফুলনি অমিয়া
সৰগ শূন্য
শূন্যতা ক্ষন্তেক
৮। শব্দৰ পার্থক্য লিখা –
( ক ) পাত _।
পাট _____।
( খ ) বাত _।
বাট_____।
( গ ) শৰ__।
সৰ______।
( ঘ ) তান__।
টান______।
( ঙ ) মহ__।
ম’হ_____।
( চ ) ঘাত_।
ঘাট_____।
( ছ ) গল_।
গ’ল______।
( জ ) পান__।
পাণ______।
( ঝ ) কোন_।
কোণ_____।
উত্তৰঃ ( ক ) পাত ― গছৰ পাত , কিতাপৰ পাত ।
পাট – পাটসূতা , তক্তা , ৰাজা – সিংহাসন , নাদৰ পাট ।
( খ ) বাত ― এবিধ বেমাৰ , বতাহ , এবিধ মাছ ।
বাট – পথ , ওহাৰ ।
( গ ) শৰ ― কাঁড় , বান , তীৰ ।
সৰ — গাখীৰৰ ওপৰত পৰা চামনি ।
( ঘ )তান – সুৰ ।
টান — কঠিন , আকর্ষণ ।
( ঙ ) মহ ― এবিধ তেজ – খােৱা ক্ষুদ্র কীট ।
ম’হ – বেঁকা শিঙৰ এবিধ জন্তু , মাহিৰ ।
( চ ) ঘাত — আঘাত , প্ৰহাৰ ।
ঘাট ― নদীৰ ঘাট , যুঁজত হৰা ৷
( ছ ) গল ― ডিঙি ।
গ’ল ― গত , অতীত ।
( জ )পান — পি খােৱা কার্য ।
পাণ — তামােলৰ লগত খােৱা এবিধ লতাৰ পাত ।
( ঝ ) কোন — অনির্দিষ্ট বা অনিশ্চিত ব্যক্তি ।
কোণ – চুক ।
৯। শব্দার্থ লিখা –
অনুপম , উলাহ , সাং কৰি , চুমি , অমিয়া , মাধুৰী , অনন্ত ।
উত্তৰঃ অনুপম – তুলনাহীন , যাৰ তুলনা নাই ।
উলাহ – আনন্দ ।
সাং কৰি — শেষ কৰি ।
চুমি ― চুহি ।
অমিয়া — অমৃত তুল্য , দেৱতাবিলাকে পান কৰা মিষ্ট এবিধ ৰস ।
মাধুৰী ― মিঠা গুণ , মধুৰতা ।
অনন্ত ― অন্তহীন , সীমাহীন ।
১০। কোন ঋতুত গছৰ পাত সৰে আৰু কোন ঋতুত গছৰ কুঁহিপাত ওলায় ? সেই ঋতু দুটাত তুমি লক্ষ্য কৰা প্ৰকৃতিৰ পৰিৱৰ্তনৰ ছবি দুখন দাঙি ধৰা ।
উত্তৰঃ শীত কালত গছৰ পাত সৰে আৰু বসন্তকালত গছৰ কুঁহিপাত ওলায় । শীত ঋতুত দিনবােৰ চুটি আৰু ৰাতিবােৰ দীঘল হয় । দিনবােৰ চুটি হােৱা বাবে আন ঋতুবােৰতকৈ সূৰ্যৰ পােহৰ আৰু তাপ কমকৈ পােৱা যায় । সেয়েহে বৰ জাৰ অনুভৱ কৰা যায় । মাজে মাজে আকাশ গােমা হয় । পুৱা , গধূলি কুঁৱলী পৰে । কিছুমান ঠাইত বৰফো পৰে । গছৰ পাত সৰি গছবােৰ লঠঙা হয় । বৰষুণ প্রায় নহয়েই । হলেও কমকৈ হয় । ঘাঁহ – বনবােৰ মৰি যায় ৷ গােটেই পৰিৱেশটোৱে ধূলিময় হৈ পৰে । শীতল শুকান শুকান ভাব এটা অনুভৱ কৰা যায় ।
বসন্তু ঋতু অহাৰ লগে লগে শীতত ঠৰঙা লগা প্রকৃতিখনে যেন প্রাণ পাই উঠে । বসন্ত ঋতুত বৰষুণ পৰিবলৈ আৰম্ভ কৰে ৷ ইমান দিনে শুকান হৈ থকা পৃথিৱীখন জীপাল হৈ উঠে । ঘাঁহ – বনবােৰ গজিবলৈ আৰম্ভ কৰে ৷ গছে গছে কুঁহিপাত ওলায় । চৌদিশে দেখা যায় মাথাে সেউজীয়া আৰু সেউজীয়া । নানাৰঙী ফুলবােৰ ফুলি উঠে । পখিলা , ভােমাৰা , মৌ মাখি আৰু ফুলৰ মৌখােৱা নানা চৰায়ে ফুলে ফুলে উৰি ফুৰে। গছৰ ডালত পৰি চৰায়ে গীত গাবলৈ আৰম্ভ কৰে । দিনবােৰ ডাঙৰ হয় । নাতিশীতােষ্ণ পৰিৱেশে মানুহৰ গা – মন জুৰ পেলায় । আকাশত চপ চপৰে মেঘ জমে । কেতিয়াবা মেঘৰ গাজনিয়ে চৌদিশ কঁপাই তােলে । মাজে মাজে ধুমুহা বৰষুণো আহে ।
১১। ‘ পখিলা ’ কবিতাটিৰ মূলভাব লিখা ।
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ ‘ পখিলা ’ এটি ৰােমাণ্টিক কবিতা । দুখন বর্ণময় ধুনীয়া পাখিৰে পখিলাই পুৱা বেলিৰ কিৰণত আনন্দত নাচি – বাগি ফুলে ফুলে উৰি ফুৰে । ৰূপ-ৰসেৰে ভৰা এই জগতখনিত পখিলাই আনন্দতে উলাহৰ গান গায়। পখিলাৰ জগতখনত মৰতৰ বিষাদ বিননি নাই । তাত আছে সৰগৰ অমিয়া মাধুৰী , সৌন্দৰ্য্যৰ অনন্ত নিজৰা , বতাহত ভাঁহি অহা গীতৰ সুমধুৰ সুৰ । আসালতে ঘৰ – বাৰী থকা পখিলা অকলশৰীয়া । মৰমৰ স’তে পখিলাৰ কোনাে বান্ধোন নাই। কিন্তু নিয়তিৰ বান্ধোনৰ পৰা পখিলাই হাত সাৰিব নােৱাৰে ৷ ইমান ধুনীয়া , ইমান স্মৃর্তিত থকা পখিলাৰ জীৱনাে এদিন নিয়তিয়ে কাঢ়ি লৈ যায় । মানুহৰ জীৱনাে তেনেকুৱা । গছৰ সৰাপাত সৰাদি মানুহৰ জীৱনাে এদিন জীৱন বৃক্ষৰ পৰা সৰি পৰে । তেতিয়া ধন – ঐশ্বর্য , ৰূপ – সৌন্দর্যৰ গৌৰৱ শেষ হৈ যায় । কালৰ সোঁতত আমিও এদিন হেৰাই যাম । জন্ম – মৃত্যুৰ চকৰি সদায় চলি থাকিব ৷
১২। যতীন্দ্র নাথ দুৱৰাৰ চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ FOR STUDENTS