ভাৰত জননী
Chapter 21
১। হিমৰ ৰজা বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ হিমালয় পর্বতৰ কথা কোৱা হৈছে ।
২। কোনে ভাৰত জননীৰ চৰণ ধুৱায় ?
উত্তৰঃ সুনীল সাগৰে ভাৰত জননীৰ চৰণ ধুৱায়
৩। গায়ত্রী গীতা কাৰ দুহিতা ?
উত্তৰঃ ভাৰত জননীৰ দুহিতা ।
৪। ৰঘুপতি কোন ?
উত্তৰঃ শ্ৰীৰামচন্দ্র ।
৫। ‘ পতিত পাৱনী ’ শব্দৰ অর্থ কি ?
উত্তৰঃ পাপী উদ্ধাৰ কৰোঁতা ( স্ত্রী ) ।
৬। ভাৰত ভূমিৰ মাজেৰে বৈ যােৱা তিনিখন পৱিত্ৰ নদীৰ নাম লিখা।
উত্তৰঃ ভাৰত ভূমিৰ মাজেৰে বৈ যােৱা তিনিখন পৱিত্ৰ নদীৰ নাম— গঙ্গা , যমুনা , ব্রহ্মপুত্র ।
৭। ‘ ৰত্ন প্রসৱিনী ’ বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ ভাৰত জননীৰ কথা কোৱা হৈছে ।
৮। কবিতাটিৰ মাজেৰে কবিৰ দেশৰ প্ৰতি থকা ভালপােৱা কিদৰে প্রকাশ পাইছে ?
উত্তৰঃ ভাৰতবর্ষ এখন বিশাল দেশ । কবিৰ জন্মভূমি এই দেশখনৰ গৌৰৱময় ইতিহাস আছে । কবিয়ে কবিতাটিৰ আৰম্ভণিৰ পৰা শেষলৈকে সেই গৌৰৱময় সােণালী ইতিহাস বর্ণনা কৰি নিও যেন গৌৰৱান্বিত হৈছে । সৃষ্টিৰ পাতনিতে জন্ম লাভ কৰা এই দেশখন পৱিত্ৰ আৰু শান্তি – সম্প্ৰীতিৰে ভৰা । বৰফাবৃত সু – উচ্চ গিৰিৰাজ হিমালয় এই দেশৰ শিৰৰ মুকুট । সুনীল সাগৰে এই দেশক চৰণ ধুৱায় দিয়ে , পৱিত্ৰ নদীবােৰে অলংকাৰ পিন্ধাই সজাই পৰাই তােলে । বেদ , উপনিষদত পুৰাণৰ পাতে পাতে স্বর্ণাক্ষৰেৰে বৰ্ণিত হৈছে এই দেশৰ গৌৰৱৰ ইতিহাস । এই দেশ ৰত্ন প্রসৱিনী । মহাকবি বাল্মিকী , বেদব্যাস , কালিদাস ; ত্যাগৰ মূৰ্ত্তি দধীচি ; সত্য ন্যায়ৰ প্রতীক যুধিষ্ঠিৰ , ৰঘুপতি ৰাম ; কৃষ্ণ , বুদ্ধ , গান্ধী আদি ৰত্নবােৰ এই দেশতেই জন্মিছিল । ইয়াত জন্মিলে পাপীৰাে পাপ নাশ হয় । ৰূপ – সৌন্দর্যৰে ভূৱন ভূলােৱ ভাৰত জননী’ক লৈ কবি সদায় গৌৰৱ অনুভৱ কৰে । ‘ ‘ ভাৰত জননী ’ কবিতাটিত এনেদৰে কবিৰ দেশৰ প্ৰতি থকা ভালপােৱা প্রকাশ পাইছে ।
৯। শ্যমন্তক মণিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ শ্যমন্তক এটা প্রসিদ্ধ মণি । ই দিনে আঠ বাৰকৈ সােণ দিয়ে আৰু দুর্ভিক্ষ , অকাল মৃত্যু , অমঙ্গল আদি দূৰ কৰাৰ উপৰিও সর্প , ব্যাধি , মাৰি মৰক আদিৰ ভয়াে দূৰ কৰে । এই আচৰিত মণিটো সাধুৰ বাবেহে মঙ্গলদায়ক , অসাধুৰ প্রতি কিন্তু ই মাৰাত্মক । সূর্যই তেওঁৰ ভক্ত সত্রাজিতক এই মণি দিয়ে । এই মণি ক্রমে সত্রাজিতৰ পৰা তেওঁৰ ভায়েক প্রসেন , প্রসেনৰ পৰা এটা সিংহ , সিংহৰ পৰা জাম্বৱন্ত আৰু জান্বৱন্তৰ পৰা কৃষ্ণৰ হাতলৈ যায় । কৃষ্ণই মণিটো পুনৰ সত্রাজিতক দিয়ে । কিছুদিন পাছত সত্রাজিতক মাৰি মণিটো শতধন্বাই লৈ যায় । কৃষ্ণই শতধন্বক বধ কৰাৰ পাছত মণিটো অৰৰ হাতত পায়গৈ । শেষত সকলােৱে মণিটো অৰৰ হাতত থকাটোৱে বিচাৰে।
১০। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা ।
‘ ক ’ অংশ—————- ‘ খ ’ অংশ
কৃষ্ণা ———————-ৰাম
ইতিহাস—————–মহাকবি
বাল্মিকী——————জননী
কালিদাস—————–এখন নৈ
গাণ্ডীৱ———————বুৰঞ্জী
ৰঘুপতি——————–অর্জুন
ভাৰত ———————এজন ঋষি
উত্তৰঃ
‘ ক ’ অংশ —————- ‘ খ ’ অংশ
কৃষ্ণা ——————— এখন নৈ
ইতিহাস——————- বুৰঞ্জী
বাল্মিকী ——————- এজন ঋষি
কালিদাস ——————মহাকবি
গাণ্ডীৱ ———————অর্জুন
ৰঘুপতি ——————–ৰাম
ভাৰত -=——————–জননী
১১। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা –
( ক ) পতিত পানী ভুৱন মােহিনী ,
তেৱেই আমাৰ ভাৰত জননী
উত্তৰঃ কবিতাফাঁকি সাহিত্যাচার্য অতুল চন্দ্র হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট দেশপ্রেমমূলক কবিতা ‘ ভাৰত জননীৰ’ পৰা উদ্ধৃত কৰা হৈছে ।
কবিতাফাঁকিৰ জৰিয়তে কবিৰ দেশপ্রেমৰ প্রকাশ ঘটিছে ।
অনেক মানুহে নানা অন্যায় , অধর্ম , অনৈতিক কামত লিপ্ত হৈ পাপ অর্জন কৰে । পাপ সহজে খণ্ডন কৰিব পৰা নাযায় । ইয়াৰ ফলত পাপীসকলে নানা জীয়াতু ভুগিব লগীয়া হয় । কিন্তু গংগা – যমুনা ব্ৰহ্মপুত্র আদি পৱিত্ৰ নদী বুকুত লৈ থকা , অগণিত জ্ঞান তপস্বী ঋষি মুনি আদি পূণ্যাত্মাৰ পাদস্পৰ্শৰে ধন্য এই ভাৰতবর্ষ এনেকুৱা এখন পৱিত্ৰ ঠাই যে ইয়াৰ মাটিৰ স্পর্শ পালেই পাপীসকলৰ পাপ নিজে নিজে খণ্ডন হৈ যায় । অকল সেয়াই নহয় এই দেশৰ ৰূপ সৌন্দর্য , শৌর্যবীর্যৰ জ্যোতিত গােটেই জগতখনেই মােহাচ্ছন্ন । কবিয়ে সেয়ে এই দেশখনক ভাল পায় , দেশখনক লৈ তেওঁ গৌৰৱান্বিত ।
১২। চমুটোকা লিখা ।
বুদ্ধ , গায়ত্রী , কালিদাস , ৰাম
উত্তৰঃ বুদ্ধ :- খ্রীঃপূঃ ৫৬৬ ত ব’হাগী পূর্ণিমাৰ দিনা কপিলাবস্তুৰ লুম্বিনী নামৰ ঠাইত বুদ্ধদেৱে জন্ম লাভ কৰে । তেওঁ আগতে সিদ্ধার্থ আৰু গৌতম বুদ্ধ বুলি পৰিচিত আছিল । বুদ্ধদেৱ সৰুৰে পৰাই অতি চিন্তাশীল আছিল । ভােগ – বিলাসৰ প্রতি তেওঁৰ অলপাে আকাংক্ষা নাছিল । মানুহৰ জৰাব্যাধি মৃত্যু দেখি বুদ্ধদেৱ অত্যন্ত ব্যথিত হৈছিল । সেয়ে জৰা , মৃত্যু , ব্যাধিৰ পৰা হাত সৰাৰ উপায় বিচাৰি আৰু জন্ম – মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ অৰ্থে এদিন তেওঁ সংসাৰৰ সকলাে মায়া – মােহ ত্যাগ কৰি মনে মনে ঘৰৰ পৰা গুচি যায় । ছবছৰ কাল বিভিন্ন ঠাইত অনাই – বনাই ঘূৰি ফুৰি নানা শাস্ত্র অধ্যয়ণ কৰি শেষত গয়াৰ ওচৰৰ এজোপা আঁহত গছৰ তলত ধ্যানমগ্ন হয় । তাতেই কঠোৰ তপস্যাৰ মাজতে এদিন ব’হাগী পূর্ণিমাৰ ৰাতি তেওঁ মুক্তি আৰু পৰম জ্ঞানৰ সম্ভেদ পায় । তেতিয়াই তেওঁ ‘ বুদ্ধ হৈ পৰে ।
বুদ্ধদেৱে প্ৰচাৰ কৰা ধর্মটোৱে হৈছে ‘ বৌদ্ধধর্ম ‘ । বিহাৰ , মগধ , কোশল আদি ৰাজ্যত তেওঁৰ ধৰ্ম প্ৰচাৰ হয় । সত্য , অহিংসা , পৰােপকাৰ এইবােৰ তেওঁৰ ধৰ্মৰ মূল মন্ত্র । আশী বছৰ বয়সত ব’হাগী পূর্ণিমাৰ দিনাখনেই কাশী নগৰত বুদ্ধদেৱে নশ্বৰ দেহ ত্যাগ কৰে । হিন্দু শাস্ত্ৰত বুদ্ধদেৱক বিষ্ণুৰ নৱম অৱতাৰ হিচাপে দেখুৱা হৈছে । বুদ্ধদেৱে ব’হাগী পূর্ণিমাতে জন্ম লাভ , জ্ঞান লাভ কৰাৰ লগতে নশ্বৰ দেহ ত্যাগ কৰা বাবে এই পূর্ণিমাটোক বুদ্ধ পূর্ণিমা বােলে । বৌদ্ধধর্মী আৰু হিন্দুসকলে বৰ শ্ৰদ্ধা ভক্তিসহকাৰে ‘ বুদ্ধপূর্ণিমা ’ পালন কৰে ।
গায়ত্রী :- গায়ত্রী ঋকবেদৰ এটা পৱিত্ৰ শ্লোক । গায়ত্রী ছন্দত ইয়াক ৰচনা কৰা হৈছে । শক্তিৰ উৎস সূৰ্যৰ প্রতি এই শ্লোক নিবেদিতা এই শ্লোকটি বাৰে বাৰে আওঁৰালে মানুহৰ মুক্তি লাভ হয় । যি লােকে স্বর্গ প্রাপ্তিৰ কামনা কৰে , তেওঁ প্রতিদিনে এহেজাৰ বাৰ গায়ত্রী আওৰাব লাগে । প্রতিদিনে তিনিহাজাৰ বাৰলৈ এমাহ গায়ত্রী আওৰাই অতি গুৰুত্বৰ দোষৰ পৰাও মানুহে মুক্ত হ’ব পাৰে । হিন্দুৰ সকলাে সম্প্রদায়ে গায়ত্রী মন্ত্রৰ গুৰুত্ব আৰু আৱশ্যকতা মানে । আনকি আর্য সমাজৰ লােকসকলেও , যিয়ে মূর্তি পূজাত বিশ্বাস নকৰে , তেওঁলােকেও এটি পৱিত্ৰ মন্ত্ৰ হিচাপে ইয়াক গ্ৰহণ কৰিছে ৷ কৃতকার্যতা আৰু মুক্তি লাভৰ কামনাৰে আর্য সমাজৰ লােকসকলে প্রতি প্রার্থনাৰ সময়ত গায়ত্রী মন্ত্র আওৰায় । দেৱী হিচাপে গায়ত্রীক ব্রহ্মাৰ পত্নী আৰু চাৰি বেদৰ মাতৃ হিচাপেও জনা যায় ।
কালিদাস :- কালিদাস প্রাচীন ভাৰতৰ আটাইতকৈ বিখ্যাত কবি আৰু নাট্যকাৰ । তেওঁৰ সময় সম্বন্ধে পণ্ডিত সকলৰ মাজত মতভেদ আছে । যদিও বেছিভাগ পণ্ডিতে তেওঁক উজ্জয়িনীৰ বিখ্যাত ৰজা বিক্রমাদিত্যৰ ৰাজসভাৰ ‘ নৱ ৰত্ন ’ ৰ অন্যতম বুলি কয় ।কালিদাসে তিনিখন নাটক ক্ৰমে ‘ অভিজ্ঞান শকুন্তলম , ‘ মালবিকাগ্নিমিত্রম ’ আৰু ‘ বিক্রমােৰ্বশীয়ম ’ ৰ লগতে তিনিখন কাব্য ‘ ৰঘুবংশ’, ‘ কুমাৰ সম্ভৱ ‘ আৰু মেঘদূত ’ ৰচনা কৰি গৈছে । তেওঁ ‘ ঋতুসংহাৰ ‘ নামৰ খণ্ডকাব্য এখনাে ৰচনা কৰিছিল । ‘ মেঘদূত ’ খনকো বহুতে খণ্ডকাব্য বুলি ক’ব খােজে । এই ৰচনা বােৰৰ ভিতৰত কালিদাসৰ উৎকৃষ্টতম সৃষ্টি হৈছে ‘ অভিজ্ঞান শকুন্তলম ‘ নামৰ নাটকখন । কালিদাসৰ গ্রন্থাৱলী বিশ্ব সাহিত্যৰেই অমূল্য সম্পদ । তেওঁৰ গ্রন্থবােৰৰ বিশেষকৈ ‘ অভিজ্ঞান শকুন্তলম ’ ৰ সাহিত্যিক , কাব্যিক , কলাত্মক আদি সৌন্দর্যত প্রাচ্য পাশ্চাত্যৰ সাহিত্যমােদী পণ্ডিত সকল মুগ্ধ হৈ পৰিছে ।
ৰাম :- ত্রেতা যুগৰ শেষত ৰজা দশৰথৰ পুত্ৰৰূপে অৱতীৰ্ণ হােৱা বিষ্ণুৰ সপ্তম অৱতাৰ হৈছে ৰাম । আদি কবি বাল্মীকিয়ে ৰামৰ আদ্যোপান্ত জীৱনলীলাক লৈয়েই ৰচনা কৰিছিল ‘ ৰামায়ণ ‘ মহাকাব্য । ৰজা দশৰথে প্রজাঞ্জক পুত্র ৰামক অযােধ্যাৰ ৰাজপাটত বহুৱাবলৈ সকলাে ঠিক – ঠাক কৰিও ৰাণী কৈকেয়ীৰ ষড়যন্ত্রত বনবাস দিব লগীয়া হয় । পিতৃ সত্য পালনার্থে ৰামেও সীতা আৰু লক্ষ্মণৰ সৈতে বনবাসলৈ যায় । বনবাসত থাকোতেই পঞ্চৱতী বনৰ পৰা লংকাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰে । ৰামে লংকালৈ গৈ নিজৰ সেনাৰ সহযােগত যুদ্ধ কৰি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰে । বহু ঘটনা , বহু কাহিনী বাদ দি অতি সংক্ষেপে এয়াই ৰামৰ কাহিনী । সীতাক উদ্ধাৰ কৰি ঘূৰি অহাৰ পাছত ৰামে অযােধ্যাৰ ৰাজপাটত বহে৷ৰজা হিচাপে ৰাম আছিল ধার্মিক , সত্যবাদী , ন্যায়নিষ্ঠ আৰু প্রজাবৎসল । তেওঁৰ ৰাজত্বকালত অযােধ্যাৰ চাৰিওফালে জয়জয় – ময়ময় হৈছিল ৷ সেয়েহে আজিও মানুহে কথাই কথাই ‘ ৰাম ৰাজ্য ‘ ৰ কথা কয় । ৰামক বাদ দি ভাৰতীয় সংস্কৃতি সভ্যতাৰ কথা ভাবিৱই নােৱাৰি । ভাৰতীয় সংস্কৃতি সভ্যতাৰ আঁহে আঁহে সােমাই আছে ৰামৰ নাম ।
১৩। বাক্য সাজা –
শান্তি – সম্প্রীতি , প্রেম – অহিংসা , জননী , অযুত , সুবাস ।
উত্তৰঃ শান্তি – সম্প্রীতি :- কোনো অনুস্থান প্ৰতিস্থানত শান্তি – সম্প্রীতি বজাই ৰাখি কামৰ আগ ভাগ লাগে ।
প্রেম – অহিংসা :- শংকৰ দেৱ মানুহৰ মাজত প্রেম – অহিংসাৰ বাণী বিলাইছিল ।
জননী :- ভাৰতবর্ষ আমাৰ জননী স্বৰূপা ।
অযুত :- পুৰাণ – ভাগৱত আদি গ্রন্থত দেৱ – দেৱীৰ বিষয়ে অযুত কাহিনী পােৱা যায় ।
সুবাস :- ফুলৰ ভিতৰত নাহৰ ফুলৰ সুবাস আটাইতকৈ ভাল ।
১৪। সমার্থক শব্দ লিখা –
হিম , চৰণ , লৌহিত্য , বক্ষ , প্রেম , জননী , দুহিতা
উত্তৰঃ হিম – নিঠুৰ , তুষাৰ ।
চৰণ – ভৰি , পদ ।
লৌহিত্য – ব্রহ্মপুত্র , লুই ।
বক্ষ – বুকু , হৃদয় ।
প্রেম – ভালপােৱা , প্রীতি , ভক্তি , অনুৰাগ ।
জননী – মাতৃ , আই , জন্মদাত্রী ।
দুহিতা – জীয়াৰী , কন্যা ।
১৫। তলৰ সমাসবােৰৰ ব্যাস বাক্য লিখা –
বীণাপাণি , বশিষ্টমুনি , কালিদাস , ত্রিভূৱন , গংগা – যমুনা চৰণ
উত্তৰঃ বীণাপাণি ― বীণা আছে পাণিত যাৰ ।
বশিষ্টমুনি ― বশিষ্ট নামে মুনি ।
কালিদাস ― কালিৰ যি দাস ৷
ত্রিভূৱন ― ত্রি ভূৱনৰ সমাহাৰ ।
গংগা – যমুনা ― গংগা আৰু যমুনা ।