ল’ৰাকাল
Chapter – 4
১। কবিয়ে শৈশৱত কেনেদৰে উমলিছিল ?
উত্তৰঃ শৈশৱ কালছােৱা সকলােৰে বাবে ৰং – ধেমালি কৰি উমলি ফুৰাৰ সময় । ৰংমনেৰে মাটিৰ পুতলী সাজিছিল । আইতাকৰ ৰিহাৰ আঁচলত ধৰি লৰি ফুৰিছিল । ভায়েক –ভনীয়েকক ফুৰাবলৈ নি সিহঁতৰ লগতে উমলিছিল ।
২। কবিয়ে শৈশৱত কি সাজি অধিক আনন্দ পােৱাৰ কথা কৈছে ?
উত্তৰঃ কবিয়ে শৈশৱতমাটিৰ পুতলা সাজি অধিক আনন্দ পােৱাৰ কথা কৈছে ।
৩। ল’ৰাকালত কবিৰ মনত দুখ – বিষাদ আছিল নে ? তেওঁৰ ল’ৰাকালৰ বিষয়ে এটি চমু বর্ণনা দিয়া ।
উত্তৰঃ ল’ৰাকালত কবিৰ মনত দুখ – বিষাদ নাছিল ।
ল’ৰাকালত কবি বৰ মুকলিমূৰীয়া আছিল । তেতিয়া তেওঁ যেনি – তেনি উমলি – জামলি ঘূৰি ফুৰিছিল । ৰং মনেৰে মাটিৰ পুতলী সাজিছিল । এলাহ কি নাজানিছিল , মনটো উলাহেৰে ভৰি আছিল। অতি সৰল অন্তৰৰ কবিৰ মনত খিয়লা – খিয়লি ভাব সমূলি নাছিল । সংঘাতৰ জটিলতাও তেওঁ বুজি পােৱা নাছিল । আইতাকক কবিয়ে বৰ মৰ্ম কৰিছিল আৰু তেওঁৰ ৰিহাৰ আঁচলত ধৰি ঘূৰি ফুৰিছিল। ভায়েক – ভনীয়েককো কবিয়ে খুব মৰম কৰিছিল আৰু সিহঁতক ফুৰাবলৈ নিছিল ।
৪। কবিয়ে কাৰ ৰিহাৰ আচলত ধৰি ফুৰিছিল ?
উত্তৰঃ কবিয়ে আইতাকৰ ৰিহাৰ আঁচলত ধৰি ফুৰিছিল ।
৫। আইতাকৰ প্ৰতি কবিৰ ভাব কেনে আছিল ?
উত্তৰঃ আইতাকৰ প্রতি কবিৰ খুব ভাল ভাব আছিল । তেওঁ আইতাকক বৰ মৰম কৰিছিল ।
প্রশ্ন ৬। কবিয়ে কাক হেঁপাহেৰে মৰম বিলায় ?
উত্তৰঃ ভায়েক – ভনীয়েকক হেঁপাহেৰে মৰম বিলায় ।
৭। কবিয়ে শেষত হৰি অর্থাৎ ভগৱানৰ ওচৰত কি কামনা কৰিছে ?
উত্তৰঃ যি গৰাকী দয়াময় হৰি অর্থাৎ ভগৱানে কবিৰ তেজত উলাহ , মনত পােৰ আৰু বুকুত মৰম দিছে , সেইগৰাকী ভগৱানৰ চৰণত তেওঁৰ মনটো যাতে সদায় নিবিষ্ট হৈ থাকে , তাকেই কবিয়ে শেষত ভগৱানৰ ওচৰত কামনা কৰিছে ।
৮। বাক্য সাজা –
এনি – তেনি , ওমলি – জামলি , লৰ-ধৰ , খিয়লা-খিয়লি , ৰং ৰহইচ , খৰ – খেদা , ভাই – ভনী ।
উত্তৰঃ এনি – তেনি :- এনি – তেনি ঘূৰি ফুৰিলে জীৱনত সফলতা লাভ কৰিব নােৱাৰি ।
ওমলি – জামলি :- সি আজি গোটেই দিনটো ওমলি – জামলি ঘূৰি ফুৰিছে ।
লৰ-ধৰ :- ঐ ইমান লৰ-ধৰ কে ক’ত যাৱ ।
খিয়লা – খিয়লি :- খিয়লা – খিয়লি ভাবে মানুহৰ মাজত বিভেদ ঘটায় ।
ৰং-ৰহইচ :- এইবেলি বিহুত বন্ধটো বৰ ৰং – ৰহইচৰ মাজেৰে পাৰ কৰিলোঁ ।
খৰ – খেদা :- অলপ খৰ –খেদা কৰ নহ’লে কলেজ নাপাবি গৈ ।
ভাই – ভনী :- ভাই ভনীৰ মিলাপ্রীতিয়ে দেউতাক – মাকৰ মনত আনন্দ দিয়ে ।
৯। তাৎপর্য ব্যাখ্যা কৰা –
( ক ) মুখত সদায় মােৰ হাঁহি নুগুচেই
সংসাৰ লেঠা মই নুবুজোঁ নিচেই ।
উত্তৰঃ ল’ৰা কালছােৱা মানুহৰ জীৱনৰ মধুৰতম সময় । এই সময়ত সকলােৱে উমলি – জামলি ৰং – ধেমালি কৰি ভাল পায় । মন সদায় আনন্দেৰে ভৰি থাকে । খিয়লা – খিয়লি ভাব বা কু – চিন্তাই মনত ঠাই নাপায় । এই কালছােৱাত সংসাৰৰ জটিলতা বুজি পােৱা নাযায় আৰু মুখত সদায় হাঁহি বিৰিঙি থাকে । গােটেই জীৱন ধৰি মানুহৰ হৃদয় জীপাল কৰি ৰখা ল’ৰাকালৰ সােণালী সময়ৰ সেই মধুৰ স্মৃতিকে কবিয়ে উক্ত কবিতা ফাকিৰ জৰিয়তে দাঙি ধৰিছে ।
( খ ) জানিলোঁ জানিলোঁ তেওঁ হৰি দয়াময় ,
সেই চৰণত যেন মােৰ মতি ৰয় ।
উত্তৰঃ ল’ৰাকালত কবিৰ মনটো আনন্দেৰে ভৰপুৰ হৈ আছিল । তেওঁৰ তেজত উলাহৰ ঢৌ উঠিছিল , পােহৰ পােহৰ ভাবে মনটো উজলাই ৰাখিছিল । সকলােৰে প্রতি তেওঁৰ বুকুত আছিল অফুৰন্ত মৰম । কবিয়ে উপলব্ধি কৰিছিল তেওঁৰ তেজত ইমান উলাহ , মনত ইমান পােহৰ , বুকুত ইমান মৰম — এই সকলােবােৰ হৰি অর্থাৎ ভগৱানেহে দিছে । সেয়েহে , তেনেকুৱা দয়াময় ভগৱানৰ চৰণত তেওঁৰ মনটো যাতে সদায় নিবিষ্ট হৈ থাকে , তাকে কবিয়ে ভগৱানৰ ওচৰত প্রার্থনা কৰিছে ।
১০। বিপৰীত শব্দ লিখা –
হাঁহি , মৰম , পােহৰ , সুমতি , শত্রু , আনন্দ
উত্তৰঃ হাঁহি – কান্দোন ।
মৰম – ঘৃণা ।
পােহৰ – এন্ধাৰ ।
সুমতি – কুমতি ।
শত্রু – মিত্র ।
আনন্দ – বিষাদ , বেদনা ।
১১। হাঁহি , কোৱৰ — এই দুটা শব্দৰ দৰে চন্দ্রবিন্দু ( ঁ ) যােগ হােৱা পাঁচটা শব্দ লিখা ।
উত্তৰঃ বাঁহ , সিহঁত , কুঁৱৰী , চিয়াঁহী , কুঁৱলি ।
১২। উঃ , হাঁ , বাঃ , উস্ আদি আশ্চর্য ভাব বুজোৱা শব্দৰে একোটাকৈ বাক্য গঠন কৰা ।
উত্তৰঃ উঃ – উঃ ! কথাষাৰ শুনি বৰ দুখ পালোঁ ।
হাঁ – হাঁ ! তই ‘ কি আজিও স্কুললৈ নাযাৱ ?
বাঃ – বাঃ ! কি সুন্দৰ দৃশ্য ।
উস্ – উস্ ! মৰিলোঁ দে ।
১৩। ‘ ল’ৰাকাল ’ কবিতাটিৰ মূল ভাব লিখা ?
উত্তৰঃ ‘ ল’ৰাকাল ’ কবিতাটিৰ মাজেৰে কবিয়ে ল’ৰাকালৰ সােণালী সময়ৰ কথা সোঁৱৰণ কৰিছে। ল’ৰাকালছােৱা সকলােৰে বাবে ৰং – ধেমালিৰ সময় । এনি – তেনি ঘূৰি ফুৰি উমলি – জামলি ভাল পায় । তেওঁলােকে সংসাৰৰ জটিলতা বুজি নাপায় । আইতাকৰ মৰমৰ বান্ধোনত তেওঁলােকে বান্ধ খাই থাকে । লগৰীয়াবােৰৰ লগত ফুৰা ৰং – ধেমালি কৰা কামবােৰ তেওঁলােকৰ বাবে বৰ – আনন্দ দায়ক । হিংসা , ভেদভাব তেওঁলােকে বুজি নাপায় । তেওঁলােকৰ মন সদায় আনন্দেৰে ভৰপূৰ হৈ থাকে ।
১৪। বেণুধৰ ৰাজখােৱাক ব্রিটিছ প্রশাসনে কি উপাধি প্রদান কৰিছিল ?
উত্তৰঃ বেণুধৰ ৰাজখােৱাক ব্রিটিছ প্রশাসনে ৰায় বাহাদুৰ উপাধি প্রদান কৰিছিল ।
১৫। বেণুধৰ ৰাজখােৱাৰ আত্মজীৱনীমূলক পুথিখনৰ নাম কি ?
উত্তৰঃ বেণুধৰ ৰাজখােৱাৰ আত্মজীৱনীমূলক পুথিখনৰ নাম “ মােৰ জীৱন দাপােণ । ”
প্রশ্ন ১৭। শব্দার্থ লিখা –
এফেৰি , পুতুলী , উলাহ , খিয়লা-খিয়লি , হেঁপাহ ।
উত্তৰঃ
এফেৰি – সামান্য পৰিমাণৰ ।
পুতুলী – পুতলা ।
উলাহ – আনন্দ ।
খিয়লা-খিয়লি – হিংসা ।
হেঁপাহ – আগ্রহ ।