সুমধুৰ সুমংগল (শংকৰদেৱৰ জীৱনভিত্তিক শিশু নাটিকা)
Chapter – 6
১। খেৰসূতী কোন আছিল ?
উত্তৰঃ খেৰসূতী শংকৰদেৱৰ বুঢ়ীমাক আছিল ।
২। শংকৰদেৱে কিমান বছৰলৈ ধিতিঙালি কৰি ফুৰিছিল ?
উত্তৰঃ শংকৰদেৱে বাৰ বছৰলৈ ধিতিঙালি কৰি ফুৰিছিল ।
৩। টেটোন বুলি কাক , কিয় কৈছে ?
উত্তৰঃ শংকৰদেৱক কৈছে ।
বুঢ়ীমাক খেৰসূতীয়ে বাৰ বছৰীয়া শংকৰৰ গাত কথা লাগিবৰ বয়স হােৱা বুলি কোৱাত শংকৰদেৱ “ গাত এঠাহে লাগে বুঢ়ী আই , কথা কেনেকৈ লাগিব বুলি প্রশ্ন কৰাত খেৰসূতীয়ে শংকৰদেৱক টেটোন বুলি কৈছে ।
৪। গণকে শংকৰক জন্মতে কি বুলি কৈছিল ?
উত্তৰঃগণকে শংকৰক জন্মতে পণ্ডিত হ’ব বুলি কৈছিল ।
৫। ৰামৰায় কোন আছিল ?
উত্তৰঃ ৰামৰায় মহেন্দ্ৰ কন্দলিৰ টোলত অধ্যয়ন কৰি থকা শংকৰদেৱৰ সহপাঠি ছাত্ৰ আছিল ।
৬। “ আমাৰ বংশত অপণ্ডিত নাই , তই মূখ হ’ব খুজিছনে ? ”– কথাষাৰ কোনে কাক কৈছিল ?
উত্তৰঃ কথাষাৰ বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক কৈছিল ।
৭। “ বুঢ়ীআই , তেনে পূজা মােক নালাগে ”– শংকৰদেৱে কিয় তেনেকৈ কৈছিল ?
উত্তৰঃ বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক বিদ্বান লােকে সকলােতে পূজা পায় বুলি কওঁতে শংকৰদেৱে শাক্তধর্মী লােকসকলে কৰা মনসা পূজা , কালী পূজা আদিৰ কথা কোৱা বুলি ভাবিছিল । এইবােৰ পশু – পক্ষীবােৰক বলি দি পূজা কৰাটো শংকৰদেৱে সহ্য কৰিব নােৱাৰিছিল। সেয়েহে তেওঁ তেনেকৈ কৈছিল ।
৮। শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোললৈ শিক্ষাৰম্ভ কৰিবলৈ যােৱা যাত্রাৰ এটি বর্ণনা দিয়া ।
উত্তৰঃ ধিতিঙালি কৰি ফুৰা বাৰ বছৰীয়া শংকৰদেৱে পঢ়িবলৈ ইচ্ছা কৰাত বুঢ়ীমাক খেৰসূতীয়ে মনত বৰ ৰং পালে । তেওঁ পিছদিনাখনে শংকৰদেৱক মহেন্দ্ৰ কন্দলিৰ টোললৈ নিয়াৰ মন কৰি চন্দৰী , আঘােণাহঁতক ভাৰ – ভেটি সাজু কৰিবলৈ ক’লে । সেইমতেই পিছদিনাখন মহেন্দ্ৰ কলিৰ টোললৈ শিক্ষাৰম্ভ কৰিবলৈ শংকৰদেৱৰ যাত্ৰা আৰম্ভ হ’ল । শংকৰদেৱ আৰু খেৰসূতী আই — দুয়ােজনে নতুন সাজ – পাৰ পিন্ধিছে । তেওঁলােকৰ আগে – পিছে ভাৰ লােৱা মানুহ । পাছি লােৱা দাসীও লগত গৈছে ৷ এইদৰে এক সুন্দৰ পৰিবেশৰ মাজেৰে শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোললৈ শিক্ষাৰম্ভ কৰিবলৈ যাত্রা কৰিছে ৷
৯। নিশা গুৰুদেৱে শংকৰৰ বহালৈ কিয় আহিছিল ? তেতিয়া শংকৰে কি কৰি আছিল ?
উত্তৰঃ নিশা শংকৰৰ বহাত পোহৰ দেখি – শংকৰেনাে কি কৰি আছে , তাকে চাবলৈ গুৰুদেৱে শংকৰৰ বহালৈ আহিছিল । সেই সময়ত শংকৰে পঢ়ি আছিল ।
১০। শংকৰদেৱৰ শিশুকালৰ অলৌকিক ঘটনাৰ বিষয়ে লিখা ।
উত্তৰঃ শিশুকালত শংকৰদেৱে সাধাৰণ শিশুৱে ভাবিব নােৱাৰা কিছুমান অলৌকিক কার্য কৰিছিল। এদিন তেওঁ লুইতৰ বুকুত বুৰ মাৰি শিহু এটা ধৰি আনি লগৰীয়া বােৰক দেখুৱাইছিল । আন এদিনাখন আকৌ লগৰীয়াবােৰৰ লগত আঁৰ মাৰি দুই দাৰ পৰ পানীত বুৰ মাৰি কাটল মাছ এটা ধৰি আনিছিল । মাছটো ইমানেই ডাঙৰ আছিল যে দুটা মানুহে সাঙী কৰিহে তাক আনিব পাৰিছিল । এনেদৰে শিশুকালত শংকৰদেৱে কিছুমান অলৌকিক ঘটনা সংঘটিত কৰিছিল ।
১১। শংকৰে গুৰুগৃহৰ পৰা মনে মনে ক’লৈ পলাই গৈছিল ?
উত্তৰঃ শংকৰে গুৰুগৃহৰ পৰা মনে মনে বুঢ়ীমাকৰ ওচৰলৈ বুলি ।
১২। শংকৰে গুৰুগৃহৰ পৰা মনে মনে গুচি গৈ আকৌ আদবাটৰ পৰা উভতি আহিছিল কিয় ?
উত্তৰঃ গুৰুৰ অনুমতি নােহােৱাকৈ কোনাে কামেই কৰিব নাপায় , গুৰু দেৱতাৰ দৰে পূজনীয় । কিন্তু শংকৰে গুৰুৰ অনুমতি অবিহনে মনে মনে গুচি গৈছিল । তেনেকৈ যােৱাটো যে তেওঁৰ ভুল হৈছে , সেই কথাটো শংকৰে পিছত বুজি পাইছিল আৰু সেয়ে তেওঁ আদবাটৰ পৰা উভতি আহিছিল ।
১৩। শংকৰদেৱক গুৰুদেৱে ওজা ছাত্র পাতিছিল কিয় ?
উত্তৰঃ টোল বা পঢ়াশালিত প্রখৰ মেধাসম্পন্ন , পঢ়াৰ প্রতি ধাউতি থকা, সৎ চৰিত্ৰৱন আৰু বিভিন্ন দিশত পাৰ্গত ছাত্রক গুৰুৱে ওজা ছাত্র পাতিছিল । শংকৰদেৱৰ এই আটাইবােৰ গুণ আছিল । প্ৰখৰ মেধাসম্পন্ন শংকৰ গুৰুৱে শিকোৱা পাঠ অতি সহজে আয়ত্ব কৰিব পাৰিছিল। অতি কম সময়ৰ ভিতৰতে তেওঁ বেদ – স্মৃতি , ছন্দ , শ্রুতি , তর্ক , মীমাংসা , অষ্টাদশ পুৰাণ পঢ়ি শেষ কৰিছিল ৷ তেওঁ সৎ চৰিত্ৰৰ আৰু বিভিন্ন দিশত পাৰ্গত আছিল । আন ছাত্রই শংকৰদেৱৰ লগত কোনােটো দিশতে ফেৰ মাৰিব পৰা নাছিল । সেয়েহে গুৰুদেৱে শংকৰদেৱক ওজা ছাত্র পাতিছিল ।
১৪। পাঠটিত শংকৰদেৱৰ প্ৰকৃতিৰ প্রতি ভালপােৱা কিদৰে প্ৰকাশ পাইছে চমুকৈ লিখা ।
উত্তৰঃ পাঠটিত শংকৰদেৱৰ প্ৰকৃতিৰ প্রতি ভালপােৱা সুন্দৰকৈ প্রকাশ পাইছে । এবাৰ তেওঁ গুৰুদেৱৰ অনুমতি অবিহনে মনে মনে গুচিগৈ আদবাটৰ পৰা উভতি আহিছিল । গুৰুদেৱে তেনেকৈ যােৱাৰ কাৰণ সােধাত শংকৰদেৱে কৈছিল যে- তেওঁক বৰনৈখনে মাতে ; গছ বন – মুকলি পথাৰ এই সকলােবােৰেই তেওঁক হাতবাউল দি মাতে । চৰাইৰ দৰে মুকলিমূৰীয়া হৈ তেওঁৰ হাবি বনে ঘূৰি ফুৰিবৰ মন যায় । অর্থাৎ তেওঁ প্রকৃতিক ভাল পায় , প্ৰকৃতিৰ সৈতে মিলি থাকিব খােজে । আন এদিন লগৰ ব্রাহ্মণ ছাত্ৰ এজনে শংকৰদেৱে ওজা ছাত্র হিচাপে আন ছাত্রবােৰক কি পাঠ দিব বুলি প্রশ্ন কৰাত শংকৰদেৱে প্ৰকৃতিৰ পাঠ দিব বুলি কৈছিল । তেওঁ কৈছিল যে মানুহ গছৰ দৰে হ’ব লাগে । গছে ৰ’দ বৰষুণ , ধুমুহা সকলাে সহ্য কৰি মানুহক ছাঁ দিয়ে , ফল দিয়ে , ফুল দিয়ে । গছে নিজৰ ছাঁত নিজে নিজিৰাই , নিজৰ ফল নিজে নাখায় । নিজৰ কথা নভবাকৈ গছে কেৱল পৰােপকাৰ কৰে । গছ মানুহৰ বন্ধু আৰু আদর্শ । গছৰ দৰে মানুহেও নিজে সকলাে কষ্ট সহ্য কৰি আনৰ মংগল সাধন কৰা উচিত । ওপৰােক্ত কথাবােৰৰ জৰিয়তে শংকৰদেৱৰ প্ৰকৃতিৰ প্রতি ভালপােৱা প্ৰকাশ পাইছে ।
১৫। তাৎপর্য বুজাই লিখা –
( ক ) আমাৰেসে কর্মর্তৰে পণ্ডিতৰৰ বাক্য লৰে ।
উত্তৰঃ পণ্ডিত বা বিজ্ঞ লােকৰ কথা সাধাৰণতে লৰচৰ নহয় , তেওঁলােকে যি কয় সেয়াই ফলিয়াই। তেনেলােকে কাৰােবাৰ ভৱিষ্যত বাণী কৰিলে সেয়াও ফলা দেখা যায় । শংকৰদেৱে জন্মাতে গণকে গণনা কৰি তেওঁ পণ্ডিত হ’ব বুলি কৈছিল । কিন্তু পঢ়া শুনালৈ মন নিদি শংকৰদেৱে বাৰ বছৰ বয়সলৈ ধিতিঙালি কৰি ফুৰিছিল । পঢ়া শুনা নকৰা ল’ৰা এটাই কি দৰে পণ্ডিত হ’বগৈ ? শংকৰদেৱৰ তেনেকুৱা স্বভাৱ দেখি বুঢ়ীমাক খেৰসূতীয়ে ভাবিছিল যে তেওঁলোকৰ নিজৰ কৰ্মৰ ফলতহে এতিয়া পণ্ডিত ( গণক ) ৰাে কথা লৰিব । কাৰণ , কোনােবা পণ্ডিতে কাৰােবাক জ্ঞানী বা পণ্ডিত হ’ব বুলি ভৱিষ্যত বাণী কৰিলেও নিজৰ যত্ন নহ’লে তেনে ব্যক্তি কেতিয়াও পণ্ডিত হৈ উঠিব নােৱাৰে । তেনেক্ষেত্ৰত পণ্ডিতৰ কথাও ভুল বুলি প্রমাণিত হয় ।
( খ ) লােণ তেল নাই শুদাব্যঞ্জনৰ এনে সােৱাদ ।
উত্তৰঃ লােণ – তেল নিদিয়া ব্যঞ্জনৰ একো সােৱাদ নাথাকে । ব্যঞ্জন সােৱাদযুক্ত কৰিবলৈ তাত লােণ – তেল , বিভিন্ন মা-মচলা প্রয়ােগ কৰা হয় । ব্যঞ্জনত মা-মচলা প্রয়ােগ কৰাৰ দৰে সাহিত্য ৰচনা কৰোতেও ইয়াক ৰসযুক্ত আৰু অর্থবহ কৰিবলৈ যুক্তাক্ষৰ , উপমা , অলংকাৰ আদি প্রয়ােগ কৰা হয় । কিন্তু শংকৰদেৱে যুক্তাক্ষৰ প্রয়ােগন কৰাকৈয়ে “ কৰতল কমল কমলদল নয়ন ” শীর্ষক কবিতাটি ৰচনা কৰি গুৰুদেৱক পাঠ কৰি শুনাইছিল । আ – কাৰ , ই – কাৰ প্রয়ােগ নকৰাকৈ তেনেকুৱা এটা অর্থবহ আৰু ৰসযুক্ত শ্লোক ৰচনা কৰা কার্যত গুৰুদেৱে তবধ মানিছিল। সেয়ে গুৰুদেৱে কবিতাটিক লােণ – তেল নােহােৱা সুস্বাদু ব্যঞ্জন বুলি কৈছে ।
( গ ) বিনা জৰিৰে বন্ধা ফুলৰ মালাহে ।
উত্তৰঃ মালা – গাঁঠিবলৈ জৰিৰ প্রয়ােজন । জৰি নােহােৱাকৈ কোনেও ফুলৰ মালা গাঁঠিব নােৱাৰে । জৰি নােহােৱাকৈ যিদৰে মালা গাঁঠিব নােৱাৰি সেইদৰে , যুক্তাক্ষৰ প্রয়ােগ নকৰাকৈ সাহিত্য সৃষ্টি কৰিব নােৱাৰি । যুক্তাক্ষৰ প্রয়ােগ নকৰাকৈ , সাহিত্য ৰচনা কৰা এক প্রকাৰ অসম্ভৱ কথা । কিন্তু শংকৰদেৱে যুক্তাক্ষৰ প্রয়ােগ নকৰাকৈ “কৰতল কমল কমলদল নয়ন ” শীর্ষক কবিতা লিখি অসম্ভৱ কাল এটা সম্ভৱ কৰি দেখুৱাইছিল । আকাৰ , ইকাৰ প্রয়ােগ নকৰাকৈ ৰচনা কৰা তেনেকুৱা এটি অর্থবহ আৰু ৰসযুক্ত কবিতা শংকৰৰ মুখত শুনি আচার্যই সেয়েহে কবিতাটিক বিনা জৰিৰে বন্ধা ফুলৰ মালা বুলি কৈছিল।
প্রশ্ন ১৬। ভাব বহলাই লিখা –
( ক ) ৰজাক নিজৰ দেশতহে পূজে – বিদ্বানে সকলাে ঠাইতে পূজা পায় ।
উত্তৰঃ ৰজা দেশ এখনৰ অধিকাৰী । ৰজা এজন স্বাভাৱিকতে ক্ষমতাশালী , ঐশ্বর্যশালী আৰু প্রতিপত্তিশীল হয় । নিজ দেশৰ মানুহে তেওঁক শ্রদ্ধা কৰে ,পূজা কৰে । নিজৰ গৰাকী বুলিয়ে প্রজাসকলে ৰজাৰ প্রতি মান – সম্মান প্রদর্শন কৰে। কিন্তু আন ঠাইৰ বা দেশৰ মানুহে ওজা এজনক সন্মান বা আদৰ লপলনকৰিবও পাৰে । বিদ্বান লােকৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নহয় । পৃথিৱীৰ সকলাে ঠাইৰ মানুহে বিদ্যা বা জ্ঞানৰ মােল বুজে । বিদ্যাহীন বা জ্ঞানহীন জীৱন অন্ধকাৰ , পশুতুল্য । সেয়েহে, বিদ্বান লােকে সকলাে ঠাইতে আদৰ – সন্মান পায় । আনকি ৰজা – মহাৰজাইও বিদ্বান লােককহে সন্মান যাচে।এতেকে , শাৰিৰীক শক্তি , ধন – ঐশ্বর্য , ক্ষমতাতকৈ বিদ্যাৰ মূল্য সদায় উদ্ধর্ত ।
( খ ) হংসৰ মাজত বগলী হােৱা ।
উত্তৰঃ ৰাজহাঁহ আৰু বগলীৰ গাৰ ৰং একে । কিন্তু ৰাজহাঁহৰ যি গুণ আছে , বগলীৰ গাত সেই গুণ নাই । ৰাজহাঁহৰ মাজত থাকিলেও সেয়েহে, বগলীয়ে কেতিয়াও ৰাজহাঁহৰ স্থান নাপায় । একেদৰে , বিদ্যা-বুদ্ধি , জ্ঞান – গৰিমাৰে উজ্জ্বল কোনাে বংশ , পৰিয়াল বা সমাজত কোনােবা যদি মূখ হয় , তেনেহলে একেলগে থাকিলেও তেওঁ কাৰাে পৰা মান – সম্মান অথবা আদৰ নাপায় । তেনেকুৱা লােকক সকলােৱে গলগ্রহ বুলিহে গণ্য কৰে । জ্ঞান – গুণী সমাজত মূর্খ লােকৰ স্থান সদায় ৰাজহাঁহৰ মাজত বগলীৰ স্থানৰ নিচিনা হয়।
১৭। শংকৰৰ গুৰুভক্তিৰ বিষয়ে পাঠৰ সহায়ত চমুকৈ লিখা ।
উত্তৰঃ পাঠটিত শংকৰৰ গুৰুভক্তিৰ কেবাটাও চানেকি পােৱা যায় । শংকৰে গুৰুদেৱৰ উপদেশ সদায় নতশিৰে মানি চলিছিল । গুৰুৰ উপদেশমতে তেওঁ নিয়মিত অধ্যয়ন কৰিছিল । কেতিয়াবা আন ছাত্ৰবােৰে টোপনি যােৱাৰ পিচতে বহু ৰাতিলৈকে তেওঁ পঢ়া – শুনা কৰিছিল । এবাৰ মনে মনে ঘৰলৈ বুলি গুচি গৈ আদবাটৰ পৰা উভতি আহি গুৰুৰ ওচৰত অকপটে স্বীকাৰ কৰিছিল যে গুৰুৰ অনুমতি নােহােৱাকৈ তেনেকৈ যােৱাটো তেওঁৰ ভুল হৈছে । গুৰুক তেওঁ দেৱতাৰ দৰে পূজনীয় বুলি মানিছিল । এদিন গুৰুদেৱে সকলাে ছাত্রকে একোটিকে শ্লোক ৰচনা কৰিবলৈ কোৱাত অকল শংকৰেহে গুৰুৰ আদেশ মানি “ কৰতল কমল কমলদল নয়ন ” শীর্ষক কবিতাটো ৰচনা কৰি গুৰুক পঢ়ি শুনাইছিল । এনেবােৰ কাৰ্যৰ মাজেৰে পাঠটিত শংকৰৰ গুৰুভক্তি সুন্দৰভাবে প্রকাশ পাইছে ।
১৮। তলৰ শব্দবােৰৰ আধুনিক অর্থ লিখা –
দেহলাও , মহীচুঙা , চালপীৰা , ঠগি , আচার্য , বহা
উত্তৰঃ দেহলাও – অতি মৰমৰ , ।
মহীচুঙা – চিয়াঁহী পাত্র ।
চালপীৰা – কুন্দত কটা খুৰা লগােৱা বৰ আহল বহল শােৱা পীৰা ।
ঠগি – কাঠৰ শৰাই ।
আচার্য – শিক্ষাগুৰু ।
বহা – পজাঘৰ , ।
১৯। সমার্থক শব্দ লিখা –
গুৰুদে , ব্রাহ্মণ , টোল , হংস , তেজ , পুথি ।
উত্তৰঃ গুৰুদেৱ – শিক্ষাগুৰু ।
ব্রাহ্মণ – বামুন ।
টোল – পঢ়াশালি ।
হংস – ৰাজহাঁহ ।
তেজ – ৰুধিৰ ।
পুথি – কিতাপ ।
২০। শব্দার্থ লিখা –
সুমধুৰ , অপণ্ডিত , টেটোন , উদণ্ড , তবধ
উত্তৰঃ সুমধুৰ – বৰসােৱাদ ,
অপণ্ডিত – মূৰ্খ ।
টেটোন – টেঙৰ ,
উদণ্ড – শাসন নথকা ,
তবধ – আচৰিত হৈ অমাত হােৱা অৱস্থা ।