ঈশ্বৰ
Chapter 7
১। ঈশ্বৰ কবিতাটিৰ মূল কথাখিনি তােমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰঃ ঈশ্বৰ অনাদি , অনন্ত । জড় – জীৱ সকলােতে তেওঁ বিৰাজমান । এই বিনন্দীয়া ধৰাখন তেওঁৰেই সৃষ্টি । গছ – লতা , জোন – বেলি , তৰা, গ্রহ – নক্ষত্র তেঁৱেই যেন গঢ়িছে । আনকি চৰাই – চিৰিকটি , আমাৰ পিতা – মাতা , ভাই ভনী সকলােকে তেৱেঁই প্ৰব্ৰজন কৰিছে । সেই হেতুকে সকলাে প্রাণীয়ে ভগৱানৰ গুণ – গান গায় । ঈশ্বৰ সকলােতে আছে । কেৱল আমি তেওঁক নেদেখো । শেষত কবিয়ে কৈছে যে য’তেই তেওঁ আছে তাৰে পৰাই যেন আমাক দয়া কৰে।
২। তলত দিয়া শব্দবােৰ যথাস্থানত বহুৱাই কবিতাফাঁকিৰ খালী ঠাই পূৰ কৰা—
( ক ) ভাই – ভনী , পিতা _তুমিয়েই হেনাে
সকলােকে কৰিছা __
তােমাৰ __ পক্ষী গছৰ ডালত
গান গাই হইছে __ ।
( স্ৰজন , মগন , মাতা , আদেশে )
উত্তৰঃ ভাই , ভনী , পিতা – মাতা তুমিয়েই হেননা
সকলােকে কৰিছা স্ৰজন ,
তােমাৰ আদেশে পক্ষী। গছৰ ডালত
গান গাই হইছে মগন ।
৩। তলৰ কথাফাঁকি নিজৰ ভাষাত বহলাই লিখা—
( ক ) “ সকলােতে থাকা তুমি সকলােকে শুনা
দেখিছা চকুৰে সকলােটি ,
য’তে থাকা প্রভু মােক দয়া যেন কৰা
এয়ে মােৰ সৰল মিনতি । ”
উত্তৰঃ হে ঈশ্বৰ , তুমি সকলােতে আছা , সকলাে কথাই তুমি শুনি আছা, চকুৰে সকলাে দেখি আছা । তুমি য’তেই নাথাকা কিয় প্রভু , তুমি যেন মােক দয়া কৰা ; – এয়ে তােমাৰ ওচৰত মােৰ সৰল মিনতি ।
৪। অতি চমু উত্তৰ দিয়া –
( ক ) ঈশ্বৰ ক’ত থাকে ?
উত্তৰঃ ঈশ্বৰ সকলােতে আছে ।
( খ ) কবিয়ে ঈশ্বৰক দেখা পাইছেনে ?
উত্তৰঃ কবিয়ে ঈশ্বৰক দেখা পােৱা নাই ।
( গ ) ঈশ্বৰ থকা কথাটি কবিয়ে কেতিয়া জানে বুলি কৈছে ?
উত্তৰঃ বেয়া এটি কৰিব খােজা সময়ত ।
( ঘ ) কবিয়ে শেষত ভগৱানৰ পৰা কি বিচাৰিছে ?
উত্তৰঃ কবিয়ে শেষত ভগৱানৰ পৰা দয়া বিচাৰিছে ।
৫। চমুকৈ লিখা –
( ক ) ভগৱান ক’ত ক’ত আছে বুলি কবিয়ে কৈছে ?
উত্তৰঃ কবিৰ মতে ভগৱান সকলােতে আছে । গছ – লতা , জোন – বেলি , তৰা , গ্রহ – নক্ষত্র , নৈ – নিজৰা , পাহাৰ পর্বত , চৰাই – চিৰিকটি , মানুহকে ধৰি জীৱ – জড় সকলাে ভগৱানেই সৃষ্টি কৰিছে আৰু এই সকলােতে তেওঁ আছে ।
( খ ) কবিয়ে পােৱা সুখবােৰ কাৰ দান বুলি ভাবিছে ?
উত্তৰঃ কবিয়ে যিবােৰ সুখৰ বস্তু পাইছে , সেই সকলােবােৰ ঈশ্বৰৰ দান বুলি ভাবিছে ।
( গ ) সকলাে প্রাণীকে কাৰ গুণগান গাবলৈ কৈছে আৰু কিয় কৈছে ?
উত্তৰঃ কবিয়ে সকলাে প্রাণীকে ঈশ্বৰৰ গুণ – গান গাবলৈ কৈছে । সকলাে প্রাণীকে ঈশ্বৰে সৃষ্টি কৰিছে , সেইবােৰক খাদ্য দিছে , থকা ঠাই দিছে , মনত সুখ আনন্দ দিছে । গতিকে , তেনেকুৱা কৰুণাময় ঈশ্বৰৰ গুণ – গান গাবলৈ কবিয়ে সকলাে প্রাণীকে কৈছে ।
( ঘ ) তুমি ঈশ্বৰক দেখিছানে ? নাই দেখা যদি ঈশ্বৰ আছে বুলি কেনেদৰে ভাবিব পাৰা ?
উত্তৰঃ নাই দেখা । চকুৰে নেদেখিলেও এই বিশ্বজগত খনলৈ চকু দিলেই ঈশ্বৰ আছে বুলি ভাবিব পাৰি । এই বিনন্দীয়া ধৰাখন , জোন – বেলি , তৰা , গ্রহ নক্ষত্র , গছ – লতা , নৈ – নিজৰা , পাহাৰ – পর্বতকে ধৰি য’ত মানে আছে , এইবােৰ নিজে নিজে সৃষ্টি হােৱা নাই , মানুহেও সৃষ্টি কৰা নাই । কোনােবা অদৃশ্য শক্তিয়ে এইবােৰ সৃষ্টি কৰাৰ লগতে নিয়ন্ত্রণ কৰি আছে আৰু সেই অদৃশ্য শক্তিকে ঈশ্বৰ বুলি ভাবাে ৷
৬। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা –
( ক ) বিনন্দীয়া ধৰাখনি তােমাৰ ইচ্ছাতে
আৰু বিনন্দীয়া হক ,
তুমি আছা বুলি যেন সকলাে প্রাণীয়ে
তােমাৰেই গুণ-গান গ’ক ।
উত্তৰঃ উক্ত কবিতাফাঁকি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ঈশ্বৰ ‘ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ।
কবিতাফাঁকিত ঈশ্বৰৰ মহিমাৰ কথাৰ লগতে কবিৰ ঈশ্বৰৰ প্ৰতি থকা শ্রদ্ধাভক্তি প্রকাশ পাইছে।
এই বিনন্দীয়া ধৰাখনি ঈশ্বৰেই সৃষ্টি কৰিছে । গছ – লতা , ফল – ফুল , নৈ – নিজৰা , চৰাই – চিৰিকটি আদিৰে ভৰপুৰ বিনন্দীয়া এই ধৰাখনিৰ মনােমােহা সৌন্দর্যই আমাক সকলােকে আপ্লুত কৰে । সৌন্দর্য – পিয়াসী কবিয়ে সৃষ্টিকর্তা ঈশ্বৰৰ ইচ্ছাতে ধৰাখনি আৰু অধিক বিনন্দীয়া আৰু সৌন্দর্যময় হােৱাটো কামনা কৰিছে । লগতে কবিয়ে সকল প্রাণীয়ে ঈশ্বৰৰ গুণ – গান গােৱাটোও একান্তমনে বিচাৰিছে ৷ সকলাে প্ৰাণীৰ সৃষ্টিকর্তা যিহেতু ঈশ্বৰেই , সেয়েহে সকলাে প্রাণীয়ে সেই সৃষ্টিকর্তাৰ গুণ – গান গাব লাগে ।
( খ ) বেয়া এটি কেতিয়াবা কৰিব খুজিলে
তুমি থকা কথা যেন জানাে ,
কৰিলেই কিবা এটি তুমি দিয়া বাধা
আমি যেন সকলােৱে শুনাে ।
উত্তৰঃ উক্ত কবিতাফাঁকি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ঈশ্বৰ ‘ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।
মংগলময় ঈশ্বৰে মানুহে সদায় যে ভাল কাম কৰাটোকে বিচাৰে , তাকেই কবিতাফাঁকিত প্রকাশ পাইছে ।
আমি ভাল কাম যিদৰে কৰোঁ , সেইদৰে বেয়া কামাে কৰিব পাৰাে । কিন্তু ঈশ্বৰে আমি সদায় ভাল কাম কৰাটোহে বিচাৰে । ভাল কাম কৰা মানুহৰ লগত ঈশ্বৰ সদায় থাকে । কিন্তু বেয়া কাম কৰিব খােজা বা বেয়া কাম কৰা মানুহক ঈশ্বৰে বাধা প্রদান কৰে । পৰম ঈশ্বৰ বিশ্বাসী কবিৰ কিবা এটি বেয়া কৰিব খুজিলেই ঈশ্বৰৰ কথা মনলৈ আহে । তেওঁৰ ধাৰণা , বেয়া কাম কৰিলে ঈশ্বৰে বাধা প্রদান কৰে আৰু সেইটো আমি সকলােৱে যেন শুনিবলৈ পাওঁ । সকলাে মানুহে ঈশ্বৰত বিশ্বাস ৰাখি ভাল কাম কৰাটোকে কবিয়ে বিচাৰিছে ।
৭। ঈশ্বৰে সৃষ্টি কৰা এই বিনন্দীয়া ধৰাৰ সৌন্দর্য কবিতাটিত কিদৰে বর্ণনা কৰা হৈছে ?
উত্তৰঃ বিনন্দীয়া এই ধৰাখনি সৌন্দর্যৰে ভৰি আছে ৷ জোন – বেলি তৰাবােৰে এই ধৰাৰ বুকুত পােহৰ বিলায় । হাবি-বননি , গছ – লতিকাৰে পূৰ্ণ চিৰ সেউজ , ধৰাখনি সদায় ফুল – ফলেৰে জাতিষ্কাৰ হৈ থাকে । ৰং মনেৰে গছৰ ডালে পাতে জঁপিয়াই ফুৰে নানা জাতৰ নানা বনৰীয়া চৰাই । চৰাইবােৰে ফুললিত সুৰত গােৱা গীতে আমাৰ হিয়া জুৰ পেলায় । কবিতাটিত বিনন্দীয়া ধৰাৰ সৌন্দর্য এনেদৰে বৰ্ণনা কৰা হৈছে ।
৮। শব্দার্থ লিখা –
কৰম , মগন , বিনন্দীয়া , সুজন , ধৰা , গ’ক , হ’ক , সুমংগলময় ।
উত্তৰঃ
কৰম – কর্ম ।
মগন – মগ্ন ।
বিনন্দীয়া – আনন্দময় ।
স্ৰজন – সৃষ্টি ।
ধৰা – পৃথিবী , জগত ।
গ’ক – গাওক ।
হ’ক – হওঁক ।
সুমংগলময় – কল্যাণময় ।
৯। তৎসম , অর্ধতৎসম , আৰু তদ্ভৱ শব্দ কাক বােলে ? একোটি উদাহৰণ সহ লিখা ।
উত্তৰঃ তৎসম শব্দ :- যিবােৰ শব্দ সংস্কৃতৰ পৰা পােনে পােনে আহি অসমীয়া ভাষাত ব্যৱহৃত হৈছে , তেনেবােৰ শব্দক তৎসম শব্দ বুলি কোৱা হয় । যেনে কর্ম ।
অর্ধতৎসম শব্দ :- যিবােৰ শব্দ সংস্কৃত মূলৰ পৰা আহােতে কিছু সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে তেনে শব্দবােৰক অর্ধতৎসম শব্দ বুলি কোৱা হয় । যেনে – ধৰম ।
তদ্ভৱ শব্দ :- যিবােৰ শব্দ মূলৰ পৰা আহােতে সম্পূর্ণ ৰূপ সলনি হৈ বা অপভ্রংশ হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে তেনেবােৰ শব্দক তদ্ভৱ শব্দ বুলি কোৱা হয় । যেনে – ধৰ্ম ।
১০। ‘ সুমংগলময় ’ আৰু ‘ বিনন্দীয়া ’ শব্দ দুটিৰ এটাকৈ সমার্থক শব্দ লিখা ।
উত্তৰঃ
সুমংগলময় – কল্যাণময় ।
বিনন্দীয়া – আনন্দময় ।
১১। বিপৰীত শব্দ লিখা –
শেষ , স্ৰজন , সুখ , দয়া , দিন ।
উত্তৰঃ
শেষ – আদি , প্রথম ।
স্ৰজন – ধ্বংস , বিনাশ ।
সুখ – দুখ ।
দয়া – ঘৃণা ।
দিন – ৰাতি ।
১২। বাক্য ৰচনা কৰা –
দিন-ৰাতি , ভাই-ভনী , বিনন্দীয়া , গুণ – গান , মিনতি ।
উত্তৰঃ দিন-ৰাতি :- সভা খন নামত দিন – ৰাতি একাকাৰ কৰি ঘূৰি ফুৰিছে ।
ভাই – ভনী :- সিহঁতৰ চাৰি গৰাকী ভাই – ভনীৰ ভিতৰত অকল অকণহে পঢ়া শুনাত ভাল ।
বিনন্দীয়া :- আমাৰ এই বিনন্দীয়া ধৰাখন ঈশ্বৰে স্ৰজন কৰিছে ।
গুণ – গান :- ধার্মিক মানুহে সদায় ভগৱানৰ গুণ – গান কৰে ৷
মিনতি :- বিষয়াজনৰ ওচৰত ইমান মিনতি জনােৱাৰ পিছতাে তেওঁ মােৰ কামটো নকৰিলে ।
১৩। তৎসম শব্দ লিখা –
ধৰম , কৰম , মগন , চেনেহ , মৰত , জনম
উত্তৰঃ
ধৰম – ধর্ম ।
কৰম – কর্ম ।
মগন – মুগ্ন ।
চেনেহ – স্নেহ ।
মৰত – মর্ত ।
জনম – জন্ম ।
১৪। তলৰ শব্দবােৰৰ পৰা তৎসম , অর্ধতৎসম , তদ্ভব শব্দবােৰ বাছি উলিওৱা –
সূৰ্য্য , পৰাণ , হস্ত , পদ্ম , প্রাণ , বেলি , সূৰুয , হাত
উত্তৰঃ তৎসম শব্দ – সূর্য , হস্ত , পদ্ম , প্রাণ ।
অর্ধত্যৎসম শব্দ – পৰাণ , সূৰুয ।
তদ্ভৱ শব্দ — বেলি , হাত ।
১৫। শব্দার্থ লিখা-
কৰম মগন , বিনন্দীয়া , স্ৰজন , ধৰা ।
উত্তৰঃ
কৰম – কর্ম ।
মগন – মগ্ন ।
বিনন্দীয়া – আনন্দময় ।
স্ৰজন – সৃষ্টি ।
ধৰা – জগত , পৃথিৱী ।