SVN Class 7 Assamese Chapter 9 Answer ধূলিকণা মই

Chapter 9

ধূলিকণা মই

১। চমুকৈ উত্তৰ দিয়া –

( ক ) কবিৰ মৃত্যুৰ পাছতো কি কি কাম চলি থাকিব বুলি কৈছে ?

উত্তৰঃ কবিৰ মৃত্যুৰ পাছতাে দিন গ’লে ৰাতি হ’ব , জোন – বেলি ওলায়ে থাকিব , গছত ফুল ফুলিব , বতাহ বলিব , নিজ বাটত নক্ষত্ৰবােৰ ঘূৰি থাকিব । মুঠতে কবিৰ মৃত্যুৰ পাছত বিশ্ব সংসাৰৰ একো ক্ষতি নহয় , ই আগৰ দৰে নিয়মিত ৰূপত চলি থাকিব ।

( খ ) কোনাে প্রাণীৰ মৃত্যু হলে বিশ্বৰ কিবা ক্ষতি হ’বনে ?

উত্তৰঃ কোনাে প্রাণীৰ মৃত্যু হলে বিশ্বৰ একো ক্ষতি নহয় ।

( গ ) কবিয়ে নিজকে কিয় ধূলিকণাৰ লগত তুলনা কৰিছে ?

উত্তৰঃ বিশাল বিশ্বৰ তুলনাত এটি অতি ক্ষুদ্র প্রাণী হিচাপে কবিয়ে নিজকে ধূলিকণাৰ লগত তুলনা কৰিছে । মৰুৰ বিশাল বক্ষত এটি ধূলি কণাৰ যি স্থিতি , বিশ্ব সংসাৰত মানুহৰাে সেই একেই স্থিতি । অৰ্থাত এই বিশাল বিশ্ব সংসাৰখনত মানুহ হৈছে এটি অতি ক্ষুদ্র নগণ্য প্রাণী ।

২। কবিতাটিত উল্লেখ কৰা বিশ্ব প্রকৃতিৰ চিৰন্তন নিয়মবােৰ লিখা।

উত্তৰঃ দিনৰ পিছত ৰাতি হয়, আকাশত পুৱা সুৰুষ আৰু নিশা জোন – তৰা ওলায় , গছত ফুল ফুলে , বতাহ বলে , নক্ষত্ৰবােৰে নিজৰ কক্ষপথত ঘূৰি ফুৰে । এইবোৰে হৈছে বিশ্ব প্রকৃতিৰ চিৰন্তন নিয়ম ।

৩। প্রসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰা ―

( ক ) মই নােহােৱাৰ বাবে এই জগতৰ

                  কোনাে কাম পৰি নাথাকিব , 



     কামত বিভােৰ এই বিশাল বিশ্বই 



                  মই মৰা গমকে নাপাব । 

উত্তৰঃ কবিতাফাঁকি কবি চন্দ্ৰধৰ বৰুৱাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ধূলিকণা মই ’ নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে ।

এই বিশাল বিশ্বত মানুহৰ অস্তিত্ব কিমান নগণ্য , তাকেই কবিয়ে কবিতাফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে ।

আদি – অন্তহীন এই বিপুল বিশ্ব সংসাৰৰ প্রাণীবােৰ এটা ক্ষুদ্র অংশহে । আমি মানুহবােৰাে ধূলিকণা সদৃশ এটি ক্ষুদ্র প্রাণীহে । ধূলিকণা সদৃশ সাধাৰণ মানুহৰ মৃত্যুত সেয়ে বিশ্ব সংসাৰৰ কোনাে হানি নহয় , কোনাে কামেই পৰি নাথাকে ; নিজৰ গতিত বিশ্ব সংসাৰ চলিয়ে থাকে । গতিশীল বিশ্ব সংসাৰ সদায় কামত বিভােৰ হৈ থাকে । গতিকে ধূলিকণাৰ দৰে কোনাে মানুহৰ মৃত্যু হলেও ই একো গম নাপায় ।

( খ ) অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ

               এটি মাত্র ধূলি-কণা মই ; 



    মােৰ অবিহনে এই বিপুল সৃষ্টিৰ , 



              কেনিও অকণাে হানি নাই । 

উত্তৰঃ কবিতাফাঁকি কবি চন্দ্ৰধৰ বৰুৱাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ধূলি-কণা মই ‘ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে ।

এই বিপুল বিশ্বত সংসাৰত মানুহৰ স্থিতি প্রকৃততে কেনেকুৱা , তাকেই কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে ।

অনন্ত বিশ্ব সংসাৰত অসংখ্য প্রাণী আছে । এই প্রাণীবােৰ অনন্ত বিশ্বৰ এটা ক্ষুদ্র অংশহে । আমি মানুহবােৰাে ধূলিকণাৰ দৰে এটি ক্ষুদ্র প্রাণীহে । বিশাল মৰুৰ বুকুৰ পৰা এটি মাথো ধূলি-কণা নােহােৱা হ’লে , মৰুৰ যিদৰে একো ক্ষতি নহয় , সেইদৰে , ধূলিকণাৰ দৰে সাধাৰণ মানুহৰ মৃত্যুত এই বিশ্ব জগতৰ একো হানি নহয় । যি এক স্বাভাৱিক প্রক্রিয়াৰ মাজেৰে বিশ্ব সংসাৰখন চলি আছে সেইদৰে সদায় চলি থাকিব ।

৪। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা –

‘ ক ’ অংশ ‘ খ ’ অংশ

১। বিশ্ব প্রকৃতি ১। গছত ফুল ফুলিছে

২। চিৰন্তন ২। বালিচাহি

৩। ধূলিকণা ৩। গছ , নৈ , বন , চৰাই , সূর্য , পাহাৰ

৪। বিভােৰ ৪। চিৰাচৰিত

৫। বিশ্ব প্রকৃতিৰ নিয়ম ৫। আত্মগমন

উত্তৰঃ

‘ ক ’ অংশ ——————— ‘ খ ’ অংশ

১। বিশ্ব প্রকৃতি ———————১। গছ , নৈ , বন , চৰাই , সূর্য , পাহাৰ

২। চিৰন্তন ——————-২। চিৰাচৰিত

৩। ধূলিকণা ——————-৩। বালিচাহি

৪। বিভােৰ ——————– ৪। আত্মগমন

৫। বিশ্ব প্রকৃতিৰ নিয়ম———– ৫। গছত ফুল ফুলিছে

৫। শব্দার্থ লিখা —

কেনি , সংশয় , অনন্ত , বিভােৰ , অবিহনে , বিপুল , কেনিও

উত্তৰঃ

কেনি ― কোনফাললৈ ।

সংশয় ― ভয় ,

অনন্ত ― অন্ত নথকা ।

বিভােৰ ― নিজক পাহৰি যােৱা ।

অবিহনে — নথকাত ।

বিপুল ― বহুত।

কেনিও ― কোনােফালেও ।

৬। নির্দিষ্টতা বাচক প্রত্যয় কাক বােলে , উদাহৰণ সহ লিখা ।

উত্তৰঃ কোনাে বস্তু বা প্রাণীক নির্দিষ্টকৈ বুজাবলৈ অসমীয়া ভাষাত ব্যৱহাৰ হােৱা প্রত্যয় বা চিনবােৰক নির্দিষ্টতা বাচক প্রত্যয় বুলি কোৱা হয়। যেনে ― বস্তুকণ , আমটো ইত্যাদি ।

৭। তলৰ প্রত্যয়বােৰ যােগ কৰি শব্দ গঠন কৰা ।

     জনী , ডাল , টো , খিলা , আখি , কোছা , পাল , জাক , থােপা । 

উত্তৰঃ জনী — মানুহজনী ।

     ডাল      ―     পেঞ্চিলডাল । 



     টো        ―     কলমটো ।



     খিলা     ―     কাগজখিলা ।



     আখি     ―     কলআখি । 



     কোছা    ―     চাবিকোছা ।



     পাল      ―      গৰুপাল ।



     জাক     —     চৰাইজাক । 



     থােপা    ―     ফুলথােপা । 

৮। সমার্থক শব্দ লিখা ―

সূর্য , জগত , ধৰণী , পুষ্প , চন্দ্র , বায়ু , ৰজনী , ক্ষতি ।

উত্তৰঃ সূর্য ― বেলি , সুৰু , ৰবি , তপন ।।

গত ― বিশ্ব , ভুৱন ।

ধৰণী ― পৃথিৱী , ধৰিত্ৰী ।

পুষ্প ― ফুল , কুসুম ।

চন্দ্র ― জোন , ইন্দু ।

বায়ু ― বতাহ , পৱন ।

ৰজনী ― ৰাতি , নিশা ।

ক্ষতি — হানি , লােকচান ।

৯। শব্দৰ পার্থক্য বুজি বাক্য লিখা –

       ধূলি-কণা , দিন-কণা 

উত্তৰঃ ধূলি-কণা :- বিশাল বিশ্ব সংসাৰত আমি মানুহবােৰ একো একোটি ধূলি-কণাৰ নিচিনা ।

দিন-কণা :- এই দিন দুপৰতাে বস্তুটো যে বিচাৰি পােৱা নাই , সি দিন – কণা নেকি ?

১০। মাতৃ অবিহনে ভােজনৰ ছাৰখাৰ । _ বাক্যটিৰ আঁচটনা শব্দটিয়ে প্ৰকাশ কৰা অর্থটো তলৰ শব্দবােৰৰ পৰা বাছি উলিওৱা –

      বিনীন , অদৃশ্য , অভাৱ , অনাটন , শূন্য । 

উত্তৰঃ অভাৱ ।

১১। তলৰ বাক্যবােৰৰ পুৰুষবাচক সম্বন্ধ পদবােৰ বাছি উলিওৱা –

( ক ) তােমাৰ মাৰা ঘৰত আছেনে ?

উত্তৰঃ মাৰা ।

( খ ) তােৰ দেউতাৰৰ নাম কি ?

উত্তৰঃ দেউতাৰৰ ।

( গ ) মােৰ দেউতা আহিছে ।

উত্তৰঃ দেউতা ।

( ঘ ) আপােনাৰ ভায়েক আহিছে ।

উত্তৰঃ ভায়েক ।

১২। খালী ঠাইত উপযুক্ত পদ লিখা –

( ক ) মােৰ _ কালি গাঁৱৰ পৰা আহিছে ৷

তেওঁ দেউতাৰ একমাত্ৰ ভনীয়েক ।

উত্তৰঃ মােৰ পেহী কালি গাঁৱৰ পৰা আহিছে । তেওঁ দেউতাৰ একমাত্র ভনীয়েক ।

( খ ) মই কালি তােৰ __ বজাৰত লগ পাইছো। সি হেনো তােতকৈ দুবছৰে সৰু ।

উত্তৰঃ মই কালি তােৰ ভায়েক বজাৰত লগ পাইছাে । সি হেনাে তােতকৈ দুবছৰে সৰু ।

( গ ) সি এতিয়া বজাৰলৈ __

উত্তৰঃ সি এতিয়া বজাৰলৈ গৈছে ।

( ঘ ) আপুনি এতিয়া বজাৰলৈ _

উত্তৰঃ আপুনি এতিয়া বজাৰলৈ নাযাব ।

( ঙ ) কালি ৰাতি তাৰ _ ঢুকাল । সেই কাৰণে ঘৈণীয়েকে পুৱাতেই লৰালৰিকৈ মাকৰ ঘৰলৈ গ’ল । ভতিজাকজনে আইতাক মৰা খবৰটো __ ক ফোনেৰে জনাইছিল ।

উত্তৰঃ কালি ৰাতি তাৰ শাহুয়েক ঢুকাল । সেইকাৰণে ঘৈণীয়েকে পুৱাতেই লৰালৰিকৈ মাকৰ ঘৰলৈ গ’ল । ভতিজাকজনে আইতাক মৰা খবৰটো তাক ফোনেৰে জনাইছিল ।

১৩। কাৰক কাক বােলে ? ই কেই প্ৰকাৰৰ ? প্রত্যেকৰে এটিকৈ উদাহৰণ দিয়া ।

উত্তৰঃ ক্রিয়াৰ লগত পদৰ যি সম্বন্ধ থাকে বা হয় তাক কাৰক বােলে । কাৰক ছয় প্রকাৰৰ –

১। কর্তা কাৰক ।

২। কর্ম কাৰক ।

৩। কৰণ কাৰক ।

৪। সম্প্রদান কাৰক ।

৫। অপাদান কাৰক । আৰু

৬। অধিকৰণ কাৰক ।

উদাহৰণ :- কর্তা কাৰক ― ল’ৰাবিলাকে খেলিছে ।

কর্ম কাৰক ― চিকাৰীয়ে এটা বাঘ মাৰিছিল ।

কৰণ কাৰক ― আমি কলমেৰে লিখোঁ ।

সম্প্রদান কাৰক ― দুখীয়াক দান কৰিবা ।

অপাদান কাৰক ― গাখীৰৰ পৰা মাখন হয় ।

অধিকৰণ কাৰক ― পুখুৰীত মাছ আছে ।

১৪। কবিতাটিৰ মূল ভাবটো লিখা ।

উত্তৰঃ এই সীমাহীন , বিপুল বিশ্ব সংসাৰত অসংখ্য প্রাণী আছে । প্রাণীবােৰ বিপুল বিশ্বৰ এটি ক্ষুদ্র অংশহে । সেয়েহে , কোনাে প্রাণীৰ হৰণ – ভগনে বিশ্ব সংসাৰত একো প্ৰভাৱ নেপেলায় । যি এক চিৰন্তন প্রক্রিয়াৰ মাজেৰে বিশ্ব সংসাৰখন স্বাভাৱিকভাবে চলি আছে , সি সদায় একেদৰে চলি থাকিব দিন গলে ৰাতি হ’ব , জোন – বেলি ওলায়ে থাকিব, গছত ফুল ফুলিব , বতাহ বলিব , নিজ বাটত নক্ষত্ৰবােৰে ঘূৰি থাকিব । আমি মানুহবােৰে এই বিশাল বিশ্ব সংসাৰত ধূলিকণাৰ দৰে এটি ক্ষুদ্র প্রাণীহে । সেয়েহে , ধূলিকণাৰ দৰে সাধাৰণ মানুহৰ মৃত্যুত জগতৰ কোনাে হানি নহয়।

১৫। এই অন্তহীন বিশ্বত মানুহবােৰ একোটা ক্ষুদ্র প্রাণীহে । কোনােজনৰ মৃত্যু হলেও বিশ্ব সৃষ্টিৰ কোনাে হানি নহয় — এইভাব প্রকটভাৱে প্রকাশ পােৱা দফাটো লিখা ।

উত্তৰঃ অনন্ত বিশ্বৰ অসংখ্য ধূল

এটি মাত্র ধূলি-কণা মই ;

মােৰ অবিহনে এই বিপুল সৃষ্টিৰ

কেনিও অকণাে হানি নাই ।