মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম । অধ্যায় ২ । Class 10 Social Science History Lesson 2 Solution Assam | Class 10 Social Science History | Question and Answer |

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্নঃ

১ । মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত।

২। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পােনপ্ৰথমতে প্রয়ােগ কৰিছিল ?

উত্তৰঃ দক্ষিণ আফ্ৰিকাত।

৩। ৰবীন্দ্রনাথ ঠাকুৰে কিয় নাইট ’ উপাধি ত্যাগ কৰিছিল ?

উত্তৰঃ জালিৱানৱালা হত্য়াকাণ্ডৰ প্ৰতিবাদত ৰবীন্দনাথ ঠাকুৰে ‘নাইট’ উপাধি ত্য়াগ কৰিছিল।

8। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্ম আলিৰ নেতৃত্ৱত।

৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৯২২ চনৰ ফেব্ৰুৱাৰীত।

৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৯২৭ চনত চাইমন কমিছন ভাৰতত পদাৰ্পণ কৰাৰ পৰিপ্ৰেক্ষিত লাল লাজপত ৰায়ৰ নেতৃত্ৱত প্ৰতিবাদী সমদলে প্ৰতিবাদ সাব্য়স্ত কৰোঁতে সমদলটোৰ ওপৰত সাঠি চালনা কৰাৰ খলস্ৱৰূপে লালা লাজপত ৰায় গুৰুতৰ ভাৱে আহত হয়। এই আঘাততে তেওঁৰ মৃত্য়ু হয়।

৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯২৯ চনত লাহোৰত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূলদাবী হিচাপে পূৰ্ণ স্ৱৰাজৰ দাবী উত্থাপন কৰা হয়।

৮। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লােন আইন ভংগ কৰিবলৈ গৈছিল । সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?

উত্তৰঃ ৩৮৫ কিঃ মিঃ।

৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?

উত্তৰঃ খান আব্দুল গফৰ খান।

১০। লণ্ডনত অনুষ্ঠিত হােৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল ?

উত্তৰঃ মহাত্মা গান্ধী।

১১। ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰা ঘােষণা কৰা ব্রিটিছ প্রধানমন্ত্রীজনৰ নাম কি আছিল ?

উত্তৰঃ ৰামছে মেকডোনাল্ড।

১২। কোনটো আন্দোলনৰ সময়ছােৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম ’ শ্লোগান দিছিল ?

উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্য়াগ আন্দোলনৰ সময়ছোৱাত।

১৩। আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ ৰাসবিহাৰী বসু (পোন প্ৰথমে ধাৰণাটো পোষণ কৰিছিল কেপ্টেইন মোহন সিঙে)।

১৪। মােক তেজ দিয়া, মই তােমালােকক স্বাধীনতা দিম ’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?

উত্তৰঃসুভাষ চন্দ্ৰ বসু

১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰঃ- ৰেডক্লিফ ৰেখা।

দীঘল উত্তৰৰ প্ৰশ্নঃ

১। সত্যাগ্রহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়ােগ কৰিছিল । সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা ।

উত্তৰঃ দক্ষিণ আফ্ৰিকাত থকা অৱস্থাত মহাত্মা গান্ধীয়ে সত্য়াগ্ৰহৰ ধাৰণাটোৰ বিকাশ সাধন কৰিছিল।’সত্য়াগ্ৰহ’ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমে ব্য়ৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই সন্ধিযুক্ত শব্দটো ‘সত্য়’ আৰু ‘আগ্ৰহ’ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ ‘সত্য়ৰ প্ৰতি আগ্ৰদ’,অৰ্থাৎ সত্য়নিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে, সত্য়াগ্ৰহ কেৱল একপক্ষীয় প্ৰতিৰোধ নহয়। সত্য়গ্ৰহৰ ভিত্তি হ’ল অহিংসা। দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মৰাজীয়ে তেওঁক এজন কৰ্মঠ আৰু আৰ্দশবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল।এই ভাবমূৰ্তি লৈ ১৯১৫ চনত তেওঁ ভাৰতলৈ উভতি আহে। যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্য়াগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ’লঃ—-

(ক) চম্পাৰণঃ ১৯১৭ চনত গান্ধীয়ে বিহাৰৰ চম্পাৰণৰ নিপীড়িত নীল খেতিৰ শ্ৰমিকসকলৰ বিষয়টোত দৃষ্টি নিবদ্ধ কৰিছিল। শ্ৰমিকসকলে চহকী নীল খেতিৰ গৰাকীসকলৰ অসংগত ব্য়ৱস্থাপনাৰ বাবে অশেষ যাতনা ভোগ কৰিবলগীয়া হৈছিল।

(খ) খেড়াঃ ১৯১৮ চনত গুজৰাটৰ খেড়া জিলাত শস্য় নষ্ট হোৱাৰ সত্ত্ৱেও চৰকাৰে ভূমি ৰাজহ ৰেহাই দিবলৈ আমন্তি হৈছিল, সম্পূৰ্ণ মাত্ৰাত ৰাজহ সংগ্ৰহৰহে পোষকতা কৰিছিল। মহাত্মা গান্ধীয়ে কৃষকসকলক সমৰ্থন কৰিছিল আৰু কৃষকসকলৰ ৰাজহ ৰেহাইৰ দাবী মানি নোলোৱালৈকে ৰাজহ পৰশোধ নকৰিবলৈ তেওঁলোকক পৰামৰ্শ প্ৰদান কৰিছিল।

(গ) আহমেদাবাদঃ আহমেদাবাদৰ মিল শ্ৰমিক আৰু মিল মালিকসকলৰ মাজৰ বিবাদ মীমাংসা কৰিবলৈ সত্য়াগ্ৰহক কৌশল হিচাপে প্ৰয়োগ কৰিছিল। কৃষকসকল দৰিদ্ৰ হৈ পৰিল আৰু অধিক কৰৰ বোজা বহন কৰিবলগিয়া হ’ল। যুদ্ধোত্তৰ সময়ছোৱাত ভাৰতীয় সনৈজৰ সৰ্বস্তৰত বিৰূপ প্ৰতিক্ৰিয়া দেখা গ’ল। সেইদৰে নগৰীয়া শিক্ষিত ভাৰতীয়সকলো কৰ্ম – সংস্থাপনৰ অভাৱত পৰিল।

২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ?

উত্তৰঃ প্ৰথম বিশ্ৱযুদ্ধত তুৰ্কীসকলৰ পৰাজয় ফলস্ৱৰূপে, খলিফাৰ গুৰুত্ৱ একেবাৰে কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্য়াত্মিক গুৰু হিচাপে মানিলাছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্য়ত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্ৱএখন খিলাফাৎ সমিতি গঠন কৰে। এই উদ্দেশ্য় আছিল ইছলামৰ ইছলামৰ আধ্য়ত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্ৱাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্য়বদ্ধ কৰিবলৈ সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ?

উত্তৰঃ ১৯৩০ চনৰ আইন অমান্য় আন্দোলনৰ মূল লক্ষ্য় আছিল, ”পূৰ্ণ স্ৱৰাজ” বা সম্পূৰ্ণ স্ৱাধীনতা। ১৯৩০ চনৰ ৩১ জানুৱাৰী তাৰিখে গান্ধীয়ে ভাইচৰয় লৰ্ড আৰউইনক ভাৰতত ব্ৰিটিছ শাসনৰ কুপ্ৰভাৱ দূৰ কৰিবলৈ কেইবাটাও দাবী সম্বলিত এখন পত্ৰ প্ৰৰণ কৰিছিল। এই দাবীসমূহ আছিল।

(ক) লোণ কৰ বন্ধ কৰা।

(খ) ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা।

(গ) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া।

(ঘ) মাদক দ্ৰব্য়ৰ প্ৰচলন বন্ধ।

(ঙ) মাটিৰ খাজনাৰ পৰিমাণ কম কৰা।

(চ) সৈন্য় বাহিনীৰ ব্য়য় কমোৱা।

(ছ) টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি।

(জ) প্ৰশাসলীয় ব্য়য় সংকোচন কৰা।

(ঝ) আত্মৰক্ষাৰ বাবে সাধাণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান ৰকা।

(ঞ) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ।

(ট) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি।

এই আন্দোলনৰ মূল বৈশিষ্ট হৈছেঃ সমান্তৰালভাৱে আইন অমান্য় আন্দোলন ১৯৩০ চনত গান্ধীৰ ‘লোণ সত্য়াগ্ৰহ’ৰ জৰিয়তে আৰম্ভ হৈছিল যাক দাণ্ডি যাত্ৰা বুলি জনা যায়। ১৯৩০ চনত ১২ মাৰ্চত এই যাত্ৰাৰ আৰম্ভণি হৈছিল। সেইদিনা গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা ভাৰতৰ পশ্চিম উপকুলত থকা দাণ্ডি নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। একেৰাহে ২৫ দিন যাত্ৰা কৰি প্ৰায় ৩৮৫ কিলোমিটাৰ দূৰত্ৱ অতিক্ৰম কৰাৰ পিছত তেওঁলোক ১৯৩০ চনৰ ৬ এপ্ৰিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিল। ইয়াতেই গান্ধীয়ে লোণ আইনৰ বিৰোধিতা কৰি নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্য়াহ্ৱানৰ সৃষ্টি কৰিছিল। উত্তৰ – পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফুৰ খান (সীমান্ত গান্ধী নামেৰে পৰিচিত)ৰ নেতৃত্ৱত’ ৰেড চাৰ্টছ’ হিচাপে জনপ্ৰিয়’ খুদাই খিটমদগাৰছ (ঈশ্ৱৰৰ ,সেৱাক) ‘সকলে আন্দোলনটো চলাই নিছিল।

৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খােজানে ? তােমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া ।

উত্তৰঃ দেশৰ স্ৱাধীনতা লাভৰ বাবে মহাত্মা গান্ধীে আৰম্ভ কৰা শেহৰটো গণ আন্দোলন আছিল ভাৰতৰ ত্য়াগ আন্দোলন। ১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্য়াগ আন্দোলনৰ আৰম্ভণি কৰিছিল। আৰু ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে বোম্ৱাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্ৰিটিছশাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰিছিল। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্ৱাইৰ গোৱালিয়া টেংকত উদ্দাত্ত ভাষণ দিছিল, যিখন ঠাইক বৰ্তমান ‘আগষ্ট ক্ৰান্তি মৈদান’ নামেৰে জনা যায়। গান্ধীৰ ‘কৰিম কিম্ৱা মৰিম’ ধ্ৱনিৰ প্ৰৰণাত উদ্বুদ্ধ হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল।

ভাৰত ত্য়াগ আন্দোলনৰ সূচনা হোৱা পৰিস্থিতি কেইটা তলত উল্লেখ কৰা হ’লঃ

(ক) ক্ৰিপ্ছ মিছনৰ ব্য়ৰ্থতা।

(খ) জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি।

(গ) পূৰ্ববংগৰ সন্ত্ৰাস।

(ঘ) ব্ৰিটিছে ভাৰতক সুৰক্ষা প্ৰদান কৰিব লোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত সঞ্চাৰ হোৱা উপলব্ধি।
১৯৪২ চনৰ আগষ্ট হোৱা ভাৰত ত্য়াগ আন্দোলন ভাৰতৰ স্ৱাধীনতা আন্দোলনৰ ইতিহাসৰ এক মাইলৰ খুটি বুলি মই অনুভৱ কৰো। এই আন্দালনে ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্ৱাধীনতা প্ৰাপ্তিক ভাৰতীয় জাতীয় আন্দোলনৰ একমাত্ৰ উদ্দেশ্য় হিচাপে সাব্য়স্ত কৰিছিল। জাতি, ধৰ্ম বৰ্ণ, লিংগ নিৰ্বিশেষে সকলোৱে এই আন্দোলনত অংশ গ্ৰহণ কৰিছিল। ব্ৰিটিছসকল ভাৰতৰ পৰা বিতাড়িত হোৱাটো সকলোৱে কামলা কৰিছিল। এই তীব্ৰ আন্দোলনে ভেটি কঁপাই তুলিছিল আৰু এই ঘটনাই স্ৱাধীনতা প্ৰাপ্তিৰ প্ৰক্ৰিয়াৰ ত্ৱৰাম্ৱিত কৰিছিল।

৬। ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা ।

উত্তৰঃ দ্ৱিতীয় বিশ্ৱযুদ্ধত জাপানী সৈন্য়ৰ ওচৰত আত্মসমৰ্পণ কৰা ভাৰতীয় বিষয় কেপ্টন মোহন শিঙে ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো পোন প্ৰথমে পোষণ কৰিছিল। ১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ’ত বহা এখন সভাত ভাৰতীয় স্ৱতন্ত্ৰ লাগ গঠন কৰা হৈছিল। ১৯৪২ চনত জুন মাহত বেংকককত বহা সন্মিলনত ৰাসবিহাৰী বসুক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। এই সন্মিলনতেই ভাৰতীয় জাতীয় সেনা বাহীনি বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিতকৰণৰ সিদ্ধান্ত লোৱা হয়। এই লীগে সুভাষ চন্দ্ৰ বসুক জাপানলৈ নিমন্ত্ৰণ জনাই আৰু তেওঁ উপস্থিত ভাৰতীয় স্ৱতন্ত্ৰ লীগৰ সভাপতিৰ আসনখন তেওঁক যাচে। তেওঁ জাতীয় সেনা বাহিনীটো পুনৰ গঠন কৰে। মহিলা সমন্ধিতে বহুতো সাধাৰণ লোকক সৈন্য় বাহিনীত ভৰ্তি কৰা হয়। সহিলাসকলৰ বাহিনীটোক ‘ঝোন্সি ৰাণী ৰেজিমেণ্ট’ নামেৰে নামকৰণ কৰা হয়। ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’। ব্ৰিচিছ আৰু সহযোগীসকলৰ সৈন্য়ৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল। সুভাষ চন্দ্ৰ বসুৰ ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্ৱাধীন দিম’ উক্তটোৱে তেওৰ অনুগামীসকলক অনুপ্ৰাণিত কৰিছিল। সুভাষ চন্দ্ৰ বসুই ১৯৪৫ চনৰ আগষ্ট মাহত এটা বিমান দুৰ্ঘনাত প্ৰাণ হেৰুৱায় বুলি কোৱা হয়। ভাৰতীয় জাতীয় সেনাবাহিনীয়ে স্ৱাধীনতা প্ৰাপ্তিৰ হকে ভাৰতৰ জাতীয় সংগ্ৰামত স্মৰণীয় ভুমিকা পালন কৰিছি। আৰু তেওঁক গোটেই দেশবাসীয়ে নেতাজী হিচাপে সন্মানিত কৰিছে।

Answer by Chumi Das