চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ । অধ্যায় ২১ । Class 6 Social Science Lesson 21 Question and Answer Assam | SCERT Class 6 S.Science Chapter 21 Solution | Assamese Medium Class 6 Social Science Lesson 21 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২১ চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

১) উত্তৰ লিখা-
(ক) চৰকাৰ বুলিলে কি বুজা?

উত্তৰঃ দেশ এখন পৰিচালনা কৰা অনুষ্ঠানটোক চৰকাৰ বোলে।

(খ) তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢোৱা সেৱাৰ বিষয়ে তিনিটা বাক্য লিখা।

উত্তৰঃ        

১) সুলভ মূল্যত খাদ্য যোগানৰ ব্যৱস্থা কৰা।        

২) যাতায়ত আৰু যোগাযোগ ব্যৱস্থা উন্নতিৰ বাবে চেষ্টা চলোৱা।        

৩) বিদ্যুৎ যোগান ধৰা।

(গ) আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে? আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃআমাৰ দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছে।        ১) গণতন্ত্ৰত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়।        ২) ১৮ বছৰৰ ওপৰৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিকে ভোটদান কৰিব পাৰে। চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে।        ৩) নিৰ্বাচিত প্ৰতিনিধিসকল জনসাধাৰণৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল।

(ঘ) ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা।উত্তৰঃ ৰাজতন্ত্ৰ থকা দেশ- ইংলেণ্ড  সমাজতন্ত্ৰ থকা দেশ- চীন।

২) চমু উত্তৰ লিখা-
ক) কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে?উত্তৰঃ ১৮ বছৰ বয়সৰ পিছত।
খ) একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে?উত্তৰঃ একনায়কজনৰ অধীনত জনসাধাৰণে কোনো ব্যক্তিগত স্বাধীনতা উপভোগ কৰিব নোৱাৰে। জনসাধাৰণ চৰকাৰৰ বিৰুদ্ধে যাব নোৱাৰে। কঠোৰ নীতি নিয়মৰ মাজত থাকিব লগা হয়।
৩) পাথক্য লিখা-

ক) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ

উত্তৰঃ ৰাজতন্ত্ৰত ৰজাই দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। আনহাতে গণতন্ত্ৰত জনগণেই নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিৰ দ্বাৰা দেশ পৰিচালিত হয় অৰ্থাৎ ইয়াত জনসাধাৰণেই শাসনৰ মূল।

খ) একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ

উত্তৰঃ একনায়কত্ববাদ এজন শাসকৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা। ইয়াত জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধাচৰণ নোৱাৰে। সকলো সময়তে কঠোৰ নীতি নিয়মৰ মাজত থাকিব লগা হয়।সমাজবাদত ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন কৰিবলৈ বিচৰা হয়। ব্যক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থক অধিক গুৰুত্ব দিয়া হয়। দেশৰ চৰকাৰে উৎপাদন ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। আৰ্থসামাজিক ন্যায় প্ৰতিষ্ঠাত গুৰুত্ব দিয়া হয়।

৪) শুদ্ধ-অশুদ্ধ বাছি উলিওৱা-

ক) চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে।

উত্তৰঃ অশুদ্ধ।

খ) আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে।

উত্তৰঃ শুদ্ধ।

গ) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ মাজত পাথক্য নাই।

উত্তৰঃ অশুদ্ধ।

ঘ) গণতন্ত্ৰত জনসাধাৰণৰে এক গুৰুত্বপূণ ভূমিকা পালন কৰে।

উত্তৰ ঃশুদ্ধ।

ঙ) গণতন্ত্ৰত পুৰুষ-মহিলাৰ ভোটৰ মূল্য সমান ।

উত্তৰঃ শুদ্ধ।