উন্নত জীৱনৰ প্ৰয়োজনসমূহ (আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন)

১। মানুহৰ প্ৰয়োজনসমুহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি উদাসৰণসহ লিখা।

উত্তৰঃ

২। মানুহৰ জীৱন-ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে কেনে দৰে সহায় কৰে শিক্ষকৰ সৈতে আলোচনা কৰি লিখা।

উত্তৰঃ

৩। প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত লবা ?

উত্তৰঃ

৪। শিক্ষানুষ্ঠানৰ পৰা তোমালোকে কেনেদৰে উপকৃত হ’ব পাৰিছা বহলাই লিখা।

উত্তৰঃ

৫। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা-
(ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰে প্ৰয়োজন নহয়।

উত্তৰঃ অশুদ্ধ।

(খ) আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(গ) জীৱন-ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে বৃদ্ধি হয়।

উত্তৰঃ শুদ্ধ

(ঘ) পুথিভঁৰাল জনস্বাস্হ্য বিভাগৰ অন্তৰ্গত বিষয় ।

উত্তৰঃ অশুদ্ধ।

(ঙ) প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে।

উত্তৰঃ শুদ্ধ।

(চ) সামাজিক প্ৰয়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো আৱশ্যকতা নাই ।

উত্তৰঃ অশুদ্ধ।

স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

১) উত্তৰ দিয়া-

(ক) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা কেইটা আৰু কি কি?

উত্তৰঃ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা তিনিটা-

১)  গাঁও পঞ্চায়ত

২)  আঞ্চলিক পঞ্চায়ত

৩)  জিলা পৰিষদ।

(খ) গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান?

উত্তৰঃ গাঁও পঞ্চায়ত ১০ জন সদস্যৰে গঠিত।

(গ) কোন চনত অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে?

উত্তৰঃ ১৯৯৪ চনৰ পৰা অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে।

(ঘ) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ?

উত্তৰঃ আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ।

(ঙ) জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ জিলা পৰিষদৰ এটা সমষ্টিত ৪০ হাজাৰ জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।

২) শুদ্ধ উত্তৰটো বাচি উলিওৱা-

(ক) জিলা পৰিষদৰ কাৰ্যকাল (২/৩/৫ ) বছৰ।

(খ) অসমত স্বায়ত্ব শাসিত জিলা পৰিষদ (২ /৩/৪) খন।

(গ) গাঁও পঞ্চায়তত অনুসূচীত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে / নাই।

(ঘ) আঞ্চলিক পঞ্চায়ত (নগৰ সমিতি /গাঁও পঞ্চায়ত/ জিলা পৰিষদ)ৰ সদস্যৰে গঠিত।

(ঙ) অসমত পৌৰ নিগম (১ /২/৩) খন আছে।

৩) খালী ঠাই পূৰণ কৰা-

(ক) বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল  এখন স্বায়ত্ব শাসিত পৰিষদ ǀ

(খ) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় ৪০ হাজাৰ  জনসংখ্যা থাকে

(গ) বি.টি.চি  ৪ খন জিলাক লৈ গঠন কৰা হৈছে ǀ

৪) স্বায়ত্ব শাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা, কৃষ্টি, সংস্কৃতি ৰীতি নীতি আৰু পৰম্পৰা আছে। এইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধানে আমাক বিশেষ সুবিধা দিছে। তাৰে আলম লৈ নিজ নিজ ভাষিক আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষাৰ বাবে অসমৰ পাহাৰীয়া জিলা দুখন ক্ৰমে- কাৰ্বি আংলং আৰু ডিমা হাচাও সামৰি এখন আৰু ভৈয়াম অঞ্চলৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বি টি চি) ত স্বায়ত্ব শাসিত জিলা পৰিষদ গঠন কৰা হৈছে।

৫) ভৈয়ামৰ যিকোনো দুখন স্বায়ত্ব শাসিত পৰিষদৰ নাম লিখা ǀ

উত্তৰঃ

১)  মিচিং স্বায়ত্ব শাসিত পৰিষদ

২)  ৰাভা স্বায়ত্ব শাসিত পৰিষদ।

৬) জিলা পৰিষদৰ কাৰ্যাৱলী লিখা।

উত্তৰঃ জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নয়নৰ বাবে কৰা কামবোৰক ২০ টা ভাগত ভাগ কৰিছে। তাৰে কিছুমান উল্লেখযোগ্য কাম হৈছে-

· গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত ৰ কামকাজ পৰ্যবেক্ষণ কৰে আৰু সিবিলাকৰ মাজত সমন্বয় ৰক্ষা কৰে।

· গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা আচনি প্ৰস্তুত কৰে আৰু কাৰ্যকাৰী কৰে।

· আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সাংস্কৃতিক বিকাশ কেন্দ্ৰ, হাট-বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে।

·    জলপথত নাঁও, ফেৰী আদিৰ ব্যৱস্হা কৰে।

৭) দলগত কাৰ্য

আঞ্চলিক পঞ্চায়তৰ কামৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ আঞ্চলিক পঞ্চায়ত এলেকাৰ অধীনত হোৱা কামকাজ সমূহ তলত উল্লেখ কৰা হল-

·      বাট-পথ, নলা নিৰ্মাণ আৰু মেৰামতি কৰে।

·      ৰাজহুৱা পুথিভঁৰাল

·      পৰিয়াল কল্যাণ

·      ভূমি সংৰক্ষণৰ ব্যৱস্হা

·      খোৱা পানীৰ যোগান

·      গ্ৰাম্য আৱাস নিৰ্মাণ

·      ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ নিৰ্মাণৰ বাবে যুৱক যুৱতীসকলক অনুদান আগবঢ়োৱা ইত্যাদি ǀ ৰঞ্জিত বিকাশ চেতিয়া

কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ

উত্তৰ লিখা-

ক) কেন্দ্ৰীয় চৰকাৰৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ ভাগ তিনিটা-

১)   বিধানমণ্ডল,

২)   কাৰ্যপালিকা,

৩)   ন্যায়পালিকা।

খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম লিখা।

উত্তৰঃ লোকসভা-নিম্নসদন

            ৰাজ্যসভা- উচ্চসদন

গ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ?

উত্তৰঃ লোকসভাৰ সদস্য সংখ্যা হৈছে- ৫৪৫ জন।

         ৰাজ্যসভাৰ সদস্য সংখ্যা হৈছে- ২৫০ জন।

ঘ) প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে ?

উত্তৰঃ প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।

ঙ) কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে ?

উত্তৰঃ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ  বিতৰণ কৰে।

চ) ন্যায়পালিকাৰ কাম কি ?

উত্তৰঃ ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে। দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে।

ছ) ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ ৰাজ্য চৰকাৰৰ ভাগ তিনিটা-

১)   বিধানমণ্ডল,

২)   কাৰ্যপালিকা,

৩)   ন্যায়পালিকা।

জ) বিধানসভালৈ নিবাচিত সদস্যজনক কি বুলি কোৱা হয়?

উত্তৰঃ বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়।

ঝ) ৰাজ্যৰ মুৰব্বীজন কোন?

উত্তৰঃ ৰাজ্যপাল ৰাজ্যৰ মুৰব্বী।

ঞ) মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে ?

উত্তৰঃ ৰাজ্য এখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে।

চ) অসমৰ উচ্চ ন্যায়ালয় কত অৱস্হিত?

উত্তৰঃ অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত।

২) খালী ঠাই পূৰ কৰা–

(ক) বিধানমণ্ডলে  আইন  প্ৰস্তুত কৰে।

(খ) কাৰ্যপালিকাই আইনসমূহ কাৰ্কাৰী কৰে।

(গ) ন্যায়পালিকাই ন্যায় বিচাৰ কৰে।

(ঘ) বিধানসভাৰ কাযকাল  বছৰ।

(ঙ) ৰাজ্যপালেই ৰাজ্যৰ মুৰব্বী।

৩) শুদ্ধ উত্তৰটো বাচি উলিওৱা-

(ক) অসমৰ বিধানসভাৰ সমষ্টি ১১৬/১২৬/১৩৬টা

উত্তৰঃ ১২৬ টা।

(খ) বতমান ভাৰতত ৰাজ্য ২৫/২৩/২৯খন আছে

উত্তৰঃ ২৯ খন।

(গ) লোকসভাৰ কাযকাল ৪/ ৫/ ৬বছৰ

উত্তৰঃ ৫বছৰ।

(ঘ) ৰাজ্যত মুখ্য ন্যায়াধীশ থাকে ১/২/৬জন

উত্তৰঃ ১জন।

(ঙ) ৰাজ্যসভাৰ সদস্য সংখ্য ৫৪৫/২৫০/১২৬টা

উত্তৰঃ ২৫০ টা।

গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ 

ক) গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা।

উত্তৰঃ গণতন্ত্ৰৰ এটা নীতি হল- স্বাধীনতা।

খ) যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে?

উত্তৰঃ যুগলহঁতে পূজাৰ বন্ধত এটা ক্ৰিকেট ক্লাব খুলিলে।

গ) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল।

২) উত্তৰ দিয়া-

ক) গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি?

উত্তৰঃ পোনপটীয়া বা আওপকীয়াকৈ সকলো লোকে দেশৰ শাসন ব্যৱস্থাত অংশ গ্ৰহণ কৰাৰ সুবিধা পায়।

খ) নাগৰিকৰ অধিকাৰ কেইটা আৰু কি কি?

উত্তৰঃ বৰ্তমান ভাৰতীয় নাগৰিকৰ ৬টা মৌলিক অধিকাৰ আছে সেইবোৰ হৈছে- 

১) সমতাৰ অধিকাৰ

২) স্বাধীনতাৰ অধিকাৰ

৩) শোষনৰ বিৰুদ্ধে অধিকাৰ

৪) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ

৫) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ

৬) ধৰ্মীয় অধিকাৰ।

গ) তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ

    ১) বৃক্ষ ৰূপণ কৰি পৰিৱেশ বিশুদ্ধ কৰি ৰখা।

    ২) পঢ়ি-শুনি শিক্ষা লাভ কৰি দেশৰ উন্নতিৰ বাবে নানান যন্ত্ৰ-পাতি আৱিস্কাৰ কৰা।

ঘ) প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা।

উত্তৰঃ

১) বিনা কাৰণত গছ বন কটা বন্ধ কৰিব পাৰো।

২) বৃক্ষ ৰোপণ কৰিব পাৰো।

৩) বনৰীয়া জীৱ জন্তুৰ কোনো অপকাৰ নকৰা।

৪) প্লষ্টিক,পলিথিন জাতীয় প্ৰদূষক বোৰ হাবি বা মুকলি ঠাইত পেলোৱাৰ পৰা বিৰত থাকিম।

৫) অবাবত বিকট শব্দ আদি সৃষ্টি নকৰো।

৬) মানুহৰ মাজত পৰিবেশৰ প্ৰতি সজাগতা আনিম।

ঙ) আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ উল্লেখ কৰা ।

উত্তৰঃ

১) নিজৰ মনৰ ভাব আনৰ আগত প্ৰকাশ কৰিব পাৰো।

২) মুকলিভাৱে এঠাইৰ পৰা আনঠাইলৈ অহা-যোৱা কৰিব পাৰো।

৩) খালী ঠাই পূৰ কৰা-

ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ৰাজ্যটো মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ।

খ) শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ২০১০ চনত কাৰ্যকৰী কৰা হয়।

গ) ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ।

ঘ) ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য।

৪) হেক্টৰৰ কাহিনীটো পঢি কৃষ্ণাঙ্গ শ্ৰেণীয়ে কি কি অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল লিখা।

উত্তৰঃ 

১) দক্ষিণ আফ্ৰিকাত কৃষ্ণাঙ্গসকল সমতাৰ অধিকাৰৰ পৰা বঞ্চিত আছিল। (বৰ্ণ বৈষম্যৰ প্ৰচলন আছিল)।

২) তেওঁলোক মুকলিভাৱে এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰিব নোৱাৰিছিল। এটা শ্ৰেণীৰ লোকে আন এটা শ্ৰেণীৰ লোকৰ মাজত মিলামিছা কৰিব নোৱাৰিছিল। অৰ্থাৎ তেওঁলোক স্বাধীনতাৰ অধিকাৰৰ পৰাও বঞ্ছিত আছিল।

৩) শ্বেতাঙ্গসকলে কৃষ্ণাঙ্গসকলক বলপূৰ্বক নিজ অন্য ভাষাৰ বিপৰীতে অন্যভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। অৰ্থাৎ কৃষ্ণাঙ্গসকলৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰো নাছিল।

৫)দলগত কাৰ্য-

১) আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে আলোচনা কৰা।

উত্তৰঃ