৪ । ক) বিঞ্জানশাস্ত্ৰ জ্ঞানৰ ভঁৰাল।

উত্তৰঃ

প্ৰসংগঃ- উক্ত কষাসাৰ আমাৰ পাঠ্যপুথিৰ বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ-আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰো তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে ।

বাখ্যাঃ- বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান পাব পাৰোঁ । বিজ্ঞানৰ অধ্যয়নৰ দ্বাৰাই মানুহে নিতে নতুন নতুন বস্তুসমূহ উদ্ভাৱন কৰিব পাৰিছে । বিজ্ঞানৰ দ্বাৰাই যিহেতু প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণবোৰ জানিব পাৰি সেয়েহে তাৰে আঁত ধৰি বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে । এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা যিকোনো ঘটনাৰ বিষয়ে জানিবলৈ হ’লে আমি বিজ্ঞানৰ চৰ্চা কৰিবই লাগিব ।