Month: February 2022

মহাত্মা গান্ধীয়ে ১৮৯৩ চনত এবছৰৰ বাবে দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰিছিল, কিন্তু এবছৰৰ কাৰণে গৈ তেওঁ কিমান বছৰ কাল থাকিব লগীয়া হৈছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৮৯৩ চনত এবছৰৰ বাবে দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰিছিল কিন্তু এবছৰৰ কাৰণে গৈ তেওঁ বিশ বছৰ কাল থাকিব লগীয়া হৈছিল।

মহাত্মা গান্ধীয়ে বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ কিমান বছৰৰ পিছত তেওঁ ভাৰতলৈ ঘূৰি আহে?

উত্তৰঃ মহাত্মা গান্ধীয়ে বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ চাৰিবছৰৰ পিছত তেওঁ ভাৰতলৈ ঘূৰি আহে।

মহাত্মা গান্ধীয়ে বিলাতত কি ভাষাৰ শিক্ষাৰ লগে লগে ইংৰাজী আৰু মৰ্কিন সাহিত্যও অধ্যায়ন কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে বিলাতত লেটিন আৰু ফৰাচী ভাষা শিক্ষাৰ লগে লগে ইংৰাজী আৰু মাৰ্কিন সাহিত্যও অধ্যয়ন কৰিছিল।