ইংৰাজ সকলে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীক কি বৰণৰ হোৱা বাবে ‘কুলি’ বুলি সম্বোধন কৰিছিল?

উত্তৰঃ ইংৰাজ সকলে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীক কলা বৰণৰ হোৱা বাবে ‘কুলি’ বুলি সম্বোধন কৰিছিল।

মহাত্মা গান্ধীয়ে এবাৰ প্ৰিটোৰিয়ালৈ যাবলৈ প্ৰথম শ্ৰেণীৰ টিকট কাটি ৰেলত উঠোতে কি বুলি তেওঁ ৰেল গাড়ীৰ পৰা নমাই দিছিল?

উত্তৰঃ এবাৰ প্ৰিটোৰিয়ালৈ যাবলৈ প্ৰথম শ্ৰেণীৰ টিকট কাটি ৰেলত উঠোতে কৃষ্ণাংগ বুলি মহাত্মা গান্ধীক ৰেল গাড়ীৰ পৰা নমাই দিছিল।

মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত মেজষ্টেটৰ আদালতলৈ গান্ধীজীয়ে কোট পিন্ধি মূৰত পাগুৰী মাৰি যাওঁতে তেওঁক মেজিষ্ট্ৰেটে কি কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত মেজিষ্টেটৰ আদালতলৈ গান্ধীজীয়ে কোট পিন্ধি মূৰত পাগুৰী মাৰি যাওঁতে তেওঁক মেজিষ্ট্ৰেটে তেওঁক মূৰৰ পাগুৰী খুলিবলৈ হুকুম জাৰি কৰিছিল।