কৃষ্ণ জন্মাষ্টমী তিথিত নামঘৰত কেনেধৰণৰ আচাৰ-অনুষ্ঠান পালন কৰা হয় ?

উত্তৰঃ চাকি-বন্তি, ধূপ, নৈবেদ্য়ৰে শৰাই আগবঢ়াই কৃষ্ণক আৰাধনা কৰা হয় । নামঘৰত মেধি-সাতোলাই সন্মুখত বহে। বাৰিক, বৰা, নামঘৰীয়া আৰু ৰাইজৰ লগতে আয়তীসকল পিছপিনে বহে। অনুষ্ঠানত পাঠেকীয়ে কীৰ্তন-ভাগৱত পাঠ কৰে। ইয়াৰ পিছত মহাপুৰুষৰ গায়ন পৰিৱেশন হয় । অৱশেষত হৰিধবনি দি অষ্টমী তিথিৰ সমাপ্তি ঘটে।