কাৰবিসকল

কাৰ্বিসকল অসমৰ এটি প্রধান জনজাতি। বিষ্ণুপ্ৰসাদ ৰাভাই আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ সৈতে তুলনা কৰি কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি আখ্যা দিছিল। এই উক্তি যুক্তিসহকাৰে সমৰ্থন কৰিছিল কলিকতাৰ বিখ্যাত ইতিহাসবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ে।

বসতি অঞ্চল : অসমৰ সোঁমাজতে থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙেই হ’ল কাৰ্বিসকলৰ প্রধান বসতি অঞ্চল। দুয়োখন ঠাই সামৰি কাৰ্বি আংলং স্বায়ত্ব পৰিষদ গঠন হৈছে। ইয়াত ২৬ জন নির্বাচিত সদস্য আৰু চাৰিজনকৈ মনোনীত সদস্য আছে। সৰ্ব্বমুঠ আসন ৩০-খন। ইয়াৰ মাটি কালি ১০,৩৪৩ বর্গ কিলোমিটাৰ। ইয়াৰ বাহিৰেও শোণিতপুৰ, বিশ্বনাথ, লক্ষিমপুৰ, কামৰূপ সোণাপুৰ আদি ঠাইতো কাৰ্বিসকল বসতি কৰা দেখা যায়। মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল আদি ৰাজ্যতো কম বেছি পৰিমাণে কাৰ্বিংসকলৰ বসতি আছে।

সাঁজ-পাৰ – পুৰুষ আৰু নাৰীৰ পোচাক পৃথক। পুৰুষৰ আঁঠুমূৰীয়া পে ছেলেং, চই হংথৰ, চই ইক্, , চই লক্‌ (কাৰ্বি জেকেট) পহ’ আদিয়েই প্রধান। চই হংথৰ আজিকালি কাৰ্বি জেকেট বুলি পৰিচিত। পহ’ (কাৰ্বি মাফ্লাৰ) ৪ আৰু ৫ ইঞ্চি বহল আৰু প্ৰায় পাঁচৰ পৰা ছয় ফুটলৈ দীঘল। ইয়াৰ দুয়োমূৰে বিভিন্ন ৰঙৰ ফুল তুলি দিয়া হয়।

চেপান আবু-প্রায় ৩ ইঞ্চি বহল আৰু দীঘলে প্ৰায় ৬ ফুট। দুয়োমূৰে কড়িৰে সম্বলিত বিশেষ চকচকীয়া ক’লা কাপোৰ। ইয়াক ডেকাল’ৰাসকলে ব্যৱহাৰ কৰা দেখা যায়। নাৰীৰ সাজপাৰ হ’ল পিনি, পেকক আৰু ৱানকক – তদুপৰি পে ছেলেং, পে খনজাৰি, পে ছাৰপি আদিয়ে প্রধান।

পিৰা : ১১%, ফুটৰ পৰা ২ ফুট বহল আৰু ৬ ফুট দীঘল। দুয়ো মূৰে বিভিন্ন ৰঙৰ ফুল তুলি কড়িবে সম্বলিত বিশেষ চকচকীয়া ক’লা কাপোৰ। ইয়াক মহিলাসকলে নিজৰ কেঁচুৱাটিক বোকোচাত ল’বৰ বাবে ব্যৱহাৰ কৰে।

আ-অলংকাৰ ঃ লেক হিকি, নথেংপী, ন’লাংপং, ন’জাংছাই, লেক করে, লেক পাংখাৰা, লাং আৱ’, ৰই পাংখাৰা, ৰই পাহু আদিয়েই প্রধান।

উৎসৱ-পাৰ্বণ ঃ পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান। পেং হেমফু হ’ল ঘৰুৱা উৎসৱ। এই উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে। ৰিৎ আংলং, বুইচম আৰু পেং। এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰৰ অপায়-অমংগল নহয়। ইয়াক কোৱা হয় ঘৰুৱা উৎসৱ।

চজুন উৎসৱ (Family festival) : এই উৎসৱ প্ৰতিবছৰে উদ্‌যাপন নহয়। ৪, ৫ বা ৯ বছৰৰ মূৰে মূৰে কৰা হয় ।

ৰংকেৰ উৎসৱ (Community Festival) : ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱ বছৰৰ আৰম্ভণিতে উদ্‌যাপন কৰা হয়। পূজাৰ মূল বেদীত চৰাই, ছাগলী, কণী আদি উছৰ্গা কৰি উপাস্য দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা কৰা হয় ।

ফৈদ ঃ কাৰ্বিসকলৰ পাঁচটাকৈ ফৈদ আছে। এয়া হ’ল –

১) টিমুং, ২) টেন ৩) তেৰাং ৪) ইংহি ৫) ইংতি এই প্ৰতিটো ফৈদত একাধিক উপফৈদ থাকে।

কাৰ্বি যুৱ মহোৎসৱ ঃ প্ৰতিটো বছৰত ১৫-১৯ ফেব্ৰুৱাৰীত, এই মহোৎসৱ তাৰালাংছ’, ডিফু চহৰত অনুষ্ঠিত কৰা হয় ।

কাৰ্বিসকলৰ মাজৰ অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আজিও স্মৰণীয় হৈ ৰোৱা কেইগৰাকীমান ব্যক্তিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—

ছেমছনছিং ইংতি

তেওঁ হ’ল কাৰ্বি আংলঙৰ স্বপ্নদ্রষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত জন্ম গ্ৰহণ কৰিছিল। পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী (কাজিৰ তিমুংপী)। ১৯১৬ চনত গোলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কটন কলেজত অধ্যয়ন কৰে যদিও সেই সময়ত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন আধৰুৱা হয়। পিছত ১৯৩৩ চনত চিলেটৰ মুৰাৰী চাঁন্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাৰ্বি জাতিৰ প্ৰথম স্নাতক ৰূপে সুখ্যাতি অর্জন কৰে। তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৩৩ চনত মিকিৰ হিলচ ট্ৰেক গঠন হোৱাত ইংৰাজ চৰকাৰে তেওঁক মাতি আনি ১৯৩৪ চনত নগাঁও জিলাৰ শিক্ষা বিভাগত উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়ে। তেওঁ নিজেই কেইবাখনো কাৰ্বি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায় তেওঁ লিখা পুথিকেইখন হ’ল ‘বিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’, ‘তেমপুৰু আৰু ৱ পী।

ছামছিং হাঞ্চে

ছামছিং হাঞ্চে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্রযোজক, ৰাজনীতিক, সাহিত্যপ্রেমী ব্যক্তি। নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আৰ্হিকেলক গাঁৱত ১৯৪৮ চনৰ এপ্ৰিল মাহৰ ১৮ তাৰিখে তেওঁৰ জন্ম হয়। পিতৃৰ নাম জয়সিং হাঞ্চে আৰু মাতৃৰ নাম কাএৎ টেৰণপী। বাল্যকালতে পৰিয়ালটোৱে পুৰণি স্থান পৰিত্যাগ কৰি হংক্ৰাম নামৰ ঠাইলৈ স্থানান্তৰিত হয় আৰু তাতে স্থায়ীভাৱে বসতি কৰে। হংক্ৰাম প্ৰাথমিক বিদ্যালয়তে শিক্ষা জীৱন আৰম্ভ হয়। পাছলৈ টীকা মধ্য ইংৰাজী বিদ্যালয়ত আৰু কামপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। ডিফু চৰকাৰী বালক বিদ্যালয়ত ভর্তি হয় যদিও প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱৰাত সেনাবাহিনীৰ চাকৰি কৰে। তিনি বছৰৰ পিছত চাকৰি ইস্তফা দি ১৯৬৭ চনত বৈঠালাংছ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয়। ১৯৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে । ভাষা-সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনো পুথি কাৰ্বি আৰু অসমীয়া ভাষাত প্ৰণয়ন কৰি প্ৰকাশ কৰিছিল। সেইবোৰৰ ‘ভিতৰত নাম তাই হাঈমু’, ‘কাৰ্বি প্ৰণয়ী গীত’, ‘ছাবিন আলুন’ (কাবি ৰামায়ণ) ‘কুমলীন’, ‘ৰোমীৰ এমুঠি কাৰ্বি কবিতা’ (অনুবাদ) আৰু ‘ছেৰ্‌ হনজেং’ নামৰ গ্ৰন্থ উল্লেখযোগ্য। ১৯৮৩-৮৪ চনত কাৰ্বি লামেত আমেইৰ (কাৰ্বি সাহিত্য সভা) সাধাৰণ সম্পাদক ১৯৮৪-৮৫ চনত সভাপতিৰ আসন অলংকৃত কৰে। ১৯৮৫ চনত বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্রিত্ব লাভ কৰিবলৈ সক্ষম হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে সকলোকে ম্রিয়মান কৰি ইহ সংসাৰৰ পৰা চিৰকালৰ বাবে বিদায় ল’লে। কাৰ্বি ভাষা-সাহিত্যৰ সাধক আৰু এজন পথপ্ৰদৰ্শক হিচাপে তেওঁৰ নাম আমাৰ মাজত সদায় অমৰ হৈ থাকিব ।

বংলং তেৰাং

কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত। তেৱেঁই কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্ৰদান কৰে। দেউতাকৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেং তিচ্ছপী। তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল। তেওঁ লিখা বিভিন্ন কিতাপসমূহ হ’ল— ‘Word Book ’‘আদাম আছাৰ’ (বিবাহ নিয়ম) ‘ৰূকাছেন’, ‘হাঈমু’‘ছে হংথম’, ‘কাৰ্বি কপুছন’, ‘কাৰ্বি চ ৰংজে’, ‘আৰণ আতেং’, ‘ৰংলিন’, ‘ছাৰ আলুন’ আৰু ‘ছাৰ লামছাম’। ১৯৭৩ চনত কাৰ্বি সাহিত্য সভাৰ তৰফৰ পৰা কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয়। অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননী প্ৰদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন প্ৰদান কৰে। এইজনা পুৰোধা ব্যক্তিয়ে সকলোকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে।

লংকাম তেৰণ

সু-সাহিত্যিক লংকাম তেৰণৰ জন্ম হয় ১৯৩২ চনত। তেওঁৰ দেউতাকৰ নাম ডিগ্লু তেৰণ আৰু মাকৰ নাম কাচাই হাঞ্চেপী। ১৯৫৭ চনত কাচে ৰংহাংপীৰ লগত বিবাহ হয়। ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা পৰিষদৰ জন সম্পৰ্কৰক্ষী বিষয়া পদত মনোনীত হয়। তেওঁ কাৰ্বি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদকো অলংকৃত হৈছিল। কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ১৯৮৬ চনৰ কামপুৰ অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু অনুদিত গ্রন্থ মুঠ ৪১-খন। তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ’ল ‘ৰং কেছেং’, ‘টামাহিদি’, ‘কিতাপ কিমি’, ‘কাবি লামকুৰ’, ‘কাৰ্বি জনগোষ্ঠী’, ‘কাৰ্বি লামকুৰু-লামছেং’, ‘কাৰ্বি ভাষা পৰিচয়’, ‘কাৰ্বি লামতাছাম’ আদি।

প্রশ্নাৱলী

১। কাৰ্বিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল?

২। কাৰ্বিসকলৰ পৰম্পৰাগত সাজ পাৰৰ বিষয়ে লিখা ।

৩। কাৰ্বিসকলৰ উৎসৱ-পাৰ্বণ সম্পর্কে লিখা ।

৪। কাৰ্বিসকলৰ মূল ফৈদকেইটা কি কি ?

৫। কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজ-পাৰ তথা আ-অলংকাৰৰ নাম লিখা।

৬। চমুটোকা লিখা :

(ক) ছেমছনছিং ইংতি (খ) ছামছিং হাঞ্চে

(গ) বংলং তেৰাং (ঘ) লংকাম তেৰণ