কাছাৰৰ জনগোষ্ঠীসকল

অসমৰ দক্ষিণ প্ৰান্তৰ তিনিখন জিলাৰ নাম—কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ ৷ এই জিলা তিনিখনৰ মাজেদি প্ৰবাহিত নৈখনৰ নাম বৰাক। এই নৈখনৰ নামৰ লগত সঙ্গতি ৰাখি জিলা তিনিখনক একেলগে বৰাক উপত্যকা বুলি কোৱা হয় । বৰাক উপত্যকাত বিভিন্ন জাতি আৰু উপজাতি বা নানা গোষ্ঠীৰ মানুহ বসবাস কৰি আছে। সামাজিক- অৰ্থনৈতিক-ৰাজনৈতিক ক্ষেত্ৰত নানা সময়ত সংঘটিত ঘটনাপ্ৰৱাহৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ বৰাক উপত্যকাত আহি বসতি স্থাপন কৰিছে। প্ৰতিটো গোষ্ঠীৰ মানুহে নিজা ভাষা-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। বেলেগ বেলেগ ভাষা আৰু সংস্কৃতিৰ মানুহৰ সহাবস্থানৰ কাৰণে নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক Anthropological garden অর্থাৎ ‘নৃতত্ত্বৰ বাগিছা’ বুলি অভিহিত কৰিছে। বৰাক উপত্যকাত বসবাসকাৰী জনগোষ্ঠীসমূহৰ নাম, গোষ্ঠীসমূহৰ প্ৰধান উৎসৱৰ নাম আৰু উৎসৱ অনুষ্ঠিত হোৱাৰ সময় তলত উল্লেখ কৰা হৈছে।

জনগোষ্ঠীৰ নাম প্রধান উৎসৱৰ নাম উৎসৱ অনুষ্ঠিত হোৱাৰ সময় শাৰদীয় দূর্গাপূজা (হিন্দু) বঙ্গীয় সমাজ ঈদ (মুছলমান) লাই হৰাউবা ৰাসযাত্রা নৱেম্বৰ নৱেম্বৰ ছটপূজা বিহু মণিপুৰী মণিপুৰী বিষ্ণুপ্রিয়া ভোজপুৰী অসমীয়া ৰাজবংশী ৰাজস্থানী বর্মন (ডিমাছা ৰংমাই নাগা বিহু মহাবীৰ জয়ন্তী এপ্রিল এপ্রিল মার্চ জানুৱাৰী নৱেম্বৰ/ডিচেম্বৰ গাও নাঈ

মাৰ চিকপুই কঐ ৫ ডিচেম্বৰ কাৰ্বি কাৰ্বি ৰেসো নিমচো ফেব্ৰুৱাৰী আৰং গাজে ৰিয়াং হোজাগিৰি নৱেম্বৰ খাচিয়া চেনখাচি চেনগ্রিতে ফেব্ৰুৱাৰী ভেইকেই চাওয়াং কূট অক্টোবৰ কুকি, পৈতে মিমকূট জানুৱাৰী মিজো চাপচাৰ কূট মার্চ সিমতে, গাংতে নৱেম্বৰ চাকমা বুদ্ধপূর্ণিমা এপ্রিল চিৰু চাকথাৰকম অক্টোবৰ চৰৈ, ৰাংখল, শাকচেপ খোদয় ফেব্ৰুৱাৰী নেপালি দশেই তিহাৰ চেপ্টেম্বৰ/অক্টোবৰ চান্দ্ৰমাহ অনুসৰি ইছলাম ধৰ্মৰ বৰ্ষগণনা কৰা হয়। এই কাৰণে ঈদ-উল-ফিতৰ উৎসৱৰ সময় প্ৰতি বছৰে সলনি হয়। খ্রীষ্টান ধৰ্মাৱলম্বীসকলৰ প্ৰধান উৎসৱ বৰদিন পালিত হয় ২৫ ডিচেম্বৰ তাৰিখে। বৰাক উপত্যকাৰ মানুহে সাধাৰণতে তিনি ধৰণেৰে জীৱিকা নিৰ্বাহ কৰে—খেতি-বাতি, ব্যৱসায় আৰু চাকৰি। অসম ফুটবল সংস্থা গঠিত হৈছিল ১৯৪৬ চনত। বৰাক উপত্যকাৰ বঙ্গীয় সমাজৰ সুনীল মোহন আছিল। সংস্থাটোৰ প্ৰতিষ্ঠাপক কোষাধ্যক্ষ। তেওঁ অসম হকী সংস্থাৰো সভাপতি মনোনীত হৈছিল। ১৯৫১ চনত মুম্বাইত আৰু ১৯৫৭ চনত হায়দাবাদত অনুষ্ঠিত সন্তোষ ট্রফি ফুটবল প্রতিযোগিতাত তেওঁ অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ আছিল। মহিলা সমাজৰ উন্নয়নৰ কাৰণে আজীৱন গঠনমূলক কামত ব্ৰতী আছিল মালতী শ্যাম। তেওঁৰ নেতৃত্বত ১৯৩৮ চনত প্ৰতিষ্ঠিত হৈছিল ‘নাৰী কল্যাণ সমিতি’। মহিলাসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যেৰে উক্ত সমিতিয়ে বিভিন্ন প্রকল্প গ্রহণ কৰিছিল। মালতী শ্যামৰ ঐকান্তিক প্রচেষ্টাৰ ফলতে বৰাক উপত্যকাৰ মহিলা সমাজে সামাজিক অৱৰোধ উপেক্ষা কৰি ১৯৩৫ চনত প্ৰথম ৰঙ্গমঞ্চত অৱতীৰ্ণ হৈছিল। উত্তৰ-পূৱ ভাৰতৰ প্ৰতিটো জনগোষ্ঠীৰ নিজা লোকনৃত্যৰ শৈলীটো তেওঁলোকৰ সাতামপুৰুষীয়া ঐতিহ্য । উৎসৱ-পাৰ্বণ আদিৰ অত্যাৱশ্যকীয় অঙ্গ নৃত্য-গীত। মুকুন্দ দাস ভট্টাচাৰ্য্যই লোকনৃত্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে তেওঁক ১৯৯৭ চনত ‘বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হৈছিল। অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব গৱেষণাৰ চৌহদত ৰাজমোহন নাথৰ অবদান অসামান্য। তেওঁ আছিল। অভিযন্তা। কিন্তু তেওঁৰ আগ্ৰহৰ ক্ষেত্ৰখন আছিল বুৰঞ্জীৰ গৱেষণা। এই সন্দৰ্ভত তেওঁৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম ‘The Background of Assamese Culture’. । গ্ৰন্থখন প্রথম প্রকাশিত হৈছিল ১৯৪৮ চনত। শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষয়েও ৰাজমোহন নাথে চৰ্চা কৰিছিল। তিনিচুকীয়া চহৰত ১৯৫৮ চনত অনুষ্ঠিত ‘অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল । বুৰঞ্জীবিদ কামালুদ্দীন আহমদ আছিল কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক। পৰৱৰ্তী সময়ত তেওঁ অধ্যক্ষ হৈছিল। কামালুদ্দীন আহমদে সাহিত্য চর্চাও কৰিছিল। তেওঁৰ সম্পাদিত সাহিত্য পত্ৰখনৰ নাম ‘দিগ্বলয়’। অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম ‘The Art and Architecture of Assam (1994)। শতাধিক গৱেষণা-নিৱন্ধৰ লগতে তেওঁ উপন্যাস আদি সৃজনশীল সাহিত্যও ৰচনা কৰিছিল। বৰাক উপত্যকাৰ বৰ্মণ সমাজৰ কেইবাজনো বিশিষ্ট ব্যক্তি যেনে—নন্দন বর্মণ, মণিচৰণ বৰ্মণ, নলিনীন্দ্র কুমাৰ বৰ্মণ আৰু অনিল কুমাৰ বৰ্মণৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি। ৰাজমন্ত্ৰী বংশৰ নন্দলাল বৰ্মণ আছিল সমাজসেৱক। এজন প্রতিপত্তিশালী ব্যৱসায়ী হিচাপে তেওঁ সমাজত মান পাইছিল। বৰ্মণ সমাজৰ মানুহে তেওঁক সন্মানসূচক ‘মিলাউ’ আৰু আন সমাজৰ মানুহে ‘মহাজন’ বুলি সম্বোধন কৰিছিল। শিক্ষানুৰাগী নন্দলাল বৰ্মণে গঞা ল’ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে কাছাৰ জিলাৰ বৰখলাত ১৯০১ চনত এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমান নাম ‘ৰাজা গোবিন্দচন্দ্ৰ মেমোৰিয়েল স্কুল’। ডিমাচা ভাষাতত্ত্ব সন্দৰ্ভত প্ৰথম গ্ৰন্থ ৰচনা কৰিছিল মণিচৰণ বৰ্মণে। কুৰি শতিকাৰ প্ৰথম ভাগত প্ৰকাশিত গ্ৰন্থখনৰ নাম ‘হৈড়িম্ব ভাষা প্রবেশ’।

নলিনীন্দ্ৰ কুমাৰ বৰ্মণ

আছিল শিক্ষক। ১৯৩০ চনৰ জুন মাহত বৰ্তমানৰ ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত তেওঁ শিক্ষক হিচাপে যোগ দিছিল । ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেওঁ ব্যাপক অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম ‘The Queen of Cachar or Herambo and the History of the Cacharis’. ডিমাছা সমাজত শৰাধৰ অত্যাৱশ্যকীয় অঙ্গ হ’ল কীৰ্তন। নলিনীন্দ্ৰ কুমাৰ বৰ্মণে শৰাধৰ কীৰ্তন পদাৱলীৰ এখন সংকলন প্রকাশ কৰিছিল। উক্ত গ্ৰন্থখনৰ নাম হৈড়িম্বৰাজ গোবিন্দচন্দ্ৰকৃত হিন্দু শাস্ত্ৰীয় শ্রাদ্ধাদিৰ কীৰ্তন গীতিকা’।

ছাত্রাবস্থাৰ পৰাই অনিল কুমাৰ বৰ্মণে সমাজসেৱামূলক কামত আগবাঢ়ি আহিছিল। ১৯৪২ চনত তেওঁ ‘ডিমাছা ছাত্র সমিতি’ নামেৰে এটা সংস্থা গঠন কৰিছিল। কৰ্মজীৱনত আইন ব্যৱসায়ত ব্যস্ত থাকিলেও তেওঁ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ লগত যুক্ত আছিল। বহুদিন তেওঁ ‘নিখিল কাছাৰ হৈড়িম্ব বৰ্মণ সমিতি’ৰ সভাপতি আছিল। ৰঙমাইনগা জনগোষ্ঠীৰ গাইনগামলঙ কামেই অসম ৰাজ্যিক ফুটবল দলৰ খেলুৱৈ আছিল। নিজা সমাজত তেওঁ ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰ ঘটাইছিল। সমাজসেৱক ৰিয়াঙ লুয়াঙ ৰিপোও ৰঙমাইনগা সমাজৰ কলা-কৃষ্টিৰ বিকাশৰ বাবে আজীৱন কাম কৰিছিল। ইৰুংবম চন্দ্ৰ সিংহ মণিপুৰী সমাজত প্ৰথম অর্থনীতি বিজ্ঞানৰ সান্মাষিক স্নাতক আছিল। গঞা ল’ৰা- ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ নানাবিধ সদর্থক প্রয়াস চলাইছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ কাৰণে এটা তহবিল গঢ়ি তোলাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমান নাম ‘খেলম হাইস্কুল’। সৌগাইজমে বসন্ত কুমাৰ সিংহ সন্তোষ ট্রফি ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক দলৰ খেলুৱৈ আছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰিও হৈছিল। মণিপুৰী বিষ্ণুপ্রিয়া সমাজৰ ৰাজকুমাৰ চেনাৰিক সিংহ আৰু গুৰু বিপিন সিংহ নৃত্যকলাৰ ক্ষেত্ৰত দুজন অবিস্মৰণীয় ব্যক্তি। ছাত্ৰ-ছাত্ৰীক মণিপুৰী নৃত্যকলা শিকোৱাৰ কাৰণে ৰাজকুমাৰ চেনাকি সিংহক ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনলৈ মাতি নিছিল। নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে গুৰু বিপিন সিংহক ১৯৬৬ চনত ‘সঙ্গীত নাটক অকাডেমী বঁটা’ প্ৰদান কৰা হৈছিল। পৰৱৰ্তী কালছোৱাত তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ পৰা ‘কালিদাস সন্মান’ লাভ কৰিছিল। কলকাতাত ‘মণিপুৰী নৰ্তনালয়’ নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান তেওঁ স্থাপন কৰিছিল। জগত মোহন সিংহ আছিল এগৰাকী শিক্ষক আৰু সু-সাহিত্যিক। বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত তেওঁ কাব্য, নাটক, প্রবন্ধ আদি ৰচনা কৰিছিল। তেওঁ ‘নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

প্রশ্নাৱলী

১। নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে?

২। বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি ?

৩। বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি?

8। The background of Assamese Culture’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

৫। হায়দাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল ?

৬। চমুটোকা লিখা :

(ক) ৰাজমোহন নাথ (খ) কামালুদ্দীন আহমদ

(গ) নন্দলাল বর্মণ (ঘ) নলিনীন্দ্ৰ কুমাৰ বৰ্মণ ।

(ঙ) ইকংবম চন্দ্ৰ সিংহ (চ) বিপিন সিংহ