চৰাইৰ জগত | AJB Class 7 Assamese MCQ’s Assamese Medium | Chapter 17 | Class 7 Assamese Chapter 17 MCQ’s Type Question | AJB Class 7 Assamese |

Chapter 17

চৰাইৰ জগত |

১। চৰাইৰ আহাৰ অনুসৰি কোনবোৰো বেলেগ বেলেগ হয়?

(ক) ঠেং বোৰ

(খ) ঠোঁট বোৰ

(গ) পাখি বোৰ

উত্তৰ- (খ) ঠোঁট বোৰ ।

২। দীঘল আৰু জোঙা কিহেৰে চৰায়ে খুব জোৰেৰে উৰিব পাৰে?

(ক) ভৰিৰে

(খ) ডেউকাৰে

(গ) ওপৰৰ দয়োট শুদ্ধ

উত্তৰ- (খ) ডেউকাৰে ।

৩। পৰুৱা বাহ থকা গছত চৰাই পৰিলে ক’ত পৰুৱা লাগি আহে?

(ক) ভৰিত

(খ) পাখিত

(গ) গাত

উত্তৰ- (গ) গাত

৪। কি চৰায়ে অকলশৰে নাইবা যোৰ পাতি গছে গছে পোক খাই ফুৰে?

(ক) চেকচেকি চৰায়ে

(খ) ভাটৌ চৰায়ে

(গ) শগুন চৰায়ে

উত্তৰ- (ক) চেকচেকি চৰায়ে ।

৫। শগুন, শেন, চিলনী, ঢোঁৰাকাউৰী আদি চৰায়ে কি খায়?

(ক) পোক খায়

(খ) মঙহ খায়

(গ) বন খায়

উত্তৰ- (খ) মঙহ খায় ।

৬। পৃথিৱীত প্ৰায় কিমান বিধ বিভিন্ন প্ৰজাতিৰ চৰাই আছে?

(ক) ৮৭০০ বিধ

(খ) ৯২০০ বিধ

(গ) ৯৭০০ বিধ

উত্তৰ- (ক) ৮৭০০ বিধ ।

৭। কি চৰাই ঘৰৰ চালত বাহ লয়?

(ক) পাৰ চৰাই

(খ) ঘৰচিৰিকাই চৰাই

(গ) শালিকা চৰাই

উত্তৰ- (খ) ঘৰচিৰিকাই চৰাই ।

৮। কি চৰায়ে গছৰ গাত ফুটা কৰি পোক উলিয়াই খায়?

(ক) ভাটৌ চৰায়ে

(খ) বুলবুলি চৰায়ে

(গ) বাঢ়ৈটোকা চৰায়ে

উত্তৰ- (গ) বাঢ়ৈটোকা চৰায়ে ।

৯। চৰাই গাত কিছুমান কি হয়?

(ক) বিজানু হয়

(খ) পোক হয়

(গ) বেক্টেৰিয়া হয়

উত্তৰ- (খ) পোক হয় ।

১০। মানুহৰ দৰে চৰায়েও গাত কি সানে?

(ক) ক্ৰিম সানে

(খ) তেল সানে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) তেল সানে ।

১১। কি কি চৰায়ে মঙহ খায়?

(ক) ডাউক, শগুন, চিলনী, ঢোঁৰাকাউৰী

(খ) শগুন, চিলনী, ঢোঁৰাকাউৰী, শেন

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) শগুন, চিলনী, ঢোঁৰাকাউৰী, শেন ।

১২। বনত থাকে যি=?

(ক) বনৰিয়া

(খ) বনৰীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বনৰীয়া ।

১৩। পানীত সাঁতোৰা চৰাইবিলাকৰ কি পূৰঠ হয়?

(ক) হাত-ভৰি

(খ) তৈলগ্ৰন্থি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) তৈলগ্ৰন্থি ।

১৪। পাতসিয়া চৰায়ে কেইটা পাত চিলাই বাহটো সাজে?

(ক) দুটা

(খ) চাৰিটা

(গ) তিনিটা

উত্তৰ- (গ) তিনিটা ।

১৫। কি মাৰিলে ফৰমিক এছিডৰ গোন্ধ ওলায়?

(ক) শগুন

(খ) পৰুৱা

(গ) কেঁকোৰা

উত্তৰ- (খ) পৰুৱা ।

১৬। চৰাইৰ উৰাৰ লক্ষণটো কিহৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) হাত-ভৰিৰ ওপৰত নিৰ্ভৰ কৰে

(খ) ডেউকাৰ গঠনৰ ওপৰত

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) ডেউকাৰ গঠনৰ ওপৰত ।

১৭। তৈলগ্ৰন্থিত ৰ’দ পৰিলে কি তৈয়াৰ হয়?

(ক) ভিটামিন-এ

(খ) ভিটামিন-ডি

(গ) ভিটামিন-ই

উত্তৰ- (খ) ভিটামিন-ডি ।

১৮। কিমান চৰাই বিলুপ্ত হোৱা বুলি জনা গৈছে?

(ক) দুহেজাৰতকৈও অধিক

(খ) এহেজাৰকতৈও অধিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) এহেজাৰকতৈও অধিক ।

১৯। গছৰ গুটি খোৱা চৰাইৰ ঠোঁট কি হয়?

(ক) জোঙা আৰু টান

(খ) চুটি আৰু টান

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) চুটি আৰু টান ।

২০। চৰাইৰ তৈল গ্ৰন্থি ক’ত থাকে?

(ক) চৰাইৰ ভৰিত

(খ) চৰাইৰ ফানৰ গুৰিত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) চৰাইৰ ফানৰ গুৰিত ।

Type by- Bikul Mandal