Class 11 Education Book Chapter 2 | অধ্যায় 2 | জীৱন বিকাশৰ স্তৰ | MCQs Short Question And Answer |

Chapter 2

জীৱন বিকাশৰ স্তৰ

1. শৈশৱ কালৰ ভাষাৰ বিকাশে কি কৰে?

(ক) শিশুক শৰীৰটোক সক্ৰিয় কৰি তোলে।

(খ) শিশুৰ মানসিক বিকাশক সুদৃঢ় কৰি তোলে।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) শিশুৰ মানসিক বিকাশক সুদৃঢ় কৰি তোলে।

2. বৈশিষ্ট্য়ৰ দিশৰ পৰা বাল্য়কালক কেইটা ভাগত ভাগ কৰা হয়?

(ক) চাৰিটা ভাগত ভাগ কৰা হয়।

(খ) দুটা ভাগত ভাগ কৰা হয়।

(গ) তিনিটা ভাগত ভাগ কৰা হয়।

উত্তৰঃ (খ) দুটা ভাগত ভাগ কৰা হয়।

3. প্ৰাথমিক বাল্য়কাল কিমান বছৰৰ পৰা কিমান বছৰলৈ চলি থাকে?

(ক) 5 বছৰৰ পৰা 9 বছৰলৈ চলি থাকে।

(খ) 4 বছৰৰ পৰা 8 বছৰলৈ চলি থাকে।

(গ) 6 বছৰৰ পৰা 8/9 বছৰলৈ চলি থাকে।

উত্তৰঃ (গ) 6 বছৰৰ পৰা 8/9 বছৰলৈ চলি থাকে।

4. কল্পনা প্ৰৱণতা কোনটো কালৰ বৈশিষ্ট্য়?

(ক) যৌৱনকালৰ বৈশিষ্ট্য়।

(খ) কৈশোৰ কালৰ বৈশিষ্ট্য়।

(গ) শৈশৱ কালৰ বৈশিষ্ট্য়।

উত্তৰঃ (গ) শৈশৱ কালৰ বৈশিষ্ট্য়।

5. মানুহৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কাল কোনটো?

(ক) শৈশৱ কাল।

(খ) কৈশোৰ কাল।

(গ) যৌৱন কাল।

উত্তৰঃ (খ) কৈশোৰ কাল।

6. ষ্টেনলী হল কোন?

(ক) এজন দাৰ্শনিক।

(খ) এগৰাকী মনোবিজ্ঞানী।

(গ) এজন শিক্ষাবিদ।

উত্তৰঃ (খ) এগৰাকী মনোবিজ্ঞানী।

7. আত্ম কেন্দ্ৰিকতা বুলিলে কি বুজা?

(ক) কৈশোৰ কালৰ এটা অভ্য়াস।

(খ) শৈশৱ কালৰ এটা বৈশিষ্ট্য়।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) শৈশৱ কালৰ এটা বৈশিষ্ট্য়।

8. আগতীয়া কৈশোৰ কাল কিমান বছৰৰ পৰা কিমান বছৰলৈ চলি থাকে?

(ক) 12 ৰ পৰা 15 বছৰলৈ।

(খ) 11 ৰ পৰা 14 বছৰলৈ।

(গ) 10 ৰ পৰা 12 বছৰলৈ।

উত্তৰঃ (ক) 12 ৰ পৰা 15 বছৰলৈ।

9. নৱজাত শিশুৰ মূল আবেগ কেইটা?

(ক) পাঁচটা।

(খ) চাৰিটা।

(গ) তিনিটা।

উত্তৰঃ (গ) তিনিটা।

10. সমাজ জীৱনৰ চাহিদা কি?

(ক) শৈশৱ কালৰ এটা লক্ষণ।

(খ) কৈশোৰ কালৰ এটা বৈশিষ্ট্য়।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) কৈশোৰ কালৰ এটা বৈশিষ্ট্য়।

11. ‘Adolescence’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

(ক) পাৰ্চী ভাষাৰ পৰা।

(খ) লেটিন ধাতু ‘Adolescere’ ৰ পৰা।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) লেটিন ধাতু ‘Adolescere’ ৰ পৰা।

12. 15 বছৰৰ পৰা 18 বছৰলৈ কালছোৱাক কি বুলি কোৱা হয়?

(ক) কৈশোৰ কাল।

(খ) প্ৰান্তীয় কৈশোৰ কাল।

(গ) প্ৰান্তীয় কন্য়াকাল।

উত্তৰঃ (খ) প্ৰান্তীয় কৈশোৰ কাল।

13. কোনে কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি বৰ্ণনা কৰিছিল?

(ক) ৰুচোৱে।

(খ) ষ্টেনলী হলে।

(গ) আৰ্নেষ্ট জোনচে।

উত্তৰঃ (খ) ষ্টেনলী হলে।

14. কৈশোৰ কালত আবেগিক দিশত কিহৰ সৃষ্টি হয়?

(ক) এক উত্তেজনাৰ।

(খ) এক আগ্ৰহৰ।

(গ) এক আলোড়নৰ।

উত্তৰঃ (গ) এক আলোড়নৰ।

15. কৈশোৰ কাল কিমান বছৰৰ পৰা কিমান বছৰলৈ চলি থাকে?

(ক) 14 বছৰৰ পৰা 20 বছৰলৈ.

(খ) 12 বছৰৰ পৰা 18 বছৰলৈ।

(গ) 14 বছৰৰ পৰা 17 বছৰলৈ।

উত্তৰঃ (খ) 12 বছৰৰ পৰা 18 বছৰলৈ।

16. শিশুসূলভ কি?

(ক) কৈশোৰ কালৰ এটা লক্ষণ।

(খ) কৈশোৰ কালত শিশুৰ দৰে আচৰণ কৰা।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (গ) ওপৰত থকা এটাও নহয়।

17. সৰ্বপ্ৰাণবাদিতা কি?

(ক) কৈশোৰ কালৰ এটা বৈশিষ্ট্য়।

(খ) শৈশৱ কালৰ এটা বৈশিষ্ট্য়।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) শৈশৱ কালৰ এটা বৈশিষ্ট্য়।

18. শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা কোন?

(ক) আৰ্নেষ্ট জোনচ।

(খ) ৰুচো।

(গ) ষ্টেনলী হল।

উত্তৰঃ (খ) ৰুচো।

19. কোনটো কালত দৈহিক বিকাশৰ স্তৰ আন সকলো স্তৰতকৈ দ্ৰুত?

(ক) কৈশোৰ কালত।

(খ) শৈশৱ কালত।

(গ) যৌৱন কালত।

উত্তৰঃ (খ) শৈশৱ কালত।

20. অনুকৰণ প্ৰৱণতাই কি কৰে?

(ক) শিশুৰ দৈহিক সমস্য়াবোৰ দূৰ কৰে।

(খ) শিশুৰ মানসিক বিকাশত সহায় কৰে।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (খ) শিশুৰ মানসিক বিকাশত সহায় কৰে।