AJB Class 8 Social Science Chapter 8 | নাগৰিকত্ব | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 8

নাগৰিকত্ব

১) নাগৰিক কাক বোলে ?
উত্তৰ ঃ
 পুৰণিকালত নগৰত বাস কৰা লোকক নাগৰিক বোলা হয়।

২) নগৰ শব্দটোৰপৰা কি শব্দ  বিকাশ ঘটিছে ?
উত্তৰ ঃ
  নগৰ শব্দটোৰপৰা নাগৰিক শব্দ  বিকাশ ঘটিছে।

৩) নাগৰিকত্বক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ?
উত্তৰ ঃ
 নাগৰিকত্বক দুটা ভাগত ভাগ কৰিছে আৰু সেয়া হ’ল একক নাগৰিকত্ব আৰি দ্বি বা দ্বৈত নাগৰিকত্ব।

৪) অসমত বসবাস কৰা লোকক কি বোলা হয় ?
উত্তৰ ঃ
 অসমত বসবাস কৰা লোকক অসমৰ নাগৰিক বুলি কোৱা হয়।

৫) একক নাগৰিকত্ব কাক বোলে ?
উত্তৰঃ 
ৰাষ্ট্ৰ এখনৰ নাগৰিকে গোটেই ৰাষ্ট্ৰখনৰে নাগৰিকত্ব পালে তেনেকুৱা নাগৰিকত্বকে একক নাগৰিকত্ব বোলা হয়।

৬) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে কি নাগৰিকত্ব সুবিধা ভোগ ?
উত্তৰ ঃ
 আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে দ্বৈত নাগৰিকত্ব সুবিধা ভোগ।

৭) অধিবাসী কাক বোলে ?
উত্তৰ ঃ
 এখন দেশত বসবাস কৰা সকলো লোকক অধিবাসী বোলা হয়।

৮) যিসকল অধিবাসী দেশখনৰ নাগৰিক নহয় তেওঁলোকক কি বোলা হয় ?
উত্তৰ ঃ
 যিসকল অধিবাসী দেশখনৰ নাগৰিক নহয় তেওঁলোকক বিদেশী বোলা হয় ।

৯)বিদেশীক কেইটা ভাগত ভগোৱা হয় আৰু কি কি ?
উত্তৰঃ 
বিদেশীক দুটা ভাগত ভগোৱা হয় আৰু সেয়া  ভাগ দুটা হ’ল বৈধ বিদেশী আৰু অবৈধ বিদেশী ।

১০)  গণতন্ত্ৰৰ প্ৰধান উপাদান কি ?
উত্তৰ ঃ
  গণতন্ত্ৰৰ প্ৰধান উপাদান হ’ল জনসাধাৰণ।

১১) নাগৰিকত্ব বিলুপ্তিৰ কাৰণসমূহ কেইটা ভাগত বিবেচনা কৰিব পাৰি আৰু কি কি ?
উত্তৰ ঃ
 নাগৰিকত্ব বিলুপ্তিৰ কাৰণসমূহ দুটা ভাগত বিবেচনা কৰিব পাৰি আৰু ভাগ দুটা হ’ল ইতিবাচক আৰু নেতিবাচক।

১২) জন্মগত নাগৰিক কাক বোলে ?
উত্তৰ ঃ
 প্ৰতিটো শিশুৱে যি দেশত জন্মগ্ৰহণ কৰে শিশুটোৱে সেই ৰাষ্ট্ৰখনৰ নাগৰি কত্ব লাভ কৰে এনে ধৰণে নাগৰিকত্ব লাভ কৰা নাগৰিকক জন্মগত নাগৰিক বোলা হয়।

১৩)  অসম ভাৰতৰ এখন অংগ কি ?
উত্তৰ ঃ
  অসম ভাৰতৰ এখন অংগ হ’ল ৰাজ্য ।

১৪) সকলো অধিবাসীয়ে দেশখনৰ নাগৰিক হব পাৰেনে?
উত্তৰ ঃ
সকলো অধিবাসীয়ে দেশখনৰ নাগৰিক নহব পাৰেনে।

১৫) নাগৰিক আৰু বিদেশী দুয়ো শ্ৰেণীৰ লোকে ক’ত বাস কৰে ?
উত্তৰ ঃ
 নাগৰিক আৰু বিদেশী দুয়ো শ্ৰেণীৰ লোকে ৰাষ্ট্ৰত বাস কৰে।