AJB Class 8 Social Science Chapter 7 | ৰাষ্ট্ৰ | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 7

ৰাষ্ট্ৰ

১) কি দেশকেই ৰাষ্ট্ৰৰ উতপত্তিস্থল বুলি ভবা হয়?

উত্তৰ ঃ গ্ৰিছ দেশকেই ৰাষ্ট্ৰৰ উতপত্তিস্থল বুলি ভবা হয়।

২) নগৰ-ৰাষ্ট্ৰ মানে কি ?

উত্তৰ ঃ গ্ৰিকসকলৰ নগৰ-ৰাষ্ট্ৰবোৰৰ আকাৰ সৰু আছিল আৰু একো একোখন নগৰতে ই সীমাবদ্ধ আছিল বাবেই ইয়াক নগৰ-ৰাষ্ট্ৰ বোলা হৈছিল।

৩) বৰ্তমান যুগত ব্যৱহাৰ ৰাষ্ট্ৰ শব্দটোৰ অৰ্থ বুজাবলৈ গ্ৰিকসকলে কি শব্দ ব্যৱহাৰ কৰিছিল ?

উত্তৰ ঃ বৰ্তমান যুগত ব্যৱহাৰ ৰাষ্ট্ৰ শব্দটোৰ অৰ্থ বুজাবলৈ গ্ৰিকসকলে পলিছ  শব্দ ব্যৱহাৰ কৰিছিল।

৪) বৰ্তমান যুগত ব্যৱহাৰ ৰাষ্ট্ৰ শব্দটোৰ অৰ্থ বুজাবলৈ ৰোমানসকলে কি শব্দ ব্যৱহাৰ কৰিছিল ?

উত্তৰ ঃ বৰ্তমান যুগত ব্যৱহাৰ ৰাষ্ট্ৰ শব্দটোৰ অৰ্থ বুজাবলৈ ৰোমানসকলে ছিভিটাছ শব্দ ব্যৱহাৰ কৰিছিল।

৫) কি শব্দটোৰপৰাই  ষ্টেট অৰ্থাত ৰাষ্ট্ৰ শব্দটোৰ উতপত্তি হোৱা বুলি পণ্ডিতসকলে কয় ?

উত্তৰ ঃ ষ্টেটাৰ শব্দটোৰপৰাই  ষ্টেট অৰ্থাত ৰাষ্ট্ৰ শব্দটোৰ উতপত্তি হোৱা বুলি পণ্ডিতসকলে কয়।

৬) ৰাষ্ট্ৰ শব্দটো পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ?

উত্তৰ ঃ ৰাষ্ট্ৰ শব্দটো পোন প্ৰথমে ইটালি দেশৰ ৰাজনীতিবিদ আৰু দাৰ্শনিক মেকিয়াভেলিয়ে ব্যৱহাৰ কৰিছিল।

৭) ৰাষ্ট্ৰ সৃষ্টিৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ কি কি ?

উত্তৰ ঃ ৰাষ্ট্ৰ সৃষ্টিৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ হ’ল (ক) জনসমষ্টি, (খ) নিৰ্দিষ্ট ভূখণ্ড, (গ) চৰকাৰ আৰুি (ঘ) সাৰ্বভৌমত্ব।

৮) ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান কি ?

উত্তৰ ঃ ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান হ’ল সাৰ্বভৌমত্ব।

৯) ৰাষ্ট্ৰ গঠনৰ আন এটা দৰকাৰী উপাদান কি ?

উত্তৰ ঃ ৰাষ্ট্ৰ গঠনৰ আন এটা দৰকাৰী উপাদান হ’ল চৰকাৰ।

১০) সাৰ্বভৌমত্বৰ দিশ দুটা কি কি ?

উত্তৰ ঃ সাৰ্বভৌমত্বৰ দিশ দুটা হ’ল আভ্যন্তৰীণ আৰু বাহ্যিক।

১১) কাৰ মতে প্ৰকৃতি ৰাজ্যত মানুহে জন্তুৰ দৰে বাস কৰিছিল ?

উত্তৰ ঃ হব্চৰ মতে প্ৰকৃতি ৰাজ্যত মানুহে জন্তুৰ দৰে বাস কৰিছিল।

১২) কিমান চনৰ সময়ছোৱাত জাৰ্মানীখন নাজীসকলে শাসন কৰিছিল ?

উত্তৰ ঃ 1930 চনৰ সময়ছোৱাত জাৰ্মানীখন নাজীসকলে শাসন কৰিছিল ।

১৩) ৰাষ্ট্ৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰ ঃ ৰাষ্ট্ৰক দুটা ভাগত ভগাব পাৰি আৰু সেয়া হ’ল (ক) পুলিচ বা আৰক্ষী ৰাষ্ট্ৰ (খ) কল্যাণকামী ৰাষ্ট্ৰ।

১৪) ৰাষ্ট্ৰৰ কাৰ্যাৱলীক ৰাজনীতি বিজ্ঞানে কেইটা দিশৰপৰা আলোচনা কৰে আৰু কি কি ?

উত্তৰ ঃ ৰাষ্ট্ৰৰ কাৰ্যাৱলীক ৰাজনীতি বিজ্ঞানে দুটা দিশৰপৰা আলোচনা কৰে আৰু সেই ভাগ দুটা হ’ল (ক) ব্যক্তিবাদ আৰু (খ) সমাজবাদ।

১৫) কোনে ষ্টেটাছ শব্দটো প্ৰয়োগ কৰিছিল ?

উত্তৰ ঃ টিউটনসকলে  ষ্টেটাছ শব্দটো প্ৰয়োগ কৰিছিল।