Class 11 Education Book Chapter 4 | অধ্যায় 4 | মনোবিজ্ঞান আৰু শিক্ষা | MCQs Short Question And Answer |

Chapter 4

মনোবিজ্ঞান আৰু শিক্ষা

1. Psychology শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

(ক) লেটিন ভাষাৰ পৰা।

(খ) দুটা গ্ৰীক শব্দৰ পৰা।

(গ) প্ৰাকৃত ভাষাৰ পৰা।

উত্তৰঃ (খ) দুটা গ্ৰীক শব্দৰ পৰা।

2. ব্য়ক্তি স্বতন্ত্ৰতা কি?

(ক) শিক্ষাৰ এক অংগ।

(খ) মনোবিজ্ঞানৰ এক প্ৰতিষ্ঠিত নীতি।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (খ) মনোবিজ্ঞানৰ এক প্ৰতিষ্ঠিত নীতি।

3. শিক্ষা মনোবিজ্ঞান কি?

(ক) মনোবিজ্ঞানৰ লগত জড়িত এটা বিষয়।

(খ) সমাজ বিজ্ঞানৰ এটা ৰূপ।

(গ) মনোবিজ্ঞানৱৰ এক গুৰুত্বপূৰ্ণ শাখা।

উত্তৰঃ (গ) মনোবিজ্ঞানৱৰ এক গুৰুত্বপূৰ্ণ শাখা।

4. শিক্ষাৰ লক্ষ্য়সমূহ কিহৰ ওপৰত নিৰ্ভৰশীল?

(ক) মনোবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল।

(খ) শিক্ষাদৰ্শনৰ ওপৰত নিৰ্ভৰশীল।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (খ) শিক্ষাদৰ্শনৰ ওপৰত নিৰ্ভৰশীল।

5. “শিক্ষা মনোবিজ্ঞান হ’ল মনোবিজ্ঞানৰ এটা শাখা যিটো শিক্ষণ আৰু শিকনৰ কাৰ্যৰ লগত জড়িত” কাৰ মতানুসাৰে?

(ক) বাৰ্ণাডৰ মতানুসাৰে।

(খ) স্কিনাৰৰ মতানুসাৰে।

(গ) কোলেচনিকৰ মতানুসাৰে।

উত্তৰঃ (খ) স্কিনাৰৰ মতানুসাৰে।

6. চেতনাৰ গতি আৰু প্ৰকৃতি অনুশীলন কৰা কাম কৰা?

(ক) ৰসায়ন বিজ্ঞানৰ।

(খ) মনোবিজ্ঞানৰ।

(গ) সমাজ বিজ্ঞানৰ।

উত্তৰঃ (খ) মনোবিজ্ঞানৰ।

7. Psyche শব্দৰ অৰ্থ কি?

(ক) আত্মা।

(খ) অস্তিত্ব।

(গ) শৰীৰ।

উত্তৰঃ (ক) আত্মা।

8. শিক্ষা মনোবিজ্ঞানে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত কি স্থাপন কৰে?

(ক) পৃথকীকৰণ স্থাপন কৰে।

(খ) এক যোগসূত্ৰ স্থাপন কৰে।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) এক যোগসূত্ৰ স্থাপন কৰে।

9. সক্ৰিয়তাবাদ কি?

(ক) মনোবিজ্ঞানৰ এক অংশ।

(খ) আধুনিক শিক্ষাৰ এটি গুৰুত্বপূৰ্ণ তাত্ত্বিক ধাৰণা হ’ল।

(গ) মনোবিজ্ঞানৰ সৈতে জড়িত এক বিষয়।

উত্তৰঃ (খ) আধুনিক শিক্ষাৰ এটি গুৰুত্বপূৰ্ণ তাত্ত্বিক ধাৰণা হ’ল।

10. Logos শব্দৰ অৰ্থ কি?

(ক) মনোবিজ্ঞানৰ স্তৰ।

(খ) যুক্তিপূৰ্ণ তথ্য় বা বিজ্ঞান।

(গ) প্ৰত্য়ক্ষন।

উত্তৰঃ (খ) যুক্তিপূৰ্ণ তথ্য় বা বিজ্ঞান।

11. মানুহৰ আচৰণত কেইটা বহল দিশৰ অভিজ্ঞতা জড়িত হৈ থাকে?

(ক) পাঁচটা।

(খ) সাতটা।

(গ) তিনিটা।

উত্তৰঃ (গ) তিনিটা।

12. শিক্ষকৰ প্ৰচেষ্টা আৰু শিক্ষাৰ্থীৰ আত্মসক্ৰিয়তাৰ ফলত লাভ কৰা ফলাফল বিচাৰ কৰি চোৱাৰ দায়িত্ব কাৰ?

(ক) শিক্ষামন্ত্ৰী।

(খ) অভিভাৱক।

(গ) শিক্ষক।

উত্তৰঃ (গ) শিক্ষক।

13. শিক্ষা এক কেনেধৰণৰ প্ৰক্ৰিয়া?

(ক) স্থিৰ।

(খ) গতিশীল।

(গ) অলৌকিক।

উত্তৰঃ (খ) গতিশীল।

14. উৎপত্তিগত দিশৰপৰা মনোবিজ্ঞান কি?

(ক) আপেক্ষিক বিজ্ঞান।

(খ) আত্মা বিজ্ঞান।

(গ) আচৰণৰ বিজ্ঞান।

উত্তৰঃ (খ) আত্মা বিজ্ঞান।

15. উইলিয়াম জেমছৰ মতে মনোবিজ্ঞান কি?

(ক) আত্মা সম্পৰ্কে উচ্চ খাপৰ চিন্তা কৰা।

(খ) চেতনাৰ অনুশীলনকাৰী বিজ্ঞান।

(গ) অভিজ্ঞতা।

উত্তৰঃ (খ) চেতনাৰ অনুশীলনকাৰী বিজ্ঞান।

16.  শিক্ষা মনোবিজ্ঞানৰ অধ্য়য়নৰ বিষয়বস্তু কি?

(ক) মানৱ আচৰণ।

(খ) নৈতিকতা।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (ক) মানৱ আচৰণ।

17. বেইন কোন?

(ক) এজন শিক্ষাবিদ।

(খ) এগৰাকী দাৰ্শনিক।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (খ) এগৰাকী দাৰ্শনিক।

18. শিক্ষাৰ লক্ষ্য় কোনে নিৰ্ধাৰণ কৰে?

(ক) শিক্ষা-দৰ্শনে।

(খ) মনোবিজ্ঞানে।

(গ) আপেক্ষিক বিজ্ঞানে।

উত্তৰঃ (ক) শিক্ষা-দৰ্শনে।

19. শিক্ষা মনোবিজ্ঞানৰ মূল উদ্দেশ্য় কি?

(ক) শিক্ষাৰ্থীৰ সফলতা।

(খ) শিক্ষকক পেচাগত দক্ষতা প্ৰদান।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) শিক্ষকক পেচাগত দক্ষতা প্ৰদান।

20. শিক্ষাৰ ক্ষেত্ৰত থকা এক ব্য়ৱহাৰিক সমস্য়া কি?

(ক) ব্য়স্ততা।

(খ) অৱসাদ।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) অৱসাদ।