Class 5 Assamese Chapter 9 |ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল | MCQs Short Question Answer SCERT School |

Chapter 9

ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল

১। ভতুৱা আৰু খঁকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল?

(ক)খঁকুৱাই গাওঁবুঢ়া দেউতাৰ চকীখনত বহা কাৰণে

(খ)খঁকুৱাই ভতুৱাৰ ভাগৰ গাখীৰ খোৱা কাৰণে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)খঁকুৱাই গাওঁবুঢ়া দেউতাৰ চকীখনত বহা কাৰণে

২। যি বনত থাকে,তাক কি বোলে?

(ক)বাঘ

(খ)ভতুৱা

(গ)বনৰীয়া

উত্তৰঃ (গ)বনৰীয়া

৩। যাৰ খঁক আছে,তাক কি বোলে?

(ক)ভতুৱা

(খ)খকুৱা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)খকুৱা

৪। যি বেছিকৈ ভাত খায়,তাক কি বোলে?

(ক)খঁকুৱা

(খ)ভতুৱা

(গ)এলেহুৱা

উত্তৰঃ (খ)ভতুৱা

৫। গাঁৱৰ মুখিয়াল জনক কি বুলি কয়?

(ক)গাওঁবুঢ়া

(খ)মুখ্যমন্ত্ৰী

(গ)ৰাষ্ট্ৰপতি

উত্তৰঃ (ক)গাওঁবুঢ়া

৬। ঘৰ শব্দৰ প্ৰতিশব্দ কি?

(ক)হৰ্ষ

(খ)গৃহ

(গ)ধৰণী

উত্তৰঃ (খ)গৃহ

৭। শেষ শব্দৰ প্ৰতিশব্দ কি?

(ক)দুখ

(খ)আলয়

(গ)সমাপ্ত

উত্তৰঃ (গ)সমাপ্ত

৮। পৃথিৱী শব্দৰ প্ৰতিশব্দ কি?

(ক)ঘূৰণীয়া

(খ)গৃহ

(গ)ধৰণী

উত্তৰঃ (গ)ধৰণী

৯। বিষাদ শব্দৰ প্ৰতিশব্দ কি?

(ক)সুখ

(খ)দুখ

(গ)হৰ্ষ

উত্তৰঃ (খ)দুখ

১০। দেউতাৰ ককায়েকক কি বুলি কয়?

(ক)ককা

(খ)মহা

(গ)বৰদেউতা

উত্তৰঃ (গ)বৰদেউতা

১১। আইৰ ভনীয়েকক কি বুলি কয়?

(ক)মাহী

(খ)মাহী আইতা

(গ)আইতা

উত্তৰঃ (ক)মাহী

১২। জেঠাইৰ গিৰীয়েকক কি বুলি কয়?

(ক)ককা

(খ)জেঠপেহা

(গ)পেহী

উত্তৰঃ (খ)জেঠপেহা

১৩। দেউতাৰ ভনীয়েকক কি বুলি কয়?

(ক)পেহী

(খ)মাহী

(গ)জেঠাই

উত্তৰঃ (ক)পেহী

১৪। ভতুৱা শব্দৰ অৰ্থ কি?

(ক)এটা লুভীয়া বোন্দা

(খ)এটা শকত-আৱত ধেকুৰা কুকুৰ

(গ)মেকুৰী

উত্তৰঃ (খ)এটা শকত-আৱত ধেকুৰা কুকুৰ

১৫। আইৰ ককায়েক কি বুলি কয়?

(ক)মহা

(খ)মোমাই

(গ)ইয়াৰ ভিতৰত এটাও নহয়ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)মোমাই

১৬। ন+ত= কি?

(ক)ন্ট

(খ)ন্দ

(গ)ন্ত

উত্তৰঃ (গ)ন্ত

১৭। ন+ত+উ= কি?

(ক)ন্ত

(খ)ন্তু

(গ)ন্দু

উত্তৰঃ (খ)ন্তু

১৮। ব+দ= কি?

(ক)দ্ব

(খ)ব্দ

(গ)ব্ব্দ

উত্তৰঃ (খ)ব্দ

১৯। শ+ব= কি?

(ক)ষ্ব

(খ)শ্ন

(গ)শ্ব

উত্তৰঃ (গ)শ্ব

২০। দ+ধ= কি?

(ক)ব্দ

(খ)দ্ব

(গ)দ্ধ

উত্তৰঃ (গ)দ্ধ