উত্তৰ:- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।

উত্তৰ:- হৰিক।

উত্তৰ:- বিষয় বাসনাত।

উত্তৰ:- শ্ৰী শ্ৰী মাধৱদেৱ।

উত্তৰ:- বসন্ত ৰাগত।

উত্তৰ:- হৰিক সম্বোধন কৰিছে।

উত্তৰ:- মায়াৰ বন্ধন।

উত্তৰ। হৰিৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰি চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভকতৰ বাবে হৰিৰ চৰণযুগল হল পৰমধন আৰু ভকতৰ বাবে হৰি হ’ল জীৱনস্বৰূপ। হৰিৰ মহিমাৰ কথা বাদদি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। হৰিৰ আগত অজস্ব ধন সোণ তেওঁলোকৰ বাবে মূল্যহীন। হৰিক লাভ কৰিব বাবে ভকতে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে প্ৰাৰ্থনা কৰে। যাতে হৰিৰ চৰণযুগলত আশ্ৰয় লব পাৰে। আৰু জীৱনৰ শেষ সময়খিনি তেওঁৰ চৰণতে সমাপ্ত কৰিব বিচাৰে। সেইবাবে তেওঁলোকে কাতৰ ভাৱে হৰিক প্ৰাৰ্থনা কৰে যাতে হৰিয়ে জীৱনে মৰণে তেওঁলোকৰ লগ নেৰে।

উত্তৰ। নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীৰ ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰে। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল নামঘোষা। এহেজাৰটা ঘোষা থকাৰ বাবে এইখন হেজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হল -আখ্যানমূলক ৰচনা – ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনা – জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। নাট – অৰ্জুন ভঞ্জন বা দধিমথন। ঝুমুৰা – চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত ‘বৰগীত’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। হৰিৰ মহিমাৰ কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাঁকি উল্লেখ কৰিছে।

       হৰিৰ মহিমা অপাৰ। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰে। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। কিছু কিছু ভক্তই বছৰ বছৰ ধৰি হিমালয় পৰ্বতৰ বৰফত, পানীৰ তলত বছৰ বছৰ ধৰি ধ্যান কৰি থাকে, হৰিৰ মহিমাক লাভ কৰিবলৈ। কিন্তু হৰিক সন্তুষ্ট কৰি তেওঁৰ মহিমাক লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে ভক্ত কবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মান্দৰ সৃষ্টি কৰিছে, স্থিতি – স্থিতিলয়ৰ গৰাকী সেই গৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰহ্মা, মহেশ্বৰ দেৱতাসকলৰো অজ্ঞাত হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ।

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত ‘বৰগীত’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মায়ামোহত আৱদ্ধ কবিয়ে মুক্ত বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ প্ৰসংগত উক্ত গীতফাঁকি উল্লেখ কৰিছে। পৰম ব্ৰহ্ম পৰমেশ্বৰ নিম্ভৰ্ণ, নিৰাকাৰ। নিগুৰ্ণ ব্ৰহ্মাই গুণ ৰূপে অৱতাৰ গ্ৰহণ কৰি জগতৰ তৰণৰ হেতু বিভিন্ন লীলা প্ৰকাশ কৰে। হৰিৰ ভক্ত সকলে বিশ্বাস কৰে যে হৰিৰ চৰণত স্থান লাভ কৰিব পাৰিলে সংসাৰ মায়ামোহ, বিষয় – বাসনাৰ পৰা মুক্তি লাভ কৰিব পাৰি। ভক্তি কবি সংসাৰৰ মায়া মোহ, বিষয়- বাসনাত আৱদ্ধ। সেইবাবে তেওঁ হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে যাতে হৰিয়ে নিজৰ চৰণত কবিক স্থান দি এই সংসাৰৰ মায়া- মোহ, বিষয়- বাসনাৰ পৰা উদ্ধাৰ কৰে।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানেই যে জীৱনস্বৰূপ সেই কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাঁকি উল্লেখ কৰিছে। হৰিৰ ভক্তসকল ভগৱানৰ প্ৰেমত একেবাৰে নিমজ্জিত। হৰিক বাদ দি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। ভক্তৰ বাবে হৰিয়েই হল জীৱনস্বৰূপ। ভক্তৰ বাবে হৰিৰ চৰণক বাদ দি সকলো ধন- বিত, সা- সম্পতি সকলোবোৰ অৰ্থহীন। হৰিৰ দুই চৰণকমল তেওঁলোকৰ বাবে জীৱনস্বৰূপ। প্ৰকৃত ভক্তই হৰিৰ প্ৰেমত এনেদৰে নিমজ্জিত হয় যে তাতোকৈ শ্ৰেষ্ঠ, ভাল, আনন্দদায়ক কিবা থাকিব পাৰে বুলি তেওঁলোকে ভাবিবই নোৱাৰে। হৰিৰ চৰণ তেওঁলোকৰ বাবে অজস্ব ধন সম্পত্তিতকৈও অধিক মূল্যৱান। সেই দুই চৰণতে তেওঁলোকৰ জীৱনৰ প্ৰকৃত সুখ, আনন্দ আদি লুকাই থাকে। সেইবাবে ভক্তসকলে হৰিৰ প্ৰেমত আপোন পাহৰা হৈ তেওঁকেই জীৱনৰ প্ৰকৃত সম্পদ বুলি ধৰি লয়।

উত্তৰঃ হৰিৰ মহিমাৰ অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ আদি যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে হৰিক পাৰ্থনা কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। তেওঁৰ মহিমা সনক, সনন্দ আদি যোগী সকলোৰো অজ্ঞাত। সেয়েহে হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি ভক্তই হৰিক কাতৰ ভাৱে প্ৰাৰ্থনা কৰিছে, যাতে তেওঁক জীৱনে মৰণে কেতিয়াও লগ নেৰে।

উত্তৰঃ বৰগীতৰ চাৰিটা লক্ষন হল – ১। বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।

২। বৰগীতৰ ভাষা ব্ৰজাৱলী।

৩। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।

৪। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।

উত্তৰঃ নাপাৱন্ত – নাপাই।

কেনে – কেনেকৈ।

ভৈলোহো – লাভকৰা।

তুমিসে – তুমিয়েই।

জনেৰ – জনৰ।

কহয় – কয়।

উত্তৰঃ ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। এই সাহিত্যিক ভাষাক ব্রজবুলি, ব্রজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্রুতিমধুৰ।

উত্তৰ:- নামঘোষা।

উত্তৰ:- মাধৱদেৱৰ ৰচনাসমূহক চাৰিটা ভাগত ভগাব পাৰি। ১) আখ্যানমূলক ৰচনা – ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ। ২) তত্ত্বমূলক ৰচনা – জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। ৩) নাট – অৰ্জুন ভঞ্জন বা দধিমথন। ৪) ঝুমুৰা – চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।

উত্তৰ:- লক্ষিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত।

উত্তৰ:- ১৯১ টা।

উত্তৰ:- ছিঙি দিয়া।

উত্তৰ:- ৰাজসূয় কাব্য।

উত্তৰ:- শংকৰদেৱৰ।

উত্তৰ:- নাম ঘোযাক হেজাৰী ঘোষা বুলিও জনা যায়। এহেজাৰটা ঘোষা নামঘোষাত সন্নিবিস্ট্য় থকাৰ বাবে নাম ঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়।

উত্তৰ:- `অৰ্জুন ভঞ্জন’ নাটকখনৰ ৰচক আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে।

উত্তৰ:- বৰগীতটিত কবিয়ে সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে।

উত্তৰ:- বৰগীতটিত কবিয়ে হৰিৰ চৰণত শৰণ লব বিচাৰিছে।

উত্তৰ:- যাহাকু – যাক।

নিগম – নিগম শাস্ত্ৰ।

বিষয় বিকলে – সাংসাৰিক দুখ।

শৰণ – চৰণ।

ছোড় – ছিঙি দিয়া।

মোহ পাশ – মায়াৰ বন্ধন।

উত্তৰ:- মাধৱদেৱৰ পিতৃ হ’ল গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা।

উত্তৰ:- মাধৱদেৱে বাৰাদি, গণককুছি, সুন্দৰীদিয়া ভেলাডাংগা আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল।

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ হল – জন্মৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা।

উত্তৰঃ বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য হল -১) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত গীতসমূহেই হল বৰগীত। ২) বৰগীত সমূহৰ ভাষা ব্ৰজাৱলী। ৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।

উত্তৰঃ ইয়াত বিষয় বিকল মানে সাংসাৰিক দুখ, কষ্ট বুজাইছে।

উত্তৰঃ ইয়াত মহাধন বুলি ভগৱানৰ চৰণৰ কথা কোৱা হৈছে।

উত্তৰঃ ইয়াত হৰিৰ মায়াৰ বন্ধনৰ কথা কোৱা হৈছে।

Scroll to Top