SEBA Class 9 Science Chapter 2 Answer 2026 | Class 9 General Science Chapter 2 Question and Answer Solution By SEBA Teachers | আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? |

অধ্যাযঃ ২ 
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? 

প্ৰশ্নাৱলীঃ1. পদাৰ্থ বুলিলে কি বুজায়?উত্তৰঃ আমাৰ চাৰিওফালে থকা বিভিন্ন আকাৰ, ৰূপ, গঠনৰ অসংখ্য় বস্তু দেখিবলৈ পোৱা যায়। যেনেঃ বায়ু, পানী, মাটি, উদ্ভিদ আদি সকলো বস্তুকে পদাৰ্থ বুলি কোৱা হয়।
বা 
দ্ৰৱ বা বস্তুৰ বিশুদ্ধ ৰূপক পদাৰ্থ বোলে। যেনে 一 চেনি, নিমখ আদি।
2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ হ’ল 一(i) সমসত্ব মিশ্ৰণত সংযুতি একে আৰু অসমসত্ব মিশ্ৰণত সংযুতি একে নহয়।(ii) সমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে হয়। কিন্তু অসমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়।(iii) সমসত্ব মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাৱে বিস্তাৰিত হৈ থাকে কিন্তু অসমসত্ব মিশ্ৰণত নাথাকে।

প্ৰশ্নাৱলীঃ
1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য় লিখা।উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য়বোৰ হ’ল 一(i) দ্ৰৱণৰ এটা ধৰ্ম হ’ল সমসত্ব মিশ্ৰণ। আনহাতে প্ৰলম্বনৰ ধৰ্ম হ’ল অসমসত্ব মিশ্ৰণ।উদাহৰণস্বৰূপেঃ পানী আৰু চেনিৰ মিশ্ৰণ, চকমাটি আৰু ময়দাৰ গুৰি।
(ii) সমসত্ব মিশ্ৰণটোত দ্ৰৱণৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায়। আনহাতে, অসমসত্ব মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখা পোৱা য়ায।
(iii) সমসত্ব দ্ৰৱণত দ্ৰৱ্য়ৰ কণিকাবোৰ সৰু হোৱাৰ বাবে ইহঁতে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে। গতিকে দ্ৰৱণৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মি দৃশ্য়মান নহয়। আনহাতে অসমসত্ব মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে আৰু পোহৰ ৰশ্মি গতি দৃশ্য়মান কৰি তোলে।
(iv) পৰিস্ৰাৱণ প্ৰণালীৰে সমসত্ব মিশ্ৰণ পৃথক কৰিব নোৱাৰি। আনহাতে, অসমসত্ব মিশ্ৰণ পৃথক কৰিব পাৰি। 
সমসত্ব মিশ্ৰণৰ উদাহৰণ হ’লঃ কপাৰ ছালফেট আৰু পানী, চেনি আৰু পানী। 
অসমসত্ব মিশ্ৰণৰ উদাহৰণ হ’লঃ চকমাটি আৰু ময়দাৰ গুৰি, গাখীৰ আৰু চিয়াঁহী।
2. কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি?উত্তৰঃ– 

কলয়ডদ্ৰৱণপ্ৰলম্বন
কলয়ড অসমসত্ব মিশ্ৰণ।দ্ৰৱণ সমসত্ব মিশ্ৰণ।প্ৰলম্বন অসমসত্ব মিশ্ৰণ।
কলয়ড খালী চকুৰে মনিব নোৱাৰি।দ্ৰৱণ খালী চকুৰে মনিব নোৱাৰি।প্ৰলম্বন খালী চকুৰে মনিব পাৰি।
পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে আৰু টিণ্ডেল ক্ৰিয়া হয়।পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে।পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে।
পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰে।পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰে।পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব পাৰে।
দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ।দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ।দ্ৰৱণৰ কণিকাবোৰ অস্থিৰ।

3. 293k উষ্ণতাত 100ml পানীত 36g ছডিয়াম ক্লৰাইড দ্ৰবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা।উত্তৰঃ ইয়াত, দ্ৰাৱ্য়ৰ ভৰ ছডিয়াম ক্ল’ৰাইড (NaCl) = 36g                        দ্ৰাৱক পানীৰ ভৰ                               = 100mlআমি জানো যে,দ্ৰৱণৰ ভৰ = দ্ৰাৱ্য়ৰ ভৰ + দ্ৰাৱকৰ ভৰ
                  = 36g + 100ml                  = 136g

প্ৰশ্নাৱলীঃ1. কেৰাছিন আৰু পেট্ৰ’লৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য় 25ºC তকৈ বেছি।) মিশ্ৰণৰ পৰা সিঁহতক কিদৰে পৃথক কৰিবা?উত্তৰঃ যিহেতু কেৰাছিন আৰু পেট্ৰ’লৰ উতলাংকৰ পাৰ্থক্য় 25ºc তকৈ বেছি। গতিকে এই মিশ্ৰণটোক পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি।

2. তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।

(i) দৈৰ পৰা মাখন (butter)।

(ii) সাগৰৰ পানীৰ পৰা নিমখ।

(iii) নিমখৰ পৰা কৰ্পূৰ।উত্তৰঃ (i) দৈৰ পৰা মাখন = অপকেন্দ্ৰিক পদ্ধতি।                       (ii) সাগৰৰ পানীৰ পৰা নিমখ = স্ফটিকীকৰণ পদ্ধতি।                       (iii) নিমখৰ পৰা কৰ্পূৰ = উৰ্ধপাতন পদ্ধতি।

3. স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়?উত্তৰঃ স্ফটিকীকৰণ পদ্ধতিৰ দ্বাৰা কঠিন আৰু অশুদ্ধ পদাৰ্থৰ মিশ্ৰণক পৃথক কৰিব পৰা যায়।
প্ৰশ্নাৱলীঃ 
1. তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্তন?

• গছ কটা।• কেৰাহি এখনত মাখন গলি যোৱা।

• আলমাৰিত মামৰ ধৰা।

• পানী উতলাই জলীয় ভাপ কৰা

• পানীৰ মাজেদি বিদ্য়ুত প্ৰৱাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা।

• পানীত নিমখ দ্ৰৱীভূত কৰা।

• কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা।

• কাগজ আৰু কাঠ পুৰিলে।উত্তৰঃ– গছ কটা = ভৌতিক পৰিৱৰ্তন।           কেৰাহি এখনত মাখন গলি যোৱা =  ভৌতিক পৰিৱৰ্তন।           আলমাৰিত মামৰ ধৰা = ৰাসায়নিক পৰিৱৰ্তন।           পানী উতলাই জলীয় ভাপ কৰা = ভৌতিক পৰিৱৰ্তন।         পানীৰ মাজেদি বিদ্য়ুত প্ৰৱাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা = ৰাসায়নিক পৰিৱৰ্তন।       পানীত নিমখ দ্ৰৱীভূত কৰা = ভৌতিক পৰিৱৰ্তন।       কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা = ভৌতিক পৰিৱৰ্তন।        কাগজ আৰু কাঠ পুৰিলে = ৰাসায়নিক পৰিৱৰ্তন।

অনুশীলনীঃ

প্ৰশ্ন- ১ঃ তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা? 

(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল’ৰাইড।
উত্তৰঃ– বাষ্পীভৱন পদ্ধতি।

(b) ছ’ডিয়াম ক্লৰাইড আৰু এম’নিয়াম ক্ল’ৰাইড মিশ্ৰণৰ পৰা এম’নিয়াম ক্লৰাইড।উত্তৰঃ– উৰ্ধপাতন পদ্ধতি।
(c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।
উত্তৰঃ– ফিল্টাৰ কৰা পদ্ধতি।
(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ।
উত্তৰঃ বৰ্ণলেখন পদ্ধতি।
(e) দৈৰ পৰা মাখন।উত্তৰঃ– অপকেন্দ্ৰিক পদ্ধতি।
(f) পানীৰ পৰা তেল।
উত্তৰঃ পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি।
(g) চাহৰ পৰা চাহপাত।
উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি।
(h) বালিৰ পৰা লোৰ পিন।
উত্তৰঃ চুম্বকৰ সহায়ত পৃথকীকৰণ কৰা পদ্ধতি।
(i) চোকোৰাৰ পৰা গমৰ গুটি।
উত্তৰঃ জৰা প্ৰক্ৰিয়াৰ দ্বাৰা।
(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ।
উত্তৰঃ পৰিস্ৰাৱণ পদ্ধতি।
2. একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাৱ্য়, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্য়ৱহাৰ কৰিবা।উত্তৰঃ– একাপ চাহ বনাবলৈ প্ৰয়োজনীয় হোৱা দ্ৰৱ্য় আৰু পদ্ধতি হ’ল (i) পানী (ii) গাখীৰ (iii) চেনি (iv) চাহপাত (v) এটা পাত্ৰ (vi) ইন্ধন আৰু (vii) এটা কাপ।
ইয়াত,দ্ৰৱণ হৈছে – পানী, চেনি মিশ্ৰণদ্ৰাৱক হৈছে – পানীদ্ৰাৱ্য় হৈছে – চেনি, চাহপাত, গাখীৰদ্ৰৱীভূত হৈছে – গৰম হোৱা পানীখিনিত চেনি, চাহপাত, গাখীৰ মিশ্ৰিত হোৱা কাৰ্যটো।দ্ৰৱণীয় হৈছে – দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰাৱ্য়ৰ পৰিমাণঅদ্ৰৱণীয় পৰিশ্ৰুত – কাপত চেকি লোৱা চাহঅৱশেষ হৈছে – ৰৈ যোৱা চাহপাতৰ অৱশিষ্টখিনি।

3. প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্য়বোৰ তলৰ তালিকাত দিয়া হৈছে। (ফলাফলবোৰ তালিকাখনত 100g পানীত সংপৃক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰাৱ্য়ৰ পৰিমাণ হিচাপত দিয়া হৈছে।)

দ্ৰৱীভূত কৰা পদাৰ্থউষ্ণতা (K)
283293313333353
দ্ৰৱণীয়তা
পটেছিয়াম নাইট্ৰেট213262106167
ছডিয়াম ক্ল’ৰাইড3636363737
পটেছিয়াম ক্ল’ৰাইড3535404654
এম’নিয়াম ক্ল’ৰাইড2437415566

(a) পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313 k উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব?উত্তৰঃ– 313 k উষ্ণতাত 100 গ্ৰাম পানীত সংপৃক্ত কৰিবলৈ পটেছিয়াম নাইট্ৰেট (KNO3) লাগে = 62 গ্ৰাম।            313 k উষ্ণতাত 1 গ্ৰাম পানী সংপৃক্ত কৰিবলৈ (KNO3) লাগে = 

            313 k উষ্ণতাত 50 গ্ৰাম পানী সংপৃক্ত কৰিবলৈ (KNO3) লাগে= 

(b) 353 k উষ্ণতাত প্ৰজ্ঞাই পটেছিয়াম ক্ল’ৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’বলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হ’লে তেওঁ কি দেখিব? ব্য়াখ্য়া কৰা।উত্তৰঃ– আমি জানো যে, দ্ৰৱৰ উষ্ণতা কম হ’লে দ্ৰৱৰ দ্ৰৱনীয়তা কম হয়। 353 k উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ নিলে দ্ৰৱনীয়তা হ্ৰাস পাব আৰু পটেছিয়াম ক্ল’ৰাইডৰ স্ফটিকবোৰ পাত্ৰৰ তলিত জমা হ’ব।

(c) প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 k ত নিৰ্দ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি?উত্তৰঃ 293 k ত প্ৰতিটো দ্ৰৱৰ দ্ৰৱণীয়তা হ’ল 一          পটেছিয়াম নাইট্ৰেট ঃ 32     ছডিয়াম ক্ল’ৰাইডঃ 36     পটেছিয়াম ক্ল’ৰাইড ঃ 35      এ’মনিয়াম ক্ল’ৰাইড ঃ 37 293 k ত দ্ৰৱৰ দ্ৰৱণীয়তা এম’নিয়াম ক্ল’ৰাইডৰ বেছি।

(d) লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্য়াখ্য়া কৰা।উত্তৰঃ উষ্ণতা বৃদ্ধি হ’লে লৱণৰ কণিকাবোৰ পানীৰ কণিকাবোৰৰ মাজৰ খালী স্থানত বেছিকৈ সোমাই পৰে। গতিকে উষ্ণতা বৃদ্ধি হ’লে দ্ৰৱৰ দ্ৰৱণীয়তা বাঢ়ি যায়।
4. উদাহৰণ দি ব্যাখ্যা কৰা 一(a) সংপৃক্ত দ্ৰৱ।
উত্তৰঃ এটা নিৰ্দিষ্ট উষ্ণতাত, এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ্য দ্ৰৱীভূত হৈ থাকিলে তাক “সংপৃক্ত দ্ৰৱ” বোলা হয়। দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱ্যহে দ্ৰৱীভূত হয়। তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বোলা হয়।          উদাহৰণস্বৰূপে, ১০০ মিঃলিঃ পানীত ৫০ গ্ৰাম NaCl মিলাব পাৰি।
(b) বিশুদ্ধ পদাৰ্থ।
উত্তৰঃ যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত, তাকেই “বিশুদ্ধ পদাৰ্থ” বুলি কোৱা হয়। এটা বিশুদ্ধ পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গ’লে। কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পদাৰ্থক পৃথক কৰিব নোৱাৰি। কিন্তু বাষ্পীভৱনৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা নিমখৰ উপাদান দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰি।                        উদাহৰণস্বৰূপে, বিশুদ্ধ বৰফ সদায় 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত গ’লে আৰু পানী সদায় 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত ঘনীভূত হয়।
(c) কলয়ড।
উত্তৰঃ কলয়ডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাৱে বিস্তাৰিত হৈ থাকে। কলয়ডীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণ। ইয়াৰ কণিকাবোৰ বৰ সৰু। ইহঁতক খালী চকুৰে মণিব নোৱাৰি। কিন্তু পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ইয়াক পৃথক কৰিব পাৰি। যেনে – গাখীৰ আৰু পানীৰ মিশ্ৰণ। 
(d) প্ৰলম্বন।
উত্তৰঃ যিবোৰ অসমসত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায়, সেইবোৰ মিশ্ৰণক “প্ৰলম্বন” বোলা হয়। নোজোকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গোট মাৰে। তৰলটো সাৱধানে ঢালি প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পৰা যাব। প্ৰলম্বিত কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে। উদাহৰণস্বৰূপে, বোকাৰ মিশ্ৰণ আৰু পানী।
5. তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভূক্ত কৰা 一    চ’ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলোৱা চাহ।উত্তৰঃ সমসত্ব ঃ চ’ডা পানী, ভিনেগাৰ, চেকিলোৱা চাহ।             অসমসত্বঃ কাঠ, বায়ু, মাটি।

6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা?
উত্তৰঃ বায়ুমণ্ডলীয় চাপত যদি তৰলখিনিৰ উতলাংক ১০০ ডিগ্ৰী চেলচিয়াছ হয়, তেন্তে তৰলখিনি বিশুদ্ধ পানী আৰু যদিহে তৰলখিনিৰ উতলাংক ১০০ ডিগ্ৰী চেলচিয়াছতকৈ বেছি হয় তেতিয়া ই বিশুদ্ধ পানী নহয়। বিশুদ্ধ পানীৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি।
7. তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদাৰ্থৰ” শাৰীত পৰিব? (ক) বৰফ।(খ) গাখীৰ।(গ) লো।(ঘ) হাইড্ৰ’ক্লৰিক এছিদ।(ঙ) কেলচিয়াম অক্সাইড।(চ) পাৰা।(ছ) ইটা।(জ) কাঠ।(ঝ) বায়ু।
উত্তৰঃ বৰফ আৰু পাৰা।
8. তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা ー(ক) মাটি।(খ) সাগৰৰ পানী।(গ) বায়ু।(ঘ) কয়লা।(ঙ) চ’দা পানী।
উত্তৰঃ (খ) সাগৰৰ পানী।            (গ) বায়ু।            (ঙ) চ’দা পানী।
9. তলৰ কোনটোৱে “টিণ্ডল প্ৰভাৱ” দেখুৱায়? (ক) লৱণৰ দ্ৰৱ।(খ) গাখীৰ।(গ) কপাৰ ছালফেটৰ দ্ৰৱণ।(ঘ) ষ্টাৰ্চৰ দ্ৰৱণ।উত্তৰঃ (খ) গাখীৰ।
10. তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভূক্ত কৰা।(a) চ’ডিয়াম।(b) মাটি।(c) চেনিৰ দ্ৰৱণ।(d) ছিলভাৰ।(e) কেলছিয়াম কাৰ্বনেট।(f) টিন।(g) ছিলিকন।
উত্তৰঃ– মৌলঃ (a) ছ’ডিয়াম (d) ছিলভাৰ (f) টিন (g) ছিলিকন।             যৌগঃ (e) কেলছিয়াম কাৰ্বনেট।             মিশ্ৰণঃ (b) মাটি (c) চেনিৰ দ্ৰৱণ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top