SEBA Class 9 Science Chapter 5 Answer 2026 | Class 9 General Science Chapter 5 Question Answer Solutions By SEBA Teachers | জীৱৰ মৌলিক একক |

Chapter  5

জীৱৰ মৌলিক একক

প্ৰশ্নাৱলীঃ

1. কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ– কোষ 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে পোন প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল।

  ৰবাৰ্ট হুকে সৰল অণুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰ্কট পাতৰ লিউৱেনহুকে কিছু উন্নত অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পুখুৰীৰ পানী নিৰীক্ষণ কৰি পোন প্ৰথমে কিছুমান মুক্তভাৱে চলাচল কৰি থকা জীৱ দেখা পাইছিল।

২। কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ কোষবোৰ ইটোৰ লগত সিটো লগ হৈ একোটা অংগ আৰু পিছত অংগবোৰ লগ হৈ এটা বহুকোষী জীৱৰ দেহ গঠন হয়। ঠিক তেনেদৰে এককোষী প্ৰাণী দেহৰ গঠনত সেই কোষটোকে বুজায়। 

  আমি যেতিয়া এটা পিয়াঁজৰ কান্দ অণুবীক্ষণ যন্ত্ৰৰে নিৰীক্ষণ কৰো তেতিয়া দেখিবলৈ পাঁও যে, কিছুমান সৰু সৰু গঠন ইটোৰ লগত সিটো লগ হৈ ডাঙৰ পিয়াঁজৰ কান্দ গঠন হয়। এই গঠনবোৰ দেখিবলৈ একে। আমি দেখিবলৈ পোৱা এই সৰু সৰু গঠন বিলাকেই হ’ল পিয়াজৰ কান্দটোৰ গঠনৰ মৌলিক একক। এই গঠনবিলাকেই কোষ হয়। কেৱল পিয়াঁজেই নহয়, আমাৰ চাৰিওপাশে দেখিবলৈ পোৱা সকলোবিলাক জীৱই এনে কোষৰ সমষ্টিৰে গঠিত।

    কোষ যেনেকৈ গঠনৰ একক ঠিক তেনেকৈ কোষক কাৰ্যৰ মৌলিক একক বুলিও কোৱা হয়। কাৰণ এটা জীৱই জীয়াই থাকিবলৈ যিবোৰ কাম কৰিব লগা হয়। সকলোবোৰ কোষ এটাৰ ভিতৰত কিছুমান অংগাণু থাকে। এইবোৰক কোষ অঙ্গাণু বোলা হয়। প্ৰত্যেকবিধ অংগাণুয়ে কোনো এক নিৰ্দিষ্ট কাম সম্পন্ন কৰে। যেনে 一 কোষত নতুন পদাৰ্থ উৎপন্ন কৰা, কোষৰ বৰ্জিত পদাৰ্থ নিষ্কাষণ কৰা ইত্যাদি। এই কোষ অংগাণুবিলাকৰ বাবেই কোষ জীয়াই থকিব পাৰে আৰু নিৰ্দিষ্ট কাম সম্পন্ন কৰিব পাৰে। এইবিলাক কোষ অংগাণু একলগ হৈ যি মৌলিক একক গঠন কৰে তাকে কোষ বুলি কোৱা হয়।

3. CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা।

উত্তৰঃ CO2ৰ দৰে গেছীয় পদাৰ্থবোৰ ব্যাপণ প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে।

    পানীৰ ক্ষেত্ৰটো ব্যাপণৰ নীতি প্ৰযোজ্য। অৰ্ধভেদ আৱৰণৰ মাজেদি পানীৰ অণু ব্যাপণ হোৱা প্ৰক্ৰিয়াক আসৃতি বুলি কোৱা হয়। ব্যাপণ প্ৰক্ৰিয়া সদায় এটা পদাৰ্থৰ গাঢ়তাৰ তাৰতম্য ফলত হয়।

    যেতিয়া কোষৰ ভিতৰত থকা CO2ৰ গাঢ়তা কোষৰ বাহিৰত থকা CO2 গাঢ়তাতকৈ বেছি হয়। তেতিয়া CO2 ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলাই আহে। ঠিক তেনেকৈ পানীও গাঢ়তাৰ তাৰতম্যৰ কাৰণে কোষৰ ভিতৰত ওলোৱা-সোমোৱা কৰে। কিন্তু, পানীৰ ব্যাপন প্ৰক্ৰিয়াটোকে আমি আসৃতি নামেৰে জানো।

4. কোষাবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়?

উত্তৰঃ কোষস্থ দ্ৰব্যক আগুৰি থকা বহিঃ আৱৰণখন হ’ল কোষাবৰণ। কোষাবৰণখনে এটা কোষৰ ভিতৰলৈ (লাগতিয়াল) আৰু বাহিৰলৈ (অলাগতিয়াল) দ্ৰব্যবোৰ অহা যোৱা কৰাত সহায় কৰে। আনহাতে, ই আকৌ কিছুমান দ্ৰব্য সৰকি যোৱাত বা ভেদ কৰাত বাধা দিয়ে। সেইবাবে, কোষাবৰণখণক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়।

5. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত ব্য়াখ্য়ামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা।

উত্তৰঃ 

6. তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰত এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদাৰ্থ (Genetie material) থাকে।

উত্তৰঃ আণুবংশিক পদাৰ্থ থকা কোষ অংগাণু কেইটা হ’ল মাইট’কন্দ্ৰিয়া আৰু প্লাষ্টিড (উদ্ভিদকোষত পোৱা যায়)।

7. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰঃ যদি ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয়, তেতিয়া কোষটো মৰি যায়। কোষ এটা মৰি গ’লে কোষত থকা লাইছ’জ’মে সিহঁতৰ ভিতৰত থকা জল বিয়োজক উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটো ধংস কৰি দিয়ে। 

8. লাইছ’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়?

উত্তৰঃ যেতিয়া কোষ এটা মৰি যায় তেতিয়া তাত থকা লাইছ’জ’মে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি পেলাই। সেইবাবে ইয়াক কোষৰ আত্মমাতী মোনা বোলে।

9. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰ’টিন সংশ্লেষণ সংঘটিত হয়?

 কোষৰ অভ্যন্তৰৰ ৰাইব’জ’মত প্ৰ’টিন সংশ্লেষণ হয়। কিন্তু, কোষস্থ অংগাণু মাইট’কন্দ্ৰিয়া আৰু উদ্ভিদ কোষৰ প্লাষ্টি়ড নিজা নিজা ৰাইব’জ’মত থাকে। সেয়েহে মাইট’কন্দ্ৰিয়া আৰু প্লাষ্টিডৰ ভিতৰতও প্ৰ’টিন সংশ্লেষণ হয়।

অনুশীলনীঃ

1. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰি তলত পাৰ্থক্যবোৰ দেখুওৱা হ’ল-

2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয়কোষতকৈ পৃথক উল্লেখ কৰা।

3. কোষৰ কোষাৱৰণখন ফাটি গ’লে কি হ’ব?

উত্তৰঃ– কোষৰ কোষাৱৰণখন ফাটি গ’লে কোষস্থ পদাৰ্থবোৰ মুক্ত হৈ পৰিব। লগতে কোষত হ’ব লগা জৈৱিক কাৰ্যবোৰ নহ’ব। যেনে; ব্যাপনৰ সহায়ত গেছৰ চলাচল, আবৃত্তিৰ সহায়ত পানী চলাচল ইত্যাদি। ফলত কোষটো মৰি যাব।

4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

উত্তৰঃ– অন্তঃপ্ৰৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলগি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা-নিয়াত অংশ গ্ৰহণ কৰে। গলগি সংঘৰ কাৰ্য হ’ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰ। কোনো কোনো ক্ষেত্ৰত গলগি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। গলগি সংঘই লা’ইছ’জম গঠন কৰাতো সহায় কৰে। গতিকে গলগি সংঘ নাথাকিলে কোষটোৰ এইবোৰ কাৰ্য বন্ধ হ’ব আৰু ফলত কোষটো মৰি যাব। 

5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰঃ– কোষৰ শক্তি ভঁৰাল বুলি মাইট’কন্দ্ৰিয়াক আখ্যা দিয়া হয়। কাৰণ জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এ.টি.পি (A.T.P)ৰ অনুবিলাক মাইট’কন্দ্ৰিয়াই উৎপন্ন কৰে। এ.টি.পি (A.T.P) অণুক কোষীয় শক্তি মুদ্ৰা বুলিও কোৱা হয়।

6. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ’টিনবিলাক ক’ত সংশোধিত হয়?

উত্তৰঃ কোষাৱৰণ গঠনৰ বাবে প্ৰয়োজনীয় লিপিড আৰু প্ৰ’টিনবিলাক অন্তঃপ্ৰৰসীয় জালিকাত সংশোধিত হয়। ইয়াতে প্ৰ’টিন সংশ্লেষন হয়। ৰাইব’জ’ম অমসৃণ অন্তঃপ্ৰৰসীয় জালীকাত লাগি থাকে। আনহাতে লিপিড আৰু সংশ্লেষণ হ’ল মসৃণ অন্তঃপ্ৰৰসীয়। 

7. এমিবাই কি দৰে আহাৰ গ্ৰহণ কৰে?

উত্তৰঃ এমিবাই অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। কোষাৱৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহিঃপৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয়।

8. আসৃতি কি?

উত্তৰঃ– গতিৰ তাৰতম্যৰ ফলত যেতিয়া পানীৰ অণুৰ অৰ্ধভেদ্য আৱৰণৰ মাজেৰে চলাচল হয়, তেতিয়া তাক আসৃতি বোলে। আসৃতি সদায় উচ্চ গাঢ়তাৰ পৰা অৰ্ধভেদ্য আৱৰণে নিম্ন গাঢ়তালৈ যায়। 

10. আসৃতিৰ বাবে তলৰ পৰীক্ষাটো কৰি চোৱা।

        বাকলি গুচোৱা আলুগুটি চাৰিফাল লোৱা আৰু প্ৰত্যেক টুকুৰাৰ মাজৰ অংশটো এৰুৱাই একোটা পিয়লাৰ নিচিনা কৰি লোৱা। ইয়াৰে এটুকুৰা সিজাই লোৱা আলুৰ পৰা  ল’বা।

        (ক, খ, গ, ঘ নামাংকিত কৰি ল’বা)।

(ক) “ক” পিয়লাটো খালী কৰি ৰাখিবা।

(খ) “খ” পিয়লাটোত এচামুচ শৰ্কৰা বা চেনি দিয়া।

(গ) “গ” পিয়লাটোত এচামুচ নিমখ দিয়া।

(ঘ) “ঘ” পিয়লাটো যিটো সিজোৱা আলুৰ পৰা তৈয়াৰ কৰিছিলো সেইটোতও চেনি এচামুচ দিয়া।

        আটাইকেইটা প্ৰায় দুই ঘণ্টা মান ৰাখি পিছত নিৰী়ক্ষণ কৰি তলৰ প্ৰশ্নকেইটাৰ সমাধান দিয়া।

(i) “খ” আৰু “গ” পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি পৰিল।

উত্তৰঃ– “খ” আৰু “গ” পিয়লা পানীৰে ভৰি পৰাৰ কাৰণ হ’ল চেনি আৰু নিমখৰ ঘনত্ব কোষস্থ পদাৰ্থৰ ঘনত্বতকৈ বেছি। সেইকাৰণে পানী আসৃতি ঘটি পানীৰে ভৰি পৰিল।

(ii) “এই” পৰীক্ষাটোৰ বাবে “ক” পিয়লাটো কিয় প্ৰয়োজন?

উত্তৰঃ– “ক” পিয়লোটো এইকাৰণে প্ৰয়োজন যে, আলুৰ পৰা যদিহে আসৃতি পৰিৱৰ্তে বেলেগ কাৰণত পানী বা তেনে তৰল পদাৰ্থ নিঃসৰণ হয় তেন্তে তাত জমা হ’ব। কিন্তু, “ক” পিয়লাট কোনো পানী বা তৰল জমা নাই। এইটোৱে প্ৰমাণ কৰিলে যে, আসৃতি হ’বৰ বাবে সদায় দুটা দ্ৰব্যৰ মাজত ঘনত্বৰ তাৰতম্য হ’ব লাগিব।

(iii) “ক” আৰু “ঘ” পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি নপৰিল কাৰণ দৰ্শাই বৰ্ণনা দিয়া।

উত্তৰঃ– “ক” পিয়লাটোত কোনো দ্ৰৱ নাই। ফলত তাত আসৃতি হ’ব পৰা নাই। দ্বিতীয় “ঘ” পিয়লাটোৰ কোষবোৰ সিজাই দিয়া বাবে মৃত। ফলত তাতও অৰ্ধভেদ্য আৱৰণৰ মাজেৰে পাৰ হ’ব পৰা নাই। সেইকাৰণে পিয়লাটোৰ খালি অংশ পানীৰে ভৰি নপৰিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top