আমি অসুস্থ হওঁ কিয়
1. সু-স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ– ব্যৱস্থা দুটা হ’ল 一
(i) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু
(ii) টনকিয়াল অৰ্থনৈতিক অৱস্থা আৰু কৰ্ম-সংস্থান।
তাৰোপৰি সামাজিক ক্ষমতা সু-স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়।
2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ– ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হ’ল 一
(i) ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা।
(ii) সুষম আহাৰ গ্ৰহণ।
3. ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ? কিয়?
উত্তৰঃ– ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নহয়। কাৰণ সু-স্বাস্থ্যৰ লগত সামাজিক পৰিৱেশটো জড়িত হৈ থাকে। কিন্তু নিজক ৰোগমুক্ত কৰিবলৈ ব্যক্তি এজনৰ ব্যক্তিগত প্ৰচেষ্টা আৰু সজ অভ্যাসৰ প্ৰয়োজন হয়। তেনেদৰে নিজকে ৰোগমুক্ত কৰিবলৈ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিও ব্যক্তিজনে সামাজিক পৰিৱেশটোৰ কাৰণে সু-স্বাস্থ্যৰ অধিকাৰী ন’হবও পাৰে।
4. যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা নাযাবা?
উত্তৰঃ– যদি আমাৰ মূৰ কামোৰণি, কাহ, জ্বৰ, পায়খানা হোৱা আদি লক্ষণবোৰে দেখা দিয়ে তেতিয়া আমি অসুস্থ অনুভৱ কৰো আৰু ডাক্তৰৰ ওচৰলৈ যাব লাগে বুলি ভাবো। যদি মাত্ৰ এটা লক্ষণে দেখা দিয়ে, আমি সাধাৰণতে ডাক্তৰৰ ওচৰত নাযাওঁ। কাৰণ ই আমাৰ শৰীৰত বেছি প্ৰভাব নেপেলাই। কিন্তু এনে লক্ষণ যদি দীৰ্ঘদিন ধৰি দেখা দিয়ে, তেতিয়া আমি ডাক্তৰৰ ওচৰত যাব লাগে। কাৰণ ডাক্তৰে লক্ষণৰ ওপৰত ভিত্তি কৰি বা লেব’ৰটৰীত পৰিক্ষা কৰি ৰোগ চিনাক্ত কৰে। লগতে উপযুক্ত চিকিৎসাও কৰে।
5. তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে? যদি পৰে কিয়?
◽ যদি তুমি জন্দিচ্ত ভোগা,
◽ যদি তোমাৰ ওকনি হয়,
◽ যদি তোমাৰ শালমইনা হয়।
উত্তৰঃ– জন্দিচ এটা ৰোগ যিয়ে আমাৰ শৰীৰত দীৰ্ঘদিনীয়া প্ৰভাৱ পেলায়। ই ক্ৰমিক ৰোগৰ ভিতৰত পৰে। জন্দিচত মানুহৰ যকৃৎত বহুত প্ৰভাৱ পৰে আৰু মানুহৰ খাদ্য হজম হোৱাত বহুত অসুবিধা হয়।
আনহাতে, ওকনি আৰু শালমইনা আমি চাফ-চিকুণ হৈ থাকি নাশ কৰিব পাৰো।
6. আমি অসুস্থ হ’লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়?
উত্তৰঃ– যেতিয়া আমি বেমাৰ হওঁ তেতিয়া শৰীৰৰ সকলো কাৰ্য ঠিক মতে নচলে ফলত আমাৰ খাদ্যবোৰো হজম নহয় বা বহুত লাহে লাহে হজম হয়। সেইকাৰণে, স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবলৈ কোৱা হয়। যাতে সেইবোৰ সোনকালে হজম হয় আৰু আমাৰ শৰীৰে লাগতিয়াল পুষ্টিবোৰ পায়। লগতে শক্তিও পায়।
7. কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয়?
উত্তৰঃ– বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ ৰোগসমূহ সঞ্চাৰিত হয় 一
(i) বায়ুৰ দ্বাৰা সঞ্চাৰিত হয়। যেনে一পানীলগা, নিম’নিয়া আৰু যক্ষ্মা আদি ৰোগসমূহ আক্ৰান্ত ব্যক্তিৰ থু বা কাঁহৰ লগত অহা বীজাণু বায়ু কনিকাত মিহলি হৈ সুস্থ মানুহক অসুস্থ কৰিব পাৰে।
(ii) দূষিত পানী আৰু দূষিত খাদ্যৰ দ্বাৰা সঞ্চাৰিত হয়। যেনেঃ ক’লেৰা ৰোগ।
(iii) অসুৰক্ষিত যৌন সম্পৰ্ক। ৰক্তদান আদিৰ পৰাও সঞ্চাৰিত হয়। যেনেঃ চিফলিছ, এইডচ ইত্যাদি।
(iv) মহ বা অন্য কিছুমান জীৱৰ দ্বাৰাও বেমাৰ বিয়পে। যেনে 一জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া ইত্যাদি।
8. তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা?
উত্তৰঃ– স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে আমি বহুতো প্ৰদক্ষেপ হাতত ল’ব পাৰো। যেনে一
(i) সংক্ৰামিত ছাত্ৰ-ছাত্ৰীৰ পৰা দূৰত থাকিব লাগিব।
(ii) জ্বৰ, পানীলগা আদি হ’লে মুখ আৰু নাক ঢাকি ৰাখিব লাগে।
(iii) স্কুলৰ চাৰিওফালৰ পৰিৱেশ চাফ-চিকুণ কৰি ৰাখিব লাগিব।
(iv) বিশুদ্ধ পানি খাব লাগিব।
(v) স্কুলৰ চৌহদত ক’তো পানী জমা হ’ব দিব নালাগিব। যাতে তাত মহে কণী পাৰিব নোৱাৰে।
9. অসংক্ৰাম্যকৰণ কি?
উত্তৰঃ– আমাৰ শৰীৰত কোনো অণুজীৱ নাইবা ছিটাৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰাম্যতাৰ সৃষ্টি কৰাকে অসংক্ৰাম্যকৰণ বোলে। ছিটা বা অণুজীৱৰ দ্বাৰা প্ৰাণী দেহত অসংক্ৰাম্যতাৰ সৃষ্টি কৰাৰ ফলত দেহত থকা ৰোগ প্ৰতিৰোধক কোষবোৰে ৰোগৰ বীজাণু ধ্বংস কৰি দেহক সুৰক্ষা দিয়ে আৰু ভৱিষ্যতে যাতে এই ধৰণৰ বীজাণুসমূহে ৰোগ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কিছুমান কোষ সঞ্চিত হৈ ৰৈ যায়।
10. তোমালোকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি কি ব্যৱস্থা আছে?তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্ৰভুত্ব বেছি?
উত্তৰঃ– আমাৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত থকা অসংক্ৰাম্যকৰণৰ ব্যৱস্থাবোৰ হ’ল বিভিন্ন প্ৰকাৰৰ ৰোগ যেনে一 টিটেনাছ, ডিপথেৰিয়া, হোপিংকাহ, সৰু আই, পলিঅ’ আদি প্ৰতিৰোধৰ ছিটা পোৱা যায়। তাৰোপৰি হেপাটাইটিছ-A ভাইৰাছৰ প্ৰতিৰোধী ছিটাকৰণৰ ব্য়ৱস্থা আছে।
কিন্তু বৰ্তমান সময়ৰ স্থিতি চাই এতিয়া Covid-19, মানে কৰ’না মহামাৰীও ছিটাকৰণৰ ব্যৱস্থা কৰা হৈছে।
বৰ্তমান সময়টো সকলো অঞ্চলত কৰ’না মানে Covid-19 মহামাৰীৰে প্ৰভূত্ব বেছি।
অনুশীলনীঃ
1. যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?
(a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিবৰ্ত্তন হৈছিল?
(b) বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাতো বিচাৰা?
উত্তৰঃ– ওপৰৰ প্ৰশ্নটোৰ উত্তৰ সকলোৰে বাবে বেলেগ বেলেগ হ’ব। সাধাৰণতে হোৱা বেমাৰবোৰ পানীলগা জ্বৰ, কাহ, পেটৰ অসুখ ইত্যাদি।
(a) সদায় বিশুদ্ধ পানী খোৱা। যিকোনো আহাৰ গ্ৰহণ কৰাৰ আগত আৰু পিছত ভালকৈ ধোৱা। চৌপাশৰ পৰিৱেশ সদায় পৰিষ্কাৰ কৰি ৰখা। পুষ্টিকৰ খাদ্য খোৱা।
(b) সদায় পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো বিছাৰো। লগতে সমাজৰ মানুহে যাতে বিশুদ্ধ পানী আৰু খাদ্য খাব পাৰে তাৰ সু-ব্যৱস্থা হোৱাটো বিছাৰো।
2. এজন চিকিৎসক / নাৰ্চ / স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে?
উত্তৰঃ– এজন চিকিৎসক /নাৰ্চ /স্বাস্থ্যকৰ্মীয়ে স্বাস্থ্য সম্পৰ্কীয় যিখিনি সাৱধানতা সেইখিনি অৱলম্বন কৰে বাবে অসুস্থ ব্যক্তিৰ লগত মিলামিছা কৰিলেও ৰোগৰ পৰা হাত সাৰি থাকে। যেনেー নিৰ্দিষ্ট পোছাকত হাত মোচা, মুখা আদি ব্যৱহাৰ কৰি সংক্ৰামক অনুজীৱৰ পৰা ৰক্ষা কৰে।
3. তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা। ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ তিনিটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ– সাধাৰণতে সঘনাই হোৱা ৰোগ হ’ল 一
* ডায়েৰিয়া
* মেলেৰিয়া
* জণ্ডিছ
* ভাইৰেল জ্বৰ
নিবাৰণৰ ব্যৱস্থাঃ
(i) চৌপাশৰ পৰিৱেশ চাফ-চিকুণ কৰি ৰখা।
(ii) বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা কৰা।
(iii) অঞ্চলৰ নলা-নৰ্দমাবোৰ বা পানী জমা হোৱা ঠাইবোৰ পৰিষ্কাৰ কৰি ৰখা। যাতে মহে কণী পাৰিব নোৱাৰে।
4. এটা শিশুৱে তাৰ পৰিচৰ্য্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে 一
(a) শিশুটো অসুস্থ হৈছে?
(b) কি কাৰণে অসুস্থ হৈছে?
উত্তৰঃ– (a) শিশুটোৱে কৰা আচৰণ চাই ক’ব পৰা যাব যে, শিশুটো অসুস্থ। যেনেঃ ভালকৈ খোৱা-লোৱা নকৰা, গাটো গৰম হোৱা, বমি হোৱা, কান্দি থকা ইত্যাদি।
(b) শিশু এটাৰ অসুস্থতাৰ কাৰণ বিভিন্ন হ’ব পাৰে। তাৰ ভিতৰত অসুস্থতাৰ কাৰণ জ্বৰ, ডায়েৰিয়া, পানীলগা ইত্যাদি।
5. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব 一
(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে।
(b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আই (Chicken Pox)ত ভোগা ৰোগীৰ পৰিচৰ্য্যা কৰে।
(c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্য্য়া কৰে।
উত্তৰঃ– (c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্য্যা কৰে।
6. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা 一
(a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা।
(b) যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা।
(c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। কিয়?
উত্তৰঃ– যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। কাৰণ সৰু আই সংক্ৰামক ৰোগ আৰু ই বায়ুৰ যোগেদি হ’ব পাৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post