Might Learn Logo Might Learn Shop Might Learn

Assam SCERT Class 8 Social Science Chapter 19 Question Answer Assamese Medium 2026 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হােৱা সংস্কাৰসমূহ Chapter 19 Question Answer| SCERT Class 8 Social Science Chapter 19 Question Answer, MCQs Answer, Text Book PDF

পাঠ-১৯

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰ সমূহ

MCQ

১। কিমান খ্ৰীষ্টাব্দত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল?

(ক) ১৮৫৮ খ্ৰীষ্টাব্দত
(খ) ১৮২৮ খ্ৰীষ্টাব্দত
(গ) ১৯৪৭ খ্ৰীষ্টাব্দত
(ঘ) ১৯০২ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৮৫৮ খ্ৰীষ্টাব্দত।

২। কিমান খ্ৰীষ্টাব্দত বংগদেশ, বিহাৰ আৰু উৰিষ্যাত প্ৰথমে চিৰস্থায়ী বন্দোবস্তৰ সূচনা হৈছিল?

(ক) ১৯৪৮ খ্ৰীষ্টাব্দত
(খ) ১৯২৫ খ্ৰীষ্টাব্দত
(গ) ১৭৯৩ খ্ৰীষ্টাব্দত
(ঘ) ১৮২৬ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৭৯৩ খ্ৰীষ্টাব্দত।

৩। অসমত কিমান খ্ৰীষ্টাব্দৰ শেষৰ ফালে গোৱালপাৰা আৰু চিলেট জিলাত চিৰস্থায়ী বন্দোবস্ত ব্যৱস্থাৰ আৰম্ভ হৈছিল?

(ক) ১৯৩৬ খ্ৰীষ্টাব্দত
(খ) ১৮২৬ খ্ৰীষ্টাব্দত
(গ) ১২২৮ খ্ৰীষ্টাব্দত
(ঘ) ১৯০৪ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৮২৬ খ্ৰীষ্টাব্দত।

৪। ভাৰতবৰ্ষত মাটিৰ পট্টা দিয়াৰ নিয়ম কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল?

(ক) ১৭৯২ খ্ৰীষ্টাব্দত
(খ) ১৯৬৫ খ্ৰীষ্টাব্দত
(গ) ১৮২৬ খ্ৰীষ্টাব্দত
(ঘ) ১৭৮১ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৮২৬ খ্ৰীষ্টাব্দত।

৫। কিমান খ্ৰীষ্টাব্দত ৱাৰেণ হেষ্টিংছে কলিকতাত মাদ্ৰাছা খুলিছিল?

(ক) ১৭৯৫ খ্ৰীষ্টাব্দত
(খ) ১৭৮১ খ্ৰীষ্টাব্দত
(গ) ১৯০৫ খ্ৰীষ্টাব্দত
(ঘ) ১৭৯৩ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৭৮১ খ্ৰীষ্টাব্দত।

৬। কিমান খ্ৰীষ্টাব্দত জনাথন ডানকান নামৰ এজন বৃটিছ বিষয়াই বাৰাণসীত সংস্কৃত কলেজ এখন স্থাপন কৰিছিল?

(ক) ১৯৯৭ খ্ৰীষ্টাব্দত
(খ) ১৮২৮ খ্ৰীষ্টাব্দত
(গ) ১৭৯২ খ্ৰীষ্টাব্দত
(ঘ) ১৯৯৫ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৭৯২ খ্ৰীষ্টাব্দত।

৭। কিমান খ্ৰীষ্টাব্দত বিহাৰৰ জিলাধিপতি এজনে সতীদাহ প্ৰথা ৰোধ কৰিবলৈ লৰ্ড ৱেলেচলিক সৰ্বপ্ৰথমে লিখিত অনুৰোধ কৰিছিল?

(ক) ১৮১২ খ্ৰীষ্টাব্দত
(খ) ১৮০৬ খ্ৰীষ্টাব্দত
(গ) ১৯৫৭ খ্ৰীষ্টাব্দত
(ঘ) ১৫৫৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৮০৬ খ্ৰীষ্টাব্দত।

৮। কিমান খ্ৰীষ্টাব্দত লৰ্ড হেষ্টিংছৰ দিনত বে-আইনী বুলি ঘোষণা কৰা হৈছিল?

(ক) ১৯৯০ আৰু ১৮০৫ খ্ৰীষ্টাব্দত
(খ) ১৮১৫ আৰু ১৮১৭ খ্ৰীষ্টাব্দত
(গ) ১৮৭৯ আৰু ১২২৮ খ্ৰীষ্টাব্দত
(ঘ) ১৯০৬ আৰু ১২১৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৮১৫ আৰু ১৮১৭ খ্ৰীষ্টাব্দত।

৯। লৰ্ড উইলিয়াম বেন্টিংকে কিমান খ্ৰীষ্টাব্দত সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল?

(ক) ১২২৮ খ্ৰীষ্টাব্দত
(খ) ১৯০৬ খ্ৰীষ্টাব্দত
(গ) ১৮২৯ খ্ৰীষ্টাব্দত
(ঘ) ১৯২৬ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৮২৯ খ্ৰীষ্টাব্দত।

১০। লৰ্ড উইলিয়াম বেন্টিংকে কিমান নম্বৰ বিধান জাৰি কৰি সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল?

(ক) ১৯ নম্বৰ
(খ) ১২ নম্বৰ
(গ) ৩৯ নম্বৰ
(ঘ) ১৭ নম্বৰ

উত্তৰঃ (ঘ) ১৭ নম্বৰ।

১১। কিমান শতিকাৰ শেষ ভাগত ৰাজপুতনা, মধ্যভাৰত আৰু পঞ্জাৱত কন্যা সন্তান হত্যা কৰাটো বন্ধ কৰা হৈছিল?

(ক) ১৭ শতিকাৰ
(খ) ১৮ শতিকাৰ
(গ) ২৯ শতিকাৰ
(ঘ) ১২ শতিকাৰ

উত্তৰঃ (খ) ১৮ শতিকাৰ।

১২। ৰাজা ৰামমোহন ৰায়ে কিমান খ্ৰীষ্টাব্দত ব্ৰাহ্মসভা পাতে?

(ক) ১৮৬৭ খ্ৰীষ্টাব্দত
(খ) ১৮৩৮ খ্ৰীষ্টাব্দত
(গ) ১৮২৮ খ্ৰীষ্টাব্দত
(ঘ) ১৯০৪ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৮২৮ খ্ৰীষ্টাব্দত।

১৩। কিমান খ্ৰীষ্টাব্দত ব্ৰাহ্ম সমাজ নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লয়?

(ক) ১৮৩০ খ্ৰীষ্টাব্দত
(খ) ১৫৩৮ খ্ৰীষ্টাব্দত
(গ) ১৯৪৫ খ্ৰীষ্টাব্দত
(ঘ) ১৯০৫ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৮৩০ খ্ৰীষ্টাব্দত।

১৪। মহাৰাষ্ট্ৰত কিমান খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰা হৈছিল?

(ক) ১২২৮ খ্ৰীষ্টাব্দত
(খ) ১৮৬৭ খ্ৰীষ্টাব্দত
(গ) ১৯৫৮ খ্ৰীষ্টাব্দত
(ঘ) ১৯৫৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ) ১৮৬৭ খ্ৰীষ্টাব্দত।

১৫। কিমান খ্ৰীষ্টাব্দত আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিল?

(ক) ১৮৭৫ খ্ৰীষ্টাব্দত
(খ) ১২২৬ খ্ৰীষ্টাব্দত
(গ) ১৯৯৫ খ্ৰীষ্টাব্দত
(ঘ) ১৮৭৭ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৮৭৫ খ্ৰীষ্টাব্দত।


১। উত্তৰ দিয়া—

(ক) লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায়?

উত্তৰঃ লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কৰ্ণৱালিছ সংহিতা বুলি জনা যায়।

(খ) ভাৰতত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ভাৰতত চিৰস্থায়ী বন্দোবস্ত লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল।

(গ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ লৰ্ড হেষ্টিংছে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

(ঘ) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণপত্ৰ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলৰ সময়ত প্ৰস্তুত হৈছিল?

উত্তৰঃ শিক্ষা সম্পৰ্কীয় চাৰ্লছ উডৰ প্ৰেৰণপত্ৰ লৰ্ড ডেলহাউচিৰ সময়ত প্ৰস্তুত হৈছিল।

(ঙ) ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল?

উত্তৰঃ ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন ৰাসসুন্দৰী দেৱীয়ে লিখিছিল।


২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
ৰাজা ৰামমোহন ৰায়ব্ৰাহ্ম সমাজ
ৰামকৃষ্ণ পৰমহংসদেৱৰামকৃষ্ণ মিছন
ছাৰ ছৈয়দ আহমদ খানআলিগড় আন্দোলন
গোবিন্দ ৰাণাডেপ্ৰাৰ্থনা সমাজ
দয়ানন্দ সৰস্বতীআৰ্য সমাজ

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা—

(ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তিৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাটগৰাকী আছিল— ফাৰুখছিয়াৰ/বাহাদুৰ ছাহ দ্বিতীয়।

উত্তৰঃ ফাৰুখছিয়াৰ।

(খ) ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেণ হেষ্টিংছে/লৰ্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল।

উত্তৰঃ ৱাৰেণ হেষ্টিংছে।

(গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল।

উত্তৰঃ কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে।

(ঘ) ছাৰ ছৈয়দ আহমেদ খান/নবাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল।

উত্তৰঃ ছাৰ ছৈয়দ আহমেদ খান।

(ঙ) সত্যাৰ্থ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী/ৰাজা ৰামমোহন ৰায়।

উত্তৰঃ দয়ানন্দ সৰস্বতী।


৪। চমু টোকা লিখা—

(ক) ৰাজা ৰামমোহন ৰায়

উত্তৰঃ ৰাজা ৰামমোহন ৰায় বংগদেশৰ এজন বিখ্যাত সমাজ সংস্কাৰক আছিল। তেওঁ মূৰ্তিপূজাৰ বিৰোধিতা কৰিছিল আৰু জাতিভেদমুক্ত সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল।

তেওঁ ১৮২৮ খ্ৰীষ্টাব্দত ব্ৰাহ্মসভা প্ৰতিষ্ঠা কৰে। পিছলৈ ১৮৩০ খ্ৰীষ্টাব্দত এই অনুষ্ঠান ব্ৰাহ্ম সমাজ নামেৰে সমাজ সংস্কাৰমূলক সংগঠন হিচাপে গঢ় লৈ উঠে। দেৱেন্দ্ৰনাথ ঠাকুৰে পৰৱৰ্তী সময়ত এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

ৰামমোহন ৰায়ে সতীদাহ প্ৰথাৰ বিৰোধিতা, নাৰী শিক্ষা আৰু বিভিন্ন সমাজ সংস্কাৰমূলক কাৰ্যত বিশেষ গুৰুত্ব দিছিল।

(খ) ছাৰ ছৈয়দ আহমেদ খান

উত্তৰঃ ছাৰ ছৈয়দ আহমেদ খান আলিগড় আন্দোলনৰ অন্যতম মুখ্য নেতা আছিল। তেওঁ উত্তৰ ভাৰতৰ মুছলমানসকলক ইংৰাজী শিক্ষা, বিজ্ঞান আৰু আধুনিক চিন্তাধাৰাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চেষ্টা কৰিছিল।

তেওঁৰ প্ৰচেষ্টাত আলিগড়ত এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰা হয়। ইয়াত আধুনিক আৰু বিজ্ঞান শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। এই শিক্ষানুষ্ঠানেই পিছলৈ আলিগড় বিশ্ববিদ্যালয়ৰ ৰূপ লয়।

(গ) স্বামী বিবেকানন্দ

উত্তৰঃ স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসদেৱৰ শিষ্য আছিল। তেওঁ নিজৰ গুৰুৰ বাণী আৰু আদৰ্শ সমাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল।

১৮৯৭ খ্ৰীষ্টাব্দত তেওঁ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে। এই সংগঠনৰ জৰিয়তে শিক্ষা, সমাজসেৱা আৰু আধ্যাত্মিক চিন্তাধাৰা প্ৰচাৰৰ ব্যৱস্থা কৰা হয়।

(ঘ) দয়ানন্দ সৰস্বতী

উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ। তেওঁ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আৰু এজন উল্লেখযোগ্য সমাজ সংস্কাৰক আছিল।

তেওঁ মূৰ্তিপূজাৰ বিৰোধিতা কৰিছিল, জাতিভেদ প্ৰথা মানি লোৱা নাছিল, বাল্যবিবাহৰ বিৰোধিতা কৰিছিল আৰু বিধবা বিবাহক সমৰ্থন কৰিছিল। তেওঁ ‘শুদ্ধি’ আন্দোলনৰো প্ৰচলন কৰিছিল।

তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ আছিল সত্যাৰ্থ প্ৰকাশ।

(ঙ) দেৱেন্দ্ৰনাথ ঠাকুৰ

উত্তৰঃ দেৱেন্দ্ৰনাথ ঠাকুৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আছিল। তেওঁ এজন সমাজসচেতন ব্যক্তি আৰু ব্ৰাহ্ম সমাজৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল।

তেওঁ ৰাজা ৰামমোহন ৰায়ে আৰম্ভ কৰা সমাজ সংস্কাৰ আন্দোলনৰ ধাৰা আগবঢ়াই নিয়াত সহায় কৰিছিল। নাৰী শিক্ষা, সমাজ সংস্কাৰ আৰু কুসংস্কাৰমুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।


৫। ৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখা—

(ক) চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ চৰ্তবোৰ কি আছিল?

উত্তৰঃ লৰ্ড কৰ্ণৱালিছে চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল। এই ব্যৱস্থাত জমিদাৰসকলে মাটি ভোগ কৰাৰ অধিকাৰ লাভ কৰিছিল আৰু চৰকাৰক নিৰ্ধাৰিত ৰাজহ দিব লাগিছিল। নিৰ্দিষ্ট সময়ত ৰাজহ পৰিশোধ কৰিব নোৱাৰিলে জমিদাৰৰ মাটি চৰকাৰৰ অধীনলৈ গৈছিল। এই ব্যৱস্থাত জমিদাৰ শক্তিশালী হলেও কৃষকসকল অধিক শোষণৰ সন্মুখীন হৈছিল।

(খ) ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি?

উত্তৰঃ ইংৰাজ শাসনৰ সময়ত বিভিন্ন অঞ্চলত চলি থকা পৃথক আইন-কানুনৰ সলনি একে ধৰণৰ আইন-আদালতৰ ব্যৱস্থা গঢ়ি তোলা হৈছিল। লৰ্ড কৰ্ণৱালিছে দেৱানী আৰু ফৌজদাৰী আদালতৰ ব্যৱস্থাত সালসলনি কৰে। ভাৰতীয় লোকক আদালতৰ কামত নিযুক্তি দিয়াৰ লগতে ভাৰতীয় মুন্সিফসকলৰ ক্ষমতাও বৃদ্ধি কৰা হৈছিল।

(গ) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল?

উত্তৰঃ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বংগদেশৰ এজন বিশিষ্ট সমাজ সংস্কাৰক আছিল। তেওঁ নাৰী শিক্ষাৰ প্ৰসাৰ আৰু বিধবা বিবাহৰ সমৰ্থনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। সমাজত বিধবাসকলক পুনৰ বিবাহৰ সুযোগ দিয়াৰ বাবে তেওঁ আন্দোলন চলাইছিল আৰু নিজ পুত্ৰৰ সৈতে এগৰাকী বিধবা মহিলাৰ বিবাহ কৰাই উদাহৰণ দাঙি ধৰিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership