SCERT Class 6 Science Chapter 7 Answer 2026 | Class 6 General Science Chapter 7 Answer Plants Question Answer |

Chapter 7

Weather and Climate (বতৰ আৰু জলবায়ুু

✦ প্ৰশ্নোত্তৰ:

১. বতৰৰ উপাদানবোৰ কিছুমান লিখা।

উত্তৰ: বতৰৰ উপাদানবোৰ হৈছে –

  • বায়ুমণ্ডলৰ উষ্ণতা
  • আর্দ্রতা
  • বৰষুণৰ পৰিমাণ
  • বতাহৰ গতি
  • বতাহৰ দিশ
  • বায়ু চাপ

২. বতৰৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য কি?

উত্তৰ: 

বিষয়            বতৰজলবায়ু
সংজ্ঞা        এখন ঠাইৰ দিন-প্ৰতি-দিন বায়ুমণ্ডলত                 হোৱা পৰিৱর্তনএখন ঠাইৰ ২৫-৩০ বছৰৰ বতৰৰ গড় পৰিস্থিতি
সময়কাল        কম সময় (ঘণ্টা, দিন বা সপ্তাহ)দীঘল সময় (বছৰ বা দশক)
উদাহৰণ         আজি বৰষুণ পৰিছেঅসমৰ জলবায়ু সেমেকা আৰু গৰম

৩. বতৰৰ তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহৃত যন্ত্ৰবোৰৰ নাম কি?

উত্তৰ:

                                   উপাদান                         যন্ত্ৰৰ নাম

                                   বায়ুৰ উষ্ণতা                তাপমেতা

                                   বৰষুণৰ পৰিমাণ                বৃষ্টিমান যন্ত্র (Rain Gauge)

                                   বতাহৰ দিশ                        উইন্ড ভেন

                                   বতাহৰ গতি                        এনিমমিটাৰ

                                   বায়ু চাপ                        বেৰ’মিটাৰ

৪. আর্দ্রতা বুলিলে কি বুজা যায়?

উত্তৰ: বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক আর্দ্রতা বোলে।

৫. জলবায়ু কেনেদৰে নিৰ্ধাৰণ কৰা হয়?

উত্তৰ: এখন ঠাইৰ ২৫-৩০ বছৰৰ বতৰৰ উপাদানসমূহৰ গড় পৰিমাণ (যেনে উষ্ণতা, আর্দ্রতা, বৰষুণ) উলিয়াই তাৰ ভিত্তিত সেই ঠাইৰ জলবায়ু নিৰ্ধাৰণ কৰা হয়।

৬. কিয় সকলো ঠাইত একে সময়তে একেধৰণৰ বতৰৰ অভিজ্ঞতা বেলেগ হোৱা দেখা যায়?

উত্তৰ: বায়ুমণ্ডলৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত উষ্ণতা, আর্দ্রতা, বতাহৰ গতি আদিৰ ভিন্নতা থাকি সেইমতে ঠাই অনুসৰি বতৰৰ পাৰ্থক্য দেখা যায়।

৭. মৰুভূমিৰ জলবায়ু কেনেধৰণৰ?

উত্তৰ: মৰুভূমিৰ জলবায়ু গৰম আৰু শুকান। ইয়াত উষ্ণতা অধিক আৰু বৰষুণ অতি কম পৰিমাণৰ হয়।

৮. তালিকা ৭.১ সম্পূৰ্ণ কৰাৰ বাবে তথ্য ক’ত পৰা যাব পাৰে?

উত্তৰ: বাতৰি কাকত (যেনে – অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি)

দূৰদৰ্শন, ৰেডিঅ’, বা অনলাইন বতৰৰ যোগান ধৰা ৱেবছাইট

বিদ্যালয়ৰ বাতাবৰণ বিজ্ঞান কেন্দ্ৰ (যদি থাকে)

৯. বতৰৰ আগলি বতৰাৰ উদ্দেশ্য কি?

উত্তৰ: বতৰৰ আগলি বতৰা বা পূর্বানুমানৰ উদ্দেশ্য হৈছে মানুহক সম্ভাৱ্য বতৰীয় পৰিৱর্তনৰ বিষয়ে আগতীয়া তথ্য দিয়াৰ জৰিয়তে সতৰ্ক কৰি তোলা।

১০. পৃথিৱীৰ সকলো অঞ্চলত বায়ুমণ্ডলৰ উষ্ণতা একে নোহোৱাৰ কাৰণ কি?

উত্তৰ: সূৰ্যৰ তাপ পৃথিৱীৰ সকলো ঠাইত সমানে নপৰা কাৰণে উষ্ণতা ভিন্ন হয়। পৃথিৱীৰ গোলাকৃতি আকৃতি আৰু সূৰ্যৰ কিৰণৰ কোণত পাৰ্থক্য থাকি এই ভিন্নতা ঘটে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top