Assam Board SEBA Class 6 Choritra – Path (চৰিত্ৰ – পাঠ) Chapter 13 Solution 2026 (SCERT Assam Board)

 Chapter 13 – 

প্রকৃতিৰ সৈতে বন্ধুত্ব প্ৰশ্ন ১: কিয় কোৱা হৈছে যে মানুহো প্রকৃতিৰ এটা অংশ?উত্তৰ: মানুহো প্রকৃতিৰ এটা অংশ কোৱা হৈছে, কাৰণ আমি জীয়াই থাকিবলৈ প্ৰকৃতিৰ ওপৰত নির্ভৰশীল। খাদ্য, বস্ত্ৰ, বাসস্থান আৰু আন প্রয়োজনীয় বস্তু আমি প্রকৃতিৰ পৰা আহৰণ কৰোঁ।প্ৰশ্ন ২: মৌ-মাখিয়ে আমাক কি শিকায়?উত্তৰ: মৌ-মাখিয়ে আমাক পৰিশ্রম, একাগ্রতা আৰু একতাৰ গুণ শিকায়। সিহঁতে একেলগে কঠোৰ পৰিশ্রম কৰি ফুলৰ পৰা ৰস আহৰণ কৰি মৌচাক সাজে।
প্ৰশ্ন ৩: গৰু-ম’হৰ ওপৰত উঠি থকা চৰাই-চিৰিকতিয়ে কি উপকাৰ কৰে?উত্তৰ: চৰাই-চিৰিকতিয়ে গৰু-ম’হৰ গাত থকা চিকৰা জাতীয় পৰজীৱী খাই সিহঁতক উপকাৰ কৰে। এই সহায়ৰ বাবে গৰু-ম’হেও তেওঁলোকক আমনি নকৰে।
প্ৰশ্ন ৪: আমি প্রকৃতিবোৰৰ লগত বন্ধুত্ব কেনেকৈ গঢ়ি তুলিব পাৰোঁ?উত্তৰ: আমি গছজোপাক ধৰি অনুভৱ কৰিব পাৰো, ইয়াক ধন্যবাদ জনাব পাৰো, সম্ভাষণ জনাব পাৰো, আৰু ইয়াৰ বিষয়ে চিন্তা কৰি পদ্য-গীত লিখি বা আঁকনি কৰি বন্ধুত্ব গঢ়ি তুলিব পাৰো।
প্ৰশ্ন ৫: গছজোপাৰ পৰা আমি কি কি শিকিব পাৰো?উত্তৰ: গছজোপাৰ পৰা আমি অক্সিজেন লাভ কৰোঁ, ছাঁ পাই, ফুল-ফল পাই আৰু বিভিন্ন জীৱৰ বাসস্থানৰ বিষয়ে শিকিব পাৰো। ইয়াৰ লগত সহানুভূতি আৰু সমমর্মিতাৰ বোধও গঢ়ি উঠিব পাৰে।প্ৰশ্ন ৬: পৰুৱাৰ আচৰণ অধ্যয়ন কৰি আমি কি শিকিব পাৰো?উত্তৰ: পৰুৱাৰ আচৰণ অধ্যয়ন কৰি আমি অধ্যবসায়, দলীয় সহযোগিতা, কঠোৰ পৰিশ্ৰম আৰু একতাৰ বিষয়ে শিকিব পাৰো।
প্ৰশ্ন ৭: পৰুৱাৰ পথত বাধা দিয়াৰ উদ্দেশ্য কি আছিল?উত্তৰ: পৰুৱাৰ পথত সৰু ডাল বা পেঞ্চিল দি বাধা দিয়াৰ উদ্দেশ্য আছিল চাবলৈ যে সিহঁতে কেনেকৈ দলবদ্ধভাৱে বাধাটো অতিক্ৰম কৰে।প্ৰশ্ন ৮: পৰুৱাৰ খাদ্য কঢ়িয়াই নিয়াৰ পদ্ধতি কেনেকুৱা?উত্তৰ: পৰুৱাবোৰ সংগঠিতভাৱে দলবদ্ধ হ’ই বিস্কুট, পাউকটা বা চাউলৰ দানা নিজৰ বাহলৈ লৈ যায়। ইয়াৰ পৰা দেখা যায় যে সিহঁতে পৰস্পৰে সহযোগিতা কৰি কাম কৰে।
প্ৰশ্ন ৯: গছৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ কি কি পদক্ষেপ লোৱা হয়?উত্তৰ: গছৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ:১) এজোপা গছ বাছনি কৰা হয়।২) গছজোপাৰ বৈশিষ্ট্য অধ্যয়ন কৰা হয়।৩) গছজোপাক ধৰি অনুভৱ কৰা হয়।৪) গছজোপাক ধন্যবাদ আৰু সম্ভাষণ জনোৱা হয়।৫) গছজোপাক আঁকনি, পদ্য, বা গীতৰ মাধ্যমে সজীৱ বন্ধু হিচাপে উপলব্ধি কৰা হয়।প্ৰশ্ন ১০: এই পাঠৰ মূল শিক্ষা কি?উত্তৰ: এই পাঠৰ মূল শিক্ষা হৈছে — আমি প্রকৃতিৰ অংশ, সেয়ে প্রকৃতিৰ প্ৰতি সহানুভূতি, সমমর্মিতা আৰু বন্ধুত্ব বজাই ৰাখি তাৰ সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top