SCERT Class 3 Assamese Chapter 6 Part I Answer 2026 | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা | Lesson 6 Part I | Class 3 Assamese Book Question Answer SCERT | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা | Lesson 6 Part I Question Answer Solution For Assam |

Chapter 6 Part I – 

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

(ক) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান

উত্তৰঃ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাৰ এক সম্ভ্ৰান্ত পৰিয়ালত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। 

(খ) উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন

উত্তৰঃ লণ্ডন

(গ) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষসকল ক’ৰ?

উত্তৰঃ ৰাজস্থানৰ

(ঘ) বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন

উত্তৰঃ জাৰ্মানীৰ বাৰ্লিন।

(ঙ) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰঃ জয়মতী

(চ) তেখেতেৰ চৈধ্য় বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ  নাম

উত্তৰঃ শোণিতকুঁৱৰী

উত্তৰ দিয়া।

(ক) জ্য়োতিপ্ৰসাদ আগৰৱালাক কিয় ‘ৰূপকোঁৱৰ’ আখ্য়াৰে বিভূষিত কৰা হৈছে?

উত্তৰঃ অসমীয়া সংস্কৃতিক ন ন ৰূপ দিয়াৰ বাবে জ্য়োতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ আখ্য়াৰে বিভূষিত কৰিছিল।

(খ) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ মৃত্য়ু দিনটো কিয় ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয়?

উত্তৰঃ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতৰ মৃত্য়ুৰ দিনটো ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয়।

তলৰ শব্দবোৰ পাঠত বিচাৰি পঢ়া। দলত আলোচনা কৰি শব্দৰ লগত অৰ্থ কাঁড় চিনেৰে মিলোৱা। 

               শব্দ                           অৰ্থ

                    সম্ভ্ৰান্ত                                    মান্য়, সন্মান পাবৰ যোগ্য়

                    নিগাজিকৈ                            স্থায়ীভাৱে

                    নিৰ্মাণ                                    সজা, গঢ়া, তৈয়াৰ কৰা, প্ৰস্তুত কৰা কাৰ্য

                    বিভূষিত                                 অলংকৃত

                    অৱদান                                  দান, বৰঙনি

শুদ্ধ উত্তৰটোৰে বাক্য়টো পুনৰ লিখা।

(ক) ১৯০৩ চনত/১৯০৪ চনত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।

উত্তৰঃ ১৯০৩ চনত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।

(খ) জয়মতী/ইন্দ্ৰমালতী প্ৰথম অসমীয়া বোলছবি।

উত্তৰঃ জয়মতী প্ৰথম অসমীয়া বোলছবি।

(গ) ১৭ জানুৱাৰী/১৭জুন তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।

উত্তৰঃ ১৭ জানুৱাৰী তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।

(ঘ) ১৭ জুন জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন/মৃত্য়ুদিন।

উত্তৰঃ  ১৭ জুন জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন।

👉এটা শব্দত প্ৰকাশ কৰোঁ আহা 

উদাহৰণ一

(ক) গীত গোৱা লোক

উত্তৰঃ গায়ক

(খ) গীতৰ সুৰ দিয়া লোক

উত্তৰঃ সুৰকাৰ

(গ) গীত ৰচনা কৰা লোক

উত্তৰঃ গীতিকাৰ

(ঘ) অভিনয় কৰা লোক

উত্তৰঃ অভিনেতা

(ঙ) নাটক ৰচনা কৰা লোক

উত্তৰঃ নাট্য়কাৰ

(চ) ভাও দিয়া লোক

উত্তৰঃ ভাৱৰীয়া

👉 বাক্য় গঠন কৰা।

নিৰ্মাণ  ,   নিগাজি  ,  অৱদান  ,   বোলছবি

উত্তৰঃ

নিৰ্মাণঃএই দলংখন নতুনকৈ নিৰ্মাণ কৰা হৈছে।

নিগাজিঃ আমি এই ঠাইত অতীতৰে পৰা নিগাজি কৈ বাস কৰি আছোঁ।

অৱদানঃ অসমীয়া সাহিত্য় জগতত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান অপৰিসীম। 

বোলছবিঃ প্ৰথম অসমীয়া বোলছবি জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।

👉  যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা

কণ্ঠ           ণ্ঠ            ণ + ঠ     ণই        ঠই        ণ্ঠ

শিল্পী            ল্প            ল + প    লই       পই        ল্প

সম্ভ্ৰান্ত        ম্ভ্ৰ            ম +  ভ + ৰ        মই        ভই        ম্ভ        তাত        ৰ        কাৰে        ম্ভ্ৰ

সংস্কৃতি        স্কৃ            স + ক + ঋ        সই        কই       স্ক       তাত         ঋ        কাৰে       স্কৃ

ডিব্ৰুগড়     ব্ৰু            ব + ৰ  + উ        বই         ৰই        ব্ৰ        তাত         উ        কাৰে       ব্ৰু

👉  যুক্তাক্ষৰ গঠন কৰোঁ আহা

ণ    +    ঠ    ণই    ঠই    ণ্ঠ                         

   +    প    লই    পই    ল্প

    +    ভ    +     ৰ    মই    ভই    ম্ভ    তাত    ৰ    কাৰে    ম্ভ্ৰ

    +    ক    +    ঋ    সই    কই   স্ক   তাত    ঋ   কাৰে    স্কৃ

 ব   +    ৰ    +     উ    বই    ৰই    ব্ৰ    তাত    উ    কাৰে    ব্ৰু

    +    ৰ     +    উ    ধই    ৰই    ধ্ৰ    তাত    উ    কাৰ    ধ্ৰু

👉 খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া।

উত্তৰঃ

    ণ্ঠ        কণ্ঠ        বৈকুণ্ঠ        অণ্ঠকণ্ঠ

    ল্প        শিল্প        কল্পনা        কল্পতৰু

👉 যুক্তাক্ষৰ ভাঙি লিখা।

উত্তৰঃ   

ব্ৰু       = ব    +    ৰ    +    উ

ধ্ৰু        = ধ    +    ৰ    +    উ

ম্ভ্ৰ       = ম    +   ভ    +    ৰ

👉 জানো আহা

   অসমৰ  সংগীত সূৰ্য    一      0 ভূপেন হাজৰিকা

    অসমৰ নট সূৰ্য     一    ফণী শৰ্মা

    অসমৰ কলাগুৰু        一        বিষ্ণু প্ৰসাদ ৰাভা

    অসমৰ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী一 প্ৰতিমা বৰুৱা পাণ্ডে

    অসমৰ জিকিৰ সম্ৰাট一 ৰেকিবউদ্দিন আহমেদ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top