অধ্যায়- ৫
যোগৰ দ্বাৰা মানসিক স্বাস্থ্য পুনৰুদ্ধাৰ কৰা
অতি চমু প্রশ্নোত্তৰ
১। যোগৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰঃ যোগৰ প্ৰধান উদ্দেশ্য হ’ল জীৱাত্মাক (Individual souls) বিশ্বজনীন আত্মা (Universal souls)ৰ লগত সংযোগ ঘটোৱা।
২। মহা নির্বাণ তন্ত্ৰৰ মতে যোগ কি?
উত্তৰঃ মহা নির্বাণ তন্ত্ৰৰ মতে, “যোগ জীৱাত্মা-পৰমাত্মানো ঐক্যম্” — যোগ জীৱাত্মা আৰুপৰমাত্মাৰ একত্ৰিকৰণ বা মিলন।৩। চাপ ব্যৱস্থাপনাৰ এটা কৌশল উল্লেখ কৰা।
উত্তৰঃ সফল ব্যক্তিৰ সান্নিধ্যই আমাৰ মনতসদর্থক চেতনা সজীৱ কৰি জীৱনৰ চাপপূৰ্ণ মুহূৰ্তবোৰৰ সৈতে মুখামুখি হোৱাৰ সাহসপ্রদান কৰে।৪। যোগ শব্দটোৰ সংস্কৃত শব্দ ‘যুজ‘ (Yuj) ৰ অৰ্থ কি?
উত্তৰঃ যোগ শব্দটোৰ সংস্কৃত শব্দ ‘যুজ’ৰ অৰ্থ হ’ল মিল, একত্ৰীকৰণ।৫। চাপ ব্যৱস্থাপনা (stress management) কি?
উত্তৰঃ চাপ ব্যৱস্থাপনা বুলিলে বর্ধিত চাপৰ সমস্যা বা নেতিবাচক প্রভাৱসমূহৰ সৈতে ভালদৰে মোকাবিলা কৰাৰ নিপুণতা বা আদব-কায়দাবোৰ আয়ত্ব কৰাৰ কথাকে বুজোৱা হয়। চাপ ব্যৱস্থাপনা হৈছে এক সুস্থ জীৱন শৈলী যিয়ে ভিন্ন পৰিস্থিতিৰ প্ৰতি দক্ষতাৰে প্রতিক্রিয়াশীল হোৱাৰ অৰ্থপূর্ণ ইংগিত বহন কৰে।৬। ধ্যান কি?
উত্তৰঃ কোনো এক বিষয়বস্তুত মনটো দীঘলীয়া সময়লৈ স্থিৰ কৰাই হৈছে ধ্যান।৭। প্রাচীন কালত সমাজত এজন যোগীৰ স্থান কি?
উত্তৰঃ প্রাচীন কালত এজন যোগীৰ স্থান সর্বপ্রথম।৮। যোগ দৰ্শনৰ প্ৰৱৰ্তক পতঞ্জলিৰ মতে যোগ কি?
উত্তৰঃ পতঞ্জলিৰ মতে শৰীৰ, ইন্দ্ৰিয়সমূহ আৰু মনক উপযুক্তভাবে নিয়ন্ত্রণ কৰি সম্পূর্ণতা লাভ কৰিবলৈ চলোৱা আধ্যাত্মিক প্রচেষ্টাই উপযুক্তভাৱে নিয়ন্ত্রণ কৰি সম্পূৰ্ণতা লাভ কৰিবলে চলোৱা আধ্যাত্মিক প্রচেষ্টাই হৈছে যোগ।৯। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ ২১ জুন তাৰিখে।
চমু প্রশ্নোত্তৰ১। মানসিক চাপ (Stress) ৰ লক্ষণসমূহ কি?
উত্তৰঃ মানসিক চাপত ভোগা ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক বহুতো লক্ষণ প্রকাশ হোৱা দেখা যায়। ইয়াৰ ভিতৰত কেইটামান বিশেষ লক্ষণ উল্লেখ কৰা হৈছে।
(১) মনৰ উৎসাহ নাইকিয়া হোৱা। মনটো উৎকণ্ঠা আৰু অনেক চিন্তাৰে ভৰি থকা।
(২) সকলো কামতে মনোযোগ কমি যোৱা বা মনোযোগ দিব নোৱাৰা।
(৩) মগজুৰ স্মৃতিশক্তি কমি যোৱা। সকলো সময়ত ঋণাত্মক বা নেতিবাচক চিন্তা মনলৈ অহা।
(৪) অলপতে উত্তেজিত, বিৰক্ত, খিংখিভীয়া আৰু আৱেগিক হৈ পৰা
(৫) হঠাতে মনটো ভাল লগা আৰু অলপ পিছতে মন বেয়া লগা বা আৱেগিক হোৱা।
(৬) খাদ্য ভালদৰে হজম নোহোৱা, খাবলৈ মন নোযোৱা, পাতল শৌচ বা কোষ্ঠকাঠিন্য হোৱা বা ঘনে ঘনে শৌচ অনুভৱ হোৱা, বুকুৰ বিষ, হৃদস্পন্দন বৃদ্ধি, হঠাৎ ঠাণ্ডা লগা, ঘাম ওলোৱা, উশাহ-নিশাহ খৰ হোৱা, টোপনি নহা বা টোপনিত সঘনাই সাৰ পোৱা আৰু হৰম’নজনিত সমস্যা।
(৭) নিজৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা, নিজকে হীনমন্যতাত ৰখা, সঘনাই নখ কামুৰি থকা, নিজকে সামাজিক কাম-কাজবোৰৰ পৰা নিলগত ৰখা, নিচাৰ প্রতি আসক্ত হোৱা আদি।২। ৰাজযোগ কি?
উত্তৰঃ ৰাজযোগত ইন্দ্ৰিয়গ্রাহ্য অংগবোৰ আৰু বাহ্যিক বিষয়বস্তুৰ পৰা মনটোক ধ্যান-ধাৰণাৰ দ্বাৰা অন্তর্মুখী কৰা হয়। ধাৰণা,ধ্যানৰ অভ্যাসেৰে মনক প্রশান্ত আৰু একাগ্র কৰি আত্মাৰ স্বৰূপ উপলব্ধিৰ ফালে আগবাঢ়ি যোৱা হয় আৰু সমাধি অৱস্থাত আত্মবোধৰ উপলব্ধি লাভ কৰে। পতঞ্জলিয়ে এজন সাধকক শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক – এই আটাইকেইটা দিশতে বিকাশ সাধন কৰি যোগৰ চৰম লক্ষ্যলৈ আগবঢ়াই নিবৰ বাবে যি আঠোটা প্রণালী সুসজ্জিত কৰিছে তাক ৰাজযোগ বুলি কোৱা হয়। সেই আঠটা অংগ হ’ল- (১) যম (২) নিয়ম (৩) আসন (৪) প্রাণায়াম (৫) প্রত্যাহাৰ (৬) ধাৰণা (৭) ধ্যান (৮) সমাধি।৩। ইউৰোপীয় যোগী আর্নেষ্ট উডে যোগ সম্পর্কে দিয়া ধাৰণা আগবঢ়োৱা।
উত্তৰঃ ইউৰোপীয় যোগী আর্নেষ্ট উডে সাত প্ৰকাৰৰ ভাৰতীয় আৰু তিনিপ্ৰকাৰৰ অনা-ভাৰতীয় যোগ পদ্ধতিৰ বৰ্ণনা দিছে। তেওঁ কৰা ভাৰতীয় যোগ পদ্ধতিসমূহহৈছে– (১)পতঞ্জলি ৰাজযোগ, (২)শ্রীকৃষ্ণৰ বুদ্ধি আৰু কৰ্মযো(৩শংকৰাচাৰ্যৰ জ্ঞানযোগ (৪)হঠ যোগ (৫) লয়যোগ (৬) ভক্তিযোগ (৭) মন্ত্রযোগ।অনা-ভাৰতীয় পদ্ধতিবোৰ হ’ল- (১) পার্টীয়ান চোফীযোগ (২) বুদ্ধৰ মহান অষ্টমার্গ আৰু (৩) চীন জাপানী ঝেন যোগ।৪। খঙে মানুহৰ জীবনী শক্তি কিদৰে হ্ৰাস কৰে?
উত্তৰঃ আমি সকলোৱে জানো যে খং আমাৰ শত্রু। যি কাৰণতেই খং নুঠক লাগে, খং উঠাৰ লগে লগে শৰীৰৰ পৰা যথেষ্ট পৰিমানৰ শক্তি ক্ষয় হয়। খঙে যে কেৱল নিজৰেই ক্ষতি সাধন কৰে এনে নহয় আনৰো অনিষ্ট কৰে। খং উঠাৰ সময়ত আমাৰ শৰীৰৰ অংগ-প্রত্যংগ উত্তেজিত হৈ উঠে বাবে নাক, কান, গাল ৰঙা পৰে। শৰীৰত উত্তেজনা বৃদ্ধি পাই বাবে ৰক্তচাপো বৃদ্ধি পায়। হিতাহিত জ্ঞান নোহোৱা হয়। ফলত আনৰ অপ্রিয়ভাজন হোৱাও দেখিবলৈ পোৱা যায়। আনকি কেতিয়াবা স্ট্রোক হৈ সংজ্ঞা হেৰুৱাও দেখা যায়।
খং উঠাৰ বহুতো কাৰণ আছে যদিও কেইটামান প্রধান কাৰণ হ‘ল-(১) যিকোনো কাৰণত যদি মতানৈক্যৰ সৃষ্টি হয়।(২)আত্ম সন্মানত আঘাত লাগিলে।(৩) মনলৈ হতাশা আহিলে।(৪) নকৰিবলগীয়া কাম কৰিলে।(৫) কাৰোবাৰ স্বাৰ্থত আঘাত হ’লে।(৬) প্রাপ্য সম্মানৰ পৰা বঞ্চিত হ’লে।খঙৰ উৎস যিকোনো কাৰণতেই নহওঁক লাগে ই মানবীয় গুণ লোপ কৰে। শৰীৰত যিমানেই প্রসাধন নলগাঁওক লাগে মুখমণ্ডলৰ সৌন্দর্য ম্লান হয়। অতি খঙাল মানুহে কোনো কাম ধীৰে সুস্থিৰে কৰিব নোৱাৰাৰ বাবে কামত কৃতকার্ততা সহজে লাভ কৰা সম্ভৱ নহয়। তদুপৰি তেনে লোক আনৰ অপ্রিয় ভাজন হোৱাৰ বাবে শত্রুও বেছি।
খং কমাবলৈ কি কৰা উচিতঃ(১) নিয়মিতভাৱে প্রাণায়াম অভ্যাস কৰা উচিত।(২) যদিহে কোনো আলোচনাৰ পৰা খং উঠিছে তেন্তে সেই বিষয়-বস্তুৰ পৰা আঁতৰি থাকি নতুন এটাবিষয়-বস্তুলৈ আলোচনা কৰা উচিত।(৩) খং উঠিলে আমি আমাৰ মনটোক নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰয়াস কৰা উচিত।৫। খঙে মানুহৰ জীবনী শক্তি কিদৰে হ্ৰাস কৰে?
উত্তৰঃ আমি সকলোৱে জানো যে খং আমাৰ শত্রু। যি কাৰণতেই খং নুঠক লাগে, খং উঠাৰ লগে লগে শৰীৰৰ পৰা যথেষ্ট পৰিমানৰ শক্তি ক্ষয় হয়। খঙে যে কেৱল নিজৰেই ক্ষতি সাধন কৰে এনে নহয় আনৰো অনিষ্ট কৰে। খং উঠাৰ সময়ত আমাৰ শৰীৰৰ অংগ-প্রত্যংগ উত্তেজিত হৈ উঠে বাবে নাক,কান, গাল ৰঙা পৰে। শৰীৰত উত্তেজনা বৃদ্ধি পাই বাবে ৰক্তচাপো বৃদ্ধি পায়। হিতাহিত জ্ঞান নোহোৱা হয়। ফলত আনৰ অপ্রিয়ভাজন হোৱাও দেখিবলৈ পোৱা যায়। আনকি কেতিয়াবা স্ট্রোক হৈ সংজ্ঞা হেৰুৱাও দেখা যায়।
খং উঠাৰ বহুতো কাৰণ আছে যদিও কেইটামান প্রধান কাৰণ হ‘ল-(১) যিকোনো কাৰণত যদি মতানৈক্যৰ সৃষ্টি হয়।(২) আত্ম সন্মানত আঘাত লাগিলে।(৩) মনলৈ হতাশা আহিলে।(৪) নকৰিবলগীয়া কাম কৰিলে।(৫) কাৰোবাৰ স্বাৰ্থত আঘাত হ’লে।(৬) প্রাপ্য সম্মানৰ পৰা বঞ্চিত হ’লে।খঙৰ উৎস যিকোনো কাৰণতেই নহওঁক লাগে ই মানবীয় গুণ লোপ কৰে। শৰীৰত যিমানেই প্রসাধন নলগাঁওক লাগে মুখমণ্ডলৰ সৌন্দর্য ম্লান হয়। অতি খঙাল মানুহে কোনো কাম ধীৰে সুস্থিৰে কৰিব নোৱাৰাৰ বাবে কামত কৃতকার্ততা সহজে লাভ কৰা সম্ভৱ নহয়। তদুপৰি তেনে লোক আনৰ অপ্রিয় ভাজন হোৱাৰ বাবে শত্রুও বেছি।
খং কমাবলৈ কি কৰা উচিতঃ(১) নিয়মিতভাৱে প্রাণায়াম অভ্যাস কৰা উচিত।(২) যদিহে কোনো আলোচনাৰ পৰা খং উঠিছে তেন্তে সেই বিষয়-বস্তুৰ পৰা আঁতৰি থাকি নতুন এটাবিষয়-বস্তুলৈ আলোচনা কৰা উচিত।(৩) খং উঠিলে আমি আমাৰ মনটোক নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰয়াস কৰা উচিত।(৪) কিছুমান ক্ষেত্রত আইনাৰ ওচৰত নিজৰ মুখমণ্ডল চায়ো খং কিছু পৰিমানে দমন কৰিব পাৰি।৬। মানসিক চাপ (Stress) কি?
উত্তৰঃ ব্যক্তি এজন অধিক মাত্ৰাত আৱেগিক হ’লে, মন অশান্ত হ’লে,কাম কৰাৰ স্থিৰতা নাইকিয়া হ’লে, মন বিৰক্তিকৰ হ’লে আৰু সঘনাই মেজাজ সলনি হৈ থাকিলে সেই ব্যক্তিজনক মানসিক চাপ বা স্ট্রে ভোগা বুলি কোৱা হয়। জটিল মানসিক ডিচঅৰ্ডাৰসমূহৰ প্ৰাৰম্ভিক লক্ষণ হ’ল মানসিক চাপ। সেয়ে মানসিক চাপক সাধাৰণ অৱস্থাতে সংযত আৰু সচেতন হৈ নিয়ন্ত্রণত আনিব লাগে।
৭। যোগৰ সংজ্ঞা আগবঢ়োবা।
উত্তৰঃ শৰীৰ আৰু মনক প্রণালীবদ্ধভাবে প্রশিক্ষণ দি শৰীৰ, মন আৰু আত্মাৰ মাজত সংহতি আৰু ঐক্য স্থাপন কৰাই যোগ। যোগৰ সংজ্ঞা বিভিন্ন গ্রন্থত বিভিন্ন ধৰণে লিখা আছে যদিও যোগৰ উদ্দেশ্য এক— নিজ সত্তাক জনা, নিজৰ বোধ হোৱা, নিজৰ মাজত থকা দৈৱিক গুণবোৰৰ বিকাশ সাধন কৰা,ব্যক্তিসত্তাক ব্ৰহ্মাণ্ডৰ বিশ্বজনীন সত্তাৰ মাজত বিলীন কৰা, সম্পূর্ণ সত্তাক অনুভৱ কৰা আৰু সম্পূৰ্ণ সত্তাৰ আনন্দৰ মাজত নিজকে বিলীন কৰা।
(১) ‘যোগাৱাশিষ্ট ৰামায়ণ’ৰ দুটা সংজ্ঞা-প্ৰথমটো যোগৰ অবস্থা সম্পর্কেঃ
(ক) ‘যোগ সমতাবস্থা জীৱাত্মা পৰমাত্মানো’- যোগ হ’ল আত্মা আৰু পৰমাত্মাৰ সমতাৰ অৱস্থা।দ্বিতীয়তো পদ্ধতি সম্পর্কেঃ(খ) ‘মনঃ প্রশমনোপায়ঃ যোগ ইত্যাভিধীয়তে’- যোগ হৈছে মনক প্রশমন কৰাৰ উপায়।(২) মহা নির্বাণ তন্ত্ৰৰ মতে, ‘যোগ জীবাত্মা-পৰমাত্মানো ঐক্যম্’- যোগ জীবাত্মা আৰু পৰমাত্মাৰ একত্ৰিকৰণ বা মিলন।(৩) শ্রীমদ্ভাগবত গীতাৰ মতে— (ক) ‘সমত্বম্ যোগ উচ্যতে’- সমতাকে যোগ বুলি কোৱা হয়।
(খ) আকৌ অন্য এটা সংজ্ঞাৰ মতে ‘যোগঃ কর্মসু কৌশলম্’- সুনিপুণভাৱে কাম কৰাৰ কৌশলেই হ’ল যোগ।(৪) ঋষি পতঞ্জলিৰ মতে, ‘যোগঃ চিত্ত বৃত্তি নিৰোধঃ’- যোগ মনৰ বৃত্তিবোৰ নিৰোধ কৰাৰ উপায়।(৫) মহানির্বাণ তন্ত্ৰৰ মতে (Maha Nirvan Tantra), যোগ হৈছে জীবাত্মা আৰু পৰমাত্মাৰ সমাহাৰ।
৮। ধ্যান কি?
উত্তৰঃ ধ্যান হৈছে সৰল আৰু মিতব্যয়ী। ইয়াৰ বাবে কোনো বিশেষ সঁজুলিৰ প্ৰয়োজন নাই। ধ্যানত কেইমিনিটমান অতিবাহিত কৰিলে মানুহে আত্ম মন্থন কৰাৰ সুযোগ পায় আৰু আভ্যন্তৰীণ শান্তি পুনৰুদ্ধাৰ কৰিব পাৰে। আমাৰ দেশ ভাৰতবৰ্ষত হাজাৰ হাজাৰ বছৰ ধৰি ধ্যান প্রচলিত হৈ আহিছে। ধ্যানৰ মূল উদ্দেশ্য আছিল জীৱনৰ পৱিত্ৰ আৰু ৰহস্যময় শক্তিবোৰৰ বুজাবুজি গভীৰ কৰাত সহায় কৰা। আজিকালি ধ্যান সাধাৰণতে শিথিলতা আৰু চাপ হ্ৰাসৰ বাবে ব্যৱহাৰ কৰা এক উপায় হিচাপেহে অধিক জনপ্রিয় হৈ পৰিছে।ধ্যানে ব্যস্ত সময়সূচী আৰু জীৱনৰ দাবীৰ মাজত চাপ হ্রাস কৰাৰ বৰ্ধিত প্রয়োজনীয়তাৰ সমাধান প্রদান কৰিব পাৰে। সেয়েহে ধ্যানৰ পৰিণাম বা ফলাফলসমূহৰ কথা বিবেচনা কৰি ধ্যানক জীৱনৰ অংশহিচাপে গ্রহণ কৰাৰ প্ৰতি আগ্ৰহী হোৱাটো প্রয়োজন। যদিও ধ্যান কৰাৰ কোনো সঠিক বা ভুল উপায় নাই, তথাপি প্রয়োজনীয়তা পূৰণ কৰা অভ্যাস এটা বিচাৰি উলিওৱা গুৰুত্বপূর্ণ।
৯। চমুটোকা লিখাঃ(ক) আসন অভ্যাসৰ প্রভাব।
উত্তৰঃ আসন হ’ল এনে কিছুমান শাৰীৰিক ভংগী যিসমূহ শাৰীৰিক ভংগীৰ স্থিতিয়ে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্থিৰতা আৰু সুখপূৰ্ণ ভাৱ আনে। আসনৰ অভ্যাস কৰিলে অভ্যন্তৰঙ্গসমূহ সবল, সতেজ আৰু কৰ্মক্ষম হৈ শৰীৰৰ জড়তা, দুৰ্বলতা, অস্থিৰতা, এলাহ, ৰোগ আদি নাইকিয়া হয় আৰু শৰীৰ-মনৰ স্থিৰতা,সজীৱতা, ক্ষিপ্রতা, সজাগতা আৰু সহনশীলতা বাঢ়ে।
তলত আসনৰ অভ্যাসে শৰীৰআৰু মনত কেনেধৰণে প্ৰভাৱ পেলায় সেয়া আলোচনা কৰা হ‘ল— (ক) আসনৰ অভ্যাসেশৰীৰ আৰু মনৰ স্থিৰতা আনে।(খ) আসনৰ অভ্যাসে সন্ধিৰ জড়তা ভাঙি শিথিলতা আৰু নমনীয়তা আনে।(গ) আসনৰ অভ্যাসে সন্ধি-হাড় আৰু পেশীৰ মাজত জমা হোৱা বিজতীয়া পদাৰ্থবোৰ দুৰ কৰে।(ঘ) আসনৰ অভ্যাসে শৰীৰৰ স্নায়ুক মালিচ কৰে আৰু সেইসমূহলৈ ৰক্ত-প্ৰৱাহ কৰি সেইসমূহটনকিয়াল আৰু সতর্ক কৰি ৰাখে।(ঙ) আসনৰ অভ্যাসে অন্তঃস্রাবী গ্রন্থিব কর্মক্ষমতা বঢ়াই তোলে।(চ) আসনৰ অভ্যাসে হাওঁফাওঁব কার্যাক্ষমতা বঢ়াই তোলে।(ছ) আসনৰ অভ্যাসে হৃদয়, শিৰা-উপশিৰা, ৰক্ত প্রবাহ টনকিয়াল কৰে।(জ) আসনৰ অভ্যাসে পৰিপাক প্ৰণালী আৰু নিষ্কাষণ প্ৰণালীৰ অংগসমূহ সবল কৰি তোলে।(ঝ) আসনৰ অভ্যাসে মাংসপেশী সবল কৰে আৰু শৰীৰৰ অতিৰিক্ত মেদ দূৰ কৰে।(ঞ) আসনৰ অভ্যাসে শৰীৰ আৰু মনৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে(ট) আসনৰ অভ্যাসে শৰীৰ-মনৰ সহনশীলতা বৃদ্ধি কৰে।(খ) পতঞ্জলি
উত্তৰঃ মহর্ষি পতঞ্জলি খ্ৰীষ্টপূর্ব ৪ ৰ ভাৰতীয় বৈয়াকৰণবিদ। যোগদৰ্শনৰ প্ৰতিষ্ঠাপক। পতঞ্জলিয়ে ‘যোগসূত্র’ নামেৰে এখন কালজয়ী যোগশাস্ত্ৰ ৰচনা কৰে য’ত ১৯৬ সূত্র অন্তর্ভুক্ত কৰিছে আৰু তেওঁ যোগচৰ্চাক ধৰ্মৰ গণ্ডীৰ বাহিৰত ৰাখি প্রণালীবদ্ধভাবে নৈতিক, শাবীবিক, মানসিক আৰু আধ্যাত্মিক চর্চাৰে এক পূর্ণাংগৰূপত গঢ় দি উলিওৱা প্ৰথম ব্যক্তি বুলি অভিহিত করা হয়। তেওঁ যোগক এক সুকীয়া দর্শন, মনোবিজ্ঞান আৰু প্রযুক্তিবিদ্যা হিচাপে প্রতিষ্ঠা কৰিলে। পতঞ্জলিৰ ‘যোগসুত্র’ সমাধি পাদ, সাধন পাদ, বিভূতি পাদ আদি কৈবল্যপাদেৰে সমৃদ্ধ। পতঞ্জলিৰ যোগ পদ্ধতিতযম, নিয়ম, আসন, প্রাণায়াম, প্রত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি নামেৰে ‘অষ্টাংগ’ যোগৰ বিধান দিয়া হৈছে।
ৰচনাধর্মী প্রশ্নোত্তৰ১। যোগৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ আসন, প্রাণায়াম, ধাৰণা-ধ্যানতে পৰিধি সীমাবদ্ধ নহয়। যোগ এক জীৱনধাৰণৰ প্রণালী। যৌগিক অভ্যাসে আমাক কর্মদক্ষ হ’বলৈ শিকায়, এৰা-ধৰা, বুজা-পৰাৰ মাজেৰে সকলোকে সমান দৃষ্টিৰে চাবলৈ শিকায়। জীৱনৰ প্ৰতিটো সুখ-দুখৰ অৱস্থাত ভাৰসাম্য বজাই ৰাখি নিজৰ কৰ্ম কৰিবলৈ মানসিকভাৱে প্ৰস্তুত কৰে । যোগ হৈছে এক সামগ্রিক শিক্ষা। ইয়াৰ পৰিধি শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ্থে শাৰীৰিক শিক্ষাতেই সীমিত নহয়, মানসিক শিক্ষা ব্যক্তিক মানসিকভাৱে সুস্থ ৰাখিবলৈ, নৈতিক শিক্ষা সমাজত বিৰাজ কৰা অনৈতিকতা দূৰ কৰিবলৈ, আধ্যাত্মিক শিক্ষা সুপ্ত দৈৱিক শক্তিৰ বিকাশকৰণ কৰিবলৈ, সামাজিক শিক্ষা সমাজৰ সুনাগৰিক হিচাপে গঢ়ি তুলি পাৰস্পৰিক বুজাপৰা, সহযোগিতা, সহানুভূতিৰ ভাব জগাই তুলিবলৈ, পৰিৱেশিক শিক্ষা পৰিৱেশ প্ৰদূষিত কৰাৰপৰা ৰক্ষা কৰা আদি শিক্ষাৰ সকলো স্তৰলৈকে পৰিব্যাপ্ত। যোগৰ পৰিধি প্ৰকৃতাৰ্থত বৰ ব্যাপক। যোগৰ পৰিধি বৰ্তমানচিকিৎসা জগতলৈও পৰিব্যাপ্ত হৈছে। ‘পৰৱৰ্তী এলোপেথিক চিকিৎসাৰ বিকল্প চিকিৎসা পদ্ধতি’হিচাপে ই বৰ্তমান সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে। বর্তমান যুগত যোগচর্চাই খেলজগত, সংগীত জগত, চিনেমা জগত, ব্যৱসায়, সংগঠন আদিকো প্ৰভাৱিত কৰিছে।যিহেতু যৌগিক শিক্ষাই এটি শিশুক শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক, নৈতিক, আধ্যাত্মিক তথা পৰিৱেশিক ৰূপত এজন সুস্থ-সবল আৰু পূর্ণাংগ মানৱ হোৱাত সহায় কৰে, সেয়ে বর্তমান যোগ শিক্ষাক পাঠ্যক্রমত অন্তর্ভুক্ত কৰা হৈছে।২। শৰীৰ আৰু মনৰ ওপৰত যোগাভ্যাসৰ প্ৰভাৱ তথা উদ্বেগ আৰু হতাশা নির্মূলকৰণ আৰু মানসিক সুস্থতা প্রদানত যোগৰ ভূমিকা সম্বন্ধে বহলাই আলোচনা কৰা।
উত্তৰঃ বর্তমান পাশ্চাত্য বস্তু বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই প্রদান কৰা সুবিধাবিলাকৰ প্রভাৱত মানৱ সমাজ পার্থিব সামগ্ৰীৰ দ্বাৰা প্রলোভিত হৈ, সেই সমুহৰ পিছে পিছে অবিৰাম দৌৰিব লাগিছে। নিজেতো দৌৰিছেই, নিজৰ ল’ৰা- ছোৱালীকো সেই দৌৰ প্রতিযোগিতাত নমাইছে। এফালে পিতৃ-মাতৃ,শিক্ষক, অভিভাৱকৰ হেঁচা আনফালে বর্তমান ইন্টাৰনেটকে আদি কৰি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি পোৱা সা-সুবিধাৰ প্রলোভন, বিভিন্ন দিশত অহা তীব্র প্রতিযোগিতা, এই সকলোবোৰে ল’ৰা-ছোৱালীবোৰক কোমল বয়সতে উদ্বেগ, উত্তেজনা, হতাশা, নিৰাশা আদি বিভিন্ন মানসিক চাপে জৰ্জৰিত কৰিছে। ফলত তেওঁলোক শাৰীৰিক আৰু মানসিকভাবে ভাগি পৰিছে আৰু বিভিন্ন শাৰীৰিক, মানসিক আৰু মনো-শাৰীৰিক কাৰণৰ পৰা উদ্ভুত ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে। কাৰণ মানসিক ভাৰসাম্যতাৰ অভাৱত তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পাইছে।এনে পৰিস্থিতিত মনোবল বৃদ্ধি কৰি সন্মুখলৈ অহা সমস্যাবিলাকৰ লগত মোকাবিলা কৰিবলৈ ল’ৰা-ছোৱালীবিলাকক এনে প্রশিক্ষণৰ আৱশ্যক যি প্ৰশিক্ষণৰ দ্বাৰা তেওঁলোকে নিজৰ মনক বহির্জগতখনৰ পৰা আঁতৰাই মনোজগতৰ অভ্যন্তৰলৈ নিব পাৰে আৰু তাৰ দ্বাৰা নিজৰ মনক প্রশান্ত কৰিব পাৰে আৰু সমস্যাসমূহৰ অন্তৰালত থকা কাৰণসমূহ উপলব্ধি কৰি তাক নিৰাকৰম কৰিব পাৰে। এই ক্ষেত্ৰত যোগৰ বিভিন্ন অঙ্গসমূহৰ চৰ্চাই অভূতপূর্বভাবে সহায় কৰিব পাৰে।(ক) অষ্টাঙ্গ যোগৰ প্ৰথম দুই অঙ্গ-পাঁচটা যম আৰু নিয়মৰ চৰ্চাই মনৰ উত্তেজনাসমূহ প্রশমনকৰাত সহায়ক হয় আৰু মানসিকভাবে শক্তিশালী কৰি তোলে।(খ) আসনে শাৰীৰিক স্বাস্থ্য উন্নীত কৰাৰ উপৰিও মনৰ স্থিৰতা আৰু সুখ অনাত সহায় কৰে। এইঅংগৰ চর্চাই আমাৰ অন্তঃস্রাবী গ্ৰন্থিৰ পৰা হ’ৰমনৰ নিঃসৰণ স্বাভাৱিক কৰে।(গ) প্রাণায়ামে শ্বাস-প্রশ্বাস নিয়ন্ত্রণ কৰে আৰু প্ৰাণ শক্তি বৃদ্ধি কৰাৰ উপৰিও মনকসংযম কৰে। প্ৰাণ আৰু মনৰ প্ৰত্যক্ষ সংযোগ আছে।(ঘ) প্রত্যাহাৰৰ চৰ্চাৰ প্ৰভাৱত বহির্জগতৰ প্রলোভনে মনক প্রলোভিত কৰিব নোৱাৰে।প্রত্যাহাৰে ব্যক্তিৰ মন বহির্জগতৰ পৰা অন্তর্জগতলৈ আনে।(ঙ) ধাৰণা আৰু ধ্যানে মনৰ ওপৰত সংযম আনি প্রশান্ত কৰে, বোধ জ্ঞান বৃদ্ধি কৰে, ধ্যানৰ যোগেদি বস্তু জগতৰ অলীকতা উপলব্ধি কৰোৱাই আচল সত্য দৰ্শনৰ বাবে অভ্যাসকাৰীক সাজু কৰে আৰু সমাধিত সেই সত্যৰ দৰ্শন হয়। তেনে অৱস্থাত মনৰ পৰা দুঃচিন্তা দুৰাকাংক্ষা, উদ্বেগ অশান্তি দূৰ হয়।৩। স্বাস্থ্যকৰ জীৱন-যাপনৰ যৌগিক নীতিসমূহ আলোচনা কৰা।
উত্তৰঃ স্বাস্থ্যই সম্পদ। সেয়ে আমি আমাৰ সুস্থ স্বাস্থ্য বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। এক স্বাস্থ্যকৰ জীৱন-যাপনৰ বাবে আমি স্বাস্থ্যসন্মত কামবোৰ কৰিব লাগে আৰু স্বাস্থ্যসন্মত জীৱনধাৰণৰ নীতি-নিয়মবোৰ অনুসৰণ কৰিব লাগে। আধুনিক জগতখনতমানুহে জীবনযাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অস্বাস্থ্যকৰ বিধিবোৰে জীৱনক দুর্বিসহ কৰি তুলিছে। মানুহক ৰোগগ্রস্ত কৰি তুলিছে তথা দেহ-মানসিক স্বাস্থ্যলৈ আধুনিকতাই সংকট নমাই আনিছে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু এক স্বাস্থ্যসন্মত জীৱন-যাপন কৰিবলৈ হ’লে আমি মানব জাতিয়ে কিছুমান অভ্যাস পৰিবৰ্তন কৰি কিছুমান যৌগিক নীতি মানি চলিব লাগিব। তলত স্বাস্থ্যকৰ জীৱন-যাপনৰ যৌগিক নীতিবোৰ উল্লেখ কৰা হ’ল।
(১) নিয়মীয়া উপকাৰী ব্যায়ামঃ প্রত্যেক ব্যক্তিয়েই নিয়মীয়া উপকাৰী ব্যায়াম তথা যোগচৰ্চাৰ এক নৈতিক শৈলী গঢ়ি তুলি বিভিন্ন ৰোগ তথা সামাজিক ব্যাধিৰ পৰা নিজকে মুক্ত কৰি সুস্থ মন আৰু সুস্থ স্বাস্থ্যৰ অধিকাৰী কৰি তুলিব পাৰে। নিয়মীয়া যোগাভ্যাস তথা ব্যায়ামে শৰীৰৰ অংগসমূহ সুস্থ সবল কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰি আমাক এক সুস্থ দেহ-মনৰ অধিকাৰী কৰি তোলে, যিয়ে আমাক সুস্থ জীৱন-যাপনত সহায় কৰে।
(২) সঠিক শ্বাস-প্রশ্বাস প্রণালী বা প্রাণায়ামঃ সঠিক শ্বাস-প্রশ্বাস প্রণালী বা প্রাণায়ামে শৰীৰ আৰু মনৰ মাজত এক সেতু হিচাপে কাম কৰে। ই আমাক জীৱনী শক্তিক নিয়ন্ত্রণ কৰে। সঠিক শ্বাস-প্রশ্বাস প্রণালী বা প্রাণায়ামৰ তিনিটা প্রধান অংগ; যেনে- ৰেচক, পূৰক আৰু কুম্ভকৰ সঠিক আৰু নিয়মীয়া অভ্যাসে শৰীৰক পৰ্যাপ্ত অক্সিজেনৰ যোগান ধৰি আমাৰ সুস্থ দেহ-মানসিক স্বাস্থ্য বজাই ৰখাত সহায় কৰে, যিয়ে আমাক সুস্থ জীৱন-যাপনত সহায় কৰে।
(৩) সঠিক আচাৰ বা দৈনন্দিন নিয়মঃ সঠিক আচাৰ বা প্রতিদিনে পালন কৰিবলগীয়া নিয়মৰ ওপৰত যোগৰ গুৰুত্ব আটাইতকৈ বেছি। অর্থাৎ সঠিকভাবে প্রতিদিন কৰা শাৰীৰিক ব্যায়াম, আসন, প্রাণায়াম আৰু নিত্য কর্ম তথা নিয়ম সংযম আদিয়ে আমাৰ সুস্থ দেহ-মানসিক স্বাস্থ্য বজাই ৰখা আৰু স্বাস্থ্যসন্মত জীৱন-যাপন কৰাত সহায় কৰে। গতিকে আমি নিয়ম অনুসৰি তথা সময়মতে কাম কৰা, খোৱা-বোৱা কৰা, ব্যায়াম কৰা, টুপনি যোৱা আদি কামবোৰ কৰি যাব লাগে। যৌগিক দৃষ্টিভংগীৰে সেয়ে ক’ব পাৰি সুস্থ স্বাস্থ্য আৰু সুস্থ জীৱন-যাপনৰ বাবে নিয়ম অনুসাৰে যৌগিক আচাৰ তথা নিয়মীয়া নীতি-নিয়মবোৰ পালন কৰাটো অত্যন্ত জৰুৰী।
(৪) বিচাৰ বা চিন্তাঃ সুস্থ জীবন-যাপনৰ বাবে জীৱনৰ প্ৰতি শুদ্ধ বিচাৰ বা শুদ্ধ চিন্তা আৰু শুদ্ধ মনোভাব ৰখাটো অত্যন্ত জৰুৰী। সংযম আৰু নিয়ম তথা নৈতিক বিচাৰ আৰু নৈতিক শুদ্ধ চিন্তা আৰু নীতি-নিয়ম অনুসৰণ কৰিলেহে মানসিক সুস্থিৰতা আহিব, যিয়ে সুস্থ দেহ-মানসিক স্বাস্থ্য বজাই ৰখাৰ লগতে সুস্থভাৱে জীৱন নিৰ্বাহ কৰাত সহায় কৰিব। এই ক্ষেত্ৰত মহাত্মা গান্ধীয়ে কৈছিল, “There is enough in this world for everyone’s need but not enough for any only persons’ greed.”। শুদ্ধ বিচাৰ বা চিন্তাইহে সুস্থ বৌদ্ধিক স্বাস্থ্য বজাই ৰখাত সহায় কৰে।
(৫) আহাৰঃ আমাৰ দেহত শক্তি আহৰণৰ বাবে, আমাৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে আমি যিবোৰ বস্তু খাদ্য হিচাপে গ্রহণ কৰোঁ সেইবোৰেই হৈছে আহাৰ। আমি আমাৰ সুস্থ স্বাস্থ্য বজাই ৰাখিবৰ বাবে আৰু সুস্থ জীৱন-যাপনৰ বাবে সুষম আহাৰ গ্ৰহণ কৰাটো অতি জৰুৰী। যৌগিক দৃষ্টিকোণৰ পৰাই নহয়, ধর্মীয় দৃষ্টিকোণৰ পৰাও ‘অন্নম ব্রহ্ম’ (Annam Brahma) অর্থাৎ খাদ্যইব্রহ্ম (Food is Brahma) অর্থাৎ যোগে স্বাস্থ্যসম্মত, পৰিমিত, পুষ্টিকৰ খাদ্য বা আহাৰ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।উপযুক্ত পৰিমাণৰ সতেজ আহাৰ, সেউজীয়া শাক-পাছলি, সতেজ ফল-মূল তথা পুষ্টিকৰ আহাৰ নিয়মীয়াভাবে, নির্দিষ্ট সময়ত গ্রহণ কৰিব লাগে। সাত্বিক আহাৰ প্ৰস্তুত কৰা আৰু বিতৰণ কৰা তথা গ্রহণ কৰাৰ সময়ত শুদ্ধ চিত্তে প্রফুল্ল মনেৰে কৰিব লাগে। আমি খোৱা আহাৰৰ পৰাই আমাৰ ব্যক্তিত্ব আৰু চেতনাৰ বিকাশ ঘটে। সেয়েহে আমি কেতিয়া আহাৰ খাব লাগে, কেনেধৰণৰ আহাৰ খাব লাগে আৰু কেনেদৰে আহাৰ প্ৰস্তুত কৰিব আৰু খাব লাগে সেই সম্পর্কে সজাগ আৰু সচেতন হ’ব লাগে।৪। যোগ মানে কি? যোগৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ‘যোগ’ আৰু ‘যোগী’ এই শব্দ দুটা আমাৰ অচিনাকি নহয়। কিন্তু ইয়াৰ প্ৰকৃত অর্থ খুউব কমসংখ্যক মানুহেহে বুজি পায়। যোগ চর্চাই একমাত্র চর্চা যি চর্চাই মানুহৰ শৰীৰ, মন আৰু আত্মা, এই তিনিওটা উপাদানৰে সৰ্বাত্মক বিকাশ ঘটায়। যোগ হৈছে সামগ্রিক বিজ্ঞান, যি শৰীৰ, মন আৰু আত্মা তিনিওটাৰে চৰ্চাক সামৰি লয়। যোগ চর্চাই মানুহৰ শৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ঘটায়। যোগ-নিয়ম পালনেৰে নিজৰ ভিতৰত থকা পশুত্বক মষিমুৰ কৰি ব্যৱহাৰ আৰু চৰিত্ৰ সংশোধনৰ যোগেদি ব্যক্তিগত জীৱন সুস্থ কৰাৰ উপৰিও এখন সুস্থ সমাজ গঠনত সহায় কৰে। এইসমূহৰ পালনে অভ্যাসকাৰীৰ জীৱনৰ ভেটি সুদৃঢ় কৰি গঢ়ি তোলে, যাৰ ওপৰত অৱলম্বন কৰি তেওঁৰ শৰীৰ, মন, আবেগ, বুদ্ধিমত্তা আৰু আধ্যাত্মিকতা গঢ় লৈ উঠে আৰু তেওঁ প্রকৃত মানুহ হিচাপে নিজকে প্রতিষ্ঠা কৰিব পাৰে।ইংৰাজী ‘Yoga’ (যোগ) শব্দটো সংস্কৃত ‘যুজ’ (Yuj) শব্দৰপৰা আহিছে। ‘যুজ’ শব্দৰ অৰ্থ হ’ল মিল, একত্রিকৰণ। সংস্কৃত ‘যুজ’ শব্দৰ সমার্থক শব্দ ইউৰোপীয় ভাষাতো পোৱা যায়। উদাহৰণস্বৰূপে, ইংৰাজী ‘Yoke’ ফৰাচী ‘Youg’, জার্মান ‘Joch’, গ্রীক ‘Zugos’, লেটিন ‘Jugum’, 45 ‘Lgo’ আৰু স্পেনীয় ভাষা ‘Yugo’ একে অর্থতে ব্যৱহৃত হয়।যোগ ব্যক্তিৰ শৰীৰত আৰম্ভ হৈ ব্ৰহ্মাণ্ডত পৰিব্যাপ্ত হয় আৰু অনন্তত পৰিসমাপ্তি ঘটে। প্রাথমিক অৱস্থাত ই শৰীৰৰ বিভিন্ন প্রণালী আৰু সেইসমূহ অংগৰ পৰস্পৰৰ মাজত সমতা ৰক্ষা কৰি ঐক্যবদ্ধভাৱে কার্য সম্পাদন কৰা গোটেই শৰীৰত একতা স্থাপন কৰি শৰীৰ আৰু মনৰ মাজত সমন্বয় সাধন কৰা আৰু তাৰ পিছত ক্রমে বহির্জগতত পৰিয়াল, ওচৰ-চুবুৰিয়া, গাঁও, সমাজৰ পৰস্পৰৰ মাজত এবা-ধৰা, বুজা-পৰা, প্রেম-প্রীতিৰে ঐক্য আৰু সমতা স্থাপন কৰা, মানৱ সমাজ আৰু প্রকৃতি জগতব জীব-জন্তু, পশু-পক্ষীৰ মাজত একত্ব উপলব্ধি কৰা আৰু সর্বশেষত সর্বত আত্মাৰ প্রভেদহীনতা বুজি আৰু উপলব্ধি কৰি আত্মা আৰু পৰমাত্মাৰ মাজত একত্র উপলব্ধি কৰাকে যোগ বুলি কোৱা হয়। এই অৱস্থা পাবৰ বাবে মানুহে যি শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক পদ্ধতি অবলম্বন কৰে সেয়াই হ’ল যোগপদ্ধতি।এই অৱস্থা পাবলৈ ব্যক্তিৰ আত্মবোধ থকা প্রয়োজন। প্রতিজন ব্যক্তিৰে সৃজনীশীল গুণ আৰু প্ৰতিভা আছে। জীৱনৰ উদ্দেশ্যও প্রতিজন ব্যক্তিৰ মাজত নিহীত হৈ থাকে। অৱশ্যে ব্যক্তিক বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰকৃতিয়ে প্রভাৱিত কৰে। মানৱ জীৱনৰ উদ্দেশ্য বা চৰম লক্ষ্যত উপনীত হ’বলৈ কিছুমান নৈমিত্তক নিয়ম পালন কৰা প্ৰয়োজন। অবস্থা আৰু প্ৰণালী এই দুয়োটাই যোগ শব্দৰ অন্তর্ভুক্ত।৫। বৰ্তমান সময়ত যোগৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহলাই আলোচনা কৰা।
উত্তৰঃ প্রাচীন কালৰেপৰা ভাৰতীয় সভ্যতাত যোগে এক অনবদ্য স্থান দখল কৰি আহিছে। বর্তমান আধুনিক যুগতো যোগৰ প্ৰচাৰ-প্রসাৰে যোগক এক পৃথিবীব্যাপি উল্লেখযোগ্য বিষয়বস্তু হিচাপে পৰিগণিত করাইছে। প্রাচীন কালত এজন যোগীৰ স্থান সর্বপ্রথম, তাৰ পিছত ক্রমে ব্রহ্মাচাৰী, বানপন্থী আৰু সংসাৰী লোকৰ। সময় সলনি হ’ল। বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই উচ্চতম শিখৰত ভৰি দিলে। লগে লগে সলনি হ’ল মানুহৰ জীৱন-ধাৰণৰ প্ৰণালী, চিন্তাধাৰাৰ। এই প্রতিযোগিতামূলক আৰু আধুনিক পৃথিৱীখনত মানুহ যন্ত্ৰলৈ পৰিৱৰ্তিত হৈছে। মানুহৰ কোমল সুন্দৰ ভাব-অনুভূতি,আবেগ, প্রেম-প্রীতি, সহানুভূতিৰ স্থান আদি ঈর্ষা, দ্বেষ, হিংসা, হত্যা-লুণ্ঠন, চোৰ-ডকাইতিৰ দৰে অপৰাধপ্ৰৱণতাই দখল কৰিছে। মানুহে সহজে আৰু অনায়াসে সকলো পাব খোজে। মানুহৰ জীৱনটো নানা দুখ আৰু সমস্যাৰে ভৰা। এই সমস্যাবোৰৰপৰা হাত সাৰিবলৈ, মুক্ত হ’বলৈ মানুহে আহৰহ পৰিশ্ৰম কৰে যাতে অলপ সুখ পায়, শান্তি পায় আৰু সমাজত প্রতিপত্তি লাভ কৰিব পাৰে। বাহ্যিক সুখৰ পিছত মানুহ অহৰহ দৌৰি আছে আৰু নিজৰ সন্তানকো সেই শিক্ষাৰে শিক্ষিত কৰি প্ৰতিযোগিতাৰ পথাৰত নমাই দিছে। আজি শিশুবে নিজৰ সোণালী শৈশৱক পাহৰি প্ৰতিযোগিতাত নামিছে। পিতৃ-মাতৃয়ে নিজ সন্তানক সদায় প্রথম স্থান পাবলৈ হেঁচা দিয়াতে ক্ষান্তনাথাকি বিভিন্ন বিষয়বোৰতো পাৰ্গত কৰিবলৈ উঠিপৰি লাগিছে। ফলত শিশুৱে আবেগহীন হৈ অপৰাধপ্ৰৱণতাৰ স্বাদ লৈছে। কিন্তু যোগৰ নিয়মিত অভ্যাসে আমাক সাংসাবিক দুখ আৰু সমস্যাবোৰৰপৰা মুক্তি পোৱা তথা জীৱনৰ নানা পৰিস্থিতিৰ সম্মুখিন হোৱাত সহায় কৰে। মনলৈ স্থায়ী শান্তি আৰু আনন্দৰ নিজৰা বোৱাই আনিব পাৰে।আজিৰ মানৱ সমাজত অহৰহ এক সংগ্রাম, মানসিক হেঁচা অনুভূত হৈ আছে আৰু আমি সকলোৱে শাৰীৰিক আৰু মানসিকভাবে ভাৰাক্ৰান্ত। ইয়াৰ সুযোগ লৈছে মনো-শাৰীৰিক ৰোগবোৰে, যেনে- উচ্চ ৰক্তচাপ, হাঁপানী, মধুমেহ, এনজাইটি (দুঃচিন্তা) আদি। এই ৰোগবোৰ দিনক দিনে বাঢ়িব ধৰিছে, যাক আধুনিক বিজ্ঞানেও সম্পূর্ণভাবে নির্মূল কৰিব পৰা নাই। বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত এইটো প্রমাণিত হৈছে যে এই মনো-শাৰীৰিক ৰোগৰপৰা মুক্ত হ’বলৈ আৰু শাৰীৰিক-মানসিকভাৱে সুস্থ থাকিবলৈ হ’লে যোগেই একমাত্র উপায়। কাৰণ যোগ এক সংহত প্রক্রিয়া,যিয়ে আমাৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, আৱেগিক বিকাশ সাধন কৰি সমতা বজাই ৰখাত সহায় কৰে।যৌগিক শিক্ষাক সামগ্রিক শিক্ষা বুলিও কোৱা হয়। শাৰীৰিক, মানসিক, আৱেগিক, আধ্যাত্মিক,সামাজিক আৰু পৰিৱেশিক ৰূপত বিকশিত কৰি সুস্থ, সবল আৰু পৰিপক্ক কৰাত যোগ সাধনাই এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে। যৌগিক শিক্ষাই ব্যক্তিক সামাগ্রিকভাবে গঢ়াত অগ্রণী ভূমিকা গ্রহণ কৰে। যোগ জীৱন-ধাৰণৰ এক প্রণালী। এক সুস্থ আৰু সুন্দৰ সমাজ গঢ় দিবলৈ হ’লে এটা সুস্থ শৰীৰ-মনৰ প্ৰয়োজন আৰু যৌগিক প্রণালীয়ে তেনে এখন সমাজ গঢ়াত অগ্রণী ভূমিকা ল’ব পাৰে।যোগাভ্যাসে অকল শাৰীৰিক সুস্থতা বঢ়াই তোলাতে সহায় নকৰে, ই মানসিক মনোযোগিতা, স্মৃতিশক্তি অস্বাভাবিক ৰূপত বঢ়োৱাতো সহায় কৰে। তদুপৰি যোগাভ্যাসৰ ফলত পোৱা মানসিক শান্তিৰ ফলস্বৰূপে সুপ্ত গুণবোৰৰ বহিপ্ৰকাশ হয় তথা কর্মত নিপুণতা আৰু দক্ষতা বৃদ্ধি পায়।বর্তমান গোটেই বিশ্বতে অবাজকতা,শত্রুতা, দুর্নীতি বিৰাজমান। সমাজৰপৰা এই অসমতা দূৰ কৰিবলৈ আৰু মানুহৰ মাজত অহিংসা, সত্যতা, সহমর্মিতা, বন্ধুত্বসুলভ ব্যৱহাৰ, ঈশ্বৰ বিশ্বাসী, সহনশীল আদি গুণবোৰৰ বিকাশ একমাত্র যৌগিক শিক্ষাৰদ্বাৰাহে সম্ভৱ।সর্বোপৰি যোগ আত্মা সাধনাৰ প্ৰক্ৰিয়া। ঋষি-মুনিসকলে আধ্যাত্মিক বিকাশ আৰু জ্ঞানোন্নতিৰ বাবে যোগক নিজৰ জীৱনত ব্যৱহাৰ কৰিছিল। সকলো সময়তে অতীন্দ্রিয় শক্তি আৰু জ্ঞান আহৰণ তথা আত্মবোধ আৰু ব্ৰহ্মাণ্ডীয় বোধত বিলীন কৰাত যোগ প্রক্রিয়া অদ্বিতীয় আৰু অনন্য।৬। ভাৰতবৰ্ষত যোগক স্কুলীয়া পাঠ্যক্ৰমত অন্তর্ভুক্তিৰ চৰকাৰী ব্যৱস্থাসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতি, ১৯৮৬’ য়ে ল’ৰা-ছোৱালীৰ শৰীৰ মনৰ সংহত বিকাশত যোগ চৰ্চাৰ গুৰুত্ব উপলব্ধি কৰি এই শিক্ষাক শিক্ষানুষ্ঠানত প্ৰৱৰ্তন কৰিবৰ বাবে বিশেষ ভাবে প্রচেষ্টা লোৱা হ’ব বুলি মত পোষণ কৰিছিল। ১৯৮৮ চনৰ পৰা মাধ্যমিক বিদ্যালয়ত যোগশিক্ষাক ‘স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা’ৰ অংশ হিচাপে বাধ্যতামূলক কৰা হয়। যৌগিক অভ্যাসে ল’ৰা-ছোৱালীক শাৰীৰিক বিকাশেই নহয়, মানসিক, বৌদ্ধিক, সামাজিক, আধ্যাত্মিক বিকাশতো অৰিহণা যোগায়। যৌগিক অভ্যাসে মগজুৰ দুয়োটা গোলার্ধৰ বিকাশ ঘটায় যাৰ বাবে শিশুৰ সম্পূর্ণ বিকাশ সম্ভৱ হয় আৰু লগতে পূর্ণ ব্যক্তিত্ব গঢ়াত সহায় কৰে।ল’ৰা-ছোৱালীৰ সর্বাংগীন বিকাশৰ বাবে অতি আবশ্যকীয় এই যোগ শিক্ষা বিষয়টি পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হৈছিল যদিও যথোপযুক্ত গুৰুত্ব দিয়া হোৱা নাছিল। ইয়াক ‘স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা’ৰ এটা অংশ হিচাপে ৰাখি কম গুৰুত্ব দিয়া হৈছিল কিন্তু শাৰীৰিক শিক্ষা আৰু যৌগিক শিক্ষাৰ মাজত পাৰ্থক্য আছে। শাৰীৰিক শিক্ষাই নৈতিক, ব্যৱহাৰিক আৰু আধ্যাত্মিক শিক্ষাক গুৰুত্ব নিদিয়ে, অন্যহাতে যৌগিক শিক্ষাত এই আটাইবোৰ শিক্ষাৰ সংমিশ্রণআমি দেখিবলৈ পাওঁ। এই আটাইবোৰ শিক্ষাইএজন ব্যক্তিক দেশৰ পূৰ্ণাংগ নাগৰিক ৰূপে গঢ়াত সহায় কৰে।ৰাষ্ট্ৰীয় পাঠ্যক্রম গাঁথনি,২০০৫ হৈছে কেন্দ্রীয় মানব সম্পদ বিকাশ বিভাগৰ দ্বাৰা গঠিত ‘ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা স্কুলীয়া শিক্ষাৰ বাবে প্রস্তুত কৰা চাৰিখন ৰাষ্ট্ৰীয় পাঠ্যক্রম গাঁথনিৰ চতুৰ্থখন পাঠ্যক্রম গাঁথনি। এই গাঁথনিত ‘স্বাস্থ্য আৰু শৰীৰ শিক্ষা’ বিষয়টো পঢ়ন আৰু শিক্ষণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয় আৰু যোগ চর্চাক এই বিষয়টোৰ অবিচ্ছেদ্য অংগ হিচাপে স্বাস্থ্য শিক্ষা আৰু শৰীৰ-শিক্ষাৰ সমানেই স্থান দিয়া হয়। এই পাঠ্যক্রম গাঁথনিত যোগ শিক্ষা বিষয়টোৰ পাঠদানৰ ওপৰত আগৰ এবা ধৰা নীতি পৰিহাৰ কৰি অন্য বাধ্যতামূলক বিষয়ৰ সমপৰ্যায়ৰ কৰা হৈছে।ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আঁচনি, ২০০৫ ৰ আৰ্হি অনুযায়ী কেন্দ্রীয় মাধ্যমিক শিক্ষা ব’র্ডে যোগ শিক্ষাক ‘স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা’ বিষয়ৰ অবিচ্ছেদ্য অংগ হিচাপে মাধ্যমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাধ্যতামূলক বিষয় হিচাপে আৰু উচ্চতৰ মাধ্যমিকৰ একাদশ আৰু দ্বাদশ শ্রেণীত ঐচ্ছিক বিষয় হিচাপে পঢ়োৱাৰ ব্যৱস্থা কৰিছে। সেই উদ্দেশ্যে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে পাঠ্যক্ৰম তৈয়াৰ কৰি উলিয়াইছে যি পাঠ্যক্রম যোৱা ২০১৫ চনৰ ২২ জুন তাৰিখে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্রণালয়ে উদ্বোধন কৰিছে। এই পাঠ্যক্ৰমত যোগ চৰ্চাৰ ৮০ শতাংশ ব্যৱহাৰিক আৰু ২০ শতাংশ তাত্বিক কৰা হৈছে।কেন্দ্রীয় মাধ্যমিক শিক্ষা ব’র্ডে যোগৰ পাঠ্যক্ৰম চৰকাৰী বিদ্যালয়সমূহত প্ৰৱৰ্তনৰ ব্যবস্থা হাতত লৈছে যদিও অদ্যাবধি এই ব’ৰ্ডৰ অধীনত থকা বেচৰকাৰী শিক্ষানুষ্ঠানত যোগ শিক্ষাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।যোগ শিক্ষা সফলভাৱে প্ৰদানৰ বাবে পাঠ্যক্রমেই যথেষ্ট নহয়, তাৰ বাবে শিক্ষকৰ প্রশিক্ষণ সমানেই আৱশ্যকীয়। সেই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰীয় শিক্ষক প্রশিক্ষণ পৰিষদে শিক্ষক প্রশিক্ষণ অনুষ্ঠানসমূহৰ বাবে যোগৰ পাঠ্যক্ৰমত বাধ্যতামূলকভাবে অন্তর্ভূক্তি কৰিছে। পৰিষদে শিক্ষকৰ বাবে যোগৰ ডিপ্ল’মা, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম প্রস্তুত কৰিছে।৭। চাপ কি? চাপৰ কাৰণবোৰ কি কি?
উত্তৰঃ চাপ হৈছে জীৱনৰ এক স্বাভাৱিক অংশ। সাধাৰণতে আমাৰ চাৰিওফালে ঘটা বহুতো ঘটনা আৰু কৰা বহুতো কামে দেহ-মানসিক অৱস্থিতিৰ ওপৰত চাপ সৃষ্টি কৰে। আমি আমাৰ পাৰিপর্শ্বিক অৱস্থা, শৰীৰ আৰু চিন্তাৰ পৰা ভাল বা বেয়া ধৰণৰ চাপ অনুভৱ কৰিব পাৰো। চাপ হৈছে জীৱনৰ অভিজ্ঞতাৰ প্ৰতি এক স্বাভাৱিক শাৰীৰিক আৰু মানসিক প্রতিক্রিয়া। সকলো মানুহে মাজে সময়ে আৰু পৰিস্থিতি সাপেক্ষে চাপ অনুভৱ কৰে। কাম আৰু পৰিয়ালৰ দৰে দৈনন্দিন দায়িত্বৰ পৰা আৰম্ভ কৰি জীৱনৰ গুৰুতৰ ঘটনা যেনে- নতুন ৰোগ নিৰ্ণয়, যুদ্ধ, প্ৰিয়জনৰ মৃত্যুলৈকে যিকোনো বিষয় বা ঘটনাই চাপ সৃষ্টি কৰিব পাৰে।গতিকে ক’ব পাৰি যে, চাপ হৈছে দৈনন্দিন জীৱনৰ এক স্বাভাৱিক অৱস্থা যাক আমি মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংশ স্বৰূপ বুলিব পাৰোঁ।পৃথিৱীৰ প্ৰতিজন মানুহে জীৱনৰ কোনো মুহূৰ্তত বিভিন্ন হাৰত আৰু বিভিন্ন ৰূপত চাপ অনুভৱ কৰে। অৱশ্যে চাপৰ এই সার্বজনীন স্বৰূপ থকা স্বত্ত্বেও, চাপৰ কাৰণবোৰ ব্যক্তিভেদে পৃথক পৃথক হ’ব পাৰে।
চাপৰ মুখ্য কাৰণবোৰ তলত আলোচনা কৰা হ‘ল—
(১) মনোভাৱ আৰু ধাৰণাঃ মানুহৰ মাজত চাপ সৃষ্টি হোৱা আন এক গুৰুত্বপূর্ণ কাৰণ হ’ল কোনো এক বিশেষ পৰিস্থিতিৰ প্ৰতি আমি গ্রহণ কৰা মনোভাৱ আৰু ধাৰণা। সহজ অর্থত ক’বলৈ হ’লে ঘটনাবোৰ একেই হয় কিন্তু ঘটনাসমূহৰ প্রতি আমাৰ মনোভাৱ আৰু তদানুসৰি প্রদর্শন কৰা সঁহাৰিয়েহে ঘটনাবোৰক বিভিন্ন লোকৰ বাবে পৃথক কৰি তোলে। এনে পৃথক মনোভার বা দৃষ্টিভংগীৰ বাবে একে পৰিস্থিতিত কোনোবাই চাপ অনুভৱ কৰে আৰু কোনোবাই নকৰে।
(২) আঘাতজনক ঘটনাঃ মানৱ জীৱনৰ অপ্রত্যাশিত ভিন্ন ধৰণৰ আঘাতজনক পৰিস্থিতি বা ঘটনাসমূহ যেনে- আপোনজনৰ মৃত্যু, বিবাহ বিচ্ছেদ, শাৰীৰিক অসুস্থতা, ব্যৱসায়ত বৃহৎ ক্ষতি,শৈক্ষিক বিফলতা ইত্যাদিয়ে মানুহক দৈহিক আৰু আৱেগিকভাৱে ক্ষতি কৰে। এই সকলোবোৰ ঘটনাই মানুহক অস্থিৰতা আৰু চাপলৈ ঠেলি লৈ যায়।
(৩) শাৰীৰিক ব্যায়ামৰ অভাৱঃ শাৰীৰিক স্বাস্থ্যৰ অসুস্থতা বা ৰুগ্নতা হৈছে আমাৰ মনত চাপ সৃষ্টি কৰাৰ এক প্ৰধান কাৰণ। এনে ৰুগ্নতাৰ মূলতে হ’ল শাৰীৰিক কষ্ট আৰু ব্যায়ামৰ প্ৰতি উদাসীনতা। ফলস্বৰূপে শাৰীৰিক আৰু মানসিক চাপৰ মাত্রা তীব্র গতিত বৃদ্ধি হোৱা দেখা গৈছে।
(৪) ভৱিষ্যতৰ প্ৰতি উদ্বিগ্নঃ ভৱিষ্যতৰ প্ৰতি উদ্বিগ্নতা মানৱ মনৰ স্বাভাৱিক প্রৱণতা। ভৱিষ্যতৰ প্ৰতি সৃষ্টি হোৱা অধিক উদ্বিগ্নতাই আমাক প্ৰাপ্তিৰ আনন্দৰ পৰিৱৰ্তে অপ্ৰাপ্তিৰ বাসনাৰ প্ৰতিহে চিন্তিত কৰি তোলে। ফলস্বৰূপে মানুহৰ মনত চাপ বা পীড়া বৃদ্ধি হোৱা দেখা যায়।
(৫) সময় পৰিচালনাৰ অভাৱঃ মানৱ জীৱনৰ অতি মূল্যবান সম্পদ সময়ৰ সদ্ব্যৱহাৰে মানৱ জীৱনক যিদৰে উন্নতিৰ দিশত আগবঢ়াই নিয়ে, ঠিক একেদৰে ইয়াৰ অপব্যৱহাৰে জীৱন দুর্বিসহ আৰু মানসিক চাপৰ এক অন্যতম কাৰণ হৈ পৰে।
(৬) নেতিবাচক ব্যক্তিৰ সান্নিধ্যঃ মানুহৰ মাজত চাপ বা পীড়া বৃদ্ধি হোৱা এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল নেতিবাচক ব্যক্তিৰ সান্নিধ্য। নেতিবাচক ব্যক্তিৰ সান্নিধ্যই আমাক অজ্ঞাতে নেতিবাচক আৰু নিৰাশাবাদী হোৱাত অৱদান আগবঢ়ায়।
(৭) ভয় আৰু অনিশ্চয়তাঃ যেতিয়া আমাৰ চৌপাশে প্রতিনিয়ত সন্ত্রাসবাদী আক্রমণ, গোলকীয় উষ্ণতা বৃদ্ধি, আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থৰ ভাবুকি, ধর্ষণ, হত্যা ইত্যাদিবোৰ বৃদ্ধি হৈ থাকে স্বাভাৱিকতে আমাৰ মনত ভয় আৰু অনিশ্চয়তাৰ জন্ম হয়। জীৱনৰ প্ৰতি সৃষ্টি হোৱা এনে বিপৰ্যয়ৰ পৰিস্থিতিয়ে আমাৰ মনত চাপ বৃদ্ধি কৰে।
(৮) অতিমাত্র আকাংক্ষাঃ মানুহ স্বভাৱতেই আশাবাদী। আশা আছে বাবেই মানুহৰ জীৱন ইমান সুন্দৰ। কিন্তু এইখিনিতে আমি মনত ৰখা ভাল হ’ব যে উগ্র তিতা আৰু উগ্র মিঠা দুয়োটাই বিহ। আশাহীন জীৱন যেনেদৰে স্থবিৰ আৰু উন্নয়ন বিমুখ ঠিক একেদৰে মাত্রাধিক আকাংক্ষাও বহু ক্ষেত্ৰতমানুহৰ বাবে চাপ বা পীড়াৰ কাৰণ হৈ পৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post