প্ৰাথমিক আকৃতিসমূহ
অধ্যায় 7
অনুশীলনী 7 (C)
1. তলৰ কোনবোৰ চতুৰ্ভুজ ?
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgFYsAoL1ABa-uH0XWfRRyZmtyaBytTcymg_Qzd0oIPWizpJnUl_b8nwCkXuTL0nQLLMmNsgHciYqi2YNzdkXEnHBbMd5pk-FfuWzPhhRuCx4uNh-wLqZZB1TEDLEG9EO2OJ472oWy9uqu9Vz5seB8a4mRtGhxkvUTif9wwWlJNdXAmAKQsx2m33Qzj/w527-h303/paint%206.png)
2. কাষৰ চিত্ৰত PQRS এটা চতুৰ্ভুজ ।
i) চতুৰ্ভুজ কোণকেইটাৰ নাম লিখা ।
ii) শীৰ্ষবিন্দুকেইটাৰ নাম লিখা ।
iii) বাহুকেইটাৰ নাম লিখা ।
iv) সন্নিহিত বাহু কিমানযোৰ আছে ? প্ৰতিযোৰৰ নাম লিখা ।
v) কৰ্ণ দুডালৰ নাম লিখা ।
vi) বিপৰীত বাহুকেইযোৰৰ নাম লিখা ।
vii) সন্নিহিত কোণকেইযোৰৰ নাম লিখা ।
viii) বিপৰীত কোণকেইযোৰৰ নাম লিখা ।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi6B8oyBTlisClDn4YBN9-9MVcm2S-ON3Wc06ZRmKjtdeqML5aDeXdGjkaLlirKiEqvM5jRNn0JH-fyxFkfFhH2GF8PYxvr_Xul7pGJ9K3NU_3E1D9p7NIcAxPYABj1DcKiPQZJcDzGJr8C0Bhbqs1PxING8gSjAwyZcqkZYmuDTyjotBSFj_IfKgbJ/s1600/paint%207.png)
3. কাক বোলে লিখা ।
i) ট্ৰেপেজিয়াম
ii) সামন্তৰিক
iii) আয়ত
iv) ৰম্বাছ
v) বৰ্গ
4. কি চৰ্তত এটা সামন্তৰিক –
i) ৰম্বাছ হ’ব ?
ii) আয়ত হ’ব ?
5. সত্য নে অসত্য লিখা ।
i) সামন্তৰিকৰ প্ৰতিটো কোন 90॰ ।
ii) আয়তৰ বাহুবোৰ সমান ।
iii) ৰম্বাছৰ চাৰিওটা বাহু সমান ।
iv) বৰ্গৰ প্ৰতিটো কোণ 90॰ ।
v) আয়তৰ বিপৰীত বাহুবোৰ সমান্তৰাল ।
vi) বৰ্গৰ বিপৰীত বাহুবোৰ সমান্তৰাল নহয় ।
vii) সকলো আয়তেই সামান্তৰিক ।
viii) সকলো সামান্তৰিকেই বৰ্গ ।
ix) সকলো ৰম্বাছ বৰ্গ নহয় ।
x) সকলো বৰ্গ আয়ত নহয় ।
Question Type By- Himadree Bora
Post ID: DABP001726