মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা । অধ্যায় ১৮ / Chapter 18 | Class 8 Social Science Lesson 18 Question and Answer SCERT | Assamese Medium Class 8 S.Science Chapter 18 Solution | Assam Government School Class viii Social Science Chapter 18 Answer | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৮ মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

১) চমু উত্তৰ দিয়া-

ক) মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি ?

উত্তৰ- ১)অধিক জনসংখ্যা

২) মূলধন বা পূজিৰ অভাৱ

৩)দৰিদ্ৰতা

৪) নিৰক্ষৰতা

৫) অন্ধবিশ্বাস

৬) বিষমতা

খ) যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা ǀ 

উত্তৰ- ১) ভাষা ভিত্তিক বিষমতা

২)লিংগ বিষমতা

৩) ধৰ্মীয় বিষমতা

গ) বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে ?

উত্তৰ- পাচ খন

ঘ)অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন ক’ত অৱস্থিত ?

উত্তৰ- শিলচৰ 

ঙ) সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন হয় ?

উত্তৰ- পুষ্টিকৰ খাদ্য ǀ

২) আলোচনা কৰা –

ক) মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ  ǀ

উত্তৰ- মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ হ’ল- (১) অধিক জনসংখ্যা, (২) মূলধন বা পুঁজিৰ অভাৱ, (৩) নিৰক্ষৰতা, (৪)দৰিদ্ৰতা, (৫) অন্ধবিশ্বাস, (৬) বিষমতা আদি ।

(১) অধিক জনসংখ্যাঃ অধিক জনসংখ্যাই আমাৰ দেশৰ উন্নয়নত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে । সেয়েহে অধিক জনসংখ্যা মানৱ সম্পদ উন্নয়নৰ এটা অন্যতম বাধা হিচাপে চিহ্নিত হৈছে । আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰ উভয়েই অধিক জনসংখ্যাৰ কবলত নিমজ্জিত ।

(২) মূলধন বা পুঁজিৰ অভাৱঃ মূলধন বা পুঁজিৰ অভাৱ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য বাধা মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰক হ’ল শিক্ষা, স্বাস্থ্য আৰু অন্যান্য পৌৰ সুবিধাৰ ব্যৱস্থা । কিন্তু মূলধন বা পুঁজিৰ অভাৱৰ কাৰণে আমাৰ দেশত বিশেষকৈ গাঁও অঞ্চলত প্ৰয়োজনৰ তুলনাত এই ব্যৱস্থাসমূহ আজিও সীমিত ।

(৩) নিৰক্ষৰতাঃ নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ । আমাৰ দেশৰ প্ৰায় ২৬ শতাংশ লোকেই নিৰক্ষৰ । নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আদিৰ বৃদ্ধিত বাধা সৃষ্টি কৰে । নিৰক্ষৰ লোকসকল অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয় যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্য অতি প্ৰকট হৈ উঠে ।

(৪) দৰিদ্ৰতাঃ দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা । শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ক্ৰমে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জৰুলা কৰি আহিছে ।

(৫) অন্ধবিশ্বাসঃ মানৱ সম্পদ উন্নয়নৰ পথত আৰু এটা উল্লেখযোগ্য অন্তৰায় হৈছে অন্ধবিশ্বাস । বিজ্ঞান আৰু প্ৰযুক্তিয়ে আজি সমগ্ৰ বিশ্বৰ সামগ্ৰিক ছবি সলনি কৰি দিছে যদিও শিক্ষিত, অশিক্ষিত নিৰ্বিশেষে আমাৰ দেশৰ এক বুজনসংখ্যক লোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিশ্বাসী ।

বিষমতাঃ বিভিন্ন ধৰণৰ বিষমতা মানৱ সম্পদ উন্নয়নৰ আন এটি বাধা । আমাৰ দেশৰ লোকৰ মাজত ধৰ্মীয় বিষমতা, ভাষাভিত্তিক বিষমতা, জাতি আৰু গোষ্ঠী ভিত্তিক বিষমতা, লিংগ বিষমতা আৰু অঞ্চলভিত্তিক বিষমতা আঁতৰ কৰিব পৰা নাই । এই বিষমতাই আজি মানুহৰ মাজত এনে এক পৰিস্থিৰ সৃষ্টি কৰিছে যিয়ে সমাজৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰিছে ।

খ) মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা

উত্তৰ- এখন দেশৰ মানৱ সম্পদ উন্নয়নৰ সেই দেশৰ চৰকাৰৰ ভূমিকা অপৰিসীম । চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি ত্বৰান্বিত কৰে । মানৱ সম্পদ উন্নয়নত চৰকাৰৰ কেইটামান উল্লেখযোগ্য ক্ষেত্ৰ হ’ল- (১) শিক্ষাক্ষেত্ৰ, (২) স্বাস্থ্য আৰু খাদ্যক্ষেত্ৰ, (৩) কৰ্মসংস্থান ক্ষেত্ৰ, (৪) অন্যান্য পৰিসেৱা ক্ষেত্ৰ আদি ।

(১) শিক্ষাক্ষেত্ৰঃ শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ । শিক্ষাক্ষেত্ৰৰ উন্নয়ন অবিহনে মানৱ সম্পদৰ উন্নয়ন অসম্ভৱ । উপযুক্ত শৈক্ষিক বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব । ২০০৯ চনৰ পৰাই আমাৰ দেশত প্ৰৱৰ্তিত হৈছে শিক্ষাৰ অধিকাৰ আইন । মানৱ সম্পদ উন্নয়নত চৰকাৰে অসমতো ইতিমধ্যে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰ লগতে ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আঠখন ৰাজ্যিক বিশ্ববিদ্যালয়, এখন মুক্ত বিশ্ববিদ্যালয়, দুখন বিশ্ববিদ্যালয়, ছয়খন চিকিৎসা মহাবিদ্যালয়, দুখন অভিযান্ত্ৰিক মহাবিদ্যালয়, এখন কৃষি বিশ্ববিদ্যালয়, শিক্ষণ মহাবিদ্যালয়, মীন মহাবিদ্যালয় আদি ধৰি ভালেমান কাৰিকৰী শিক্ষা আৰু সাধাৰণ শিক্ষাৰ প্ৰতিষ্ঠান আছে ।

(২) স্বাস্থ্য আৰু খাদ্যক্ষেত্ৰঃ সুস্থ মনৰ কাৰণে সুস্থ শৰীৰৰ প্ৰয়োজন । সুস্থ শৰীৰৰ বাবে প্ৰয়োজন হয় পুষ্টিকৰ খাদ্য আৰু উন্নত স্বাস্থ্য ব্যৱস্থা । মানৱ সম্পদ হিচাপে পৰিগণিত হ’বলৈ এজন মানুহ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সবল হ’বই লাগিব । এই দৃষ্টিভংভীক গুৰুত্ব দি আমাৰ চৰকাৰে স্বাস্থ্য ক্ষেত্ৰত উন্নতিৰ কাৰণে উপযুক্ত পৰিকাঠামো গঢ়ি তোলাৰ আপ্ৰাণ চেষ্টা কৰিছে । গাওঁ, চহৰ সকলোকে সামৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, স্বাস্থ্য উপকেন্দ্ৰ, মহকুমা স্বাস্থ্য কেন্দ্ৰ, জিলা স্বাস্থ্য কেন্দ্ৰ আদি প্ৰতিষ্ঠা কৰিছে । মানুহৰ মৌলিক চাহিদাসমূহৰ ভিতৰত অন্যতম হৈছে খাদ্য । সুস্থ শাৰীৰিক বিকাশৰ অনেকখিনি নিৰ্ভৰ কৰে কৰে সুষম খাদ্যৰ ওপৰত । দেশ এখনৰ জনসংখ্যা অনুপাতে খাদ্য সামগ্ৰীৰ উৎপাদন আৰু তাৰ যথাযথ সংৰক্ষণ কৰি সময় আৰু প্ৰয়োজন অনুসাৰে জনসাধাৰণৰক খাদ্য বস্তুৰ যোগান ধৰিব পৰা কাৰ্যটোকে আমি খাদ্য সুৰক্ষা বুলি কওঁ । মানৱ সম্পদৰ বিকাশৰ বাবে চৰকাৰে খাদ্য সুৰক্ষাৰ ব্যৱস্থা হাতত লৈছে ।

(৩) কৰ্মসংস্থান ক্ষেত্ৰঃ আৰ্থিক উন্নতি অবিহনে সমাজৰ সামগ্ৰিক উন্নতিৰ কথা ভাবিব নোৱাৰি । আৰ্থিক উন্নতিৰ বাবে প্ৰয়োজন হয় উপযুক্ত কৰ্মসংস্থানৰ সুযোগ তৈয়াৰ কৰা । উন্নত মানৱ সম্পদ গঢ়াৰ স্বাস্থ্য আমাৰ চৰকাৰে বিভিন্ন নিয়োগজনিত কৰ্মসূচী হাতত লোৱা পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত গ্ৰাম্যঞ্চলৰ বাবে উল্লেখযোগ্য কৰ্মসূচী হ’ল মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি আৰু চহৰ অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী কৰ্মসংস্থান নিশ্চিতকৰণ কৰ্মসূচী আদি । এই দিশটোক গুৰুত্ব দি চৰকাৰে যদি ৰাজ্যখনত অধিক উদ্যোগ প্ৰতিষ্ঠাত আগভাগ লয় তেনেহলে অসমত কৰ্মসংস্থানৰ সুবিধা বাঢ়িব ।

(৪) অন্যান্য পৰিসেৱা ক্ষেত্ৰঃ আমাৰ চৰকাৰে অন্যান্য পৰিসেৱা ক্ষেত্ৰ তথা বিভিন্ন বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা ৰেহাইসহ ঋণ দান তথা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী, যেনে- ৰিক্সা, অ’টো ৰিক্সা, ঠেলা, ট্ৰেক্টৰ, চিলাই মেচিন, পাৱাৰ টিলাৰ, গাড়ী আদি মানুহক সম্পদ হিচাপে পৰিণত কৰাৰ চেষ্টা উপলদ্ধ হৈছে ।

গ) দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক ǀ

উত্তৰ- 

ঘ) নিৰক্ষৰতাই কিদৰে মানৱ সম্পদ বিকাশত বাধাৰ সৃষ্টি কৰে ?

উত্তৰ-  নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ । আমাৰ দেশৰ প্ৰায় ২৬ শতাংশ লোকেই নিৰক্ষৰ । নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আদিৰ বৃদ্ধিত বাধা সৃষ্টি কৰে । নিৰক্ষৰ লোকসকল অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয় যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্য অতি প্ৰকট হৈ উঠে । নিৰক্ষৰতাই এনেদৰে মানৱ সম্পদ বিকাশত বাধাৰ সৃষ্টি কৰে ।

ঙ) অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ- অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত মানৱ সম্পদ উন্নয়নৰ পথত আৰু এটা উল্লেখযোগ্য অন্তৰায় হৈছে অন্ধবিশ্বাস । বিজ্ঞান আৰু প্ৰযুক্তিয়ে আজি সমগ্ৰ বিশ্বৰ সামগ্ৰিক ছবি সলনি কৰি দিছে যদিও শিক্ষিত, অশিক্ষিত নিৰ্বিশেষে আমাৰ দেশৰ এক বুজনসংখ্যক লোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিশ্বাসী । এনেদৰে প্ৰভাৱ পেলায় ।

৩) খালী ঠাই পূৰ কৰা

ক) মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে  শিক্ষা , স্বাস্থ্য আৰু পৌৰ সুবিধা ǀ

খ)নিৰক্ষৰ  লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয় ǀ

গ) শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম  মৌলিক  অধিকাৰ ǀ

ঘ) ২০০৯ চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছেǀ

ঙ) চৰকাৰে গ্ৰহণ আৰু কাৰ্যকাৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰকতীয়া  কৰে ǀ

চ) উপযুক্ত শৈক্ষিক পৰিবেশ/বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।