AHSEC Class 12 Logic & Philosophy Chapter 6 Solution Bengali Medium 2026 | AHSEC ক্লাস দ্বাদশ যুক্তিবিদ্যা ও দর্শন অধ্যায় ৬ বাংলা মাধ্যমের সমাধান ২০২৬

Chapter 6 – 

ভাববাদ

১। ভাৱবাদৰ সংজ্ঞা দিয়া।

উত্তৰঃ–  জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র, মন নিৰপেক্ষ অস্তিত্ব নাই, সকলো বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল বুলি কোৱা হয়, তাকে ভাৱবাদ বোলে। 

        যি মতবাদে বস্তুজগতৰ মন নিৰপেক্ষ, স্বতন্ত্র, অস্তিত্ব অস্বীকাৰ কৰে আৰু কেৱল মনৰ ধাৰণাৰ অস্তিত্বহে থকা বুলি মত আগবঢ়ায় তাক ভাৱবাদ বোলে। এই মতবাদ অনুসৰি মন নিৰপেক্ষ বস্তুজগত আমি জানিব নোৱাৰোঁ। জগতৰ অস্তিত্ব মনৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল। মনৰ বাহিৰত একোৰে অস্তিত্ব থাকিব নোৱাৰে। যেতিয়াই কিবা এটা মনৰ বাহিৰত থকা বুলি ভাবো তেতিয়াই তাক মনৰ লগত সম্পর্কিত কৰো। মনৰ লগত সম্পর্কিত কৰা মানে সি মনৰ অন্তৰ্গত হ’ল। গতিকে মন বা মনৰ ধাৰণাৰ বাহিৰে আন একোৰে অস্তিত্ব নাই। 

২। পাশ্চাত্য দৰ্শনত ভাৱবাদৰ প্ৰতিষ্ঠাতা কোন?   

উত্তৰঃ– গ্ৰীক দাৰ্শনিক প্লেটোক পাশ্চাত্য় দৰ্শনত ভাৱবাদৰ প্ৰতিষ্ঠাতা বুলি কোৱা হয়।

৩। “অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ” কথাষাৰ কোনে কৈছে?

উত্তৰঃ– “অস্তিত্ব প্ৰত্য়ক্ষ নিৰ্ভৰ” এই কথাষাৰ বাৰ্কলিৰে কৈছিল।

৪। ভাৱবাদ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ– ভাৱবাদ প্ৰধানকৈ দুই প্ৰকাৰৰ। সেয়া হ’ল 一

(i) আত্মগত বা বিষয়ীগত ভাৱবাদ আৰু 

(ii) বস্তুগত ভাৱবাদ। 

৫। আত্মগত ভাৱবাদ বুলিলে কি বুজা?

উত্তৰঃ– আত্মগত ভাৱবাদৰ মতে, ধাৰণাকহে কেৱল জানিব পাৰি অথবা ধাৰণাৰহে বাস্তৱতা আছে। প্ৰত্য়ক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্ৰভাৱে প্ৰকৃতি জগতৰ অস্তিত্ব নাই। জৰ্জ বাৰ্কলি পাশ্চাত্য় দৰ্শনৰ আধুনিক যুগৰ যথাযথ আত্মগত ভাৱবাদী নামে পৰিচিত। 

৬। বস্তুগত ভাৱবাদ কি?

উত্তৰঃ– বস্তুগত ভাৱবাদৰ মতে, সকলো বস্তু তাৰ ধাৰণাৰ লগত একে। যথাৰ্থ জ্ঞান হ’ল ধাৰণাসমূহৰ তন্ত্ৰ। ভাৱবাদৰ আন প্ৰকাৰবিলাকৰ বিপৰীতে বস্তুগত ভাৱবাদ একবাদী। কিয়নো এই মতবাদ মতে মনতহে সত্তাৰ সৃষ্টি হয়। বস্তুগত ভাৱবাদে মত পোষণ কৰে যে সামান্য়বিলাকৰ থূপ বা সমষ্টি মনৰ পৰা স্বতন্ত্ৰভাৱে অস্তিত্বশীল হ’ব নোৱাৰে। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top