Might Learn Logo Might Learn

AJB Class 7 History Chapter 12 Answer 2026 | আহােম যুগৰ সাজপাৰ | Lesson 12 | Class 7 History Question Answer | AJB |

অধ্যায়ঃ ১২ 

আহোম যুগৰ সাজপাৰ

১। সাজ – পােছাকৰ জৰিয়তে কি কি কথাৰ আভাস পােৱা যায় ? 

উত্তৰঃ সাজ-পোছাকৰ জৰিয়তে একোজন ব্য়ক্তিৰ ৰুচি-অভিৰুচি,ব্য়ক্তিত্ব,একোটা জাতিৰ জাৰীয় পৰিচয় আদি কথাৰ আভাস পোৱা যায়। 

২। সাজপাৰৰ উল্লেখ থকা পুৰণি অসমৰ তিনিখন গ্ৰন্থৰ নাম লিখ ।

উত্তৰঃ সাজপাৰ উল্লেখ থকা পুৰণি অসমৰ  তিনিখন গ্ৰন্থৰ নাম হ’ল (১) শ্ৰীহৰ্ষচৰিত (২)কালিকা পুৰাণ   (৩) হস্তীবিদ্য়াৰ্ণৱ। 

৩। অসমীয়া পুৰুষ সমাজৰ ধুতি পিন্ধাৰ নিয়ম সম্পর্কে লিখা ।

উত্তৰঃ অসমৰ পুৰুষসকলে অতীত কালৰেপৰা ধুতি-চুৰিয়া পিন্ধে।শৰীৰৰ কঁকাল অংশৰপৰা ভৰিৰ আঠুঁ পৰ্যন্ত ধুতি পিন্ধাৰ নিয়ম আছিল।  সাধাৰণ লোকসকলে এখনীয়া ধুতি পিন্ধাৰ নিয়ম আছিল। বিষয়া আৰু মধ্য়বিত্ত লোকসকলে দুই বস্ত্ৰ পৰিধান কৰিছিল।  শৰীৰৰ গা অংশত উত্তৰীয় বা চাদৰ আৰু কঁকালৰপৰা তললৈ  আঁঠুমুৰীয়া ধুতি পিন্ধিছিল।  

৪। অসমীয়া মহিলাৰ সাজ – পাৰৰ বিষয়ে আলােচনা কৰাঁ ।

উত্তৰঃ অসমীয়া লাৰীৰ সাজ-পাৰৰ ক্ষেত্ৰতো  বহু বিশেষত্ব লক্ষ্য় কৰা যায়। প্ৰাক-বৈষ্ঞৱ যুগৰ সাহিত্য় ৰচনাৰ  মাজত নাৰীৰ সাজ-পোছাকৰ বৰ্ণনা পোৱা যায়।  প্ৰাচীন কালত অসমীয়া নাৰীৰ  সাজ-পাৰৰ ক্ষেত্ৰত শৰীৰৰ দৰে দীঘল  বস্ত্ৰৰ উল্লেখ পোৱা যায়। পিছলৈে ৰিহা-মেখেলা  আৰু  চাদৰ-মেখেলাৰ প্ৰচলন হয়। 

                 অসমৰ জনজাতীয় নাৰীসকলে আঁঠুৰ তললৈকে মেখেলা পৰিধান কৰে।  ইয়াৰ লগতে বুকুৰপৰা মেথনি মাৰি মেখেলা লোৱাৰ নিয়ম আছিল। 

৫। অসমীয়া মানুহৰ সাজ – পাৰৰ বিষয়ে এটা টোকা লিখ ।

 উত্তৰঃ সাজ-পোছাকৰ দ্বাৰা একোজন ব্য়ক্তিৰ ৰুচি-অভিৰুচি, ব্য়ক্তিত্ব ,একোটা জাতিৰ জাতীয় পৰিচয় আভাস পোৱা যায়। শ্ৰীহৰ্ষচৰিত, কালিকা পুৰাণ , হস্তীবিদ্য়াৰ্ণৱ   গ্ৰন্থত সাজ-পাৰৰ কথা উল্লেখ পোৱা যায়।   

                 অসমীয়া জাতি বুলিলে নানা জাতি,জনগোষ্ঠীৰ সমন্বয় গঢ়ি উঠা এক বৃহত জাতিৰ কথা আমি বুজি পাঁও। প্ৰতিটো জনগোষ্ঠীৰ সাজ-পোছাকৰ নিৰ্মাণশৈলী , ৰং-বিৰঙী ৰুপ আদি কথাই  এইসকল লোকৰ সৃষ্টিশীল মন আৰু কামৰ পৰিচয় দিয়ে।  অসমলৈ ইংৰাজৰ আগমন ঘটাৰ সময়ৰপৰা ভাৰতীয় আাৰু পশ্চিমীয়া উপাদানে অসমীয়া মানুহৰ সাজ-পাৰত প্ৰভাৱ পেলাবলৈ ধৰিলে।এড়ী আৰু মুগাৰ কাপোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত ভাৰত তথা পৃথিৱীতে বিখ্য়াত হৈ পৰিছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects