AJB Class 7 History Chapter 13 Answer 2026 | অসমৰ আ – অলংকাৰ | Lesson 13 | Class 7 History Question Answer | AJB |

Lesson-13

অসমৰ আ-অলংকাৰ

১। আদিম মানুহে অলংকাৰৰ দৰে কি বস্তু পৰিধান কৰিছিল 

উত্তৰঃ  আদিম মালুহে অলংকাৰৰ দৰে  জন্তুৰ ছাল , দাঁত, হাড়, চৰাইৰ ৰং-বিৰঙী পাখি আদি বস্তু পৰিধান কৰিছিল।

২। কেৰু কেনেধৰণৰ অলংকাৰ

উত্তৰঃ সোণ-ৰুপেৰে নিৰ্মিত কেৰু এপাহ পদুম ফুলৰ দৰে হোৱা দেখা যায়। কেৰু দুই প্ৰকাৰৰ। সৰু আকৃতিৰ কেৰুক লংকেৰু  বোলা হৈছিল।  লংকেৰু পুৰুষে পিন্ধিছিল। মহিলাৰ কেৰু আকৃতিত সৰু আছিল।

৩।  গাম খাৰুৰ বিষয়ে লিখা । 

উত্তৰঃ গাম খাৰু হাতত পিন্ধা হয়। সোণ আৰু ৰুপেৰে গাম খাৰু নিৰ্মাণ কৰা হয়।  গাম খাৰু তিনিসৰীয়া । মাজতে এডাল শলা থাকে  আৰু পিন্ধা আৰু খুলি থোৱাৰ সময়ত শলাডাল ব্য়ৱহাৰ কৰা হয়। গাম খাৰু পুৰুষ-মহিলা উভয়ে পৰিধান কৰিছিল। পিছলৈ এই অলংকাৰ বিধ মহিলাইহে পৰিধান কৰিছিল।

৪। চিতি – পাতি ’ নামৰ অলংকাৰবিধৰ বিষয়ে লিখা । 

উত্তৰঃ  চিতি-পাতি মূৰত পিন্ধা অলংকাৰ। তিনিধাৰ পাতল মালা েটা মূৰত লগলগাই তাতে এটা সৰু লটকণ ওলোমাই লোৱা হয়।  তিনিধাৰ  মালাৰ মাজৰডাল  পোনে পোনে সোওঁতাৰ ওপৰেদি আৰু বাকী দুধাৰ চুলিৰ ওপৰত সোঁফাল আৰু বাওঁফালে পেলাই লৈ পিছফালে চুলিৰ খোপাত বান্ধি দিয়া হয়।

৫। বিভিন্ন ধৰণৰ চাৰিবিধ আঙঠিৰ নাম লিখা । 

উত্তৰঃ বিভিন্ন ধৰণৰ চাৰিবিধ আঙঠিৰ নাম হল- মোহৰপতা ,বাখৰপতা, হৰিণাচকুৱা, মৰানেজীয়া।

৬। অসমৰ অধিবাসীসকলে পৰিধান কৰা আ – অলংকাৰৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰঃ অসমীয়া সমাজত অলংকাৰ পৰিধান কৰাৰ নিয়ম প্ৰাচীন কালৰেপৰাই চলি আহিছে। পুৰুষ আৰু মহিলা উভয়েৰে অলংকাৰ পৰিধান কৰিছিল।  আহোম ৰাজত্বকালত  পুৰুষে  কাণত আৰু ডিঙিত অলংকাৰ পিন্ধাৰ উদাহৰণ পেৱা যায়।  পুৰুষে কাণৰ লতিত অলংকাৰ পিন্ধাৰ বাবে বিন্ধা বা ফুটা কৰি লৈছিল। পুৰুষ আৰু মহিলাৰ অলংকাৰ একে নাছিল। পুৰুষৰ অলংকাৰবোৰৰ ভিতৰত কেৰু, লোকাপাৰ, মতামণি, বিৰি, আঙঠি, আদি উল্লেখযোগ্য আছিল। পৰৱৰ্তী সময়ত পুৰুষ-মহিলা উভয়ৰে এইবোৰ অলংকাৰ পিন্ধিছিল।  অৱশ্য়ে পুৰুষ-মহিলাৰ অলংকাৰৰ আৰ্হি আৰু আকাৰৰ পাৰ্থক্য আছিল  

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top