AJB Class 7 History Chapter 14 Answer 2026 | অসমৰ লােকবিশ্বাস | Lesson 14 | Class 7 History Question Answer | AJB |

অধ্যায়ঃ ১৪

অসমৰ লোকবিশ্বাস

১। লােকবিশ্বাস কাক বােলে ?
উত্তৰঃ বিশ্বাস আৰু নীতি নিয়ম , একোখন সমাজৰ একোটা জাতিৰ ধ্যান ধাৰণা মানসিকতা, ৰুচি অভিৰুচি আৰু জীৱন নিৰ্বাহ প্ৰণালী আদিৰ কথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে আৰু তাকে লোক-বিশ্বাস বোলে।
২। লােকবিশ্বাস অনুসৰি কি কি বস্তুক ভগৱানৰ প্রতীক হিচাপে পূজা কৰা হয় ?

উত্তৰঃ গছ, শিল, অগ্নি।

৩। হিন্দু ধর্মাৱলম্বীসকলে শ্মশানত মৃতদেহ দাহ কৰি অহাৰ পিছত কেনে ধৰণৰ লােকবিশ্বাস পালন কৰে ?উত্তৰঃ হিন্দু ধৰ্মাৱলম্বী সকলে মৃতদেহ শ্মশানত দাহ কৰি অহাৰ পিছত ঘৰৰ বাহিৰতে গা ধুই চোতালৰ মূৰত জুই একুৰা ধৰি ভৰি সেকি পিছত শিল এছটাত ভৰি ৰাখে। এনেদৰে মৃতদেহৰ সৈতে চোৱা-চিতাৰ সময়ত হোৱা চোৱা নাইবা অশৌচ দূৰ হয় বুলি বিশ্বাস কৰা হয়।
৪। চৰাইৰ কণীৰ সৈতে জড়িত লােকবিশ্বাস কি লিখা ।
উত্তৰঃ বিয়াৰ বাবে সজা বেইৰ তলত বা ওচৰত কণী পুতি থোৱাৰ বিশ্বাস আছে। কণীৰ পৰা পোৱালী হোৱাৰ লগত ভৱিষ্যতে সংসাসৰৰ শ্ৰীবৃদ্ধি হোৱা , সতি-সন্তনিৰ কল্যাণ হোৱা আদি লোক-বিশ্বাস জড়িত কৰা হৈছিল।

৫। সাপৰ সৈতে কেনে ধৰণৰ লােকবিশ্বাস জড়িত হৈ আছে লিখা ।উত্তৰঃ অসমৰ গ্ৰাম্য জীৱনত ধানৰ ভঁৰাল, চকা-পইছা আৰু সোণৰ অলংকাৰ ৰখা ঠাইত ফেঁটী সাপ থাকিলে তেনে সাপ মাৰিব নাপায় বুলি বিশ্বাস কৰা হয়। কোনো ঠাইলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত পথৰ সোফালে সাপ দেখা পোৱাটো অমংগলৰ চিন বুলি ধৰা হয়। তোনেদৰে একেলগে পাক খাই থকা যুৰীয়া সাপ দেখিলে তেনে সাপৰ উপৰত কিছু আঁতৰৰ পৰা কাপোৰ এখন পেলাই দিয়া হয় । সেই কাপোৰে সফলতা কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।

। লাে ধাতুৰ সৈতে কেনে ধৰণৰ লােকবিশ্বাস আছে লিখা ।উত্তৰঃলো-ধাতুৰ সৈতে আমাৰ সমাজতত বহু লোক-বিশ্বাস প্ৰমাণ পোৱা যায়। লোৰ আঙঠি পিন্ধিলে বা নিজৰ লগত ৰাখিলে ভূত-প্ৰেত, প্ৰেতাত্মাৰ অপকাৰৰপৰা নিৰাপদে থাকিব পাৰি বুলি বিশ্বাস কৰা হয়। শ্মশানত মৃত মানুহৰ সতকাৰ কৰা মানুহৰ হাতত, সন্তান জন্ম হোৱাৰ পিছত মাক আৰু কেচুৱা শোৱা বিছনাত কটাৰী, কাচি আদি ৰখা, বিয়াৰ দিনা দৰা কইনাৰ কাপোৰত সৰু কটাৰী একোখন থকা আদি কথাই ভূত-প্ৰেত আদিৰ দৰে অশুভ শক্তিৰপৰা ৰক্ষা পোৱাৰ লোক-বিশ্বাস আমাৰ সমাজত আজিও প্ৰচলিত হৈ আছে।
৭। মাছ মৰাৰ সৈতে জড়িত লােকবিশ্বাসৰ বিষয়ে লিখা ।
উত্তৰঃ
 মাছ ধৰিবলৈ জকাই, জুলুকি, জাল আদি ব্য়ৱহাৰ কৰা হয়। মাছ মাৰিবলৈ যোৱাৰ আগতে এনে সজুলি সনূহক চোতাল সৰা বাঢ়নীৰে কোবাই লোৱাৰ বিশ্বাস প্ৰচলিত হৈ আছে। আন এটি লোক-বিশ্বাস মতে , সপোনত বগা মাছ দেখা পোৱাটো শুভ আৰু কলা ৰঙৰ মাছ দেখা পোৱাটো অশুভ কথা বুলি গণ্য় কৰা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top