AJB Class 7 History Chapter 2 Answer 2026 | অসমীয়া সংস্কৃতিৰ ভৌগোলিক সীমা |

Lesson: 2

অসমীয়া সংস্কৃতিৰ ভৌগোলিক সীমা

১। মহাভাৰত মহাকাব্যত থকা মতে প্রাগজ্যোতিষপুৰ ৰাজ্যৰ সীমা উল্লেখ কৰা ।

উত্তৰঃ সীমা উত্তৰে- হিমালয়া ৰ্পূবতৰ নামনিলৈকে,আৰু দক্ষিণ -পশ্চিম বংগোপসাগৰলৈকে। 

২। পেৰিপ্লাছ নামৰ গ্ৰীক গ্রন্থখনৰ বর্ণনা মতে প্রাগজ্যোতিষপুৰ ৰাজ্যৰ সীমা কি আছিল ?

উত্তৰঃ দক্ষিণ-পশ্চিম সীমাত বংগোপসাগৰ আৰু উত্তৰে নেপাল  আৰু  ভূটানৰ  অংশবিশেষো। 

৩। চীন দেশৰ পর্যটক হিউৱেন চাঙৰ বিৱৰণ অনুসৰি প্রাচীন কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা ।

উত্তৰঃ দক্ষিণ-পূৱ দিশৰ সীমা চীনদেশ আৰু ব্ৰহ্মদেশৰ (বৰ্তমানৰ মিয়ানমাৰ) পাৰ্বত্য অন্বলৰ  পৰ্যন্ত বিস্তত হৈছিল। 

৪। প্রাচীন কামৰূপ ৰাজ্যৰ সীমা উল্লেখ থকা এখন তাম্রলিপি আৰু এখন শিলালিপিৰ নাম লিখা ।

উত্তৰঃ  তাম্ৰলিপি নিধানপুৰ আৰু শিলালিপি দ্বিতীয় জয়দেৱ। 

৫। কালিকা পুৰাণ নামৰ গ্রন্থমতে প্রাচীন কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা । 

উত্তৰঃ  পূৱ দিশে দিক্কৰ অৰ্থাত দিক্ৰং নদী আৰু পশ্চিমে কৰতোৱা নদী পৰ্যন্ত প্ৰাচীন অসমৰ সীমা বিস্তত হৈছিল।

৬। প্রাচীন অসমৰ সীমা উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখ । 

উত্তৰঃ কালিকা পুৰাণ, যোগিণীতন্ত আৰু হৰগৌৰী সংবাদ। 

৭। দেশ এখনৰ ৰাজনৈতিক সীমা আৰু সাংস্কৃতিক সীমাৰ মাজত পার্থক্য কি লিখা ।

উত্তৰঃদেশ এথনৰ ৰাজনৈতিক সীমা আৰু এটা জাতিৰ সংস্কৃতিৰ সীমা আৰু পৰিসৰ একে নহবও পাৰে।ৰাজনৈতিক সীমা নিদিষ্ট্য আৰু স্পষ্ট হৈ থাকে  কিন্ত এটা জাতিৰ সংস্কৃতিৰ সীমা অতিক্ৰম কৰি দেশে-বিদেশে বিয়পি পৰিব পাৰে।যতেই একোটা জাতিৰ মানুহে বাস কৰে, ততেই সেই  জাতিৰ সংস্কৃতিৰ চৰ্চা, ূবিকাশ সাধন সম্ভৱ হব। উদাহৰণ স্বৰুপে ,ইংলেন্ডত বাস কৰা অসমীয়া মানুহে অসমত থকা মানুহৰ দৰে নিজৰ সাংস্কৃতিক পৰিচয় প্ৰকাশ কৰিব পাৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top