AJB Class 7 History Chapter 4 Answer 2026 | আহােম ৰাজ্যৰ শাসন ব্যৱস্থা | Lesson 4 | Class 7 History Question Answer | AJB

অধ্যায়ঃ ৪

 আহোম ৰাজ্যৰ শাসন ব্যৱস্থা

   

১। কোন চনত আহােম শাসনৰ অন্ত পৰিছিল ? 

উত্তৰঃ ১৮২৬ চনত আহোম শাসনৰ অন্ত পৰিছিল।

২।কোনজন আহােম ৰজাৰ ৰাজত্ব কালত শিঙৰি ঘৰত উঠি ৰজা হােৱাৰ পৰম্পৰা আৰম্ভ হৈছিল ?

উত্তৰঃ স্বৰ্গদেউ চুডাংফা বা বামুণী কোৱঁৰৰ দিনত  শিঙৰি ঘৰত উঠি ৰজা হোৱাৰ পৰম্পৰা আৰম্ভ হৈছিল।

৩। চুকাফা শব্দৰ অৰ্থ লিখা ।

উত্তৰঃ চুকাফা শব্দৰ অৰ্থ হল-স্বৰ্গৰ পৰা অহা বাঘ।

৪। চুহুংমুং শব্দৰ অর্থ কি লিখা ।

উত্তৰঃ চুহুংমুং শব্দৰ অৰ্থ হল-বিখ্য়াত দেশৰ বাঘ।  

৫। আহােম ৰজাই নিজৰ নামৰ শেষত ‘ সিংহ ’ উপাধি কিয় গ্রহণ কৰিছিল ?

উত্তৰঃ  এবিধ বিসেশ জন্তুক বুজুৱাৰ উপৰিউ সিংহ শব্দৰ অৰ্থ হল-কোনো এটা জাতিৰ সৰ্বশ্ৰেষ্ঠ ব্য়ক্তি বা মুখিয়াল।  সেইবাবে আহোম ৰজা সকলে নিজৰ নামৰ শেষত সিংহ উপাধি গ্ৰহণ কৰিছিল। 

৬। আহােম শাসন ব্যৱস্থাত কাক পাত্র – মন্ত্রী বােলা হৈছিল ?

উত্তৰঃ আহোম স্বৰ্গদেউসকলৰ উচ্চ পযাৰ্য়ৰ মন্ত্ৰদাতাসকলক সামুহিকভাৱে পাত্ৰ-মন্ত্ৰী বোলা হয়।

। আহােম শাসন ব্যৱস্থাত থকা প্রধান পাত্র – মন্ত্রী তিনিজনক কি বুলি জনা গৈছিল ?

উত্তৰঃ বুঢ়াঁগোহাই, বৰফুকন , বৰপাত্ৰ গোঁহাই।

৮। বৰবৰুৱাৰ প্রধান দায়িত্ব কি আছিল ?

উত্তৰঃ  বৰবৰুৱা আছিল ৰাজ্য়ৰ প্ৰধান কাৰ্যনিৰ্বাহক বা  বিচাৰধাকাৰ । তেঁৱেই ৰজাৰ অভিষেকৰ ব্য়ৱস্থা আৰু ভ্ৰ্ৰণসূচী নিৰ্ণয় কৰিছিল।স্বৰ্গদেউ প্ৰতিনিধি হিচাপে তেওঁ গুৱাহাতীত থাকি  নামনি আহোমৰ  শাসন কৰিছিল। 

৯। বৰফুকনৰ প্রধান কার্য আৰু তেওঁ শাসনকার্য প্রধানকৈ কোন ঠাইৰপৰা পৰিচালনা কৰিছিল ? 

উত্তৰঃ  বৰফুকনৰ প্ৰধান কাৰ্য আছিল আহেম ৰাজ্যৰ পশ্চিম ফালৰ পৰা হবপৰা আক্ৰমণক প্ৰতিৰোধ কৰা।

১০। আহােমৰ ৰজাৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰঃ স্বৰ্গদেউ চুডাংফা বা বামুণী কোৱঁৰৰ দিনৰ পৰা আহোম ৰজাসকলৰ মাজত শঙৰি ঘৰত উঠি তজা হোৱাৰ পৰম্পৰা এটা আৰম্ভ হৈছিল।  অৱশ্য় আহোম স্বৰ্গদেউসকলে আগোম ৰাজত্বৰ শেষলৈকে এই পৰম্পৰা  ৰক্ষা কৰি চলিব পৰা নাছিল। আহোম ৰজাসকলৰ প্ৰতিটো নামৰ একোটা অৰ্থ আছিল। সাধাৰণতে তেউলোকৰ নামবিলাকৰ আগৰ আখৰটো চু আৰু শেষৰ আখৰটো ফা বা  মু আছিল।আহোম ৰজা সকলে  নিজৰ নামৰ শেষত সিংহ উপাধি  গ্ৰহণ  কৰিছিল।  

১১। চর্মটোকা লিখা । ( প্রতিটোৰে মূল্যাংক ৫ ) 

ক) পাইক প্রথা 

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত মোমাই তামুলী বৰবৰুৱাই পাইক প্ৰথাৰ সংস্কাৰ কৰিছিল। তেঁও কামৰ স্বিধাৰ কাৰণে পাইকসকলক কাছুমান পৃথক পৃথক ভাগত বিভক্ত কৰিছিল। মোমাই তামুলী বৰবৰুৱাই  পাইক প্ৰথাত কিছুনান নতুন নিয়ম প্ৰৰ্ৱতন কৰিছিল।  তেঁও পাইকবোৰক বেলেগ বেলেগ ভাগত ভগাইছিল। পাইকৰ কাম -কাজ ভালদৰে তদাৰক কৰিবৰ কাৰণে মোমাই তামুলীয়ে কিছুমান বিষয়া নিযুক্তি দিছিল।   

খ) খেল প্রথা ।

উত্তৰঃ সমাজত থকা একে বৃত্তি সম্প্ৰদ্ৰায়ৰ মানুহবোৰক একেলগ কৰি  একোটা  খেল বুলি কেৱা হয়। যেনে-সোণাৰী খেল, কাঁড়ী  খেল ইত্যাদি। প্ৰতিটো খেলত এহেজাৰৰপৰা পাঁচ  হাজাৰ পযৰ্ন্ত মানুহ আছিল।পাইকৰ কাম-কাজবোৰ ভালদৰে তদাৰক কৰিবৰ কাৰণে মোমাই তামুলীয়ে  কিছুমান  বিষয়া নিযুক্তি দিছিল। মোমাই তামুলী বৰবৰুৱাই ১৬০৯ খ্ৰি.ত খেল প্ৰথা প্ৰৱৰ্তন কৰিছিল। 

) পঁচা প্রথা ।

উত্তৰঃ পঁচা শব্দৰ অৰ্থ হল- বৰঙণি। স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালতেই এই  পঁচা  প্ৰথাৰ প্ৰৰ্ৱতন হৈছিল।  আহোম ৰাজ্যৰ  উত্তৰ আৰু পূৱ সীমাত  থকা মিচিমি , অঁকা , ডফলা ,  আদি পাহাৰীয়া জাতিবিলাকৰ  আক্ৰমণ , অত্য়াচাৰ-উতপীৰনৰ পৰা আহোম ৰাজ্যৰ  প্ৰজাবিলাকক ৰক্ষা কৰিবলৈ পঁচা- প্ৰথাৰ  প্ৰৰ্ৱতন কৰা হৈছিল। পঁচা প্ৰথাৰ প্ৰৰ্ৱতনৰ যোগেদি আহোম ৰজাই প্ৰজাৰ নিৰাপত্তা সুনিয্চিত কৰি ৰাজনৈতিক  বাচৰক্ষণতাৰ পৰিচয় দিছিল।

ঘ) বন্দী – বেটীৰ ব্যৱস্থা ।

উত্তৰঃ আহোম যুগত বন্দী বেটীৰ  প্ৰথা  বা দাস প্ৰথা  প্ৰচলাত  আছিল। এই প্ৰথাক গোলাম বন্দী বুলিও কোঁৱা হয় । প্ৰতিজন ডাঙৰীয়া  আৰু ওখ বিষয়া সকলৰ ঘৰত বিনামূলীয়া  বন্দী-বেটী আছিল। এই বন্দী-বেটীবিলাক যুদ্ধত বন্দী হোৱা মানুহৰৰখা  হৈছিল। দুখীয়া মাক বাপেকে কেতিয়াবা অভাৱত পৰি লৰা ছোৱালীক আনক বেচী দিছিল। বন্দী বাটীৰ ওপৰত ৰজাৰ কোনো অধিকাৰ নাছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top