AJB Class 7 History Chapter 5 Answer 2026 | সমৰ ৰণ – কৌশল , অস্ত্রশস্ত্র ইত্যাদি | Lesson 5 | Class 7 History Question Answer | AJB |

অধ্যায়ঃ ৫

 অসমৰ ৰণ-কৌশল, অস্ত্ৰশস্ত্ৰ ইত্য়াদি

১। চমু উত্তৰ লিখাঁ । 

ক ) আহােম ৰজাই লােৱা তৰােৱালখনৰ নাম কি আছিল 

উত্তৰঃদা-তৰোৱাল। 

খ ) নাও প্রস্তুত কৰাৰ দায়িত্বত থকা ফৈদটোৰ নাম কি আছিল ?

উত্তৰঃনাওশলীয়া বৰুৱা ফৈদ।

গ ) কেতিয়াৰপৰা অসমত বন্দুকৰ প্ৰচলন হৈছিল ?

উত্তৰঃ তুৰ্বকৰ লগত হোৱা যুদ্ধত  আহোম সকল জয়ী হৈ কিছুমান  আগ্নেয়াস্ত্ৰ হস্তগত কৰিছিল। তোতিয়াৰ পৰাই অসমত বন্দুকৰ প্ৰচলন হৈছিল।

ঘ ) বন্দুক হিচাবে ব্যৱহাৰ কৰা আহােম যুগৰ আহিলাবিধৰ নাম কি আছিল ?

উত্তৰঃ বন্দুক হিচাপে ব্যৱহাৰ কৰা আহোম যুগৰ আহিলাবিধৰ নামহিলৈ আছিল। 

২। উত্তৰ লিখাঁ । 

ক ) চোৰবছা ’ সৈন্যৰ কাম কি আছিল ? 

উত্তৰঃ চোৰবছা সৈন্যৰ কাম হল-চোৰৰদৰে সাজপাৰ পৰিধান কৰি শত্ৰু পক্ষৰ ৰণ-কৌশল, শত্ৰুৰ গতি-বিধি  আদি লক্ষ্য কৰি আহোম ৰজাক জনেৱা।

খ) দগা যুদ্ধ কি ? 

উত্তৰঃ দগা যুদ্ধ হল-ৰণৰ কৌশল।

গ) শিলাকুটিবিলাকৰ কাম কি আছিল ? 

উত্তৰঃ শিলাকুটিবিলাকৰ কাম হল- বৰটোপৰ গুলী তৈয়াৰ কৰা।

৩। আহােম ৰাজ্যৰ সৈন্যবাহিনীত কি কি প্ৰকাৰৰ সৈন্য আছিল উল্লেখ কৰাঁ । 

উত্তৰঃ আহোম ৰাজ্যৰ সৈন্যবাহিনীত কাঁড়ী পাইক, চমুৱা পাইক, হিলৈদাৰী,চোৰবছা, মাউত, চাউল সমলীয়া, খাৰঘৰীয়া, গন্ধীয়া আদি।

৪। আহােম ৰাজ্যৰ সৈন্যবাহিনী পৰিচালনা কৰাৰ প্রধান দায়িত্ব কোন কোন বিষয়াই পালন কৰিছিল ?

উত্তৰঃ আহোম ৰাজ্য়ৰ সৈন্য়বাহিনী পৰিচালনা কৰাৰ প্ৰধান দায়িত্ব বৰফুকন আৰু বৰবৰুৱাই ৰালন কৰিছিল।

৫। যুদ্ধত ব্যৱহাৰ হােৱা হিলৈ আৰু বৰটোপৰ ভাগসমূহ উল্লেখ কৰাঁ । 

উত্তৰঃ যুদ্ধত ব্য়ৱহাৰ হোৱা হিলৈ আৰু বৰটোপৰ ভাগসমূহ হল-হাতীমুৰা বা হাতীমুৰীয়া, তুবুকী, মিঠাসোলেং, বাঘমুৰীয়া, গাঁঠীয়া, পহলঙ্গি, ৰামচাঙী, হাত-হিলৈ, পথাৰ কলাই,  কামায়ণ, জমুৰ, কেঁচাই, টোৱা, খোকা, বছাদাৰী আদি।

৬। আহােম সৈন্যই যুদ্ধত ব্যৱহাৰ কৰা ধনুকাঁড়ৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ ধনুকাড় তৰোৱালতকৈ অধিক শক্তিশালী  আছিল। দূৰৈৰপৰা লোকচক্ষুৰ আঁৰ লৈ যুদ্ধ কৰাত ধনুকাড়  ব্যৱহাৰ কৰা হৈছিল। সাধাৰণ ধনুৰ উপৰি বৰধনু, চুটীয়া ধনু, কাড়ফাই ধনু আদি অতি বিষময়, তীব্ৰবেগী আৰু শক্তিশালী ধনু আহোনসকলে যুদ্ধৰ আহিলা হিচাপে ব্য়ৱহাৰ কৰিছিল।  এই ধনুবিলাকত বিভিন্ন ধৰণৰ বা বিভিন্ন আকৃতিৰ কাঁড় ব্য়ৱহাৰ কৰা হৈছিল। তাৰ ভিতৰত শিঙিমুৰী কাঁড় অতি বিষাক্ত আছিল। এই ধনু আৰু কাঁড় সাজিবৰ কাৰণে বিশেষ কিছুমান খেল আছিল। যেনে-ধনুচোঁচা, বিহিয়া, বিহতোলা আৰু কমাৰ আদি।  

৭। আহােম সৈন্যবাহিনীত ব্যৱহাৰ হােৱা নাওবিলাকৰ নাম উল্লেখ কৰাঁ । 

উত্তৰঃ আহোম সৈন্য়বাহিনীত ব্য়ৱহাৰ হোৱা নাওবিলাকৰ নাম হল- বৰনাও, পানচৈ নাও, চৰা নাও, গুটীয়া নাও, মৰা নাও, হোনোং নাও, ধাপৰ  দিয়া নাও, চুচিনাও, মগৰমুৰী নাও, কোঢ়া নাও,  হিলাই নাও।

৮। আহােম সৈন্যৰ যুদ্ধৰ কৌশল কেনে আছিল আলােচনা কৰাঁ ।

উত্তৰঃগৰিলা যুদ্ধ, নৌ যুদ্ধ, দগা যুদ্ধ, চোৰবছা যৈন্য়ৰ যুদ্ধই আছিল প্ৰধান ৰণ কৌশল। আহোম সৈন্য়বিলাকে শত্ৰু পক্ষৰ গোপন খবৰ, ৰণ কৌশল আদিৰ বুজ লৈ আহি সেইমতে ৰণনীতি তৈয়াৰ কৰিছিল। গৰিলা যুদ্ধৰ ৰণনীতিত হাবিলতীয়া ঠাইত গুপনে আশ্ৰয় লৈ শিঙিমুৰী কাড় মাৰি শত্ৰুক বধ কৰা,সৰু নৈবোৰৰ সাঁকোবোৰ শত্ৰু পাৰ হৈ আহি উভতিব নোৱাৰাকৈ ভাঙি থোৱা, ঘৰ ঘেৰাও কৰি বা ৰাতি ঘৰৰ দুৱাৰ বাহিৰৰ পৰা বন্ধ কৰি জুই লগাই দিয়া, খাদ্য় বস্তুৰ যোগান বন্ধ কৰা, পৰ্বতৰ ওপৰৰপৰা শিল বগৰাই বাট-পথ বন্ধ কৰা , শত্ৰু পক্ষ বধ কৰা ,সৰু নৈ, জান-জুৰি সিঁচি বা সোত ভেটা মাৰি বন্ধ কৰি দিয়া, শত্ৰুৰ বৰটোপত পানী ধলা, বাট-পথত লোহাৰ শোল, শিঙৰি (কাঁইটজাতীয়) পেলাই থৈ বিপদত পেলোৱা আদি উল্লেখযোগ্য কৌশল আছিল। 

৯। আহােমৰ ৰণকৌশল , অস্ত্র – শস্ত্ৰৰ বিষয়ে এটি বিৱৰণ লিখা ।

উত্তৰঃ গৰিলা যুদ্ধ, নৌ যুদ্ধ, দগা যুদ্ধ, চোৰবছা সৈন্য়ৰ  যুদ্ধই আছিল প্ৰধান ৰণকৌশল। আহোম সৈন্য়বিলাকে শত্ৰু পক্ষৰ গোপন খবৰ,ৰণ কৌশল আদিৰ বুজ লৈ আহি সেইমতে ৰণনীতি তৈয়াৰ কৰিছিল।

আহোম ৰাজত্ব কালত ব্য়ৱহাৰ কৰা প্ৰধান অস্ত্ৰ-শস্ত্ৰ আছিল-দা-তৰোৱাল,যাঠী-জোং, কোল-পচা,চাক-জোং, বৰ্শা, ধনুকাঁড় হিলৈ, বৰটোপ আদি।ৰজাই হেংদাং লোৱাৰ উপৰিও মৰ্যদাৰ প্ৰতীক হিচাপে প্ৰধান সেনাপতি, পালি সেনাপতিসকলেও হেংদাং লব পাৰিছিল। সাধাৰণতে চুটি নালৰ দীঙল দা, দীঘল মিট দা, নাকৈ দা,কপি দা, নীল দীঘল মেচি দা  আদি আছিল  সাধাৰণ সৈন্য়ৰ  তৰোৱাল হিচাপে ব্য়ৱহাৰ  কৰা অস্ত্ৰ। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top