AJB Class 7 History Chapter 9 Answer 2026 | অসমৰ বেহা – বেপাৰ | Lesson 9 | Class 7 History Question Answer | AJB |

অধ্যায়ঃ ৯

অসমৰ বেহা-বেপাৰ 

১। চমু উত্তৰ লিখা । 

ক ) কোনজন আহােম ৰজাই পােনপ্ৰথমে আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহুৱাইছিল ?

উত্তৰঃ  আহোম ৰজা প্ৰতাপ সিংহই পোনপ্ৰথমে  আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহুৱাইছিল।

খ ) অসমত চাহ কোনে প্রথমে আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ অসমত চাহ ইংৰাজে প্ৰথমে আৱিষ্কাৰ কৰিছিল। 

গ ) মধ্যযুগত অসমৰ প্ৰধানকৈ কোনখন নদীৰ বালিত সােণ পােৱা গৈছিল ?

উত্তৰঃ মধ্য়যুগত অসমৰ প্ৰধানকৈ সোৱণশিৰি নদীৰ বালিত সোণ পোৱা গৈছিল। 

২। উত্তৰ লিখা ।

ক ) ফুলগুৰি হাট কিয় বিখ্যাত লিখা ।

উত্তৰঃ  প্ৰতাপ সিংহই কলং নৈৰ পাৰত ফুলগুৰিত হাট পাতি প্ৰজাৰ সুবিধা কৰি দিছিল। সেইবাবে ফুলগুৰি হাট বিখ্য়াত।  

খ ) অসমৰপৰা ৰপ্তানি হােৱা যিকোনাে চাৰিবিধ সামগ্ৰীৰ নাম লিখা ।

উত্তৰঃ  অসমৰপৰা ৰপ্তানি হোৱা যিকোনো চাৰিবিধ সামগ্ৰীৰ নাম হ’ল-  সৰিয়হ, মাহ লো, ধান। 

গ ) অসমলৈ আমদানি হােৱা যিকোনাে চাৰিবিধ বস্তুৰ নাম লিখ । 

উত্তৰঃ অসমলৈ আমদানি হোৱা যিকোনো চাৰিবিধ বস্তুৰ নাম হল-লোণ, চেনি, কাপোৰ, সোণ-ৰুপৰ অলংকাৰ।

৩। অসমৰ বেহা – বেপাৰৰ ওপৰত এটি টোকা প্রস্তুত কৰাঁ ।

উত্তৰঃ ১২০৬ খ্ৰি.ত মুছলমানসকল কামৰুপলৈ প্ৰথম অহিছিল।  তাৰ পাছৰ পৰাই  অসমত ব্য়ৱসায়-বাণিজ্য়ৰ কিছু প্ৰভাৱ পৰিছিল।  অৱশ্য়, তথ্য়ভিত্তিক হিচাপে শংকৰদেৱৰ সময়ৰপৰাহে বেপাৰ বাণিজ্য়ৰ কথা পোৱা যায়। মধ্য়যুগৰ অসমত সাংস্কৃতিক পৰম্পৰাৰ বিনিময়  হৈছিল যদিও  তাত বেপাৰ-বাণিজ্য়ৰ ধাৰণা নাছিল। আহোম ৰজা প্ৰতাপ সিংহৰ দিনতহে অসমত আনুষ্ঠানিক ভাৱে হাট বা বজাৰ বহুৱাইছিল। তেনেদৰে প্ৰতাপ সিংহই কলং নৈৰ পাৰত ফুলগুৰিত হাট পাতি প্ৰজাৰ সুবিধা কৰি দিছিল। গোৱালপাৰাৰ ওচৰৰ হাদিৰাচকীক বঙালী হাট বুলিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top